Logo
image

পিতৃ-মাতৃৰ কাষত চাকৰিয়াল পুত্ৰ-কন্যা

আমাৰ অসম, ৯ ডিচেম্বৰঃ ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি অৱশেষত চাৰিদিনীয়া বিশেষ চুটি মঞ্জুৰ হ’ল চৰকাৰী কৰ্মচাৰীৰ৷ পিতৃ-মাতৃ তথা শহুৰ-শাহুৰ লগত চাৰিটা দিন নিৰলে কটাবৰ বাবে ৰাজ্যিক কৰ্মচাৰীসকলে এই বিশেষ চুটি লাভ কৰিব৷ কেৱল চৰকাৰী কৰ্মচাৰীসকলে নহয় মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰীসকলেও লাভ কৰিব এই বিশেষ চুটি৷ ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে আনুষ্ঠানিকভাৱে জাৰি কৰিছে এই সম্পৰ্কীয় জাননী৷ উল্লেখ্য যে, ৰাজ্য চৰকাৰে ৮ আৰু ৯ জানুৱাৰীত থকা দুদিনীয়া চৰকাৰী বন্ধৰ দিনৰ সৈতে সংলগ্ন কৰি ৬ আৰু ৭ জানুৱাৰীত দুদিনৰ বাবে কেজুৱেল লীভৰ ব্যৱস্থা কৰিছে ৰাজ্যিক বিষয়া কৰ্মচাৰীসকলৰ বাবে৷ উক্ত চাৰিটা দিনত ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলৰ লগতে চৰকাৰী কৰ্মচাৰীসকলে নিজ পিতৃ-মাতৃ বা শাহু-শহুৰৰ সৈতে সময় পাৰ কৰিব পাৰিব৷ লক্ষণীয় যে ৮ জানুৱাৰী দিনটো ছেকেণ্ড ছেটাৰডে’ হোৱাৰ বাবে কেৱল চৰকাৰী কাৰ্যালয়ত কৰ্মৰত ৰাজ্যিক কৰ্মচাৰীসকলেহে বন্ধৰ দিন হিচাপে লাভ কৰিব৷ কিন্তু ৰাজ্যৰ স্কুল-কলেজত কৰ্মৰত হাজাৰ হাজাৰ শিক্ষক-কৰ্মচাৰীয়ে ছেকেণ্ড ছেটাৰডে’ৰ দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে লাভ নকৰে৷ ইয়াৰ ফলত ৰাজ্য চৰকাৰৰ এই ঘোষণাই কৰ্মচাৰীসকলক দুটা শ্ৰেণীত ভাগ কৰাৰো অভিযোগ উঠিছে৷ এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া লক্ষণীয়া হ’ব৷