Logo
image

ভালে নাই ভাৰতৰ মানুহ

অ-সাম্য, লিংগ বৈষম্য বাঢ়িছে

আমাৰ অসম, ৯ ডিচেম্বৰঃ দাৰিদ্ৰতাৰ লগতে চৰমভাৱে অ-সাম্যৰ দেশ হিচাপে পৰিগণিত হৈছে ভাৰতবৰ্ষ৷ ‘বিশ্ব অ-সাম্য প্ৰতিবেদন’ৰ তথ্য অনুসৰি, ভাৰতৰ দৰিদ্ৰ লোকৰ অৰ্ধেক নাগৰিকৰ হাতত সম্পদৰ নামত একোৱেই নাই৷ ইয়াৰ বিপৰীতে ভাৰতৰ ধনাঢ্যসকল অত্যন্ত ধনী৷ ২০২১ চনৰ দেশৰ মুঠ আয়ৰ ৫ ভাগৰ এভাগেই গৈছে দেশৰ উচ্ছশাৰীৰ ৰ শতাংশ লোকৰ কাষলৈ৷ ইয়াৰ বিপৰীতে দেশৰ মুঠ আয়ৰ ১৩ শতাংশলৈ জীৱন অতিবাহিত কৰে ৫০শতাংশ নাগৰিকে৷ ‘পেৰিছ স্কুল অৱ ইক’নমিক্স’ৰ ‘ৱল্ডৰ্ ইনইকুৱেলিটী লেবে’ তৈয়াৰ কৰা এই প্ৰতিবেদনত ভাৰতৰ নাগৰিকৰ মাজত আয়ৰ অ-সামঞ্জস্যতাৰ সবিশেষ প্ৰকাশ পাইছে৷ এই প্ৰতিবেদন অনুসৰি, দেশৰ নাগৰিকৰ আয় এটা শাৰীৰ লোকৰ সৈতে আনটো শাৰীৰ ভাৰসাম্যহীন অথবা সমতাহীন৷ সেয়ে ভাৰতক এই প্ৰতিবেদনত চৰম অ-সাম্যৰ দেশ হিচাপে অভিহিত কৰা হৈছে৷ এই প্ৰতিবেদনৰ মূল সমন্বয়কৰ দায়িত্বত আছিল ফৰাছী অৰ্থনীতিবিদ টমাছ পিকেটি আৰু প্ৰতিবেদনৰ আগকথা প্ৰস্তুত কৰিছে নোবেলজয়ী ভাৰতীয় অৰ্থনীতিবিদ অভিজিৎ বেনাৰ্জী আৰু তেওঁৰ পত্নী এন্থাৰ ডুফলোৱে৷ এই প্ৰতিবেদনত মোদী চৰকাৰে প্ৰকাশ কৰা চৰকাৰী পৰিসংখ্যাৰ গুণগত মান অতি নিম্ন পৰ্যায়ৰ বুলি মন্তব্য কৰা হৈছে আৰু সেই পৰিসংখ্যাক লৈ সন্দেহ প্ৰকাশ কৰা হৈছে৷ বিগত তিনি বছৰত ভাৰতৰ অ-সাম্যৰ মান অধিক অৱনতি ঘটা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে৷