Logo
image

আজি শেষকৃত্য, শেষ শ্ৰদ্ধা জনালে মোদীয়ে

নতুন দিল্লী, ১০ ডিচেম্বৰ ঃ তামিলনাডুৰ নীলগিৰি পৰ্বতমালাৰ অৰণ্যত সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা দেশৰ প্ৰথমজন সেনা সৰ্বাধিনায়ক বিপিন ৰাৱাট আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱাটৰ শেষকৃত্য কাইলৈ সামৰিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব৷ ইয়াৰ পূৰ্বে কাইলৈ পুৱা ১১ বজাত ৰাৱাট আৰু তেওঁৰ পত্নীৰ নশ্বৰদেহ নতুন দিল্লীৰ ৩ কামৰাজ মাৰ্গত থকা চৰকাৰী বাসভৱনলৈ নিয়া হ’ব৷ তাত বিয়লি ২ বজালৈকে শেষশ্ৰদ্ধা জনোৱা হ’ব ৰাৱাট দম্পতীক৷ ইয়াৰ পাছতে ভাৰতীয় সেনাৰ তিনিওটা বাহিনীৰ বিশেষ এছকোৰ্টেৰে ৰাৱাট আৰু পত্নী মধুলিকাৰ নশ্বৰদেহ ঢৌলাকুৱাস্থিত শেষকৃত্য স্থানলৈ  নিয়া হ’ব৷ আবেলি  ৪ বজাত সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে সম্পন্ন হ’ব তেওঁলোকৰ শেষকৃত্য৷ উল্লেখ্য যে বৃহস্পতিবাৰে সন্ধিয়া ৰাৱাট আৰু তেওঁৰ পত্নীৰ লগতে নিহত বিষয়া-জোৱান কেইজনৰ নশ্বৰদেহ ছুলুৰৰ পৰা সেনাবাহিনীৰ বিশেষ বিমানেৰে দিল্লীস্থিত বায়ুসেনাৰ টেকনিকেল এয়াৰপ’ৰ্টলৈ অনা হয়৷ তাত  নিশাই ৰাষ্ট˜পতি ৰাম নাথ ক’বিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে  দেশৰ প্ৰথমজন সেনা সৰ্বাধিনায়ক ৰাৱাট আৰু তেওঁৰ পত্নীৰ লগতে হেলিকপ্টাৰ দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা বিষয়া-জোৱান কেইজনলৈ শ্ৰদ্ধাঞ্জলি জনায়৷ মোদীয়ে শ্ৰদ্ধাঞ্জলি জনাই প্ৰয়াত বিপিন ৰাৱাট এজন প্ৰকৃত দেশভক্ত আছিল বুলি উল্লেখ কৰে৷ একেদৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও প্ৰয়াত সেনা সৰ্বাধিনায়কজনলৈ শ্ৰদ্ধাঞ্জলি জনাই ৰাৱাটৰ মৃত্যু দেশৰ বাবে অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ উপৰি এন চি পিৰ নেতা শাৰদ পাৱাৰেও টুইটযোগে ৰাৱাট, তেওঁৰ পত্নী আৰু নিহত বিষয়া-জোৱানসকলৰ  বাবে শোক প্ৰকাশ কৰে৷