Logo
image

চীনৰ মুকুতা হেমবেনটোটা বন্দৰ

ভাৰতৰ নিৰাপত্তাৰ ক্ষেত্ৰত চীন আৰু পাকিস্তান সদায়েই এক প্ৰত্যাহ৩ান আৰু ভাবুকি৷ ভাৰতৰ স্বাধীনতাৰ পাছৰে পৰা পাকিস্তানক এক প্ৰত্যাহ৩ান বুলি ভবা হৈছিল যদিও, ১৯৬২ চনত চীনেও ভাৰত আক্ৰমণ কৰাৰ পাছৰে পৰা পাকিস্তানতকৈও এতিয়া চীনকহে মূল প্ৰত্যাহ৩ান বুলি গণ্য কৰা হয়৷ ভাৰতৰ উত্তৰ-পূব বা উত্তৰৰ পৰাই চীনৰ আক্ৰমণ হ’ব বুলি এতিয়ালৈকে যি ধাৰণা কৰা হৈছিল, বতৰ্মানৰ পৰিৱৰ্তিত ভূ-ৰাজনৈতিক পৰিস্থিতিত এই ধাৰণাৰ কিছু পৰিৱৰ্তন কৰিবলগীয়া হৈছে৷ চীনৰ ৰাষ্ট˜পতি হো জিনটাওৰ দিনৰ পৰা পৰিকল্পনা কৰা আৰু সেই পৰিকল্পনাক বৰ্তমানৰ ৰাষ্ট˜পতি শ্বি জিনপিঙৰ দিনত বাস্তৱায়িত কৰিছে৷ চীনে মূলভূমিৰ পৰা সাগৰীয় পথেৰে আৰম্ভ কৰি মানদেব আৰু মালাক্কা প্ৰণালী, হৰমুজ প্ৰণালী, শ্ৰীলংকাৰ হেমবেনটোটা, পাকিস্তানৰ গোৱাদাৰ বন্দৰ, মালদ্বীপ, আফ্ৰিকা মহাদেশৰ চোমালিয়া আৰু চুদান বন্দৰলৈকে কিছুমান গুৰুত্বপূৰ্ণ স্থান দখল কৰি সামৰিক ঘাটি স্থাপন কৰি ভাৰতক এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিলৈ লৈ গৈছে৷ এই গুৰুত্বপূৰ্ণ স্থানসমূহ আমি একো একোটা মুকুতাৰ মণিৰ লগত ৰিজাব পাৰোঁ৷ এডাল ৰেখাৰে গোটেইবোৰ স্থান সংলগ্ন কৰিলে ই দেখাত এধাৰি মুকুতাৰ মালাৰ সমতুল্য হ’ব৷ এই মালাধাৰিৰ অন্তৰ্গত প্ৰত্যেকটো মুকুতাৰ মণিয়েই ভাৰতৰ বাবে এক বৃহৎ প্ৰত্যাহ৩ানৰূপে থিয় দিছে৷ আমেৰিকা যুক্তৰাজ্যৰ সামৰিক গৱেষকসকলে ইয়াক এছিয়াৰ মুকুতাৰ মালা নাম দিছে৷

প্ৰবন্ধটোৰ শীৰ্ষত উল্লেখ কৰা ‘চীনৰ মুকুতা’ ওপৰত উল্লেখ কৰা মুকুতাৰ মালাধাৰিৰেই এটা মুকুতাহে মাত্ৰ৷ এতিয়া আমি আহেঁা হেমবেনটোটা বন্দৰৰ কথালৈ৷ এই হেমবেনটোটা বন্দৰটোনো কি কাৰণত চীনৰ মুকুতাৰ মণিলৈ পৰ্যবসিত হ’ল? ভাৰতৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এই মুকুতামালাই বৃহৎ ভাবুকিৰ সৃষ্টি কৰিছে৷ এই প্ৰবন্ধত হেমবেনটোটা নামৰ বন্দৰ চহৰখনক চীনে কেনেকৈ শ্ৰীলংকাক ঋণৰ ফাণ্ডত সুমুৱাই ৯৯ বছৰৰ বাবে তাত আধিপত্য বিৰাজ কৰিবলৈ পালে, তাৰ বিষয়ে পাঠকক জনাব বিচাৰিছোঁ৷

২.৯৮ কোটি জনসংখ্যা আৰু ৬৫,৬১০ বৰ্গ কিঃ মিঃ ক্ষেত্ৰৰে শ্ৰীলংকা ভাৰতৰ দক্ষিণ-পূব উপকূলত অৱস্থিত এখন দ্বীপৰাষ্ট˜৷ শ্ৰীলংকাক আগেয়ে চিলোন, চেৰেনদ্বীপ আদি নামেৰে জনা গৈছিল যদিও ১৯৭২ চনৰ পৰা দেশখন শ্ৰীলংকা গণতন্ত্ৰ নামেৰে জনাজাত হয়৷ পঞ্চাছ আৰু ষাঠিৰ দশকৰ ৰেডিঅ’ চিলোন আৰু চিত্ৰমালা অনুষ্ঠানৰ আমিন চায়ানীৰ কথা পাঠকৰ নি(য় মনত আছে৷ ভাৰতৰ দক্ষিণৰ তামিলনাডুৰ লগত ইয়াৰ লোকৰ অবয়ৱৰ সাদৃশ্য আছে যদিও ইয়াৰ ভাষা-সংস্কৃতি কিন্তু সম্পূৰ্ণ সুকীয়া৷ শ্ৰীলংকাই ঘৰুৱা ব্যৱহাৰকৰণৰ বাবে ধান উৎপাদন কৰে যদিও ই বিদেশলৈ উৎকৃষ্ট গুণাগুণৰ চাহ আৰু কফী ১৫ানি কৰে৷ ১৯৮৩ চনৰ জুলাইৰ পৰা ২০০৯ চনলৈ হোৱা গৃহযুদ্ধত দেশখনৰ অৰ্থনীতি কিছু পৰিমাণে হ’লেও ক্ষতিগ্ৰস্ত হয়৷ ৰবৰ, মাছ, বিভিন্ন মচলাজাতীয় দ্ৰব্য আৰু মূল্যৱান মণিমুক্তা ১৫ানি কৰিও শ্ৰীলংকাই বিদেশী মুদ্ৰা আহৰণ কৰে৷

শ্ৰীলংকাৰ লগত ভাৰতৰ ৰাজনৈতিক বা কূটনৈতিক সম্বন্ধ স্বাধীনতাৰ পাছৰ পৰা কেতিয়াও উন্নত পৰ্যায়ৰ নাছিল৷ ব্ৰিটিছৰ দিনতে তামিলনাডুৰ পৰা শ্ৰীলংকালৈ চাহ আৰু কফী খেতি আৰু আন কৃষিকৰ্মৰ বাবে লৈ যোৱা তামিল লোকসকলে সেই দেশৰ জাতীয় আদৰ্শৰ লগত মিলিব নোৱৰা বাবে সদায়েই এই তামিল লোকসকলৰ লগত তদানীন্তন চৰকাৰৰ সংঘাত বৰ্তমান৷ ভাৰতৰ তামিলনাডুৰ চৰকাৰে সদায়েই এই তামিল লোকসকলৰ হকে মাত মাতি আহিছে৷ ফলত শ্ৰীলংকাৰ চৰকাৰে স্বাধীনতাৰ পিছৰ পৰা ভাৰতৰ লগত কেতিয়াও বন্ধুত্বপূৰ্ণ সম্বন্ধ স্থাপন কৰা নাছিল৷ ইয়াৰ ফলত শ্ৰীলংকাই ভাৰতৰ আটাইতকৈ ওচৰ-চুবুৰীয়া দেশ হৈও চীনৰ লগতহে ঘনিষ্ঠ সম্বন্ধ স্থাপন কৰাত গুৰুত্ব দিয়ে৷

শ্ৰীলংকাৰ ৰাজনীতিত ২০০৫ চনৰ পৰা ২০১৫ চনলৈকে সুদীৰ্ঘ ১১ বছৰ ৰাষ্ট˜পতি পদত অধিষ্ঠিত পাৰ্চী মাহিন্দা ৰাজাপাক্ষে এজন শক্তিশালী, অভিজ্ঞ আৰু দূৰদৰ্শী নেতা৷ ২০১৫ চনৰ পৰা ২০১৯ চনলৈ মৈথিৰীপালা শ্ৰীসেনা শ্ৰীলংকাৰ ৰাষ্ট˜পতি আছিল৷ ২০১৯ চনৰ পৰা ৰাষ্ট˜পতি পদত অধিষ্ঠিত হোৱা সামৰিক বাহিনীৰ অৱসৰী বিষয়া লেফটেনেণ্ট কৰ্ণেল গোটাবায়া ৰাজাপাক্ষে প্ৰাক্তন ৰাষ্ট˜পতি মহিন্দা ৰাজাপাক্ষেৰেই ভায়েক৷ এওঁলোক দুয়োজনেই ২০০৯ চনত শ্ৰীলংকাৰ তামিল উগ্ৰবাদীসকলক পৰাভূত কৰাত প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল আৰু সেইবাবেই তেওঁলোক শ্ৰীলংকাৰ ৰাজনীতিত জনপ্ৰিয় নেতা হিচাপে পৰিচিত৷

যেতিয়া এখন দুৰ্বল দেশৰ অত্যুৎসাহী ৰাষ্ট˜নায়কক এখন শক্তিশালী দেশে তেওঁৰ সপোন বাস্তৱত পৰিণত কৰাৰ বাবে বৃহৎ পৰিমাণৰ ঋণৰ যোগান ধৰে, তেতিয়া সেই ৰাষ্ট˜নায়কে দেশৰ অৰ্থনীতি, বিদেশী মুদ্ৰাৰ ভাণ্ডাৰ, আন ৰাষ্ট˜ৰ পৰা লোৱা বৃহৎ ঋণ পৰিশোধ কৰাৰ ক্ষমতা বা আন কথাবোৰ সূক্ষ্মভাৱে বিবেচনা নকৰাকৈ, শক্তিশালী দেশখনৰ ঋণৰ ফাণ্ডত পৰে৷ ঠিক এনে এক পৰিঘটনাৰে বলি হ’ল শ্ৰীলংকা৷

মহিন্দা ৰাজাপাক্ষেৰ বাবে ছাউডাৰ্ন প্ৰভিন্সৰ হেমবেনটোটা জিলাতেই এই বন্দৰটো নিৰ্মাণ কৰাৰ সপোন বহু পুৰণি৷ নিজৰ জিলা বা প্ৰদেশত উল্লেখযোগ্য অৱদান আগবঢ়াই সেই ঠাইত বিপুল জনপ্ৰিয়তা অৰ্জন কৰাটোহে তেওঁৰ লক্ষ্য আছিল৷

মহিন্দা ৰাজাপাক্ষেই তেওঁৰ সপোনৰ হেমবেনটোটা বন্দৰটোৰ নিৰ্মাণকাৰ্য ২০০৮ চনৰ ১৫ জানুৱাৰীত চীনৰ চাইনা হাৰবাৰ ইঞ্জিনিয়াৰিং আৰু চীনোহাইড্ৰো কৰ্প’ৰেশ্বনক ন্যস্ত কৰে৷ প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণকাৰ্য ২০১০ চনৰ ১৮ নৱেম্বৰত শেষ হয়৷ এই নিৰ্মাণকাৰ্যত প্ৰয়োজন হোৱা মুঠ ৩৬০ নিযুত ডলাৰৰ ৮৫ শতাংশ চীনৰ এক্সিম বেংক আৰু ১৫ শতাংশ শ্ৰীলংকা প’ৰ্ট অথৰিটীয়ে ব্যয় কৰাৰ বাবে চুক্তিবদ্ধ হৈছিল৷

এই বন্দৰটোত ভাৰত মহাসাগৰেদি অহা-যোৱা কৰা জাহাজসমূহৰ মেৰামতি, ইন্ধন ব্যৱস্থাৰ যোগান, জাহাজৰ নাবিকৰ অদল-বদলৰ ব্যৱস্থা কৰা হৈছিল৷ তদুপৰি ইয়াত বিমানবন্দৰ, তেল শোধনাগাৰ আৰু পেট্ৰ’-কেমিকেল কমপ্লেক্সৰো পৰিকল্পনা হাতত লৈছিল৷ কিন্তু ২০১০ চনতে বন্দৰ হিচাপে কাম-কাজ আৰম্ভ কৰা হেমবেনটোটা বন্দৰে ২০১৬ চনত ১১.৮১ নিযুত ডলাৰ অৰ্জন কৰিবলৈ সক্ষম হৈছিল৷ আয়ৰ বিপৰীতে ব্যয়ৰ পৰিমাণ বৃদ্ধি পোৱা বাবে, এই বন্দৰটোৱে আৰম্ভণিৰে পৰা লোকচানৰ সন্মুখীন হয়৷ শ্ৰীলংকাই এক্সিম বেংকৰ পৰা লোৱা ঋণ বছৰ ধৰি পৰিশোধ কৰাটো কঠিন হৈ উঠিল৷ 

২০১৭ চনৰ জুলাইত হোৱা কেবিনেট মিটিঙৰ সিদ্ধান্ত অনুসৰি শ্ৰীলংকাই এই বন্দৰটোৰ ৭০ শতাংশ চীনৰেই চাইনা মাৰ্কেণ্টাইন প’ৰ্ট হল্ডিং কোম্পানী লিমিটেডক ৯৯ বছৰৰ  বাবে ৰ.১২ বিলিয়ন ডলাৰৰ বিনিময়ত লীজত দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে৷ এই ধনেৰেই শ্ৰীলংকাৰ আন বিদেশী ঋণসমূহ পৰিশোধ কৰা হয়৷ বাকী থকা ৩০ শতাংশ মালিকীস্বত্ব শ্ৰীলংকা প’ৰ্ট অথৰিটীক দিয়া হয়৷ শ্ৰীলংকাৰ চৰকাৰে ঋণ পৰিশোধ কৰিবৰ বাবে চীনৰ এক্সিম বেঙ্কৰ লগত যেতিয়া চুক্তিত স্বাক্ষৰ কৰিছিল, সেই সময়ত এই ঋণৰ পৰিমাণ শ্ৰীলংকাৰ মুঠ বিদেশী ঋণৰ মাত্ৰ প্ত শতাংশহে আছিল৷ ২০০৭ চনৰ পৰা ২০১৪ চনৰ ভিতৰত মহিন্দা ৰাজাপাক্ষে চৰকাৰে চীনৰ এক্সিম বেংকৰ পৰা  মুঠ পাঁচটা ঋণ লৈছিল৷ সেই সময়ত এই ঋণৰ পৰিমাণ আছিল ৰ.২৬৩ বিলিয়ন ডলাৰ মাত্ৰ৷

কিন্তু যেতিয়া শ্ৰীলংকা প্ৰত্যেক বছৰেই বিত্তীয় ঘাটিৰ সন্মুখীন হৈছিল, সেই সময়ত এক সুস্থিৰ বিত্তীয় অৱস্থাৰ বাবে দেশখনে বৰ্ধিত সুতৰ হাৰত ঋণ লোৱাটো মুঠেই সমীচীন নাছিল৷ কিন্তু হেমবেনটোটা বন্দৰৰ আয়ৰ তুলনাত ঋণ পৰিশোধ কৰাৰ ক্ষমতা কম থকা বাবে ২০১১ চনৰ পৰা আৰম্ভ হোৱা বন্দৰটোৱে প্ৰথম পৰ্যায় সম্পূৰ্ণ কৰাৰ পাছতো ২০১৬ চনলৈকে প্ৰত্যেক বছৰে লোকচানৰ মুখ দেখিছিল৷ ২০১৬ চনলৈকে হোৱা মুঠ লোকচানৰ পৰিমাণ ৪৬.জ্জ বিলিয়ন ডলাৰ৷

২০১৭ চনৰ জুলাইত চীনৰ লগত হোৱা এক চুক্তি অনুসৰি প্ৰধানমন্ত্ৰী ৰণিল বিক্ৰমাসিংহ চৰকাৰে বন্দৰটো ৯৯ বছৰৰ বাবে লীজত চীনক গতাই দিবৰ বাবে বাধ্য হয়৷ বন্দৰটো লীজত দিয়াৰ পাছতো শ্ৰীলংকা চৰকাৰে চীনৰ এক্সিম বেংকক এতিয়াও জ্জ্ব বিলিয়ন ডলাৰ দিবলৈ বাকী আছে৷

শ্ৰীলংকাত ২০১৯ চনত শাসনলৈ অহা গোটাভায়া ৰাজাপাক্ষে চৰকাৰে ২০১৭ চনত চীনৰ লগত সম্পাদিত  চুক্তিখনক লৈ চিন্তান্বিত হৈছে৷ সাংবাদিকৰ লগত হোৱা আলোচনাত তেওঁ হেমবেনটোটা বন্দৰটো সম্পৰ্কত হোৱা চুক্তিৰ সালসলনি বিচৰা নাই, মাথোঁ বন্দৰটোৰ সুৰক্ষাৰ বাবেই চিন্তান্বিত বুলি ব্যক্ত কৰে৷ ইতিমধ্যে চীনে স্পষ্ট কৰিছে যে বন্দৰটোৰ সুৰক্ষা শ্ৰীলংকাৰ হাততেই থাকিব৷ কিন্তু বন্দৰটো সম্পৰ্কত বিভিন্ন চিন্তাৰ উদ্ৰেক হৈছে৷ চীনৰ পৰা ঋণ মাফ কৰি দিয়াৰ বাবদ চীনে ইয়াক নিজৰ নিয়ন্ত্ৰণলৈ নিয়ে নেকি সিও এটা প্ৰশ্ন৷ ২০১৭১ ২৯ জুলাইত প্ৰধানমন্ত্ৰী ৰণিল বিক্ৰমাসিংঘে শ্ৰীলংকাৰ প’ৰ্ট অথৰিটীৰ হৈ চীনৰ চাইনা মাৰ্কেণ্টাইন প’ৰ্ট হল্ডিঙৰ লগত হোৱা চুক্তিমৰ্মে ৯৯ বছৰৰ বাবে এই বন্দৰটোক চীনক লীজত দিয়ে৷ ইয়াৰ ফলত শ্ৰীলংকাই হেমবেনটোটাৰ ওপৰত সাৰ্বভৌমত্ব ত্যাগ কৰিবলগীয়া হ’ল৷ ইয়াৰ উপৰি এই বন্দৰটো চীনৰ সামৰিক বা নৌ সেনাৰ ব্যৱহাৰৰ বাবেও মুকলি কৰি দিয়া হয়৷ বৰ্তমান চীনৰ নৌসেনাৰ যুদ্ধ জাহাজ আৰু ছাবমেৰিনসমূহৰ পোতাশ্ৰয় হিচাপে এই বন্দৰটোক ব্যৱহাৰ কৰা হৈছে৷ এই বন্দৰটোৰ লগতে মুঠ ১৫০০০ একৰ ভূমিও শ্ৰীলংকাই চীনক ৯৯ বছৰৰ লীজত দিয়ে৷

শ্ৰীলংকাৰ হেমবেনটোটা বন্দৰটো যে চীনে ইয়াৰ কুটিল ৰাজনীতিৰ দ্বাৰা ঋণৰ ফাণ্ডত সুমুৱাই দেশখনৰ সাৰ্বভৌমত্বত আঘাত হানিলে, আৰু দক্ষিণ এছিয়াত ভূ-ৰাজনৈতিক অস্থিৰতা বহুগুণে বৃদ্ধি কৰিলে, এই কথা শ্ৰীলংকাৰ ভাৰতবিদ্বেষী ৰাজনীতিকসকলে বহু পলমকৈ গম পালে৷ শ্ৰীলংকাৰ এই বন্দৰটো চীনৰ গুৰুত্বপূৰ্ণ ৱান বেŒI× ৱান ৰোড প্ৰকল্পৰ অন্তৰ্গত৷ পাকিস্তানেও চীনৰ ঋণৰ ফাণ্ডত ভৰি দিছে আৰু ইয়াৰ পৰিণাম অনাগত দিনত স্পষ্ট হ’ব৷ আগতে  উল্লেখ কৰা মুকুতাৰ মণিমালাৰ এটি মাত্ৰ মুকুতা, শ্ৰীলংকাৰ মাগমপুৰাত অৱস্থিত হেমবেনটোটা বন্দৰৰ এক চমু আভাসহে দিয়া হ’ল৷ ভাৰতৰ চেন্নাই আৰু কোচিন সামুদ্ৰিক বন্দৰৰ পৰা মাত্ৰ ৰ,৪৬৪ কিঃ মিঃ আৰু ৰ,৬৭৬ কিঃ মিঃ দূৰত অৱস্থিত হেমবেনটোটা বন্দৰে ভাৰতৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত বৃহৎ ভাবুকিৰ সৃষ্টি কৰিছে৷ কাৰণ চীনৰ আধিপত্যত থকা এই বন্দৰটোৱে ভাৰত মহাসাগৰত থকা প্ৰত্যেকখন ভাৰতীয় যুদ্ধ জাহাজৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিবলৈ সমৰ্থ হ’ব৷ ভাৰতৰ পূব উপকূল আৰু পশ্চিম উপকূলৰ মাজত চলাচল কৰা ভাৰতীয় যুদ্ধ জাহাজৰ তথ্যসমূহ এতিয়া চীনে আহৰণ কৰাত সহজ হৈ উঠিব৷

ফোন ঃ ৯৯৫৪২-৫৯৩৫৭