Logo
image

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত নেখেলে কোহলিয়ে

আনুষ্ঠানিকভাৱে জনোৱা নাই বি চি চি আইক

আমাৰ অসম, ১৫ ডিচেম্বৰ ঃ মুম্বাইত নেট অনুশীলনত অংশ লোৱাৰ সময়ত আঘাতপ্ৰাপ্ত হৈ  দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হ’বলগীয়া তিনিখন খেলৰ টেষ্ট শৃংখলাৰ পৰা বাহিৰ হৈছে ৰোহিত শৰ্মা৷ তাৰ পাছত এতিয়া শুনা গৈছে যে টেষ্ট শৃংখলাৰ পাছত হ’বলগীয়া তিনিখন খেলৰ এদিনীয়া শৃংখলাত নেখেলিব পাৰে অলপতে  নেতৃত্ব হেৰুওৱা বিৰাট কোহলিয়ে৷ অৱশ্যে এদিনীয়া শৃংখলাটোত বিশ্ৰাম লোৱাৰ বাবে কোহলিয়ে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডক [বি চি চি আই] আনুষ্ঠানিকভাৱে একো জনোৱা নাই বুলি জানিব পৰা গৈছে৷ নাম প্ৰকাশ নকৰাৰ চৰ্তত বি চি চি আইৰ জ্যেষ্ঠ কৰ্মকৰ্তা এজনে জনায় যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৪ ডিচেম্বৰৰ পৰা হ’বলগীয়া টেষ্ট শৃংখলাত কোহলি ভাৰতীয় দলৰ নেতৃত্বত থাকিব৷ তৃতীয় তথা অন্তিম টেষ্ট সমাপ্ত হ’ব ১৫ জানুৱাৰীত৷ তাৰ পাছত ১৯ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব এদিনীয়া শৃংখলা৷ কোহলিয়ে এদিনীয়া শৃংখলাটোত ভাগ নোলোৱা সন্দৰ্ভত বি বি চি চি আইৰ সভাপতি আৰু সচিব জয় শ্বাহক একো জনোৱা নাই৷ আঘাতপ্ৰাপ্ত নহ’লে অথবা আন কোনো গুৰুতৰ সমস্যা নহ’লে ১৯, ২১ আৰু ২৩ জানুৱাৰীত হ’বলগীয়া এদিনীয়া শৃংখলাৰ খেলকেইখনত কোহলিয়ে খেলিব৷ ইপিনে, সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি ১১ জানুৱাৰীত এবছৰ সম্পূৰ্ণ কৰিব কোহলিৰ কন্যা ভামিকাই৷ কন্যাৰ জন্মদিন পৰিয়ালৰ সৈতে উদ্‌যাপনৰ ইচ্ছাৰ বিষয়ে কোহলিয়ে পূৰ্বেই ব’ৰ্ডক জনাইছে৷ ভামিকাৰ জন্মদিনৰ বাবেই টেষ্ট শৃংখলাটোৰ পাছত কোহলি স্বদেশলৈ উভতি অহাৰ সম্ভাৱনা আছে৷ স্বদেশলৈ আহি পুনৰ দক্ষিণ আফ্ৰিকালৈ ঘূৰি গৈ কোৱাৰেণ্টীনৰ সময় সম্পূৰ্ণ কৰালৈকে এদিনীয়া শৃংখলা আৰম্ভ হৈ যাব৷ সেইবাবেই এদিনীয়া শৃংখলাটোত কোহলিক দেখা পোৱা নাযাব৷ তৃতীয় টেষ্টত ভাগ লোৱাৰ পাছত সপৰিয়ালে উভতি আহি কোহলিয়ে স্বদেশত কন্যাৰ জন্মদিন উদ্‌যাপন কৰিব বুলি বাতৰি প্ৰকাশ পাইছে৷ অৱশ্যে এই বাতৰি বি চি চি আইৰ কৰ্মকৰ্তাজনে অস্বীকাৰ কৰিছে৷ 

ইপিনে, সংবাদ মাধ্যমত আন এটা বাতৰিও প্ৰকাশ পাইছে৷ সেয়া হৈছে৷ হেমষ্টিঙৰ আঘাতৰ বাবে প্ৰায় এমাহ ক্ৰিকেটৰ পৰা আঁতৰি থকাৰ পাছত ৰোহিত শৰ্মা ফিট হৈ উঠাৰ সম্ভাৱনা আছে৷ তেনে স্থিতিত তেওঁ এদিনীয়া শৃংখলাত ভাৰতীয় দলক নেতৃত্ব দিব৷ শেহতীয়াভাৱে ৰোহিত শৰ্মাৰ সৈতে কোহলিৰ সম্পৰ্ক মধুৰ নহয়৷ তেনে স্থিতিত ৰোহিতৰ নেতৃত্বত খেলিবলগীয়া হ’ব বাবেই এদিনীয়া শৃংখলাটোৰ পৰা আঁতৰি থাকিব বিচাৰিছে কোহলিয়ে৷ ব’ৰ্ডে এদিনীয়া ক্ৰিকেট দলৰ নেতৃত্বৰ পৰা আঁতৰোৱাৰ বাবে অসন্তুষ্ট কোহলি৷ এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো মন্তব্য নকৰিলেও তেওঁৰ শেহতীয়া কাৰ্যকলাপে ইয়াকেই সূচাইছে বুলিও ধাৰণা কৰা হৈছে৷