Logo
image

দল নিৰ্বাচনৰ ডেৰ ঘণ্টা পূৰ্বে জনোৱা হৈছিল নেতৃত্বৰ পৰা অব্যাহতি দিয়াৰ কথা

অৱশেষত নীৰৱতা ভংগ কৰিলে কোহলিয়ে

আমাৰ অসম, ১৬ ডিচেম্বৰঃ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ২৬ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া তিনিখন টেষ্টৰ শৃংখলাটোৰ বাবে ভাৰতীয় দল ঘোষণাৰ দিনাই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে বিৰাট কোহলিৰ স্থানত ৰোহিত শৰ্মাক এদিনীয়া দলৰ নতুন অধিনায়ক নিযুক্তিৰো ঘোষণা কৰিছিল৷ এই ঘোষণাৰ পাছত বিগত কিছু দিন ধৰি সংবাদ মাধ্যমত বিভিন্ন বাতৰি প্ৰচাৰিত হৈ আছিল৷ এদিনীয়া দলৰ অধিনায়ক পদৰ পৰা অপসাৰিত হোৱা বিষয়টোত বিগত ছটা দিন নীৰৱে থকাৰ পাছত অৱশেষত নীৰৱতা ভংগ কৰিলে ভাৰতীয় টেষ্ট দলৰ অধিনায়ক বিৰাট কোহলিয়ে৷ টীম ইণ্ডিয়া দক্ষিণ আফ্ৰিকালৈ ৰাওনা হোৱাৰ পূৰ্বে সংবাদ মেলত সকলো প্ৰশ্নৰে উত্তৰ দিলে কোহলিয়ে৷ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ [বি চি চি আই] সভাপতি সৌৰভ গাংগুলীয়ে কেইদিনমান পূৰ্বে কৈছিল যে ভাৰতীয় এদিনীয়া দলৰ নেতৃত্বৰ পৰা আঁতৰোৱাৰ পূৰ্বে তেওঁৰ লগতে নিৰ্বাচক কমিটীৰ অধ্যক্ষই কোহলিৰ সৈতে আলোচনা চলাইছিল৷ গাংগুলীৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কোহলিয়ে কয় যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হ’বলগীয়া টেষ্ট শৃংখলাৰ বাবে দল নিৰ্বাচন কৰিবলৈ নিৰ্বাচক কমিটীৰ সদস্যসকলৰ বৈঠকৰ মাত্ৰ ডেৰ ঘণ্টা পূৰ্বে তেওঁক এদিনীয়া দলৰ নেতৃত্বৰ পৰা অব্যাহতি দিয়াৰ বিষয়ে জনোৱা হৈছিল৷ অৱশ্যে এদিনীয়া দলৰ নেতৃত্বৰ পৰা অব্যাহতি দিয়াটো তেওঁৰ বাবে কোনো সমস্যা নহয় বুলিও স্পষ্টভাৱে জনায় কোহলিয়ে৷ ভাৰতীয় ক্ৰিকেটৰ অন্যতম সফল অধিনায়কজনে লগতে কয় যে টুৱেণ্টী২০ দলৰ নেতৃত্বৰ পৰা অব্যাহতি লোৱাৰ সিদ্ধান্ত লোৱাৰ পূৰ্বেও তেওঁক ক্ৰিকেট ব’ৰ্ডৰ কোনো এজন বিষয়ববীয়াই তেওঁক তেনে সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিবলৈ কোৱা নাছিল৷ উল্লেখ্য, স্বয়ং বি চি চি আইৰ সভাপতি গাংগুলীয়ে  তেওঁৰ মন্তব্যত জনাইছিল যে কোহলিয়ে যেতিয়া টুৱেণ্টী২০ দলৰ নেতৃত্ব এৰাৰ সিদ্ধান্তৰ বিষয়ে জনাইছিল, তেতিয়া ব’ৰ্ডে তেওঁক তেনে সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছিল যদিও কোহলি তাত সন্মত হোৱা নাছিল৷ গাংগুলীৰ মন্তব্যৰ কেইদিনমান পাছত তাৰ সম্পূৰ্ণ বিপৰীত মন্তব্য শুনা গ’ল কোহলিৰ মুখত৷ ইয়াৰ পৰাই কোহলি আৰু বি চি চি আইৰ শীৰ্ষ বিষয়ববীয়াৰ সংঘাতৰ স্পষ্ট ইংগিত পোৱা যায়৷

সংবাদ মেলত কোহলিয়ে লগতে কৈছিল যে এদিনীয়া দলৰ নতুন অধিনায়ক ৰোহিত শৰ্মাৰ নেতৃত্বত খেলাত তেওঁৰ কোনো আপত্তি নাই৷ ৰোহিত আৰু নতুন প্ৰশিক্ষৰ ৰাহুল দ্ৰাৱিড়ৰ ‘ভিছন’ক সম্পূৰ্ণ সন্মান জনাব বুলিও কয় কোহলিয়ে৷ সংবাদ মেল সম্বোধন কৰাৰ সময়ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৭০টা শতকৰ অধিকাৰীজনৰ কথাত অভিমানৰ সুৰো শুনা গৈছিল৷ তেওঁ কয়–‘হয়, মোৰ নেতৃত্বত টীম ইণ্ডিয়াই কোনো আই চি চি ট্ৰফী জয় কৰিব পৰা নাই৷ সেইবাবেই হয়তো মোক অধিনায়ক পদৰ পৰা আঁতৰোৱা হৈছে৷ ক্ৰিকেট ব’ৰ্ডৰ যুক্তি মই বুজি পাওঁ৷ মই বিনম্ৰতাৰে ক’ব বিচাৰো যে মোৰ কোনো কাম অথবা পদক্ষেপে কেতিয়াও ভাৰতীয় ক্ৰিকেটৰ কেতিয়াও ক্ষতি নকৰে৷’