চকুপানী টুকি ফুটবলক বিদায় আগুয়েৰোৰ
আমাৰ অসম, ১৬ ডিচেম্বৰঃ ফুটবলৰ যুঁজত আৰু দেখিবলৈ পোৱা নাযাব বাৰ্চিলোনা আৰু আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰ ছেৰ্জিঅ’ আগুয়েৰোক৷ হূদযন্ত্ৰ সমস্যাৰ বাবে ফুটবলৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছে ৩৩ বৰ্ষীয় ফুটবলাৰজনে৷ অৱসৰ ঘোষণাৰ লগে লগে আগুয়েৰোৰ ১৮ বছৰজোৰা কেৰিয়াৰৰ যবনিকা পৰিল৷ নিজৰ কেৰিয়াৰত ৪০০ত কৈও অধিক গ’ল দিবলৈ সক্ষম হৈছিল খেলুৱৈজনে৷ বাৰ্চিলোনাই আলাভেছৰ বিৰুদ্ধে ৰ-ৰ গ’লত ড্ৰ’ খেলা খেলখনত অংশ লোৱাৰ সময়ত ৩০ অক্টোবৰত বুকুৰ বিষ আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভোগাৰ বাবে আগুয়েৰোক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল৷ আগুয়েৰো কমেও তিনিমাহ খেলপথাৰৰ বাহিৰত থাকিব লাগিব বুলি কেইদিনমানৰ পাছতে ঘোষণা কৰিছিল বাৰ্চিলোনাই৷ সংবাদ মেলত অশ্ৰুসিক্ত নয়নৰে আগুয়েৰোৱে কয়–‘মই আৰু ফুটবল নেখেলাৰ সিদ্ধান্ত লৈছো৷ এই কথা অবগত কৰাৰ বাবেই আজিৰ সংবাদ মেলৰ আয়োজন কৰা হৈছে৷ এয়া মোৰ বাবে বৰ কঠিন মুহূৰ্ত৷ কিন্তু এই সিদ্ধান্ত ল’ব পাৰি মই শান্তি পাইছো৷’ চিকিৎসকৰ পৰামৰ্শ মতেই নিজৰ স্বাস্থ্যৰ কথা ভাবি অৱসৰৰ সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰে খেলুৱৈজনে৷ আগুয়েৰোৰ মতে প্ৰায় ১০ দিন আগেয়েই তেওঁ এই সিদ্ধান্ত লৈছিল৷ সংবাদ মেলত আগুয়েৰোৱে আৰু কয়–‘মই মোৰ কেৰিয়াৰক লৈ গৌৰৱবোধ কৰোঁ৷ এক স্বপ্ন সাৰ্থক হৈছিল৷ মই মাত্ৰ মাত্ৰ প্ৰফেশ্বনেল খেলুৱৈ হ’ব বিচাৰিছিলো৷ ইউৰোপত খেলাৰ কথা কেতিয়াও ভবা নাছিলো৷’ ইংলিছ প্ৰিমিয়াৰ লীগৰ ক্লাব মানচেষ্টাৰ চিটীৰ হৈ আৰ্জেণ্টিনাৰ এই ফুটবলাৰজনে অভিলেখ সংখ্যক ২৬০ টা গ’ল কৰিছিল৷