আহোমৰ শেষ ৰাজধানীৰ দুৰৱস্থা
শিক্ষা-সাহিত্য-সংস্কৃতিৰ সোণালী ঐতিহ্যৰে সমৃদ্ধ অসমৰ এখন গুৰুত্বপূৰ্ণ চহৰ– গুৱাহাটীৰ পাছত শিলচৰ, ডিব্ৰুগড়ৰ লগতে যোৰহাট নামত এখন মহানগৰ৷ ঠাইখনৰ ইতিহাস বিজড়িত নামবোৰেই ঐতিহ্যৰ বাহক৷ চেউনি আলি, বৰ আলি, ধোদৰ আলি, খৰিকটীয়া আলি, ম’হবন্ধা আলি, কমাৰবন্ধা আলি, বৰপাত্ৰ আলি, ৰূপহী আলি, ৰজাবাহৰ আলি, বাবু আলি, সৰ্বাইবন্ধা আলি, ফাঁচি আলি, সৰু চৰাই, ভোগদৈ, বুঢ়ী গোসাঁনীৰ দেৱালয়, ঢেঁকীয়াখোৱা নামঘৰ, বৰগোহাঁই পুখুৰী, কটকী পুখুৰী, কুৱৰী পুখুৰী, ৰাজমাও পুখুৰী, হাতীগড়ৰ পুখুৰী আৰু শিৱদৌল, মিঠা পুখুৰী– প্ৰতিটো নামেই ইতিহাসক ৰিঙিয়ায়৷ অসমৰ বৈষ্ণৱ সংস্কৃতিৰ পীঠ মাজুলী যোৰহাটৰ হূদয়৷ অৱশ্যে, সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰীৰ আসনত উপবিষ্ট হৈয়েই মাজুলীক বেলেগে জিলা ঘোষণা কৰি যোৰহাটৰ অংগক্ষত কৰি ‘অসমৰ সাংস্কৃতিক ৰাজধানী’ বুলি ফিতাহি মাৰিব পৰা যোৰহটীয়াৰ গৌৰৱ মোহাৰি থৈ গ’ল৷ সম্প্ৰীতিৰ উত্তম চানেকি, শান্তিপ্ৰিয়, যোৰহাট মহানগৰে ক্ৰমশঃ এক তৃতীয় শ্ৰেণীৰ লেতেৰা নগৰৰ অপযশ বোটলাৰ পথত আগবাঢ়িছে৷ সৰ্বত্ৰ বিশৃংখলতা; অৰাজকতা৷ প্ৰশাসনিক সমন্বয়হীনতা, অনিষ্ঠাৰ প্ৰতীক যোৰহাট৷ এক পুতিগন্ধময় পৰিৱেশ; অসহায় যোৰহাটবাসী৷ এখন অৱহেলিত, অশৃংখলিত নগৰ৷ অসমৰ পৰিষ্কাৰ চহৰৰ প্ৰথম পুৰস্কাৰ পাওঁতে হয়তো কিবা ৰহস্য থাকি গ’ল৷বেছি দূৰলৈকে চাব নজনা পূৰ্বৰ হৰ্তা-কৰ্তাসকলে হয়তো ধৰি লৈছিল চহৰৰ বিকাশ মাথোঁ এটা সৰু বৃত্তৰ মাজতে আবদ্ধ থাকিব৷ নগৰৰ জনসংখ্যা, দোকান-পোহাৰ, যান-বাহন, কল-কাৰখানা, চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান যে সময়ৰ গতিত বৃদ্ধি পাই থাকিব, হয়তো গমিবই পৰা নাছিল৷ চহৰৰ নাভিকেন্দ্ৰ বৰুৱা চালিআলিৰ পৰা পশ্চিমে মাত্ৰ আঢ়ৈ কিলোমিটাৰ দূৰৈত এটা বাইপাছ নিৰ্মাণকাৰ্যৰ আৰম্ভণি কেইবাদশকৰ আগতে আৰম্ভ কৰি আৰু সুদীৰ্ঘ বছৰৰ পাছত সমাপ্ত কৰি নগৰ সম্প্ৰসাৰণত প্ৰকাণ্ড গতিৰোধক এটা আগতেই দি দিয়া হ’ল৷ তাৰ কু-ফল ভুগিছে আজিৰ যোৰহটীয়াই৷ ইফালে জনসাধাৰণক দুৰ্ভোগত ভুগিবলৈ অপৰিকল্পিতভাৱে নগৰত আন কিছুমান স্থায়ী নিৰ্মাণকাৰ্য সময়ে সময়ে চলাই অহা হৈছে, যেনে– গুৱাহাটী-ডিব্ৰুগড়ত অত্যাধুনিক পদসেতু নিৰ্মাণৰ খবৰ দৃষ্টিগোচৰ হ’লেই যোৰহাটৰ মাজ-মজিয়াত, চ’ক বজাৰৰ সন্মুখত অতিকায় মৃত জন্তুৰ জঁকাৰ দৰে পৰি থকা, পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতেই নিৰ্মিত পদযাত্ৰীয়ে নাকচ কৰা পদসেতুটো চকুৰ আগলৈ আহে৷ অঘৰীৰ শয়নকক্ষলৈ ৰূপান্তৰিত হোৱা, অসামাজিক কাৰ্যৰো থলী, নগৰৰ মাজমজিয়াত অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টিকাৰী এই পদসেতু যদি অব্যৱহাৰ্য, তেন্তে ভাঙি পেলোৱাই শ্ৰেয়৷ কিয়নো স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ তোৰণৰ সন্মুখতে নগৰৰ ঐতিহ্য আৰু সৌন্দৰ্য বিনাশক এয়া এক কুন্ধচ চিহ্ন৷বিজেপি চৰকাৰৰ ‘আশীৰ্বাদ যাত্ৰা’ৰ আগে আগে নগৰলৈ যোৱা মূল পথটো [সোণালী জয়ন্তী নগৰৰ কাষৰ পৰা] বহল নকৰাকৈয়ে পকী বিভাজন দি ততাতৈয়াকৈ ৰং কৰি সজোৱা হ’ল৷ দাঁতিত শৃংখলাবদ্ধভাৱে যান-বাহন ৰখোৱাৰ ব্যৱস্থা কৰা নহ’ল, ফলত দিনৰ অতি ব্যস্ত সময়ত ৰিক্সা-ঠেলা, দুচকীয়া, চাৰিচকীয়া যান-বাহনৰ দীঘলীয়া শাৰীৰ শামুকীয়া গতি আৰম্ভ হয়৷ ইফাল-সিফাল হ’লেই সংঘৰ্ষৰ সম্ভাৱনা৷ ছাত্ৰ-ছাত্ৰী, কৰ্মচাৰীয়ে সময়মতে স্বক্ষেত্ৰত উপস্থিত হ’ব নোৱৰাৰ আশংকাত স্নায়ৱিক হেঁচাৰ কবলত পৰে৷ চিকিৎসালয়মুখী ৰোগীৰ দুৰ্দশা৷ অদূৰদৰ্শী কাৰ্য; এয়া দুৰ্ঘটনা বৃদ্ধিকৰণ নে নগৰৰ সৌন্দৰ্য হ্ৰাসকৰণৰ চৰকাৰী প্ৰচেষ্টা? ইফালে ন-আলিৰ উৰণীয়া সেতুৰ কাম শেষ নোহোৱালৈকে পথযাত্ৰীয়ে দীৰ্ঘদিনৰ বাবে জোলোকা জোলোকে পানী খায়েই থাকিব৷ যোৰহাটবাসীৰ আশা, সেতু সম্পূৰ্ণ হ’লে যোৰহাট-গুৱাহাটীৰ ইণ্টাৰচিটী আৰু জনশতাব্দী ৰে’ল দুখনৰ উপৰি দুখনমান দূৰণিবটীয়া ৰে’লত উঠি ঘৰৰ পৰাই দূৰলৈ যাত্ৰা কৰাৰ সুবিধাকণ পাব৷প্প মুখ্যমন্ত্ৰীয়ে কিছুদিন আগতে ল’ৰালিত পঢ়া স্কুলখনৰ লগতে নগৰৰ আন কেইখনমান শিক্ষানুষ্ঠানো পৰিদৰ্শন কৰিবলৈ আহোঁতে নগৰত নলা-নৰ্দমা, জাবৰ-জোঁথৰ পৰিষ্কাৰ কৰিবলৈ যুদ্ধকালীন প্ৰস্তুতি চলিছিল৷ এক সুশৃংখল পৰিৱেশ৷ চাফা– যেন চোতালত ফু-মাৰি ভাত খাব পৰা অৱস্থা৷ পিছদিনাৰ পৰাই আকৌ ওলোটা ছবি৷ আৱৰ্জনাৰ দ’ম- ডাষ্টবিনৰ লেতেৰা আৱৰ্জন গৰুৱে উলিয়াই পথত সিঁচৰতি কৰি সৃষ্টি কৰা দুৰ্গন্ধ আৰু পৌৰসভাৰ গাড়ীয়ে দিনৰ এঘাৰ বজাৰ পাছতো নগৰ পৰিভ্ৰমণ কৰি সেই দুৰ্গন্ধ বিলাই ফুৰাৰ সাধাৰণ কুৎসিৎ দৃশ্য৷ নিৰ্বিকাৰ পৌৰসভা, নিৰ্বিকাৰ প্ৰশাসন, অসহায় জনতা৷ নগৰৰ দুটামান পথ অৱশ্যে আহল-বহল, কিন্তু উপকণ্ঠৰ গ্ৰাম্যচড়ক যোজনাৰ অধীনত পূৰ্বতে নিৰ্মিত বাটবোৰ ক্ৰমশঃ গ্ৰাম্য নৰককেন্দ্ৰলৈ ৰূপান্তৰিত হোৱাৰ পথত৷ লগতে লেহেম গতিৰে নিৰ্মীয়মান চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা থিয়কৈ তললৈ নামি যোৱা পথবোৰৰ তিনিআলি-চাৰিআলিৰ মূৰত ভয়াৱহ দুৰ্ঘটনাৰ পদে পদে আশংকা৷ প্ৰসংগক্ৰমে উল্লেখ্য যে একেখন জিলাতে থকা বিভিন্ন বিধানসভা সমষ্টিৰ বাটপথৰ উন্নতি-অৱনতিৰ পাৰ্থক্যও লক্ষণীয়৷ মুখ্যমন্ত্ৰীয়ে সমষ্টিৰ উন্নয়ন সাধিবলৈ অপাৰগ হোৱা জনপ্ৰতিনিধিক চিনাক্ত কৰি তেওঁলোকৰ বাবে কৰ্মশালাৰ আয়োজন কৰিলে নি(য় ঘুমতি ত্যাগ কৰিবলৈ বাধ্য হ’ব৷এজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ গৃহস্থান হৈও নগৰৰ কোনো বিকাশ পৰিলক্ষিত নহ’ল৷ এতিয়া যোৰহাটক পৰিকল্পিত ৰূপত সজাবলৈ প্ৰস্তাৱিত মাষ্টাৰ প্লেনখন দ্ৰুত কাৰ্যকৰীকৰণেই একমাত্ৰ উপায়৷ আহোমৰ শেষ ৰাজধানী, সাংস্কৃতিক নগৰী, শান্তিপ্ৰিয় যোৰহাটক এখন তৃতীয় শ্ৰেণীৰ লেতেৰা নগৰত পৰিণত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰৰ লগতে সচেতন নাগৰিকৰো গুৰুদায়িত্ব আহি পৰিছে৷
ফোন ঃ ৯৪৩৫৫-২৫২০০