Logo
image

এজেপিয়ে ৰাইজৰ আস্থা লাভ কৰিবনে

... বিজেপি নেতৃত্বাধীন ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰখনে জোৰ-জুলুমকৈ হ’লেও জাপি দিব খোজা নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি আছুৰ নেতৃত্বত তথা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সহযোগত গঠন কৰিলে অসম জাতীয় পৰিষদ৷ প্ৰশ্ন হয়– ৰাইজৰ বিশ্বাসযোগ্য আঞ্চলিক ৰাজনৈতিক দল হ’ব পাৰিবনে অসম জাতীয় পৰিষদ? অসমৰ জাতীয় সমস্যাসমূহক লৈ অসম জাতীয় পৰিষদে কি ভূমিকা গ্ৰহণ কৰে, সেয়াও লক্ষণীয় হ’ব৷ নাগৰিকত্ব সংশোধনী আইনৰ বাহিৰেও অসমৰ নিবনুৱা সমস্যা, বান সমস্যা আদি জ্বলন্ত সমস্যাসমূহক লৈ নতুন দলটোৰ স্থিতি কি হ’ব সেয়াও ৰাইজে সময়ত বিচাৰ কৰিব ...

ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হ’ল আঞ্চলিক দলৰ উপস্থিতি৷ ভাৰতীয় ৰাজনীতিত এক দলৰ আধিপত্য অন্ত পৰাৰ পাছত এটা ৰাজনৈতিক দলেই ৰাজ্য আৰু কেন্দ্ৰ উভয়তেই একক সংখ্যাগৰিষ্ঠতা লাভ কৰাত সমস্যাৰ সৃষ্টি হৈছিল৷ যাৰ ফলত আঞ্চলিক ৰাজনৈতিক দলে বিশেষ গুৰুত্ব লাভ কৰিবলৈ সক্ষম হৈছিল৷ শেহতীয়াকৈ ৰাজ্যত নতুনকৈ গঠন কৰা হ’ল অসম জাতীয় পৰিষদ নামেৰে আন এটা আঞ্চলিক ৰাজনৈতিক দল৷ ছাত্ৰ সংগঠনৰ নেতৃত্বত একেখন মঞ্চৰ পৰাই গঠন কৰা হ’ল দুটাকৈ আঞ্চলিক ৰাজনৈতিক দল৷ পূৰ্বৰ অসম গণ পৰিষদ আৰু এতিয়া অসম জাতীয় পৰিষদ৷ পূৰ্বৰ অসম গণ পৰিষদ গঠনৰ ইতিহাস আছিল ছয় বছৰীয়া অসম আন্দোলন৷ অবৈধ বিদেশী প্ৰব্ৰজন ৰোধ তথা বিদেশী বিতাৰণৰ কাৰণে ছয় বছৰীয়া অসম আন্দোলন অসমৰ মানুহৰ কাৰণে এক মচিব নোৱৰা অধ্যায় হৈ ৰ’ব৷ জাতি ৰক্ষাৰ স্বাৰ্থত ৮৫৫জন অসমীয়া শ্বহীদ হৈছিল অসম আন্দোলনত৷ সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতিৰ কাৰণেই আঞ্চলিক ৰাজনৈতিক দল গঠনৰ প্ৰক্ৰিয়া ভাৰতত ১৯৬৭ চনৰ পৰাই আৰম্ভ হৈছিল৷ অসমতো অসম আন্দোলনৰ আলম লৈ আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ গঠন কৰা হৈছিল৷ সম্পাদিত হৈছিল ঐতিহাসিক অসম চুক্তি৷ জাতি ৰক্ষা আৰু খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত দলিল আখ্যা দিয়া হৈছিল অসম চুক্তিক৷

অসমৰ ৰাজনৈতিক ইতিহাসত অসম গণ পৰিষদেই হ’ল প্ৰথম আন্দোলনভিত্তিত গঠন কৰা ৰাজনৈতিক দল৷ যি দলে সুস্থ আঞ্চলিকতাবাদী ভাবধাৰা সৃষ্টিৰ জৰিয়তে জাতীয়তাবাদী ভাবধাৰাক বাস্তৱ ৰূপ দিয়াৰ সুযোগ লাভ কৰিছিল৷ অৱশ্যে অসম গণ পৰিষদৰ পাছৰ ইতিহাস ৰাইজৰ কাৰণে গ্ৰহণযোগ্য নহ’ল৷ এক কথাত ক’বলৈ গ’লে অসম গণ পৰিষদে বিশ্বাসঘাতকতা কৰিছিল অসমৰ ৰাইজক৷ অসম চুক্তিকে ধৰি ৰাজ্যৰ বিভিন্ন জ্বলন্ত সমস্যা অসম গণ পৰিষদ চৰকাৰে সমাধান কৰিব নোৱাৰিলে৷ দুবাৰকৈ চৰকাৰ গঠন কৰা অসম গণ পৰিষদলৈ ৰাইজে অভিযোগৰ আঙুলি তুলিবলৈ ধৰিলে৷ ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ প্ৰতি আকৃষ্ট হৈ দলীয় নেতৃত্বই ৰাজ্যৰ জ্বলন্ত সমস্যাসমূহক পিঠি দিবলৈ আৰম্ভ কৰিলে৷ ফলত সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ শাসনত ৰাজ্য পুনৰ বৈষম্যমূলক নীতিৰ চিকাৰ হ’বলৈ ধৰিলে৷

অসমৰ ৰাইজক আশ্বস্ত কৰিব পৰা কোনো উল্লেখযোগ্য বৰঙণি আঞ্চলিক দলে দিব পৰা নাই৷ অসম গণ পৰিষদ দলে দুবাৰকৈ চৰকাৰ গঠনৰ সুযোগ পাইছিল যদিও জনসাধাৰণৰ মন-মগজুত নিগাজীকৈ স্থান লাভ কৰিব পৰা কোনো সমস্যাৰে উচিত সমাধান কৰিব নোৱাৰিলে৷ বৰঞ্চ অসমৰ মানুহক এক জটিল পৰিস্থিতিলৈ লৈ গ’ল৷ শেহতীয়াকৈ ৰাজ্যত আন এটা আঞ্চলিক ৰাজনৈতিক দল গঠন হ’ল৷ বিজেপি নেতৃত্বাধীন ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰখনে জোৰ-জুলুমকৈ হ’লেও জাপি দিব খোজা নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি আছুৰ নেতৃত্বত তথা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সহযোগত গঠন কৰিলে অসম জাতীয় পৰিষদ৷ প্ৰশ্ন হয়– ৰাইজৰ বিশ্বাসযোগ্য আঞ্চলিক ৰাজনৈতিক দল হ’ব পাৰিবনে অসম জাতীয় পৰিষদ? অসমৰ জাতীয় সমস্যাসমূহক লৈ অসম জাতীয় পৰিষদে কি ভূমিকা গ্ৰহণ কৰে, সেয়াও লক্ষণীয় হ’ব৷ নাগৰিকত্ব সংশোধনী আইনৰ বাহিৰেও অসমৰ নিবনুৱা সমস্যা, বান সমস্যা আদি জ্বলন্ত সমস্যাসমূহক লৈ নতুন দলটোৰ স্থিতি কি হ’ব সেয়াও ৰাইজে সময়ত বিচাৰ কৰিব৷

ছাত্ৰ সংগঠনৰ প্ৰতি থকা ৰাইজৰ বিশ্বাস ৰাজনৈতিক দল গঠনৰ পাছত হয়তো কিছু পৰিমাণে হ’লেও স্তিমিত হোৱা দেখা যায়৷ ৰাজনীতিমুখী হোৱাৰ পাছত বহু ছাত্ৰ নেতা ৰাজ্যৰ সমস্যাসমূহৰ প্ৰতি উদাসীন হোৱা দেখা যায়৷ ছাত্ৰ সংগঠনত থাকি সঘনাই জাতীয় সমস্যাসমূহৰ কাৰণে মাত মতা সংগঠনৰ নেতৃবৃন্দই ৰাজনৈতিক ক্ষমতা লাভৰ পাছত দলীয় স্বাৰ্থতেই হওক নাইবা ব্যক্তিগত মুনাফা আদায়ৰ স্বাৰ্থতেই হওক ৰাইজৰ পৰা বিচ্ছিন্ন হোৱা দেখিবলৈ পোৱা যায়৷ ৰাজ্যত প্ৰথমটো আঞ্চলিক দল অসম গণ পৰিষদ গঠনৰ পাছতো অনুৰূপ ঘটনাই দেখিবলৈ পোৱা গৈছিল৷ ব্যক্তিগত মুনাফা আদায় তথা দলীয় বিভাজনৰ কাৰণে অসম গণ পৰিষদ সম্প্ৰতি ৰাইজৰ দল হৈ থাকিব নোৱাৰিলে৷ সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ প্ৰতি ৰাইজৰ সমৰ্থন বাঢ়ি যোৱাত বৰ্তমান আঞ্চলিক সত্তাটোৰ প্ৰতিয়ে ভাবুকি আহি পৰিছে৷ এনে প্ৰেক্ষাপটত ৰাজ্যত পুনৰ আঞ্চলিক ৰাজনৈতিক দল গঠন হোৱাটো ৰাইজে কিদৰে গ্ৰহণ কৰে, সেয়াও লক্ষণীয় হ’ব৷

নতুন আঞ্চলিক দল অসম জাতীয় পৰিষদে গণভিত্তি প্ৰস্তুত কৰাত নিশ্চয় সমস্যাৰ সন্মুখীন হ’ব৷ বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম, উজনি-নামনি আদি বিভিন্ন ভাগত বিভক্ত হৈ থকা অসমৰ ৰাইজৰ মাজত সোমাব পৰাটো দলটোৰ কাৰণে প্ৰত্যাহ্বান৷ কাৰণ উজনি-নামনিৰ অধিকাংশ জিলাতে আঞ্চলিক শক্তিৰ বিপৰীতে কংগ্ৰেছ আৰু বিজেপিৰ গণভিত্তি মন কৰিবলগীয়া৷ বৰাক উপত্যকাৰ কথা বাদেই দিলোঁ৷ অৰ্থাৎ ৰাজ্যত পুনৰ আঞ্চলিক দলৰ উত্থান এক বৃহৎ প্ৰশ্ন হৈ পৰিছে৷ ‘কা’বিৰোধী আন্দোলনৰ সময়ত চৰকাৰবিৰোধী যি এক জনমত দেখিবলৈ পোৱা গৈছিল, সেয়াও সম্প্ৰতি স্তিমিত হৈ পৰিছে৷ একাংশ শিল্পীৰ ৰাজনীতি গমনেও ৰাইজক অতিষ্ঠ কৰিছে৷ এইক্ষেত্ৰত নতুন দল গঠনে পুনৰ সেইসকল লোকৰ বিশ্বাস ঘূৰাই আনিব পাৰিব বুলি ভাবিব নোৱাৰি৷ দল গঠন প্ৰক্ৰিয়াৰেও জাতীয় সংগঠনৰ নেতৃত্ব ৰাজনৈতিকভাৱে ভৱিষ্যতে জনবিৰোধী স্থিতি ল’ব বুলিও ৰাইজ সন্দিহান হৈ পৰিছে৷

ৰাইজক অন্ধকাৰত থৈ বৃহৎ জাতিসত্তাক অৱমাননা কৰা ৰাজনীতি জনসাধাৰণে বহুত দেখিলে৷ কেৱল নেতাৰ মুখলৈ চাই ৰাজনৈতিক দল এটাক বিশ্বাস কৰিলেও ৰাইজ প্ৰতাৰিত হয়৷ সততে নীতি-আদৰ্শৰ কথা কৈ থকা ৰাজনৈতিক দলসমূহৰ ৰাজনৈতিক আক্ৰোশৰ বলি হয় সাধাৰণ ৰাইজ৷ নতুন আঞ্চলিক ৰাজনৈতিক দলটোৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস দলটোৰ নীতি-আদৰ্শৰ লগতে বৰ্তমান আৰু ভৱিষ্যতৰ কাৰ্যপন্থাৰ ওপৰতো ভালেখিনি নিৰ্ভৰ কৰিব৷ কেৱল ৰাজনৈতিক উদ্দেশ্য আগত লৈ কাৰোবাক ব্যক্তিগতভাৱে আক্ৰমণৰ মনোভাবেৰে যদি দল গঠন কৰা হয়, তেন্তে সেই দলৰ নীতি-আদৰ্শৰ প্ৰকৃত স্বৰূপটো উন্মোচন কৰিবলৈও ৰাইজৰ বেছি সময় নালাগিব৷

ৰাজ্যত শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল এটাৰ অভাৱ নতুন কথা নহয়৷ পূৰ্বৰ কংগ্ৰেছ আৰু এতিয়াৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ প্ৰতি ৰাইজৰ অসন্তুষ্টিয়ে নিশ্চয় এটা শক্তিশালী আঞ্চলিক দলৰে কামনা কৰে৷ অসম গণ পৰিষদৰ প্ৰতি ৰাইজ পুনৰ বিশ্বাসী হ’ব বুলি ভাবিব নোৱাৰি৷ আঞ্চলিক শিবিৰটোৰ বহু নেতা এতিয়া ৰাষ্ট্ৰীয় দলৰ অংশীদাৰ হ’ল৷ অনুৰূপ ভুল যাতে অসম জাতীয় পৰিষদৰ পৰাও নহয়, তাৰ প্ৰতি দলটোৰ নেতৃত্ব সজাগ হ’ব লাগিব৷ দলীয় নীতি-আদৰ্শৰ পৰা আঁতৰি নাহি ৰাইজৰ লগত থাকি ৰাইজৰ কণ্ঠ হৈ চৰকাৰৰ বৈষম্যমূলক নীতিৰ বিৰুদ্ধে মাত মাতিব পাৰিব লাগিব৷ কেৱল ৰাজধানী মহানগৰীত সভা-সমিতি তথা সংবাদ মেল পাতি ৰাইজৰ আস্থাভাজন হ’ব নোৱাৰিব৷ এক প্ৰভাৱশালী আঞ্চলিক শক্তিৰ অধিকাৰী হওক অসম জাতীয় পৰিষদ৷