Logo
image

এম চি জিত জোনছক শেষ বিদায়

আমাৰ অসম, ১০ অক্টোবৰঃ এটা সময়ত তেওঁৰ খেল চোৱাৰ বাবে মেলব’ৰ্ন ক্ৰিকেট গ্ৰাউণ্ড ভৰি পৰিছিল ক্ৰিকেটপ্ৰেমীৰে৷ কিন্তু তেওঁক শেষ বিদায়ৰ সময়ত উপস্থিত থাকিল পৰিয়ালৰ দহগৰাকী সদস্যহে৷ কৰ’না ভাইৰাছৰ আতংকৰ বাবে লকডাউন৷ সেইবাৰে ষ্টেডিয়ামত দহতকৈ অধিক লোক উপস্থিত থকাৰ অনুমতি নাছিল৷ উদং ষ্টেডিয়ামতে প্ৰিয় ক্ৰিকেটাৰজনক দিয়া হয় ‘লেপ অৱ অনাৰ৷’ বিশাল মেলব’ৰ্ন ক্ৰিকেট ষ্টেডিয়াম প্ৰদক্ষিণ কৰিছিল এখন বগা ৰঙৰ গাড়ী৷ গাড়ীখনত এটা কফিনত ৰখা হৈছিল জোনছৰ নশ্বৰ দেহ আৰু কফিনটো ঢাকি ৰখা হৈছিল অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় পতাকাৰে৷ ষ্টেডিয়ামৰ পাব্লিক এড্ৰেছ ছিষ্টেমত বাজি উঠিছিল এল্টন জন আৰু আইএনএক্সএছৰ গীত৷ এইদৰেই অষ্ট্ৰেলিয়াৰ অন্যতম শ্ৰেষ্ঠ বেটছমেনজনক জনেৱা হৈছিল অন্তিম শ্ৰদ্ধা৷ ভাৰতত টেষ্ট কেৰিয়াৰৰ অন্যতম শ্ৰেষ্ঠ ইনিংছটো খেলা ডীন জোনছৰ ভাৰততে ২৪ ছেপ্টেম্বৰত হূদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল৷ প্ৰফেছৰ ডীনো হিচাপে খ্যাত প্ৰাক্তন ক্ৰিকেটাৰজনৰ অন্তিম যাত্ৰাৰ গাড়ীখনত ফুলেৰে লিখা আছিল ৩২৪ নম্বৰটো৷ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত তেওঁৰ সৰ্বোচ্ছ স্ক’ৰ আছিল অপৰাজিত ৩২৪৷