Logo
image

ফ্ৰেন্স অ’পেনৰ ফাইনেলত ছিয়ানটেকৰ বিৰুদ্ধে কেনিন

আমাৰ অসম, ১০ অক্টোবৰঃ ফ্ৰেন্স অ’পেনৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰতিদ্বন্দ্বিতা হ’ব পলেণ্ডৰ ১৯ বছৰীয়া ইগা ছিয়ানটেক আৰু আমেৰিকাৰ ছ’ফিয়া কেনিনৰ মাজত৷ প্ৰথমখন ছেমি ফাইনেলত ছিয়ানটেকে কোৱালিফায়াৰ নাডিয়া পড’ৰস্কাক ৭০ মিনিটৰ যুঁজত ৬-২, ৬-১ ছেটত পৰাস্ত কৰাৰ বিপৰীতে আনখন ছেমি ফাইনেলত কেনিনে চেক গণৰাজ্যৰ পেট্ৰা কিটোভাক পৰাস্ত কৰে ৬-৪, ৭-৫ ব্যৱধানত৷ 

ইপিনে, বাঁও হাতৰ আঘাত সত্ত্বেও  বিশ্বক্ৰমৰ সপ্তদশ ৰেংকিঙৰ পাব্‌লো কাৰেনো বুষ্টাক পৰাস্ত কৰি পুৰুষৰ ছিংগলছৰ ছেমি ফাইনেলত উপনীত হৈছে বিশ্বক্ৰমৰ শীৰ্ষস্থানৰ খেলুৱৈ ছাৰ্বিয়াৰ ন’ভাক জক’ভিচ৷ খেলৰ মাজতে চিকিঁৎসা ল’বলগীয়া হোৱা জক’ভিচে৷ তিনি ঘণ্টা আৰু দহ মিনিটৰ যুঁজক জক’ভিচে স্পেইনৰ প্ৰতিদ্বন্দ্বীজনক পৰাস্ত কৰে ৪-৬, ৬-২, ৬-৩, ৬-৪ ছেটত৷ উল্লেখ্য, যোৱা মাহত ইউ এছ অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বহিষ্কৃত হোৱাৰ পাছত জক’ভিচ দহখন খেলত অপৰাজিত হৈ আছে৷ ছেমি ফাইনেলত তেওঁৰ প্ৰতিদ্বন্দ্বী হ’ব গ্ৰীচৰ ষ্টেফানো ছিটছিপাছ৷ বিশ্বক্ৰমৰ পঞ্চম  স্থানৰ ছিটছিপাছে ৰাছিয়াৰ আন্দ্ৰে ৰুবলেভক পৰাস্ত কৰে ৭-৫, ৬-২, ৬-৩ ছেটত৷ আনখন ছেমি ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰিব ৰাফেল নাডাল আৰু ডিয়েগো শ্বোৱাৰ্টজমেনে৷