অনলাইনত শিক্ষা
এটা অনুভৱ
আজিকালি অনলাইনত শিক্ষা দিয়াৰ ব্যৱস্থাটো খুবেই জনপ্ৰিয় হৈ উঠিছে৷ শিক্ষা ব্যৱস্থাটো বৰ্তমান অফলাইনৰ লগতে অনলাইনত শিক্ষা প্ৰদান কৰাৰ ধুম উঠিছে৷ বিশেষকৈ ক’ভিড-১৯১ সংক্ৰমণৰ বাবে লকডাউনৰ সময়ত স্কুল-কলেজসমূহ বন্ধ হৈ আছিল৷ ফলত ল’ৰা-ছোৱালীৰ পঢ়া- শুনাত বহু সমস্যাৰ সৃষ্টি হৈছিল৷ তেনে সন্ধিক্ষণতে অনলাইনত প্ৰদান কৰা শিক্ষা ব্যৱস্থাই গা কৰি উঠিছিল৷ ম’বাইল, কম্পিউটাৰত প্ৰদান কৰা শিক্ষা ব্যৱস্থা গাঁৱে-ভূঞে, পিছ পৰা অঞ্চলবোৰলৈ বিয়পি পৰিছিল৷
যি নহওক, অনলাইন শিক্ষা প্ৰদান ব্যৱস্থাৰ এক বিকল্প হিচাপে গণ্য কৰিব পাৰি৷ অনলাইন শিক্ষাক তথ্যৰ উৎস হিচাপে ল’ব পাৰি৷ বিভিন্ন শিক্ষাৰ তথ্য তাত মজুত কৰা থাকে৷ আত্ম শিক্ষাৰ ক্ষেত্ৰত অনলাইন এক গুৰুত্বপূৰ্ণ উৎস বুলিব পাৰি৷ অনলাইনত শিক্ষা লাভ কৰাত বহু দিশত সুবিধা থাকে৷ য’তে-ত’তে বহি শিক্ষাগ্ৰহণ কৰিব পৰা যায়৷ ভ্ৰমণ কৰোঁতে, পথাৰত থাকি, নদীৰ পাৰত বহি থাকি, হাবিৰ মাজত সোমাই থাকিও শিকিব পাৰি৷ অনলাইনত শিকোঁতে বিভিন্ন ফটো আৰু ভিডিঅ’, দৃশ্য-শ্ৰব্য উভয়েৰে শিকিব পাৰি৷ ফলত শিক্ষাৰ্থীয়ে শিকিবলৈ উৎসাহ পায়৷অনলাইনত শিক্ষা যিকোনো বয়সৰ লোকে যিকোনো সময়তে গ্ৰহণ কৰিব পাৰে৷ উদাহৰণ স্বৰূপে শিৱসাগৰৰ ৰংঘৰ-কাৰেংঘৰৰ বিষয়ে জ্ঞান দিবলৈ হ’লে তালৈ শিক্ষাৰ্থীসকলক তালৈ লৈ যোৱাৰ প্ৰয়োজন নহ’বও পাৰে৷ তাৰ বিকল্প হিচাপে ভিডিঅ’ৰ সহায়ত সেইবোৰ দেখুৱাই শিকাব পৰা যায়৷ ঠিক তেনেকৈ সাগৰ-মহাসাগৰৰ বিষয়ে জ্ঞান দিবলৈ অনলাইনত ভিডিঅ’ৰ সহায়ত উপস্থাপন কৰিবলৈ সক্ষম হ’ব পাৰে৷
অনলাইনত শিক্ষা লাভ কৰিবলৈ গুগুল এক গুৰুত্বপূৰ্ণ উৎস৷ তাৰ সহায়ত নিৰ্দিষ্ট ৱেবছাইটত ছাৰ্চ কৰি মজুত থকা বিভিন্ন বিষয়ৰ বিভিন্ন তথ্য, ছবি আদি পাব পৰা যায়৷ তাত ভিডিঅ’, ফটো আদিও জীৱন্ত অৱস্থাত পাব পাৰি৷ আজিকালি প্ৰয়োজনীয় কিতাপ-পত্ৰ, আলোচনী, বিশ্বকোষ, অভিধান, ব্যাকৰণ আদি বিভিন্ন অনলাইনত উপলব্ধ৷ তাত বহুতো ন-পুৰণি তথ্য আদিও সহজে লাভ কৰিব পাৰে৷ বিভিন্ন বিষয়ৰ জ্ঞান, বিভিন্ন ভাষাত সহজে উপলব্ধ৷ প্ৰতিযোগীতামূলক পৰীক্ষাৰ বাবে প্ৰয়োজনীয় সমলসমূহ প্ৰণালীৱদ্ধভাৱে আহৰণ কৰিব পাৰি৷ বিভিন্ন বিশেষজ্ঞৰ পৰামৰ্শ, শিকনি, বক্তৃতা আদিও লাভ কৰিব পাৰি৷ বিভিন্ন তথ্যচিত্ৰ, চিনেমা আদিৰ তথ্যও লাভ কৰিব পাৰি৷ তাৰ বাদেও ইউটিউব, ফেচবুক, ৱাটছএপ আদিতো বিভিন্ন শিকিবলগীয়া সামগ্ৰী পাব পৰা যায়, তথ্য আদান-প্ৰদান কৰিব পাৰে৷ সেয়ে বৰ্তমান শিক্ষকসকলৰ ভূমিকা গৌণ হৈ পৰিল৷ তেওঁলোকক নিৰ্দেশক, সুবিধা প্ৰদানকাৰী হিচাপে গণ্য কৰা হয়৷ অৱশ্যে গুগুল, ইউটিউব, ফেচবুক শিক্ষাগুৰুৰ ভূমিকা নস্যাৎ কৰিব নোৱাৰে৷ কাৰণ সেই ব্যৱস্থাই নিজাববীয়াকৈ একো কৰিব নোৱাৰে৷ কোনোবা বিশেষজ্ঞ, শিক্ষক, শিক্ষাবিদে তথ্যসমূহ আপলোড কৰি নিদিলে বা তথ্যসমূহ সংৰক্ষণ কৰি নথ’লে বা সেইবোৰক পৰিচালিত নকৰিলে যান্ত্ৰিক ব্যৱস্থাই নিজাববীয়াকৈ একো কৰিব নোৱাৰে৷
অনলাইন আত্মশিক্ষণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা পালন কৰে৷ শিক্ষাৰ্থীয়ে নিজাববীয়াকৈ শিকিবলৈ সক্ষম হয়৷ শিকাৰ সমলসমূহ অনলাইনত সহজে উপলব্ধ হোৱাৰ বাবে তাকে চাই চাই শিক্ষাৰ্থীয়ে শিকিবলৈ সুবিধা লাভ কৰে৷ তেওঁলোকে নিজস্ব গতিত, নিজৰ সুবিধামতে আহৰণ কৰিবলৈ সক্ষম হ’ব পাৰে৷ লগতে নিজস্ব শৈলীত শিকাৰ আনন্দ উপভোগ কৰিবলৈ সক্ষম হ’ব পাৰে৷ বক্তৃতা পদ্ধতিৰ অসুবিধাসমূহ সেই শিক্ষা ব্যৱস্থাত নাথাকে৷ একঘেয়ামী শিক্ষণ পদ্ধতিতকৈ প্ৰগতিমূলক শিক্ষা ব্যৱস্থাৰে সমৃদ্ধিশালী সেই শিক্ষণ ব্যৱস্থা৷ তেওঁলোকে ব্যক্তিগত পাৰ্থক্য আৰু ব্যক্তি প্ৰয়োজনীয় সাপেক্ষে সেইবোৰ শিক্ষা ব্যৱস্থাত প্ৰদান কৰিব পৰা যায়৷
অনলাইন শিক্ষা এক নমনীয় আৰু গতিশীল শিক্ষা ব্যৱস্থা৷ কিয়নো ইয়াত শিকিবলৈ কোনো স্থান, কাল, পাত্ৰ, বয়স, লিংগ, নীতি-নিয়ম নিৰ্বিশেষে শিক্ষা লাভ কৰিব পৰা যায়৷ তাৰ বাবে কোনো আনুষ্ঠানিক শিক্ষানুষ্ঠাৰ দৰে ধৰা-বন্ধা নীতি-নিয়মৰো দৰকাৰ নাথাকে৷ অনলাইন শিক্ষা ব্যক্তিগতভাৱে শিকিব পাৰে৷ ইয়াত দলীয় শিক্ষণৰ অসুবিধাসমূহ নাথাকে৷ শিক্ষাৰ্থীয়ে কোনো হুলস্থূল নোহোৱাকৈ শিক্ষা আহৰণৰ সুবিধা পায়৷ অনুশাসমূলক কঠোৰ নীতি-নিয়মসমূহ নোহোৱাকৈ সহজে শিক্ষা গ্ৰহণ কৰিবলৈ সুবিধা পাব পাৰে৷ মুঠতে প্ৰত্যক্ষভাৱে দলীয় শিক্ষণত থকা অসুবিধাসমূহ ইয়াত নাথাকে৷
অৱশ্যে, অনলাইনত শিক্ষা ব্যৱস্থাতো বহু সমস্যাই দেখা দিব পাৰে৷ যিহেতু সেই শিক্ষা ব্যৱস্থা যান্ত্ৰিকতাৰ ভিত্তিত গঢ় লৈ উঠিছে৷ ইয়াত মানৱীয় আৰু সামাজিক সম্পৰ্কসমূহ গঢ় লৈ উঠাৰ পৰিৱেশটো নাথাকে৷ বিভিন্ন যান্ত্ৰিক আৰু কাৰিকৰী অসুবিধাৰ সমস্যাসমূহ থাকেই৷ বিদু্যত সংযোগ ব্যৱস্থাৰ অভাৱ, ৰিচাৰ্জৰ সমস্যা, নেটৱৰ্কৰ সমস্যা, আৰ্থিক দৈন্যৰ বাবে কিনিব নোৱৰা সমস্যা আদি সমস্যাসমূহ আছেই৷ দক্ষ, প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তিৰ বাদে ইয়াত অনলাইন ব্যৱস্থা পৰিচালনা কৰাতো সমস্যাই দেখা দিব পাৰে৷ অদক্ষ নিৰ্দেশকৰ নিৰ্দেশনা আৰু শিক্ষণে কেতিয়াবা ল’ৰা-ছোৱালীৰ শিক্ষণত আসোঁৱাহ থকাৰো সম্ভাৱনা থাকিব পাৰে৷ শিক্ষণ সমল প্ৰস্তুত কৰোঁতেও সময়ৰ লোকচান হ’ব পাৰে৷ বেছি সময় অনলাইনত থকাৰ ফলত বিভিন্ন চকুৰ ৰোগ, মূৰৰ বিষ আৰু অন্যান্য বেমাৰৰ সমস্যাও আহিব পাৰে৷ কেতিয়াবা শিক্ষাৰ্থীয়ে শিকিবলগীয়া বিষয়বস্তু এৰি বিভিন্ন বাহিৰা কামত ব্যস্ত থাকিব পাৰে৷ তেওঁলোকে গেম খেলি, চিনেমা চাই, গান শুনি সময় পাৰ কৰিব পাৰে৷ বিভিন্ন অপৰাধজনিত চিনেমা, অশ¡ীল চিনেমা চাই তেওঁলোকৰ বদভ্যাস গঢ় লৈ উঠিব পাৰে৷
মুঠতে যিকোনো ব্যৱস্থাত সুবিধা-অসুবিধাসমূহ থাকেই৷ গতিকে সেই অসুবিধাসমূহ নাইকিয়া কৰি শক্তিশালী কৰি তুলিব পাৰিলে সেই ব্যৱস্থাও সফল হৈ উঠিব৷