Logo
image

দেশ আক্ৰান্ত অমিক্ৰনত লকডাউন নহয়! মোদী

আমাৰ অসম, ৩ জানুৱাৰীঃ ক’ভিডৰ তৃতীয় ঢৌ দেশত আৰম্ভ হৈ গৈছে যদিও এইবাৰ কেন্দ্ৰীয় চৰকাৰে সৰ্বাত্মক লকডাউন বলবৎ নকৰে৷ এদিনতে ২১ শতাংশ সংক্ৰমণ বৃদ্ধি পোৱা আৰু ১৫২৫ জন অমিক্ৰনত আক্ৰান্ত হোৱা ২০২২ চনৰ প্ৰথমটো দিনতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ইংগিত দিছে৷ অৱশ্যে ২০২১ চনৰ ক’ভিডৰ দ্বিতীয় ঢৌৰ সময়তো দেশত কেন্দ্ৰীয় চৰকাৰে সৰ্বাত্মক লকডাউন ঘোষণা কৰিবলৈ সাহস কৰা নাছিল৷ ক’ভিডৰ তৃতীয় ঢৌৰ আশংকা দেখি দেশৰ ৪ খন ৰাজ্যত সোমবাৰৰ পৰা বলবৎ হোৱাকৈ স্কুল-কলেজ, অৰ্থাৎ সকলো শিক্ষানুষ্ঠান পুনৰ বন্ধ ঘোষণা কৰা হৈছে৷ পঞ্চমখন ৰাজ্য হিচাপে মহাৰাষ্ট্ৰতো দুই-এদিনতে শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হ’ব৷ পশ্চিম বংগত সোমবাৰৰ পৰা সকলো শিক্ষানুষ্ঠান বন্ধ কৰা হ’ব বুলি আজি ৰাজ্য চৰকাৰে ঘোষণা কৰে৷ ৰাজ্যখনত মেট্ৰ’, লোকেল ট্ৰেইনত ৫০ শতাংশ যাত্ৰীৰে চলাচল কৰাকে ধৰি ক’ভিডৰ দ্ৰুত সংক্ৰমণৰ বাবে কঠোৰ বাধ্যবাধকতা জাৰি কৰা হৈছে৷  পশ্চিম বংগৰ উপৰি দিল্লী, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশতো পৰৱৰ্তী ঘোষণা নকৰা পৰ্যন্ত সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে৷ ইপিনে শনিবাৰে বছৰৰ প্ৰথম দিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ দেশত ক’ভিডৰ তৃতীয় ঢৌৰ সৃষ্টি হ’লেও দেশত সৰ্বাত্মক লকডাউন ঘোষণা নকৰাৰ ইংগিত দিছে ৷ কেন্দ্ৰীয় চৰকাৰৰ এক আঁচনি উদ্বোধন কৰা অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে এইবাৰ ক’ভিডৰ বিৰুদ্ধে সাৱধানতা বৰ্তাই ৰাখি সকলো ধৰণৰ সতৰ্কতাৰ সৈতে যুদ্ধ কৰিব বুলি মন্তব্য কৰে৷ এই যুদ্ধৰ সমান্তৰালভাৱে জাতীয় স্বাৰ্থও সুৰক্ষিত কৰি ৰখা হ’ব বুলি তেওঁ মন্তব্য কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় ক’ভিডৰ প্ৰত্যাহ৩ান আছে৷ কিন্তু ক’ভিডে ভাৰতৰ গতি ৰোধ কৰিব নোৱাৰিব৷ প্ৰধানমন্ত্ৰীৰ এই মন্তব্যৰ পৰাই ইংগিত পোৱা গৈছে, তৃতীয় ঢৌ আহিলেও দেশত কেন্দ্ৰীয় চৰকাৰে সৰ্বাত্মক লকডাউন ঘোষণা নকৰে৷ উল্লেখ্য, ক’ভিডৰ প্ৰথম ঢৌত মোদী চৰকাৰে অবিবেচক সিদ্ধান্তৰে হঠাতে সমগ্ৰ দেশত সৰ্বাত্মক লকডাউন ঘোষণা কৰিছিল৷ তেতিয়া কেৱল দেশৰ জ্জ্ব-জ্ঝ খন ৰাজ্যতহে ক’ভিডৰ উপস্থিতি আছিল৷ প্ৰায় তিনিমাহজোৰা সৰ্বাত্মক লকডাউনৰ ফলত দেশৰ অৰ্থনীতি বিধবস্ত হৈ ২৪ শতাংশ সংকুচিত হৈ পৰিছিল৷ এই নেতিবাচক অভিজ্ঞতাৰ ফলতে দ্বিতীয় ঢৌৰ সময়তো কেন্দ্ৰীয় চৰকাৰে সৰ্বাত্মক লকডাউন ঘোষণা কৰা নাছিল৷ নিজস্ব সিদ্ধান্তৰে ৰাজ্যসমূহে পৰিস্থিতিৰ অৱনমন দেখি লকডাউন ঘোষণা কৰিছিল৷ দেশত ক’ভিডৰ তৃতীয় ঢৌ ইতিমধ্যে আৰম্ভ হৈ গৈছে৷ বিগত ২৪ ঘণ্টাত নতুনকৈ ২৭,৫৫৩ জন ক’ভিডত আক্ৰান্ত হৈছে৷ এই সময়চোৱাত মৃত্যু হৈছে ২৮৪ জনৰ৷ সংক্ৰমণৰ হাৰ আগদিনাতকৈ ২১ শতাংশ বৃদ্ধি পাইছে৷ আনহাতে ২৩ খন ৰাজ্যলৈ বিয়পি পৰা অমিক্ৰন সংক্ৰমিতৰ সংখ্যা দেশত ১৫২৫ জন হৈছে৷ ইয়াৰে সৰ্বোচ্ছ মহাৰাষ্ট্ৰত ৪৬০ জন৷ দিল্লীত অমিক্ৰনত আক্ৰান্ত হৈছে ৩৫১ জন, গুজৰাটত ১৩৬ জন, তামিলনাডুত ১১৭ জন আৰু কেৰালাত ১০৯ জন৷ ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৩ জানুৱাৰীৰ পৰা উচ্ছতম ন্যায়ালয়ে দুসপ্তাহৰ বাবে ইয়াৰ সকলো শুনানি ভাৰ্চুৱেলি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷