Logo
image

গণসংক্ৰমণৰ মাজতে আজিৰ পৰা স্কুল-কলেজত ভেক্‌চিন

আমাৰ অসম,৩জানুৱাৰীঃ দেশত অমিক্ৰনৰ আতংকৰ মাজতে অসমত ঠায়ে ঠায়ে ক’ভিডৰ গণ সংক্ৰমণে দেখা দিছে৷ বিশেষকৈ  একাংশ কাৰ্যালয়ত ক’ভিড ভাইৰাছৰ সংক্ৰমণে সন্ত্ৰাসৰ ৰূপ লৈছে৷ ৰাজ্যত শেহতীয়াকৈ ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ মাজতে কাইলৈ তথা সোমবাৰৰ পৰা ৰাজ্যত আৰম্ভ হ’ব ১৫-১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীক ভেকচিন প্ৰদান প্ৰক্ৰিয়া৷ ৰাজ্যৰ প্ৰতিখন জিলাতে প্ৰতিদিনে ১৫খনকৈ শিক্ষানুষ্ঠানত ১৫-১৮ বছৰ বয়সৰ শিক্ষাৰ্থীক ভেকচিন প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে স্বাস্থ্য বিভাগে৷ ১৫-১৮ বছৰ বয়সৰ ২০ লাখ ৩৭ হাজাৰ কিশোৰ-কিশোৰীক এসপ্তাহ অৰ্থাৎ ৯ জানুৱাৰীৰ ভিতৰত প্ৰথম ড’জ ভেকচিন প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব স্বাস্থ্য বিভাগে৷ সোমবাৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দুলীয়াজানৰ শিক্ষানুষ্ঠানত উপস্থিত থাকি আনুষ্ঠানিক ভাৱে মুকলি কৰিব এই অভিযান৷  মন্ত্ৰীসভাৰ সদস্যসকলে জিলাই জিলাই শিক্ষানুষ্ঠানত উপস্থিত হৈ নিৰীক্ষণ কৰিব প্ৰথম দিনাৰ অভিযানৰ কাৰ্য ৰূপায়ণ৷ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকিব কামৰূপ [মহানগৰ]ৰ শিক্ষানুষ্ঠানত৷ দুলীয়াজানত মুখ্যমন্ত্ৰীৰ সৈতে একেলগে ভাগ ল’ব কৃষিমন্ত্ৰী অতুল বৰা, শ্ৰম আৰু নিয়োগ মন্ত্ৰী সঞ্জয় কিষাণ আৰু শক্তি মন্ত্ৰী বিমল বৰাই৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে শোণিতপুৰত, বিত্তমন্ত্ৰী অজন্তা নেওগে গোলাঘাটত, বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই হোজাইত, জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই কামৰূপ [মহানগৰ]ত, পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কামৰূপত, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে নগাঁৱত, ভূমি সংৰক্ষণ মন্ত্ৰী ঊৰ্খাও গৌড়া ব্ৰহ্মই চিৰাঙত, ৰাজহ মন্ত্ৰী যোগেন মহনে চৰাইদেউ জিলাৰ শিক্ষানুষ্ঠানত কাইলৈ এই টিকাকৰণ কাৰ্যসূচীত ভাগ ল’ব৷ জিলাসমূহত স্বাস্থ্য বিভাগৰ টিকাকৰণ দলে শিক্ষানুষ্ঠানে শিক্ষানুষ্ঠানে গৈ ১৫-১৮ বছৰৰ ছাত্ৰ-ছাত্ৰীক দিব ক’ভিডৰ প্ৰতিষেধক৷ সহযোগ কৰিব প্ৰশাসন, জিলা শিক্ষা বিভাগ আৰু শিক্ষানুষ্ঠানে৷ কেৱল ক’ভাক্সিন প্ৰতিষেধকহে দিয়া দিব এই বয়সসীমাৰ ছাত্ৰ-ছাত্ৰী, কিশোৰ-কিশোৰীসকলক৷ ৰাজ্যত বৰ্তমান মজুত আছে প্ৰায় ১৪ লাখ পালি ক’ভাক্সিন প্ৰতিষেধক৷  ৪ জানুৱাৰীত অসম পাবহি অতিৰিক্ত ৮.১৬ লাখ পালি ক’ভাক্সিন প্ৰতিষেধক৷  ২০০৭ চনৰ ৩১ ডিচেম্বৰ বা তাৰ পূৰ্বে জন্মগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী তথা কিশোৰ-কিশোৰীয়ে ল’ব পাৰিব ক’ভিডৰ প্ৰতিষেধক৷ অৱশ্যে শিক্ষানুষ্ঠানৰ বাহিৰে আন নিৰ্দিষ্ট বয়সৰ কিশোৰ-কিশোৰীসকলে স্থানীয় স্বাস্থ্য কেন্দ্ৰত গৈও ভেকচিন ল’ব পাৰিব৷ ক’ভিড প্ৰতিৰোধৰ বাবে কিশোৰ-কিশোৰীক ভেকচিন  প্ৰদানৰ পদক্ষেপ হাতত লোৱাৰ সময়তে  শেহতীয়াকৈ ৰাজ্যত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ তথ্য পোহৰলৈ আহিছে স্বাস্থ্য বিভাগৰ বুলেটিনত৷ শুকুৰবাৰে ৰাজ্যত ১৯২জন লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে শনিবাৰে আক্ৰান্ত হয় ১৫০ জন লোক৷ দেওবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ ১৫৬জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷  ইপিনে নববৰ্ষত আনন্দ উল্লাসৰ মাজতে লামডিং আৰু ধুবুৰীত ক’ভিডৰ সন্ত্ৰাস আৰম্ভ হৈছে৷ লামডিঙত আৰ পি এফৰ এটা শিবিৰত ১৫ জন বিষয়া-জোৱানৰ ক’ভিড পজিটিভ ধৰা পৰিছে৷ ইয়াৰ ভিতৰত একেদিনাই ১২জন জোৱানৰ দেহত পজিটিভ ধৰা পৰাত লামডিঙত আতংকময় পৰিৱেশে বিৰাজ কৰিছে৷ দেওবাৰে লামডিঙত ৰে’লকৰ্মীসহ মুঠ ২৩ জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ ইপিনে ধুবুৰীৰ ষ্টেট বেংকত ১৩জন কৰ্মচাৰী ক’ভিডত আক্ৰান্ত হোৱাৰ পাছত এইবাৰ ইউ বি আই শাখাত ক’ভিডৰ আতংকই বিৰাজ  কৰিছে৷ বেংকটোৰ এজন কৰ্মচাৰী আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাত এই আতংকই দেখা দিছে৷ উল্লেখ্য, কাইলৈৰ পৰা শিক্ষানুষ্ঠান সমূহত ভেকচিন প্ৰদান প্ৰক্ৰিয়া চলিলেও আন আন স্বাস্থ্য কেন্দ্ৰসমূহত নিয়মীয়াকৈ ভেকচিন প্ৰদান প্ৰক্ৰিয়া অব্যাহত থাকিব৷