Logo
image

মাঘৰ উৰুকাতো ‘থাৰ্টী ফাৰ্ষ্ট’ৰ পুনৰাবৃত্তি

আমাৰ অসম, ৩ জানুৱাৰীঃ ‘থাৰ্টী ফাষ্টৰ্’ৰ পুনৰাবৃত্তি ঘটিব মাঘ বিহুৰ উৰুকাতো৷ ৩১ ডিচেম্বৰত সুৰাপায়ী চালকক গাড়ী-বাইক চলোৱাৰ পৰা বিৰত ৰাখি ৰাজ্যখনত দুৰ্ঘটনাৰ সংখ্যা তেনেই নূ্যনতম কৰাৰ পাছত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অহা মাঘ  বিহুৰ উৰুকাতো অনুৰূপ পদক্ষেপ গ্ৰহণৰ কথা ঘোষণা কৰিছে৷ দেওবাৰে ধেমাজিত এটা অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, মাঘ বিহুৰ উৰুকাতো ৰাজ্যত ‘থাৰ্টী ফাষ্টৰ্’ৰ দৰে সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ অভিযান চলোৱা হ’ব৷ মূলতঃ দুৰ্ঘটনা ৰোধ কৰাৰ লক্ষ্যৰেই ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিব বুলি তেওঁ আজিয়েই সুৰাপায়ী চালকক সকিয়াই দিয়ে৷ তেওঁ কয় যে, এইবাৰো আৰক্ষী, পৰিবহণ বিভাগ আৰু আবকাৰী বিভাগে ‘থাৰ্টী ফাষ্টৰ্’ৰ দৰে কঠোৰ তালাচী চলাব যাতে মাঘ বিহুৰ উৰুকাত কোনো লোকেই সুৰাপান কৰি গাড়ী-বাইক চলাই দুৰ্ঘটনাগ্ৰস্ত হৈ প্ৰাণ নেহেৰুৱায়৷ ইপিনে চালকৰ বাহিৰে গাড়ীৰ ভিতৰৰ আন সকলো আৰোহীক সুৰাপান কৰিবলৈ অনুমতি দি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসমৰ গাড়ী-বাছসমূহ বাৰলৈ পৰিৱৰ্তন কৰা বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অভিযোগ কৰে৷ ইয়াৰ প্ৰত্যুত্তৰত হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাৰ নাম উল্লেখ নকৰাকৈয়ে কয়, লাহে লাহে চৰকাৰে অসমৰ ৰাইজক কমকৈ সুৰাপান কৰিবলৈ অনুৰোধ জনাব৷ এতিয়া সুৰাৰ দোকান খোলা ৰাখি সুৰাপান নকৰিবলৈ অনুৰোধ কৰাৰ নৈতিক অধিকাৰ নাই বুলি তেওঁ মন্তব্য কৰে৷ ইপিনে একত্ৰিশ ডিচেম্বৰৰ নিশাক দুৰ্ঘটনামুক্ত কৰি ৰখাৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা বলিষ্ঠ পদক্ষেপক সমগ্ৰ বিশ্বই অভিনন্দন জনাইছে বুলি ৰাজ্যিক বিজেপিয়ে দাবী কৰিছে৷ এটা বিবৃতিত বিজেপিয়ে কয়, নৱবৰ্ষ উদ্‌যাপনৰ বাবে আয়োজিত আমোদ-প্ৰমোদৰ বিভিন্ন কাৰ্যক্ৰমত উপস্থিত থকাৰ বিপৰীতে নিজে দুপৰ নিশালৈ আৰক্ষীৰ সহযোগী হিচাপে ৰাজপথত থাকি সুৰক্ষা বাহিনীক উৎসাহিত কৰি মুখ্যমন্ত্ৰীয়ে এক নজিৰবিহীন পদক্ষেপ গ্ৰহণ কৰে৷ হিমন্ত বিশ্ব শৰ্মাৰ এনে তৎপৰতাক দেশৰ সংবাদ মাধ্যমৰ লগতে সমগ্ৰ বিশ্বতে সামাজিক মাধ্যমত ব্যাপক প্ৰশংসা কৰা দেখা গৈছে বুলিও ৰাজ্যিক বিজেপিয়ে মন্তব্য কৰিছে৷ ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, ইউ টিউবকে ধৰি সামাজিক মাধ্যমৰ আটাইকেইখন জনপ্ৰিয় প্লেটফৰ্মত তেওঁক শুভাকাংক্ষী সকলে প্ৰশংসাৰে ওপচাই দিছে৷ উল্লেখযোগ্য যে উত্তৰাখণ্ড ভ্ৰমণ সমাপ্ত কৰি ৩১ ডিচেম্বৰৰ নিশা প্ৰায় ৯ বজাত নতুন দিল্লীৰ পৰা আহি বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰিয়েই মুখ্যমন্ত্ৰীয়ে মহানগৰ আৰক্ষীৰ ট্ৰেফিক ব্যৱস্থা তদাৰক কৰিবলৈ নিজে ৰাজপথত নামি পৰিছিল৷ ড॰ হিমন্ত বিশ্ব শৰ্মাৰ এই তৎপৰতাৰ ভিডিঅ’ আৰু সংবাদে সামাজিক মাধ্যমত যোৱা দুদিন ধৰি জোৱাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে বুলি বিজেপিৰ অসম প্ৰদেশৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত দাবী কৰি কয় যে কেৱল মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ পদক্ষেপৰ বাবেই কেইবাদশক পিছত অসমৰ জনসাধাৰণে দুৰ্ঘটনামুক্ত ৩১ ডিচেম্বৰৰ নিশা প্ৰত্যক্ষ কৰাৰ সৌভাগ্য লাভ কৰে৷ বিজেপিয়ে জনায়, ৩১ ডিচেম্বৰৰ নিশা দহ বজাৰ পিছত দেশৰ ৰাজধানী দিল্লীত দুই শতাধিক পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে শিশুসহ এহাল দম্পতী আৰু আন বাৰজন লোকে দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল৷ প্ৰায় ৩৭০ জন আহত লোকক দিল্লীৰ বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ কথাও সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷ সুৰাপায়ী আৰোহীৰ অতপালিৰ পৰা ৰক্ষা পাবৰ বাবে দিল্লী আৰক্ষীয়ে নিশা ৯ বজাৰ পিছত কনাটপ্লেচৰ সংযোগী সকলো পথৰ যাতায়ত বন্ধ কৰি দিয়াৰ লগতে আন ১৫ টা মূল পথৰ যাতায়তো নিশা ১১ বজাৰ পিছত বন্ধ কৰি দিছিল৷ ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত অসম আৰক্ষীয়ে গ্ৰহণ কৰা তৎপৰতাৰ বাবেই ৰাজধানী মহানগৰ গুৱাহাটীকে ধৰি ৰাজ্যখনত কোনো ধৰণৰ ঘটনা সংঘটিত নহ’ল বুলি ৰাজ্যিক বিজেপিয়ে দাবী কৰে৷