Logo
image

একেনিশাতে ৬ কোটি টকাৰ সুৰাপান কৰা মহানগৰীত কিতাপ বিক্ৰী নহয় কিয়

আমাৰ অসম, ৪জানুৱাৰীঃহেমন্তৰ শেষত, গুৱাহাটীৰ ক্ষণস্থায়ী শীতত গ্ৰন্থমেলা হ’ব– সেই এটা খবৰে বহুতৰে মন সজীৱ কৰি তুলিছিল৷ দীৰ্ঘ দুটা বছৰ ক’ভিডৰ সৈতে সহবাসৰ ফলত সামাজিক ব্যৱধান বাঢ়িছিল স্বভাৱগত কাৰণত নহয়, চৰকাৰী নিৰ্দেশনাত আৰু প্ৰাণৰ তাড়নাত৷ ক’ভিডাসুৰৰ নিশ্চিত মৃত্যু নোহোৱা সত্ত্বেও, শক্তি হ্ৰাস হোৱাৰ উমান পাই অনেকেই গ্ৰন্থমেলাত সামাজিক ব্যৱধান হ্ৰাস কৰি একগোট হ’ব পাৰিব বুলি উৎসাহিত হৈ পৰিছিল৷ তাৰে একাংশৰ গ্ৰন্থ ক্ৰয়ৰ তাড়না আৰু বৃহদাংশৰ গ্ৰন্থমেলাৰ অচিলা লৈ মিলনমেলালৈ ৰূপান্তৰ কৰাৰ উদগ্ৰ ইচ্ছা আৰু পৰিণতিত যেতিয়া গ্ৰন্থমেলা আৰম্ভ হ’ল, প্ৰথম দিনাৰ পৰা মিলনমেলাত পৰিণত হ’ল চানমাৰি খেলপথাৰ৷ গ্ৰন্থমেলা নে মিলনমেলাত উপস্থিত অধিকাংশৰে হাত খালী, উদং হাতেৰে ইফালৰ পৰা সিফাললৈ পদসঞ্চাৰ কিম্বা পুহ মাহৰ বিয়লিৰ অলস ৰ’দত সামান্য নহয়, দীৰ্ঘসময় আড্ডা৷ গ্ৰন্থ ক্ৰয়ৰ বাসনা য’ত বিলীন, সেই গুৱাহাটীৰ গ্ৰন্থমেলাত সেয়ে ৰ কোটি টকাৰ গ্ৰন্থ বিক্ৰী হ’বলৈ সময় লাগিল দিনৰ লেখেৰে প্ত দিন৷ অন্ততঃ আয়োজকে গ্ৰন্থমেলাৰ পঞ্চম দিনটোত দিয়া হিচাপ সেয়াই৷ যদি ফেচবুকলৈ যদি চকু দিয়া হয়, তেন্তে যোৱা ২৯ ডিচেম্বৰৰ পৰা আজি ৩ জানুৱাৰীলৈ চানমাৰিৰ গ্ৰন্থমেলা প্ৰাংগণত অগণন লোকৰ ভিৰ৷ পিছে তাৰ সিংহভাগৰে হাত খালী৷ অথচ কলকাতাৰ বই মেলা বা গ্ৰন্থমেলাত একোখন বিপনীয়ে দিনটোতে ৫০-৬০ লাখ টকাৰ কিতাপ বিক্ৰী কৰাৰ উদাহৰণ আছে৷ আড্ডাবাজ বাঙালীয়ে বইমেলাত যিমান আড্ডা মাৰে, তাতোধিক কিতাপ কিনে, সেয়া তৰ্কাতীতভাৱে সত্য৷

ডিচেম্বৰৰ বিষন্ন বিয়লি গ্ৰন্থমেলাৰ বিক্ৰীৰ খবৰে বহুতকে উৎসাহিত কৰিব নোৱাৰিলেও, বৰ্ষশেষত– অৰ্থাৎ ৩১ডিচেম্বৰত কেৱল গুৱাহাটী মহানগৰীতে ৬ কোটি টকাৰ সুৰা বিক্ৰীৰ ৰাজহ সংগ্ৰহে চৰকাৰৰ মুখত হাঁহি বিৰিঙাইছে৷ চহৰ একেখনেই, অথচ স্বাদৰ ক্ষেত্ৰত ইমান প্ৰভেদ৷ যিখন মহানগৰীৰ বাসিন্দাই এটা নিশাতে ৬ কোটি টকাৰ সুৰাপান কৰিব পাৰে, পিপাৰ দৰে মদ ভৰাব পাৰে সেইখন মহানগৰীৰ বাসিন্দাই প্ত দিনতহে ক্ৰয় কৰে ৰ কোটি টকাৰ কিতাপ৷ অৱশ্যে সুৰাপায়ী মহানাগৰিকৰ দৰে গ্ৰন্থৰ ক্ৰেতা কেৱল মহানগৰীৰে বাসিন্দা বুলি ক’লে ভুল হ’ব৷ গ্ৰন্থমেলালৈ গুৱাহাটীৰ সমীপৰ চহৰ-গাঁৱৰ পৰা কিতাপ কিনিবলৈ দলে-বলে আহে৷ প্ৰকৃততে তেনে গ্ৰন্থপ্ৰেমীয়েই ক্ৰয় কৰে অধিক কিতাপ৷ কেইবাখনো গ্ৰন্থ বিপনীৰ অভিজ্ঞ বিক্ৰেতাৰ চকুৰ পৰা সাৰি নোযোৱা এই তথ্য একপ্ৰকাৰ সত্য৷ তেনে অভিজ্ঞ বিক্ৰেতাৰ দাবী, গুৱাহাটীৰ অভিজাত সমান গ্ৰন্থমেলালৈ তেনেকৈ নাযায় আৰু যিসকল যায়, সেই পাবতগজা বুদ্ধিজীৱীগণে কিতাপ বিশেষ নিকিনে, জমাই আড্ডা মাৰে৷

বাংলা ভাষাত আঁতেল বুলি এটা শব্দ আছে৷ ফৰাচী ভাষাৰ পৰা অহা এই শব্দটোৱে বুদ্ধিজীৱি বুজায়, বাস্তৱবুদ্ধি আৰু কাণ্ডজ্ঞানৰ অভাৱৰ বাবে এনে ব্যক্তিক আঁতেল বুলি কোৱা হয়৷ এসময়ত এওঁলোক কফি হাউছত বহিছিল, পাঞ্জাবী পৰিধান কৰিছিল আৰু নিজকে সৰ্বজান্তা বুলি ভাবিছিল– তেওঁলোককে বিদ্ৰুপ কৰি বাংলা ভাষাত আঁতেল বুলি কোৱা হৈছিল৷ এতিয়া গুৱাহাটীৰ গ্ৰন্থমেলাত এনে আধুনিক আঁতেলৰ ভিৰ, যি আন সকলো কৰে, কেৱল কিতাপ কিনাৰ পৰা বিৰত থাকে৷ এনে আঁতেলৰ পয়োভৰতে গুৱাহাটী গ্ৰন্থমেলাক অৱলীলাক্ৰমে হৰুৱাইছে গুৱাহাটীৰ সুৰাপায়ীয়ে৷

অৱশ্যে, ক’ভিডকালত জীৰ্ণ-শীৰ্ণ হৈ পৰা গুৱাহাটীৰ পাণবজাৰৰ গ্ৰন্থ ব্যৱসায়ীৰ মুখলৈ এই মধ্যমীয়া সঁহাৰিয়েও পানী আনিছে৷ যোৱা দুবছৰত অধিক সময় বন্ধ আৰু তাতোধিক সময় গ্ৰাহকহীনভাৱে হামিয়াই হিকটিয়াই বহি থকা পাণবজাৰৰ গ্ৰন্থ বিক্ৰেতাৰ আৰু কিতাপৰ দোকানৰ ছবিখন ফ্লোৰেন্সৰ শীতৰ আৰ্ণো নদীৰ শীৰ্ণ ৰূপটোৰ দৰে হৈ পৰিছিল৷ মহানগৰীত ৩১ ডিচেম্বৰৰ নিশাৰ সুৰাৰ ঢল বাগৰাদি নাবাগৰিলেও গ্ৰন্থমেলাৰ এই বিক্ৰীয়েই বিক্ৰেতাৰ বাবে যেন গ্ৰীষ্মৰ আৰ্ণো, দুই কুল উপচি পৰা নহ’লেও নদীৰ গৰ্ভ পূৰা কৰি পানী বৈ থকাৰ দৰে৷

নতুন প্ৰজন্মৰ হাতত সুৰক্ষিত অসমীয়া কথাশিল্প ঃ অপূৰ্ব কুমাৰ শইকীয়া

‘আমাৰ অসম’ ঃ ‘অসমীয়া কথাশিল্প নতুন প্ৰজন্মৰ হাতত সন্দেহাতীতভাৱে সুৰক্ষিত৷ নতুন নতুন বিষয় আৰু বিচিত্ৰ অভিজ্ঞতাৰে পৰীক্ষা-নিৰীক্ষা কৰি তৰুণ গল্পকাৰসকলে কথাশিল্প সৃষ্টি কৰি আহিছে৷ দূৰদৃষ্টি, মুকলি চিন্তা আৰু ভাষাৰ ক্ষেত্ৰত দায়বদ্ধতা থাকিলে নিশ্চিতভাৱে নতুনৰ কথাশিল্পই অসমীয়া গদ্য সাহিত্যক সমৃদ্ধ কৰিব৷’ –এই মন্তব্য বিশিষ্ট গল্পকাৰ ডাঃ অপূৰ্ব কুমাৰ শইকীয়াৰ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত যৌথভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলাত সোমবাৰে অনুষ্ঠিত ‘গল্পৰ বিয়লি’ত পৰিচালক ৰূপে অংশগ্ৰহণ কৰি উক্ত মন্তব্য প্ৰদান কৰে ডাঃ শইকীয়াই৷ প্ৰতিষ্ঠিত আৰু নতুন মুখৰ গল্পকাৰসকলক লৈ আয়োজন কৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সাহিত্য অকাডেমি বঁটাপ্ৰাপক জয়ন্ত মাধৱ বৰাই নিজৰ সৃষ্টিৰ বিষয়ে– ‘মই গল্প লিখো নিজৰ ধৰণেৰে৷ নিজৰ ধৰণেৰে নিজকে প্ৰকাশ কৰিবলৈ চেষ্টা কৰোঁ৷ মই ঔপন্যাসিক হিচাপেহে আত্মপ্ৰকাশ কৰিছিলোঁ যদিও গল্প লিখিবলৈ লওঁ৷’ অনুষ্ঠানটোত উপস্থিত থাকি নিজৰ সৃষ্টিৰ বিষয়ে প্ৰকাশ কৰি প্ৰশান্ত কুমাৰ দাসে ভাষাৰ ব্যৱহাৰ সন্দৰ্ভত কয়– ‘গল্প এটাৰ পটভূমি, পৰিৱেশে কৰা দাবী অনুসৰি সেই ভাষা প্ৰয়োগ কৰা হয়৷ এই ক্ষেত্ৰত কাব্যময় বা গদ্যময় ভাষা বুলি কোনো কথা নাথাকে৷’ একেদৰে আন এগৰাকী গল্পকাৰ অৰূপ কুমাৰ নাথে কয় যে অসমীয়া ভাষাৰ নতুন গল্পকাৰসকলে বিষয় বৈচিত্ৰ্যৰ ক্ষেত্ৰত নতুন দিগন্ত সন্ধানী যাত্ৰা আৰম্ভ কৰা দেখিবলৈ পাইছোঁ৷ এয়া সাহিত্যৰ বাবে শুভ লক্ষণ৷ অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই আদৰণি ভাষণ প্ৰদান কৰা ‘গল্পৰ বিয়লি’ত অংশগ্ৰহণ কৰি অনুষ্ঠানটো আকৰ্ষণীয় কৰি তোলা আন আন গল্পকাৰসকল হ’ল– অপু ভৰদ্বাজ, সিদ্ধাৰ্থ শংকৰ বেজবৰুৱা, মণিকা দেৱী, প্ৰকৃতি নজিৰ, সুৰঞ্জনা শৰ্মা, ভাস্কৰজ্যোতি বৰুৱা, হিমাংশু ভাগৱতী, দেৱাংগপল্লৱ শইকীয়া, শিখা শইকীয়া, মেঘনা চৌধুৰী, পংকজ কুমাৰ দত্ত, ডাঃ নমিতা বৈশ্য আৰু চন্দনা পাঠক৷ এই অনুষ্ঠানতে উন্মোচিত হয় ঔপন্যাসিক-গল্পকাৰ ডাঃ নমিতা বৈশ্যৰ  নতুন গ্ৰন্থ ‘হালধীয়া ঘেঁহুৰ পথাৰ আৰু এজাক কাউৰী’৷ গল্পকাৰ ডাঃ অপূৰ্ব কুমাৰ শইকীয়া আৰু প্ৰকাশৰ সম্পাদক মিহিৰ দেউৰীয়ে গ্ৰন্থখন উন্মোচন কৰে৷ বিষয় প্ৰসংগত ডাঃ শইকীয়াই কয়– ‘নমিতা বৈশ্যৰ গদ্যভাষা গীতিময়, বুদ্ধিদীপ্ত আৰু পৰিমিত৷ তেওঁৰ উপন্যাস ‘হালধীয়া ঘেঁহুৰ পথাৰ আৰু এজাক চৰাই’ লেখিকাৰ আত্ম পৰিচিতি নিশ্চিতকৰণ আৰু আত্ম আৱিষ্কাৰৰ কাহিনী৷ সাৱলীল বৰ্ণনা অন্তস্পৰ্শী আৰু পটভূমি নিৰ্মাণ তথা তাৰ সংহতিয়ে উপন্যাসখনক শক্তিশালী কৰি তুলিছে৷’ আনগৰাকী উন্মোচক মিহিৰ দেউৰীয়ে কয়– ‘লেখক হিচাপে নমিতা বৈশ্যৰ অন্তদৃৰ্ষ্টি আৰু সংশ্লেষণ গল্পত দেখিছোঁ৷ উপন্যাসৰ কথকতাতো সেই গভীৰতা থাকিব বুলি আশা কৰিছোঁ৷’ অসম গ্ৰন্থমেলাৰ আজি ষষ্ঠ দিনা ড॰ লক্ষ্মীনন্দন সভাঘৰত উন্মোচিত হয় ড॰ ভাস্কৰজ্যোতি শৰ্মাৰ লোমহৰ্ষক জীৱন সংগ্ৰামৰ আত্মকথন-গ্ৰন্থ ‘পানী-মেটেকাৰ ফুল’৷ বিশিষ্ট সাহিত্যিক ড॰ ধ্ৰুৱজ্যোতি বৰাই উন্মোচন কৰি গ্ৰন্থখনৰ বিষয়ে কয়– ‘ফেচবুকত এই লিখাসমূহ পঢ়ি আশ্বৰ্যচকিত হৈছিলোঁ৷ কঠোৰ জীৱন সংগ্ৰামৰ মাজেদি নিজক প্ৰতিষ্ঠা কৰাৰ এই উপন্যাসোপম আত্মকথনে মানুহক সাহসী কৰি তুলিব আৰু লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত দৃঢ় কৰি তুলিব৷’ কবি-সাংবাদিক নৱজ্যোতি পাঠকে আঁত ধৰা এই অনুষ্ঠানত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, জ্যেষ্ঠ লেখক-সাংবাদিক নৱ ঠাকুৰীয়া, অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ সমিতিৰ সদস্য সচিব পৱিত্ৰ মাৰ্ঘেৰিটাই ভাষণ দি ড॰ ভাস্কৰজ্যোতি শৰ্মাৰ জীৱন সংগ্ৰামৰ কাহিনী সকলো মানুহৰ বাবে আশা আৰু প্ৰেৰণাদায়ক বুলি কয়৷ অনুষ্ঠানটোত অংশগ্ৰহণ কৰে দুলীয়াজান মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰতিভা ফুকন, ভাৰতীয় তেল নিগমৰ প্ৰাক্তন উপ-মহাপ্ৰবন্ধক পৰাগ চন্দ্ৰ ভাগৱতী, উত্তৰ-পূব ক্ষেত্ৰীয় ভাষাকেন্দ্ৰৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত বিষয়া তাৰিণীকান্ত গোস্বামী, প্ৰকাশক লোহিত দত্ত, বৰ্ণালী শৰ্মাকে আদি কৰি কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ গ্ৰন্থমেলাত সোমবাৰে আন কেবাখনো গ্ৰন্থ উন্মোচন কৰা হয়৷ ইয়াৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য বায়নাচাৰ্য্য ঘনকান্ত বৰাৰ ‘খোল বাদ্য কোষ’¸৷ একেদৰে মাইনী চমুৱাৰ গল্প-সংকলন ‘মেৰুণৰঙী ফাইল’, হিমানী পাঠকৰ ‘পৃথিৱীৰ অসুখ’ আদি গ্ৰন্থও উন্মোচন হয় গ্ৰন্থমেলাত৷ সোমবাৰে নবীন-প্ৰবীণ লেখক-পাঠকৰ উপস্থিতিত অসম গ্ৰন্থমেলা উছৱমুখৰ হৈ পৰে৷ তদুপৰি গ্ৰন্থ বিক্ৰীৰ পৰিমাণো আশাব্যঞ্জক বুলি জনায় প্ৰকাশন গোষ্ঠীসমূহে৷ দেওবাৰ দিনটোত গ্ৰন্থমেলাত ডেৰ কোটি টকাৰ কিতাপ বিক্ৰী হয়৷ আনহাতে অসম প্ৰকাশন পৰিষদৰ বিপণীত দেওবাৰে বিক্ৰী হয় ২ লাখ ১৩ হাজাৰ টকাৰ গ্ৰন্থ৷ অসম গ্ৰন্থমেলাৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ হোমেশ্বৰ কলিতাই৷ সাংস্কৃতিক সন্ধিয়াত মনোগ্ৰাহী অনুষ্ঠান পৰিৱেশন কৰে  অসম ডাউন টাউন বিশ্ববিদ্যালয় আৰু কৃষ্ণকান্ত সন্দিকৈ সংস্কৃত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে৷ কাইলৈ গ্ৰন্থমেলাত অনুষ্ঠিত হ’ব বিশিষ্ট প্ৰকাশক, মিত্ৰ এজেন্সিৰ প্ৰতিষ্ঠাতা নৰেন্দ্ৰ নাথ দাসৰ জন্ম-শতবাৰ্ষিকী উপলক্ষে বিশেষ অনুষ্ঠান আৰু বিশিষ্ট শিশু সাহিত্যিক অচিন মোমাইদেউ [অমল দত্ত] সোঁৱৰণী আলোচনা সত্ৰ৷ বিয়লি ৩ বজাত অনুষ্ঠিত হ’বলগীয়া এই আলোচনা সত্ৰৰ বিষয় হৈছে ‘শিশুগ্ৰন্থ আৰু আলোচনী ঃ ক’ভিড কালৰ প্ৰত্যাহ৩ান৷’ বিশিষ্ট সাহিত্যিক ৰঞ্জু হাজৰিকাই উদ্বোধন কৰিবলগীয়া আৰু বিশিষ্ট বিজ্ঞানী তথা শিশু সাহিত্যিক ড॰ দীনেশ চন্দ্ৰ গোস্বামীয়ে সঞ্চালনা কৰিবলগীয়া এই অনুষ্ঠানত আলোচক অতিথি ৰূপে অংশগ্ৰহণ কৰিব লেখক তথা শিশু সাহিত্যিক ক্ৰমে ৰূপম বৰুৱা, বন্দিতা ফুকন, নবীনমল্ল বড়ো, মাধুৰীমা ঘৰফলীয়া, অভিজিৎ শৰ্মা বৰুৱা আৰু ত্ৰৈলোক্য ভট্টাচাৰ্যই৷

অসম গ্ৰন্থমেলাত ক্ৰীড়া বিষয়ৰ আলোচনা চক্ৰ 

‘আমাৰ অসম’ ঃ অসম প্ৰকাশন পৰিষদ তথা সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই আয়োজন কৰা চলিত অসম গ্ৰন্থমেলাত অহা পাঁচ জানুৱাৰীত অনুষ্ঠিত হ’ব ক্ৰীড়া বিষয়ৰ এখন বিশেষ আলোচনা চক্ৰ৷ অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই জনোৱা অনুসৰি অহা পাঁচ জানুৱাৰীৰ দিনা দিনৰ এক বজাত অনুষ্ঠিত হ’ব এই আলোচনা চক্ৰ৷ আলোচনাৰ বিষয় হ’ল ‘ অবহেলিত অসমৰ ক্ৰীড়া সাহিত্য, বিন্দুৰ পৰা সিন্ধুলৈ ৷ উল্লেখ্য, চানমাৰি খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলাৰ এই বিশেষ ক্ৰীড়া বিষয়ৰ আলোচনা চক্ৰখন উদ্বোধন কৰিব অসম ক্ৰীড়া প্ৰাধিকৰণৰ উপসভাপতি তথা অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে৷ আনহাতে, সঞ্চালকৰ দায়িত্বত থাকিব বিশিষ্ট শিক্ষাবিদ - লেখক ড॰ শ্যামাপ্ৰসাদ শৰ্মা৷ আলোচক অতিথি হিচাপে উপস্থিত থাকিব জ্যেষ্ঠ সাংবাদিক তথা ক্ৰীড়া লেখক সুবোধ মল্ল বৰুৱা, পৱিত্ৰ গগৈ, কুলপ্ৰদীপ ভাগৱতী, বিদু্যৎ কলিতা, যুগল লোচন দাস আৰু ধাৰাভাষ্যকাৰ নয়ন প্ৰসাদ৷ এই অনুষ্ঠানত সকলোৰে উপস্থিতি কামনা কৰিছে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সাধাৰণ সম্পাদক ধীৰাজ গোস্বামীয়ে৷