Logo
image

১৬ মে’ৰ পৰা আৰম্ভ হ’ব হজযাত্ৰা, গামোচা বাধ্যতামূলক

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ১৫ মে’ : এইবেলি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা মুঠ ৩৭০৮ গৰাকী লোকে পৱিত্ৰ হজ সমাপন কৰাৰ বাবে ছৌদি আৰৱৰ মক্কালৈ ৰাওনা হ’ব৷  উত্তৰ-পূৰ্বাঞ্চলৰ মেঘালয়ৰ পৰা যাব ৩৬জন, নাগালেণ্ড আৰু অৰুণাচলৰ পৰা জ্জজন আৰু অসমৰ পৰা ৩৬৬৫ জন যাব৷ মঙলবাৰে গুৱাহাটীৰইছলামপুৰস্থিত হাজি মুছাফিৰখানাত যুটীয়া ৰাজ্যিক হজ সমিতি, অসম আৰু উত্তৰ-পূৰ্বাঞ্চল হজযাত্ৰী অভ্যৰ্থনা সমিতিৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে যুটীয়া ৰাজ্যিক হজ সমিতিৰ অধ্যক্ষ, জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানে৷ তেওঁ লগতে কয়– এইবাৰ পুৰুষ হজযাত্ৰীৰ সংখ্যা ২৬৫১ আৰু মহিলাৰ সংখ্যা ১২৮৬গৰাকী৷ অসমৰ হৈ কলিকতালৈ যাব ৩৮৪জন হজযাত্ৰী৷  ১৬ পৰা ২৫ মে’লৈ মক্কাৰ মদিনালৈ ৰাওনা হ’ব হজ যাত্ৰীসকল৷ এখন বিমান ৩২৪জন হজযাত্ৰী যাব৷ ১৯ আৰু ২০ মে’ত দুখন বিমান ৰাওনা হ’ব৷ হজ কৰিব যোৱা সকলো যাত্ৰীৰে ডিঙিত থাকিব অসমীয়া গামোচা৷ অসমৰ স্বাভীমান গামোচা ডিঙিত লোৱাটো বাধ্যতামূলক৷ অসমৰ হজযাত্ৰী থকা হোটেল আদিৰ বিল্ডিংৰ ওপৰত থাকিব গামোচা৷ হজ যাত্ৰীসকলক চোৱা চিতা কৰাৰ বাবে অসমৰ পৰা মক্কালৈ  ১৯জন লোক যাব৷ হজযাত্ৰীক এইবাৰ একোটাকৈ ফ্লাস্ক দিয়া হৈছে৷ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছেৰে হাজি মুছাফিৰখানাৰ পৰা লৈ যোৱা হ’ব বৰঝাৰ বিমানবন্দৰলৈ৷ তাৰপিছত মদিনালৈ আৰু মদিনাৰ পৰা মক্কালৈ লৈ যোৱা হ’ব৷ বিগত বৰ্ষতকৈ এইবাৰ হজযাত্ৰীৰ সংখ্যা কমিছে৷ দুটা বছৰ ক’ভিডৰ বাবে হজ বন্ধ হৈ থকাৰ বাবে যাত্ৰী বাঢ়িছিল৷ হজযাত্ৰীসকলৰ সহায়ৰ বাবে হজ সম্পৰ্কীয় তথ্য সমূহ জনাৰ বাবে কেন্দ্ৰীয় হজ সমিতিয়ে ‘হজ সুবিধা হজ ২০২৪’ [Hajj Subidha Ahp] বুলি এটা মোবাইল এপৰ ব্যৱস্থা কৰা হৈছে৷ এই এপটোৰ সহায়ত হজ সম্পৰ্কীয় সকলো তথ্য হজযাত্ৰীসকলে ঘৰতে বহি সংগ্ৰহ কৰিব পাৰিব৷ অসমক ৰাষ্ট্ৰীয় হজ কমিটীয়ে মাহী আইৰ দৃষ্টিৰে চায়৷ বিগত বৰ্ষত হজযাত্ৰীসকলক চাটাৰ্ড ফ্লাইটৰ পৰিৱৰ্তে পেচেঞ্জাৰ ফ্লাইটৰে আমাক লৈ যোৱা হৈছিল৷ তাৰ বাবে আমি পইচা ওভতাই দিবলৈ কৈছো৷  বিগত ২০২৩ বৰ্ষত প্ৰায় ৩,৫০০জন হজযাত্ৰী পৱিত্ৰ হজ সমাপনৰ বাবে চৌদি আৰৱৰ মক্কালৈ গৈছিল৷ কিন্তু বিভিন্ন ৰোগত আক্ৰান্ত হৈ ৬জন হজযাত্ৰীৰ মক্কা আৰু মদিনাত মৃত্যু হৈছিল৷ ইফালে এইবেলি হজলৈ যাবলগীয়া হজযাত্ৰীসকলৰ বাবে জিলা ভিত্তিত অনুষ্ঠিত প্ৰশিক্ষণৰ সামৰণি পৰিছে৷ অৱশ্যে মাজে সময়ে দৈনিক দুখনকৈ বিমান চলাচল কৰিব৷ তেনেদৰে যাত্ৰা আৰম্ভ কৰাৰ ৪২ দিন পাছত হজযাত্ৰীৰ মক্কাৰ পৰা গুৱাহাটীলৈ পুনৰ ওভতনি যাত্ৰা আৰম্ভ হ’ব৷’ সংবাদ মেলত সমিতিৰ অন্যান্য বিষয়ববীয়া উপস্থিত থাকে৷ উল্লেখ্য, হজযাত্ৰী সকলৰ যাত্ৰাকালিন সময়ৰ পৰা থকা-খোৱা, ভিছা প্ৰদান, ভেকছিন প্ৰদানকে আদি কৰি বিভিন্ন যাৱতীয় সুবিধা প্ৰদানৰ উদ্দেশ্যে শুবাহাটীৰ দায়িত্বশীল ব্যক্তিৰ দ্বাৰা এখনি শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে৷ উক্ত সমিতিখনৰ সভাপতিৰ দায়িত্বত থাকিব যুটীয়া ৰাজ্যিক হজ সমিতিৰ অধ্যক্ষ, জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান, কাৰ্যকৰী সভাপতি হিচাবে অসম বেডমিণ্টন সন্থাৰ সভাপতি ওমৰ ৰছিদ, সাধাৰণ সম্পাদক হিচাবে ছাজিদ ৰহমানৰ লগতে বিভিন্ন গণ্য-মান্য ব্যক্তিৰ দ্বাৰা উপ-সমিতিসমূহ গঠন কৰা হয়৷