Logo
image

গালৱানত দলং সাজিলে চীনে

আমাৰ অসম,৪ জানুৱাৰীঃ ডেৰ বছৰ পূৰ্বে ভাৰতীয় সেনাবাহিনীৰ সৈতে সংঘাতত জড়িত হৈ পৰা পূব লাডাখৰ গালৱানৰ পেংগং চু হ্ৰদৰ ওপৰত চীনে এখন দলং নিৰ্মাণ কৰিছে৷ এই দলংখনৰ জৰিয়তে চীনে বিশাল হ্ৰদটোৰ দুয়োপাৰ সংযোগ কৰিছে৷ দলংখনৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ গৈছে আৰু এটা দিশে সামান্য অংশহে নিৰ্মাণ কৰিবলৈ বাকী ৰৈছে৷ ভূ-চোৰাংচোৱা বিশেষজ্ঞ ডেমিয়েন চাইমনে উপগ্ৰহ চিত্ৰ বিশে¡ষণ কৰি এই তথ্য প্ৰকাশ কৰিছে৷ বিশেষজ্ঞৰ মত, এই দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে চীনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰৰ পৰা গালৱানৰ বিবদমান অঞ্চল আৰু ঘাইকৈ ভাৰতৰ ভূখণ্ডলৈ একে সময়তে বিশাল সংখ্যাত সেনা সঞ্চালন কৰিব পাৰিব৷ অৱশ্যে যি অংশত চীনে এই দলংখন নিৰ্মাণ কৰিছে সেই অংশত ভাৰতৰ দাবী নাই বুলি কোৱা হৈছে৷ তথাপি চীনে হ্ৰদটোৰ ওপৰেৰে বৃহৎ আকাৰৰ দলংখন নিৰ্মাণ কৰাটো ৰণকৌশলগত দিশত ভাৰতৰ বাবে বিপজ্জনক হৈ উঠিছে৷ তদুপৰি যোৱা এক জানুৱাৰীত, নৱবৰ্ষৰ প্ৰথম দিনটোত চীনে গালৱানত চীন দেশৰ পতাকা উত্তোলন কৰি দেশবাসীলৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে৷ চীনে পতাকা উত্তোলন কৰাৰ সময়ত বৰফাবৃত অঞ্চলটোত বহুকেইজন সশস্ত্ৰ চীনা সেনা উপস্থিত আছিল৷ চীন দেশৰ সেনা বাহিনীয়ে বিবদমান গালৱানত পতাকা উত্তোলন কৰাৰ ঘটনাই ভাৰতত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ দলং নিৰ্মাণ আৰু পতাকা উত্তোলন দুয়োটা বিষয়ক লৈ দেশৰ বিৰোধী দল ঘাইকৈ কংগ্ৰেছে শাসনাধিষ্ঠিত কেন্দ্ৰীয় চৰকাৰৰ পৰা স্পষ্টীকৰণ দাবী কৰিছে৷ প্ৰসংগতঃ উল্লেখযোগ্য ২০২০ চনৰ জুনত গালৱানত পেংগং চু হ্ৰদৰ পাৰতে ভাৰত আৰু চীনৰ সেনাৰ মাজত ভয়ংকৰ সংঘৰ্ষ হৈছিল৷ এটাও গুলী নুফুটোৱাকৈ হোৱা এই সংঘৰ্ষত চীনৰ সেনাৰ প্ৰবল মাৰত এজন মেজৰকে ধৰি ভাৰতৰ মুঠতে ২০ জন সেনাৰ মৃত্যু হৈছিল৷ চীনৰ সেনা বাহিনীয়ে ভাৰতীয় সেনাক প্ৰহাৰ কৰিবলৈ লাঠিৰ আগত গজাল লগাই লৈছিল৷ তেনেধৰণৰ লাঠিৰে কৰা মাৰপিট আৰু পাহাৰৰ ওপৰৰ পৰা গতিয়াই তললৈ পেলাই দিয়াৰ ফলত ভাৰতীয় সেনা বাহিনীৰ ২০ জন সেনাৰ কৰুণভাৱে মৃত্যু হৈছিল৷ এই সংঘৰ্ষত চীনৰো চাৰিজন সেনাৰ মৃত্যু হোৱা বুলি বহু পলমকৈ চীনে স্বীকাৰ কৰি লৈছিল৷ পৰৱৰ্তী সময়ত উভয় দেশৰ মাজত হোৱা আলোচনাৰ ফলত বিগত জুলাইত দুয়ো পক্ষৰ সেনাই বিবদমান অঞ্চলটোৰ পৰা দুই কিলোমিটাৰকৈ পিছুৱাই অৱস্থান গ্ৰহণ কৰে৷ উভয় দেশৰ সেনা পিছুৱাই গ’লেও এই কম সময়ৰ ভিতৰতে চীনে পেংগং চু হ্ৰদৰ ওপৰত দলংখন নিৰ্মাণ কৰাটো অতি গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে৷ কিয়নো দলংখন নিৰ্মাণৰ ফলত ৰণকৌশলগত দিশত একেকোবে চীন বহু আগবাঢ়ি যোৱা বুলি যুদ্ধ বিশাৰদে মন্তব্য কৰিছে৷