Logo
image

এথেন্সত দেখিলোঁ শ্ৰমিকৰ ধৰ্ণা

... আহল-বহল ফুটপাথ, সুন্দৰ বতৰ, খোজকাঢ়ি ভালেই লাগিল৷ অন্য বহু মানুহে খোজ লৈছে৷ এজন পুলিচক সুধিলোঁ– আমাৰ হোটেললৈ কিমান দূৰ হ’ব৷ তেওঁ আঙুলিৰে দেখুৱাই দিলে পোহৰত জিলিকি থকা সু-উচ্ছ অট্টালিকাটোলৈ– সেইখনেই আপোনালোক থকা হোটেল৷ হাঁহি এটা মাৰি ক’লে– যিমান ওচৰত যেন দেখিছে তেনে নহয়, কমেও চাৰি কিলোমিটাৰমান হ’ব৷ আকৌ খোজ ল’লোঁ৷ ডাঃ কোচ্ছাৰ অলপ শংকিত যেন লাগিল৷ মই সাহস দিলোঁ– একো চিন্তা কৰিব নালাগে৷ ডকাইত, পকেটমাৰ আদিৰ কথা মনলৈ আহিল৷ মোৰ বন্ধুৰ অন্য এটা কথা মনলৈ অহা যেন লাগিল– তেওঁৰ পাঞ্জাবী পাগুৰিটো৷ আমেৰিকা আৰু পশ্চিমীয়া দেশবোৰত সঁচাকৈ চিন্তাৰ কথা৷ দুমাইলমান অহাৰ পাছত ৰাস্তাত বহু মানুহৰ ভিৰ দেখিলোঁ৷ সকলোফালে বেৰীকেট আৰু পুলিচ৷ শ্লোগান দি আছে, আমি একো বুজা নাই৷ বোধহয় ফেক্টৰী ৱকাৰ্ছ৷ পদপথ মুক্ত আছিল৷ আমি লাহেকৈ ভয়ে ভয়ে কাষেৰে পাৰ হৈ হোটেল অভিমুখে ৰাওনা হ’লোঁ৷ হোটেল পাওঁতে দহমান বাজিল৷ সেইটো এটা গ্ৰীচ ভ্ৰমণৰ স্মৰণীয় ঘটনা  ...

কৰ’না মহামাৰীয়ে মানুহৰ জীৱনেই সলনি কৰি পেলাইছে৷ ইয়াৰ ভয়াৱহতাৰ প্ৰভাৱত সামাজিক-অৰ্থনৈতিক অৱস্থা বিধবস্ত হোৱাৰ উপৰি মানুহৰ মানসিক সংঘাত বৃদ্ধি কৰিছে৷ সকলো যেন কৰ’নাৰ নাগপাশত বন্দী হৈ পৰিছে৷ মন যোৱা কামটো কৰিব নোৱৰা হৈছে৷ সকলো মানুহেই ফুৰা-চকা কৰি ভাল পায়৷ বিভিন্ন মানুহৰ সংগ, নানাধৰণৰ খাদ্য আদিয়ে হৈছে মানুহৰ জীয়াই থকাৰ প্ৰেৰণা আৰু মাধুৰ্য৷ প্ৰায়ভাগ মানুহেই বছৰত কমেও এবাৰ বা দুবাৰ নিজৰ ঘৰ বা চুবুৰিৰ বাহিৰলৈ ফুৰিবলৈ যায়, হয়তো কোনো আত্মীয়ৰ ঘৰলৈ বা মন্দিৰ-মছজিদ থকা তীৰ্থস্থানলৈ৷ ব্যৱসায়-বাণিজ্য থকাসকলৰ কথা বেলেগ৷ আমি ডাক্তৰবোৰে বছৰত দুই-তিনিবাৰ দেশৰ ভিতৰতেই হওক বা বাহিৰতেই হওক কনফাৰেন্সৰ নামত অকলে বা পৰিয়ালৰ সৈতে ভ্ৰমণ কৰিবলৈ যাওঁ৷ ময়ো সুবিধা পালেই নিজৰ চহৰৰ বাহিৰলৈ যোৱাৰ চেষ্টা কৰোঁ৷ দেশ-বিদেশৰ বহু ঠাইলৈ গৈছোঁ৷ আৰু বহু¸ ঠাইলৈ যোৱাৰ ইচ্ছা আৰু পৰিকল্পনা আছিল৷ কৰ’নাই সকলো ধূলিসাৎ কৰি পেলালে৷ নিজকে গৃহবন্দীৰ নিচিনা লাগিছে৷ জীৱনৰ এইটো স্তৰত উপলব্ধি কৰিছোঁ যে নতুন ঠাই চোৱাৰ আৰু নতুন মানুহ লগ পোৱাৰ আনন্দ কিমান৷ বাহিৰলৈ যাব নোৱাৰোঁ, কিন্তু কিছুমান পুৰণি স্মৃতি মনৰ মাজত ভাহি আছে৷ সেইবোৰ ৰোমন্থন কৰিয়েই মনত শান্তনা লৈছোঁ৷ কেতিয়া যে সেই দিনবোৰ ঘূৰি আহিব আৰু ভ্ৰমণ কৰিবলৈ সক্ষম হ’ম! বহুদিনৰ পৰাই ইচ্ছা আছিল গ্ৰীচলৈ যোৱাৰ৷ বুৰঞ্জীৰ কিতাপত স্কুলীয়া দিনৰ পৰা কিছু কথা পঢ়িছিলোঁ৷ বিশেষকৈ গ্ৰীক দাৰ্শনিকসকলৰ কথা, অলিম্পিকৰ কথা, গ্ৰীক সভ্যতাৰ কথা৷ এইবোৰলৈ বহুতো কৌতূহল আছিল৷ সুযোগ পালে এবাৰ যোৱাৰ, কথাবোৰ শুনাৰ, স্বচক্ষে দেখাৰ মন পুহি ৰাখিছিলোঁ৷

ডাক্তৰ হিচাপে ব্যস্ততাৰ মাজত কেৱল ফুৰিবলৈ যোৱাৰ অৱকাশ নাথাকে৷ নিজৰ পৰিয়ালৰ লগত দীঘলীয়া সময়ৰ বাবে অৱসৰ-বিনোদন কৰাৰ সুযোগ কমেই থাকে৷ কাম আৰু অৱসৰ-বিনোদন মিলাই কেইদিনমানৰ কাৰণেহে যোৱাটো সম্ভৱ৷ কেতিয়াবা সেইসকললৈ ঈৰ্ষা হয়, যিসকলে প্ৰায়ে বিদেশ ভ্ৰমণলৈ যায় নিজৰ বন্ধু-বান্ধৱ বা পৰিয়ালৰ লগত৷ বহুতে ক’ব পইচা ঘটাৰ বাবেহে কাম এৰি নাযায় ডাক্তৰসকলে৷ মোৰ ব্যক্তিগত কাৰণ হ’ল দীঘলীয়া ছুটীত গ’লে ৰোগীসকল বহু অসুবিধাত পৰে৷ সেই ৰোগীসকলৰ কথা ভাবিবলগীয়া৷

যিয়ে নহওক মই সুবিধা-সুযোগ পালে দেশৰ ভিতৰে-বাহিৰে কনফাৰেন্সবোৰত ভাগ লওঁ৷ তেনে এখন আলোচনা-চক্ৰলৈ গৈছিলোঁ এথেন্স চহৰলৈ ২০১৯ চনৰ অক্টোবৰত৷ এনেয়েও গ্ৰীচলৈ যোৱাৰ বৰ হেঁপাহ আছিল৷ সেই কনফাৰেন্সখন আছিল ছ’চিয়েট ইণ্টাৰনেশ্বনেল ইডৰ’ল’জী [এছ আই ইউ]৷ ইয়াত পৃথিৱীৰ সকলো দেশৰ ইউৰ’ল’জিষ্টে ভাগ লয় আৰু প্ৰতিবছৰে হয়৷ ইয়াৰ আগতেও মই এই সভাত ভাগ লৈছিলোঁ দক্ষিণ আফ্ৰিকাৰ কেপত৷ এইবাৰ মোৰ লগত আৰু তিনিজন বন্ধু চিকিৎসক গৈছিল৷ তাৰে দুজন অসমৰ আৰু এজন দিল্লীৰ৷ তাৰে এজনৰ কথা বিশেষকৈ ক’ব লাগিব৷ তেওঁ হ’ল ডাঃ সিদ্ধাৰ্থ ফুকন– মোৰ অনুজ আৰু দক্ষ শল্য চিকিৎসক৷ তেওঁ পিছে ডাক্তৰীতকৈও দেশ-বিদেশ ঘূৰি-ফুৰাৰ বাবে খ্যাত৷ তেওঁক বাৰুকৈয়ে ভ্ৰমণৰ পোকে মূৰত ধৰিছে৷ ঘূৰা-ফুৰা আৰু সেই ঠাইবোৰৰ জ্ঞানো তেওঁৰ বহুত৷ তেওঁ ভাল ফটোগ্ৰাফাৰো৷ মই গ্ৰীচলৈ যাম বুলি খবৰ পাই যাবলৈ সাজু হ’ল৷ ময়ো ভাল পালোঁ৷ আগতেও মোৰ লগত ভিতৰে-বাহিৰে সংগ দিছে৷ খুব ভাল সংগী৷ তেওঁ গ’লে আমাৰ চিন্তা কৰিবলগীয়া নাই৷ কেনেকৈ যাম, ক’ত থাকিম, কি কৰিম, কোনবোৰ ঠাইলৈ যাম– সকলো তেওঁ ‘প্লেন’ কৰে৷ আমিও ভাল পাওঁ এজন তজবজীয়া ডেকা ল’ৰা লগত থাকিলে৷ দিল্লীৰ মোৰ সহপাঠী ডাঃ গুৰিন্দৰ শিখ পাঞ্জাবী, তেওঁৰো উৎসাহ কম নহয়৷ আন এজন মোৰ ছাত্ৰ সহপাঠী ডাঃ ৰাজীৱ– তেওঁ এতিয়া আমাৰ দেশৰ ইউৰ’ল’জী সংস্থাৰ সচিব৷ উত্তৰ-পূবৰ পৰা তেওঁ প্ৰথমজন অনাৰেৰী ছেক্ৰেটাৰী নিৰ্বাচিত হ’বলৈ সক্ষম হৈছে৷ তেওঁ সেই সন্মিলনত ভাৰতক প্ৰতিনিধিত্ব কৰিছে৷

পোন্ধৰ অক্টোবৰত আমি দিল্লীৰ পৰা এথেন্স চহৰত উপস্থিত হ’লোঁ৷ বিমানবন্দৰত বিশেষ অসুবিধা নহ’ল৷ টেক্সি লৈ হোটেল অভিমুখে ৰাওনা হ’লোঁ৷ ৰাস্তা-ঘাট ভালেই দেখিলোঁ– ইউৰোপৰ আন চহৰৰ নিচিনাই৷ আমাৰ হোটেলখনৰ নাম আছিল প্ৰেছিডেণ্ট হোটেল– চহৰৰ প্ৰায় মাজভাগতে৷ যোৱাৰ আগতে বহুতে উপদেশ দিলে যে তাত চুৰি, ঠগ, পকেটমাৰ আদিৰ পৰা সাৱধানে থাকিবলৈ৷ শুনিছিলোঁ গ্ৰীচৰ আৰ্থিক অৱস্থা শোচনীয় আৰু ধৰ্ণা, বন্ধ, হিংসা, লুটপাত আদি বহু বেছি৷ শ্ৰমিক আন্দোলন প্ৰায়ে হয়৷ আমি গৈ পায়েই সকলো ঠিকেই দেখিলোঁ৷ সেইদিনা আমি সকলোৱে হোটেলৰ ৰূমলৈ গৈ জিৰণি ল’লোঁ৷ পিছদিনা মোৰ কনফাৰেন্সস্থলীলৈ যাম বুলি ঠিক কৰিলোঁ৷ পুৱা ব্ৰেকফাষ্টৰ পাছত মই আৰু ডাঃ গুৰিন্দৰ কোচ্ছাৰ দুয়ো এখন টেক্সি লৈ আঠমান বজাত ওলালোঁ৷ আমাৰ সভা অনুষ্ঠিত হৈছিল এথেনিয়াম ইণ্টাৰনেশ্বনেল হোটেলত৷ প্ৰকাণ্ড ধুনীয়া পঞ্চতাৰকা হোটেল৷ আমাৰ হোটেলৰ পৰা সেই হোটেললৈ ৫-৬ কিলোমিটাৰ হ’ব৷ সেইদিনা কনফাৰেন্সত পঞ্জীয়ন কৰাৰ পাছত গোটেই দিনটো নানা গৱেষণা-পত্ৰ প্ৰত্যক্ষ কৰিলোঁ৷ পৃথিৱীৰ সকলো দেশৰ ইউৰ’ল’জিষ্টে গৱেষণা-পত্ৰ পাঠ কৰিলে৷ মোৰ নিজৰ আৰু ডাঃ গুৰিন্দৰেও আমাৰ পেপাৰ প্ৰেজেণ্ট কৰিলোঁ সুকলমে৷ আমাৰ দেশৰ দৰে সেই দেশবোৰত লান্স-ডিনাৰ বুলি একো নাই৷ নিজে কিনি খাব লাগে৷ প্ৰথমতে অলপ আচহুৱা লাগিছিল৷ এতিয়া আচৰিত নহওঁ৷ কনফাৰেন্স বুলিলে আমাৰ দেশত খোৱা-লোৱা কথাটোৱে অধিক গুৰুত্ব পায়৷ খোৱা-লোৱা ভাল নহ’লে আমাৰ কনফাৰেন্সবোৰৰ কোনো মূল্য নাই৷ সেইটোহে বেছি আলোচনা হোৱা দেখা যায়৷ পশ্চিমীয়া দেশবোৰত তাৰ সম্পূৰ্ণ বিপৰীত৷ হোটেলৰ বাহিৰত থকা সৰু ৰেস্তোৰাঁ এখনত আমি কফী আৰু ছেন্দউইচ খালোঁ৷ গধূলি আছিল উদ্বোধনী অনুষ্ঠান৷ উদ্বোধক হিচাপে উপস্থিত আছিল গ্ৰীচৰ মন্ত্ৰী৷ সমজুৱাৰ মাজত বহি আছিল৷ আমাৰ সভাবোৰৰ নিচিনা সাজ-সজ্জা আদি নাই৷ ঘোষকে নাম ঘোষণা কৰাৰ লগে লগে সভাত হেল্‌থ মিনিষ্টাৰজনে নিজে মঞ্চলৈ উঠি গৈ ১০-১৫ মিনিট সুন্দৰ ভাষণ প্ৰদান কৰিলে৷ সেই অনুষ্ঠানতে ভাৰতৰ দুজন বিখ্যাত ইউৰ’ল’জিষ্টক সন্মান জনোৱা হয়– তেওঁলোক হ’ল ডাঃ গণেশ গোপালকৃষ্ণন, অৱসৰপ্ৰাপ্ত অধ্যাপক চি এম চি, ভেলোৰ, আনজন হ’ল ডাঃ কুলকাৰ্নী, পুনেৰ– তেওঁলোকৰ উল্লেখনীয় চিকিৎসা ক্ষেত্ৰত অৱদানৰ বাবে৷ মীটিঙৰ পাছত ককটেইল ডিনাৰ আয়োজন হ’ল৷ ডিনাৰ মানে কিছুমান স্নেকছ, চীজ ইত্যাদি৷ আমাৰ তুলনাত একোৱে নহয়৷ তেওঁলোকৰ খাদ্যাভ্যাস আমাৰ লগত নিমিলে৷ ঘূৰি আহি হোটেলত আকৌ ডিনাৰ খাবলগীয়া অৱস্থা৷ গধূলি তেতিয়া সাতমান বাজিছে, যেতিয়া আমি উভতিবলৈ টেক্সি এখন ল’লোঁ৷ এক-ডেৰ কিলোমিটাৰমান অহাৰ পাছত পুলিচে হঠাতে ৰাস্তাটো বন্ধ কৰি দিলে৷ সেইটো এথেন্স চিটীৰ মুখ্য ৰাস্তা৷ টেক্সি ড্ৰাইভাৰজনে আমাক জনালে যে সন্মুখত কিবা হৈছে, টেক্সি যাব নোৱাৰে৷ আমাক তাতেই নমাই দিলে৷ অন্য  ব্যৱস্থা নেদেখি খোজকাঢ়ি যোৱাৰ বাহিৰে উপায় নেদেখিলোঁ৷ আহল-বহল ফুটপাথ, সুন্দৰ বতৰ, খোজকাঢ়ি ভালেই লাগিল৷ অন্য বহু মানুহে খোজ লৈছে৷ এজন পুলিচক সুধিলোঁ– আমাৰ হোটেললৈ কিমান দূৰ হ’ব৷ তেওঁ আঙুলিৰে দেখুৱাই দিলে পোহৰত জিলিকি থকা সু-উচ্ছ অট্টালিকাটোলৈ– সেইখনেই আপোনালোক থকা হোটেল৷ হাঁহি এটা মাৰি ক’লে– যিমান ওচৰত যেন দেখিছে তেনে নহয়, কমেও চাৰি কিলোমিটাৰমান হ’ব৷ আকৌ খোজ ল’লোঁ৷ ডাঃ কোচ্ছাৰ অলপ শংকিত যেন লাগিল৷ মই সাহস দিলোঁ– একো চিন্তা কৰিব নালাগে৷ ডকাইত, পকেটমাৰ আদিৰ কথা মনলৈ আহিল৷ মোৰ বন্ধুৰ অন্য এটা কথা মনলৈ অহা যেন লাগিল– তেওঁৰ পাঞ্জাবী পাগুৰিটো৷ আমেৰিকা আৰু পশ্চিমীয়া দেশবোৰত সঁচাকৈ চিন্তাৰ কথা৷ দুমাইলমান অহাৰ পাছত ৰাস্তাত বহু মানুহৰ ভিৰ দেখিলোঁ৷ সকলোফালে বেৰীকেড আৰু পুলিচ৷ শ্লোগান দি আছে, আমি একো বুজা নাই৷ বোধহয় ফেক্টৰীৰ শ্ৰমিক৷ পদপথ মুক্ত আছিল৷ আমি লাহেকৈ ভয়ে ভয়ে কাষেৰে পাৰ হৈ হোটেল অভিমুখে ৰাওনা হ’লোঁ৷ হোটেল পাওঁতে দহমান বাজিল৷ সেইটো এটা গ্ৰীচ ভ্ৰমণৰ স্মৰণীয় ঘটনা৷

পিছদিনা আমি সকলোৱে এথেন্স চিটী ভ্ৰমণৰ বাবে ওলালোঁ৷ এথেন্স গ্ৰীচৰ ৰাজধানী– পুৰণি আৰু শক্তিশালী সভ্যতাৰ কেন্দ্ৰবিন্দু৷ আমি চাবলৈ গ’লোঁ এক্ৰ’পলিছ, পাৰ্থনিয়ন, এক্ৰ’পলিছ মিউজিয়াম, টেম্পল অৱ অলিম্পিয়ান জিউছ৷

এক্ৰ’পলিছ– গ্ৰীক সভ্যতা আৰু ভাস্কৰ্যৰ উজ্জ্বল নিদৰ্শন আৰু সমগ্ৰ পৃথিৱীৰে এটা লেখত ল’বলগীয়া স্থান৷ ই এখন পাহাৰৰ ওপৰত অৱস্থিত–সাগৰপৃষ্ঠৰ পৰা প্ৰায় ৫০০ ফুট ওপৰত৷ সেই পাহাৰতেই আছে পাৰ্থনিয়ন মন্দিৰ৷ পঞ্চম শতিকাৰ মাজভাগত ইয়াৰ নিৰ্মাণ হৈছিল আৰু ইয়াতেই গ্ৰীকসকলৰ দেৱী এথেনা প্ৰতিষ্ঠা হৈছিল৷ এথেনাৰ নামেৰেই এথেন্স চহৰৰ নামকৰণ কৰা হৈছিল৷ পাৰ্থনিয়নক আৰ্কিটেকচাৰেল মাৰ্ভেল বুলি কোৱা হয়৷ ইয়াৰ ওপৰত বহুতো আক্ৰমণ হোৱাত [তুৰ্কিজ আৰু ভেনিচিয়ান] এই পাৰ্থনিয়নৰ বহুতো ক্ষতি হয় যদিও এতিয়াও তাৰ ‘প্ৰাথমিক গঠন’টো অটুট আছে৷ প্ৰথমতে পাৰ্থনিয়নক ট্ৰেজাৰী হিচাপে ব্যৱহাৰ কৰা হৈছিল; কিন্তু পাছলৈ Byzantine Church আৰু মছজিদ হিচাপে ব্যৱহাৰ হৈছিল৷ তাৰ পাছত অটোমান শাসন কালত ইয়াক অস্ত্ৰভাণ্ডাৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল৷ ১৬৮৭ চনত অস্ত্ৰভাণ্ডাৰত হোৱা বিস্ফোৰণৰ ফলত পাৰ্থনিয়নৰ বিস্তৰ ক্ষতি হয়৷ পাৰ্থনিয়নত সংৰক্ষিত সামগ্ৰীসমূহ দেখিলে প্ৰাচীন গ্ৰীক সভ্যতাৰ বিশদভাৱে অনুধাৱন কৰিব পাৰি৷

এথেন্স চহৰত তিনি ৰাতি কটোৱাৰ পাছত আমি গ’লোঁ   ক্ৰীট দ্বীপলৈ আৰু তাৰ পাছত ছণ্টোৰাম দ্বীপলৈ৷