Logo
image

ত্ৰাণকৰ্তা হ’ব পাৰে অমিক্ৰন

আমাৰ অসম, ৫ জানুৱাৰীঃ ভয়ংকৰ ৰূপত আহিলেও অমিক্ৰনে ত্ৰাণকৰ্তাৰ ৰূপ ল’ব পাৰে৷ সেই অনুসৰি ক’ভিডৰ বৰ্তমানৰ ভয়াৱহতা অহা তিনি মাহৰ ভিতৰত কমিবলৈ আৰম্ভ কৰিব আৰু সমান্তৰালভাৱে অমিক্ৰন নিজেই ক’ভিডৰ প্ৰতিষেধক হৈ উঠিব৷ এই মত প্ৰকাশ কৰিছে ‘ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিচাৰ্ছ’ অৰ্থাৎ আইচিএমআৰৰ এজন শীৰ্ষ বিষয়া সমীৰণ পাণ্ডাই৷ উল্লেখ্য আইচিএমআৰে হায়দৰাবাদৰ ভাৰত বায়’টেকৰ সৈতে যুটীয়াভাৱে গৱেষণা কৰি ভাৰতীয় প্ৰতিষেধক ক’ভাক্সিন উদ্ভাৱন কৰিছিল৷ এই সংস্থাৰ ‘এপিডেমিঅ’লজি এণ্ড কমিউনিকেল ডিজিজ’ বিভাগৰ মুৰব্বী চিকিৎসক হৈছে সমীৰণ পাণ্ডা৷ ক’ভাক্সিনৰ উদ্ভাৱনত তেওঁৰ গুৰুত্বপূৰ্ণ অৱদান আছিল৷ তেওঁ কয়– ‘মৃদু উপসৰ্গযুক্ত অমিক্ৰনৰ সংক্ৰমণে ক’ভিড অতিমাৰী সমুলঞ্চে উৎখাত কৰাত সহায় কৰিব পাৰে৷ অমিক্ৰন নিজেই ক’ভিডৰ প্ৰতিষেধক হৈ উঠিব পাৰে৷ এতিয়া যিমান বেছি সংখ্যক লোক সংক্ৰমিত হৈছে তেওঁলোকৰ শাৰীৰিক অৱস্থা কম গুৰুতৰ হৈছে৷ অৰ্থাৎ অমিক্ৰনত সংক্ৰমিত লোকৰ শাৰীৰিক অৱস্থা জটিল হোৱা নাই৷ ইয়াৰ পৰা এটা সিদ্ধান্তলৈ আহিব পাৰি যে, ক’ভিডৰ নতুন প্ৰজাতি অমিক্ৰনৰ শক্তি পূৰ্বৰ প্ৰজাতিৰ তুলনাত কম৷ কম শক্তিসম্পন্ন হোৱাৰ বাবে অমিক্ৰনৰ ফলত মৃত্যুৰ হাৰো পূৰ্বৰ দুটা ঢৌৰ তুলনাত কম হ’ব বুলি আশা কৰিব পাৰি৷ সমান্তৰালভাৱে অধিক সংক্ৰমণাত্মক হোৱাৰ বাবে অমিক্ৰনে দেশৰ গৰিষ্ঠ সংখ্যক লোকক সংক্ৰমিত কৰিব৷ তেতিয়া সংক্ৰমিত হোৱাসকলৰ শৰীৰত ক’ভিড প্ৰতিৰোধী ব্যৱস্থা গঢ় লৈ উঠিব৷ ফলত তেওঁলোক পুনৰ ক’ভিডত সংক্ৰমিত হোৱাৰ আশংকা কমি আহিব৷ তেনেদৰে অমিক্ৰনে সংক্ৰমণৰ জৰিয়তে দেশৰ গৰিষ্ঠ সংখ্যক লোকৰ শৰীৰত প্ৰতিৰোধী ব্যৱস্থা সৃষ্টি কৰি নিজে প্ৰতিষেধকৰ ভূমিকা পালন কৰিব আৰু ইয়াৰ ফলত দেশত পুনৰ ক’ভিডৰ ঢৌৰ সৃষ্টি নহ’ব৷ এই ভূমিকাৰেই অমিক্ৰনে অন্ততঃ ভাৰতত ক’ভিড অতিমাৰী উৎখাত কৰিব পাৰে৷’ সমীৰণ পাণ্ডাই কৰা এই দাবী বহু স্বাস্থ্য বিজ্ঞানীয়ে সমৰ্থন কৰিছে৷ কিয়নো বিগত দুবছৰত দেখা গৈছে এবাৰ ক’ভিডত সংক্ৰমিত হ’লে সেই ব্যক্তিগৰাকীৰ শৰীৰত ক’ভিড প্ৰতিৰোধী ব্যৱস্থাৰ সৃষ্টি হয় আৰু তেওঁ সাধাৰণতে দ্বিতীয়বাৰ সংক্ৰমিত নহয়৷ অৱশ্যে ইয়াৰ ব্যতিক্ৰমী ঘটনাও আছে৷ পিছে দ্বিতীয়বাৰ ক’ভিডৰ দ্বাৰা সংক্ৰমিত হোৱাৰ হাৰ তেনেই নূ্ন্য়তম৷ইপিনে ভাৰতত অমিক্ৰনত আক্ৰান্ত প্ৰথমজন ব্যক্তিৰ মৃত্যু হোৱা বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে৷ ৰাজস্থানৰ উদয়পুৰৰ এই ৭২ বছৰীয়া ক’ভিড আক্ৰান্ত ব্যক্তিজনৰ যোৱা ৩১ ডিচেম্বৰত মৃত্যু হৈছিল৷ তেওঁ ক’ভিডৰ নতুন প্ৰজাতি অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত হৈছিল৷ সকলো পৰীক্ষা নিৰীক্ষাৰ অন্তত বুধবাৰে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ে এই তথ্য প্ৰকাশ কৰে আৰু উদয়পুৰৰ এই ব্যক্তিজনেই অমিক্ৰন আক্ৰান্ত হৈ দেশত মৃত্যু হোৱা প্ৰথমজন ব্যক্তি বুলি নিশ্চিত কৰে৷ কেন্দ্ৰীয় স্বাস্থ্য সচিব লৱ আগৰৱালে প্ৰকাশ কৰা মতে অমিক্ৰনৰ সংক্ৰমণত মৃত্যু হোৱা উদয়পুৰৰ এই ব্যক্তিজন বিগত সোতৰ বছৰ ধৰি ডায়েবেটিছত আক্ৰান্ত আছিল৷