
ময়ো এজনী ছোৱালীৰ মাক!
... নালাগে মোৰ ছোৱালীয়ে নাচ-গান শিকিব, নালাগে ঘৰুৱা কামত পাকৈত হ’ব৷ এইবোৰ একো নিশিকাওঁ৷ শিকাম মাথোঁ আত্মৰক্ষাৰ কৌশল৷ গলিয়ে গলিয়ে স্থাপন হওক সমাৰকলাৰ বিদ্যালয়, ঘৰে ঘৰে থকা লখিমী জীয়াৰীবোৰ হৈ উঠক একো একোজনী বীৰাংগনা৷ যাতে সিহঁতৰ আলফুলীয়া হাত আৰু লখিমী ভৰিবোৰ চাৰি-পাঁচটাকৈ নৰপিশাচক প্ৰতিহত কৰিব পৰাকৈ শক্তিশালী হৈ উঠে ...
এই সময়ত আটাইতকৈ ভয়লগা কথাটোৱেই হৈছে ছোৱালী সন্তানৰ পিতৃ-মাতৃ হোৱাটো৷ কি পানীকেঁচুৱা, কি ঊনৈছ-বাইছ বছৰীয়া, কি বৃদ্ধা কোনোটো কালতেইচোন নাৰী সুৰক্ষিত নহয়৷ পাকে-প্ৰকাৰে যেন নাৰী নামৰ অস্তিত্বটোক লৈ যাব খোজা হৈছে মনু সংহিতাৰ যুগলৈকে৷ কন্যাকালত দেউতাকৰ অধীন, যৌৱন কালত গিৰীয়েকৰ অধীন, বৃদ্ধাকালত পুত্ৰৰ অধীন৷ নাৰীৰ জীৱন মানেই যেন মালিকীস্বত্বৰ পৰিৱৰ্তন ঘটা এক প্ৰক্ৰিয়া৷ ইয়াৰ বিৰোধিতা কৰিবলৈ যোৱা মানেই মুখচুকী, গুৰুগোসাঁই নমনা, উচ্ছৃংখল, চৰিত্ৰহীন... আদি ক’ত যে বদনাম৷ আমিয়েই হয়তো একমাত্ৰ দেশ য’ত এদিন যদি ‘বেটি বচাও বেটি পঢ়াও’ শ্লোগান আওৰাই ভোটৰ অংক কৰোঁ, আন এদিন আকো সেই বেটিৰে জিভা কাটি চৰিত্ৰহীনাৰ দোষ জাপি দি পুনৰ গাদী ৰক্ষাৰ অংকত নামো৷ আমিয়েই হয়তো একমাত্ৰ দেশ য’ত এফালে নাৰীক দেৱী ৰূপত পূজা কৰিম-আৰাধনা কৰিম, আনফালে ধৰ্ষিতা ছোৱালীজনীৰ চৰিত্ৰ বেয়া বুলি প্ৰচাৰ কৰিবলৈ বিখ্যাত চেনেলত টক শ্ব’ও পাতিম৷ আমিয়েই হয়তো একমাত্ৰ দেশ য’ত ধৰ্ষণকাৰীক শাস্তি দিয়াৰ সলনি বচোৱাৰ স্বাৰ্থত বাইক ৰেলীৰে সমৰ্থন গোটাওঁ৷ এফালে যিমান ক্ষোভত কথাখিনি লিখিছোঁ, আনফালে সিমান ভয়ত বিতত হৈছোঁ৷ ময়োতো এগৰাকী নাৰী৷ কি ঠিক, কথাখিনি কাৰোবাৰ গাত লাগিল বুলিয়েই যদি কাইলৈ বাটত ধৰি চাৰি-পাঁচটা মানে...! যি সময়ত বাস কৰিছোঁ এনেকুৱা কিবা এটা ঘটাটো একো ডাঙৰ কথা নহয়৷ ঘটিলেও দুদিনমান হৈ-চৈ, উত্তাল পৰিৱেশ এটাৰ পাছত সকলো নিজম পৰিব, কথাবোৰ তল পৰিব৷ নাবাচিলে নাই, বাচিলে জীয়াই থকা দিনকেইটা নিজক নিজে জীয়াই ৰখাৰ যুঁজখনত অহৰহ যুঁজিব লাগিব৷ হজম কৰিব লাগিব কিছুমান অদ্ভূত যুক্তি, বুকু ভেদি যোৱা তীব্ৰ বাক্যবাণ৷ ‘তাইৰ চৰিত্ৰ জানো নহয়’, সন্ধিয়ালৈকে বাহিৰতো কেলেই থাকিব লাগে, হ’ল বুলিয়েইনো ইমান গাত লগাকৈ কথাবোৰ কিয় লিখিব লাগে’,... এনেধৰণৰ বাক্যবোৰ বতাহত উৰি ফুৰিব৷ তৰ্ক হ’ব, বাদানুবাদ হ’ব, ৰাজনীতি হ’ব৷ সকলো হৈ থাকিব৷ নোহোৱা হ’ব মাথোঁ মোৰ পৰিয়ালটোৰ সুখ-শান্তি৷ তাতে কাৰ কি আহে যায়! উচুপনি জুৰিবলৈ, দুখৰ সমভাগী হ’বলৈ ডাঙৰ ডাঙৰ নেতা-পালিনেতা আহিব, প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই সান্ত্বনা দিব৷ কোন নেতাই কি কথাৰে কাক খোঁচ মাৰিলে, কি গাড়ীত আহিলে, উভতি যাওঁতে গাড়ীৰ ভিতৰত কিয় মিচিকিয়াই হাঁহিছিল... এইবোৰৰ ভৰত আচল বিষয় ক’ৰবাতে পৰি ৰ’ব৷ কিছুদিনৰ বিৰতিৰ মূৰত আকৌ আন এজনী...! এনেকৈয়ে ঘটি থাকিব ঘটনাবোৰ, ইতিহাসত খোদিত হৈ ৰ’ব কলংকিত, নিৰ্লজ্জ অধ্যায়বোৰ৷ জীৱশ্ৰেষ্ঠ বুলি গৌৰৱী পৰিচয় বহন কৰা ‘মানুহ’ নামৰ এই প্ৰাণীবিধৰ আচৰণত স্বয়ং সৃষ্টিকৰ্তাও চাগে বিমোৰত পৰে৷ আমাৰ সমাজত ল’ৰা-ছোৱালীৰ কিবা ভাল হ’লে বাপেকৰ গুণত ভাল হোৱা বুলি ধৰা হয় আৰু মাকৰ জহত বেয়া হোৱা বুলি বদনাম তৰা হয়৷ এফালে সকলো ডিজিটেলাইজড্ হৈছে, কিন্তু সলনি হোৱা নাই কৌটিকলীয়া ধ্যান-ধাৰণা, চিন্তা-চৰ্চা৷ পুৰুষতান্ত্ৰিক মনোভাবৰ পৰিৱৰ্তন নোহোৱাটো বা পৰিৱৰ্তন নিবিচৰাটোৰ আঁৰতো আছে জটিল অংকৰ সহজ উত্তৰ৷ এখন কল্যাণকামী ৰাষ্ট্ৰত সকলো ইছ্যু শেষ হৈ গ’লেও অন্ততঃ মান্ধাতা যুগৰ ইছ্যুটো কাহানিও শেষ হৈ নাযায়৷ আৰু ইয়াতেই লুকাই আছে ৰজা ভঙা-পতাৰ গোপন মন্ত্ৰৰ বীজ৷ ৰজাঘৰীয়াৰ বিপদ কেতিয়াও নহয়৷ বিপদ হয় সদায় আমাৰ দৰে সাধাৰণ প্ৰজাৰ৷ কিমান দিনলৈকে ঘৰৰ ছোৱালীজনীক মাক-দেউতাকহালে নিৰাপত্তাৰ বেষ্টনীত সুমুৱাই ৰাখিব পাৰিম! আমাৰতো চৈধ্য পুৰুষে খাই শেষ কৰিব নোৱৰাৰ সমান সম্পত্তি নাই যে সকলো সময়তে এটা ব’ডীগাৰ্ডৰ ব্যৱস্থা কৰিম৷ যাৰ এনে ক্ষমতা আছে, তাৰ ঘৰৰ ছোৱালীৰ গাত এনে আঁচোৰ পৰিলেহে উপলব্ধি কৰিব পাৰিলেহেঁতেন আচলতে এই যাতনা কিমান ভয়াৱহ, কিমান গভীৰ৷ আনৰ বুকুৰ জুইকুৰাত পাশাখেলৰ গুটি সজাবলৈ উজু, নিজৰ বুকুত তেনে একুৰা জুই কঢ়িয়াবলগীয়া হ’লেহে বুজি পোৱা যায় সেই জুইকুৰাৰ উত্তাপ কিমান৷ গতিকে আমাৰ বুকুৰ উত্তাপে আমাৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিবোৰক দহিবগৈ বুলি ভবাটো আচলতে আটাইতকৈ ডাঙৰ ভুল৷ এতিয়া সময় হৈছে নিজে নিজক বচোৱাৰ৷ এসোপা ৰাং কুকুৰৰ মাজত আমি মানি ল’বই লাগিব যে হৰিণাৰ মাংসই বৈৰী৷ আজি কেইদিনমানৰ আগতে আমাৰ ছোৱালীজনীৰ চাৰি বছৰীয়া জন্মদিন পাৰ হৈ গৈছে৷ তাই গান গাই খুব ভাল পায়৷ অনবৰতে কিবা নহয় কিবা এটা গুণ্গুণায়েই থাকে৷ সেয়েহে ভাবিছিলোঁ তাইক সৰুৰে পৰা গানৰ চৰ্চাকে কৰিবলৈ দিমচোন৷ সাধাৰণতে চাৰি বছৰমান বয়সৰ পৰা নাচ-গানৰ স্কুলবিলাকত দিয়াব পাৰি বুলি জানিব পাৰি আমাৰ ওচৰে-পাঁজৰে তেনেকুৱানো কি স্কুল আছে, তাৰে অলপ খবৰ-খাতি ল’বলৈ আৰম্ভ কৰোঁতে আহি পৰিল হাথৰসৰ ঘটনাটো৷ বৰ্বৰতাৰ চূড়ান্ত নিদৰ্শন৷ তাৰ পাছতো ক্ষান্ত নাথাকি কাটি পেলাইছে জিভাপৰ্যন্ত৷ গাৰ নোম শিয়ৰি যোৱা এই কাণ্ড গম পোৱাৰ পাছত নিজকে প্ৰকৃতিস্থ অৱস্থালৈ আহিবলৈ বহু সময় লাগিল৷ মনে মনে ভাবিলোঁ আচলতে প্ৰতীকীভাৱে আমাৰতো জিভাবোৰ কোন কাহানিবাই কাটি পেলাইছে৷ প্ৰতিবাদৰ মুখ বন্ধ কৰাৰ কত কি ন ন কৌশল! হুদুৰ দৰে বহি চাই থাকে তথাকথিত আই টি চেলে৷ খেনোক দেখি ৰান্ধো-বাঢ়োঁ, খেনোক দেখি দুৱাৰ মাৰোঁ নীতি৷ কাগজে-পত্ৰই একো এটা মন খুলি লিখিব নোৱাৰি, মীটিং এখনত মুক্ত মনেৰে কথা ক’ব নোৱাৰি, ছ’চিয়েল মিডিয়াত ভবাৰ দৰে এটা পোষ্ট দিব নোৱাৰি, ৰং-তুলিকাৰে অঁকা এখন ছবি দহৰ আগত দেখুৱাব নোৱাৰি৷ এয়াই হৈছে আমাৰ বাক স্বাধীনতাৰ ন-ৰূপ! শাসকৰ সুৰত শাসিতই গান গাব নাজানিলে লাঠীৰ কোব আৰু ৰঙাঘৰৰ ভাত৷ নিজলৈকে পুতৌ উপজে– আমি হেনো বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশৰ নাগৰিক! আনক সলাব নোৱাৰোঁ যিহেতু সেয়েহে নিজকে সলাওঁ আহক৷ নালাগে মোৰ ছোৱালীয়ে নাচ-গান শিকিব, নালাগে ঘৰুৱা কামত পাকৈত হ’ব৷ এইবোৰ একো নিশিকাওঁ৷ শিকাম মাথোঁ আত্মৰক্ষাৰ কৌশল৷ গলিয়ে গলিয়ে স্থাপন হওক সমাৰকলাৰ বিদ্যালয়, ঘৰে ঘৰে থকা লখিমী জীয়াৰীবোৰ হৈ উঠক একো একোজনী বীৰাংগনা৷ যাতে সিহঁতৰ আলফুলীয়া হাত আৰু লখিমী ভৰিবোৰ চাৰি-পাঁচটাকৈ নৰপিশাচক প্ৰতিহত কৰিব পৰাকৈ শক্তিশালী হৈ উঠে৷ এজনী ছোৱালীৰ মাক হিচাপে এই মুহূৰ্তৰ পৰাই মই সজাগ হৈছোঁ, সিদ্ধান্ত লৈছোঁ৷ পঢ়া-শুনা, নাচ-গানৰ সমানে সমানে সমৰকলা শিক্ষাও বাধ্যতামূলকভাৱে শিকাম৷ অন্ততঃ ওভতাৰ বাটত যাতে জিভাখন হেৰুৱাই থৈ নাহে৷ ধৰ্ষণকাৰীৰ নামকেইটা অন্ততঃ যাতে উচ্ছাৰণ কৰিব পাৰে৷