কলকাতাৰ বিৰুদ্ধে কঠিন পৰীক্ষা পঞ্জাৱৰ
আমাৰ অসম, ১০ অক্টোবৰঃ ক্ৰমাগত ব্যৰ্থতাৰ পাছত প্লে-অফলৈ পথ কঠিন হৈ পৰা কিংছ ইলেভেন পঞ্জাৱ শনিবাৰে আই পি এলত শক্তিশালী কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ’ব৷ ছখন খেলৰ এখনত জয়ী হোৱাৰ বিপৰীতে পাঁচখন খেলত পৰাস্ত হোৱা কিংছ ইলেভেন পঞ্জাৱ দুই পইণ্টেৰে পইণ্ট তালিকাৰ অন্তিম স্থানত আছে৷ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে বৃহস্পতিবাৰে ৬৯ ৰানত পৰাস্ত হোৱাৰ পাছত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে কিংছ ইলেভেন পঞ্জাৱৰ প্ৰত্যাহ্বান অধিক কঠিন হৈ পৰিব৷ তিনিখন খেলত জয়েৰে ছয় পইণ্টেৰে কলকাতা আছে তালিকাৰ চতুৰ্থ স্থানত৷ কলকাতাৰ অধিনায়ক দীনেশ কাৰ্তিকৰ প্ৰদৰ্শন একেবাৰে নিৰাশাজনক হ’লেও দলটোৰ অধিকাংশ খেলুৱৈ ভাল ফৰ্মত আছে৷ দুদিন পূৰ্বে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৮৭ ৰানৰ ইনিংছ খেলি আত্মবিশ্বাস বৃদ্ধি পাইছে ৰাহুল ত্ৰিপাঠীৰ৷ মিডল অৰ্ডাৰত এঅ’ইন মৰ্গান আৰু নীতিশ ৰানাৰ ওপৰত বহুখিনি আশা কৰিব পাৰি৷ আই পি এলৰ দ্বাদশ ছীজনত বিপজ্জনক হৈ পৰা ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰ আন্দ্ৰে ৰাছেল অৱশ্যে এইবাৰ তেওঁৰ আক্ৰমণাত্মক বেটিং দেখুওৱাত সফল হ’ব পৰা নাই৷ কলকাতাৰ পেচ বলিং আক্ৰমণত আছে কমলেশ নাগাৰকটি আৰু শিৱম মাভি৷ তেনেদৰে স্পিন বিভাগ চম্ভালিব লাগিব সুনীল নাৰাইন আৰু বৰুণ চক্ৰৱৰ্তীয়ে৷ তাৰ বিপৰীতে কিংছ ইলেভেন পঞ্জাৱৰ বেটিং মূলতঃ অধিনায়ক লোকেশ ৰাহুল আৰু মায়ংক আগৰৱালৰ ওপৰত নিৰ্ভৰশীল৷ ডেথ অভাৰত দলটোৰ বলিং চিন্তাৰ কাৰণ হৈ আছে আৰু টুৰ্নামেণ্টত তিষ্ঠি থাকিবলৈ হ’লে দলটোৱে দুৰ্বল দিশবোৰ শুধৰোৱাৰ টেষ্টা চলাব লাগিব৷