Logo
image

দুলীয়াজানৰ বৈঠকত ব্যাপক সংক্ৰমণ এডিজিপি, ডিআইজি, বহু এছপি আক্ৰান্ত

মুখ্যমন্ত্ৰীৰে এছপিৰ সন্মিলনত কোনো ছুপাৰস্প্ৰেডাৰৰ উপস্থিতি?

আমাৰ অসম, ১০ জানুৱাৰীঃ সাধাৰণ লোকে খাকী পোছাকধাৰী আৰক্ষীলৈ ভয় কৰিলেও আৰক্ষী হ’ল বুলিয়েই ক’ভিড ভাইৰাছ জানো সংক্ৰমণ নোহোৱাকৈ থাকিব৷ সততে আৰক্ষীৰ ভয়ত সকলোৱে কঁপি থাকে যদিও এতিয়া অসম আৰক্ষীয়ে ক’ভিডৰ ভয়ত ত্ৰাসি মধুসূধন সোঁৱৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ কিয়নো দুলীয়াজানত মুখ্যমন্ত্ৰীৰ এছ পি সন্মিলনৰ পাছতেই এজনৰ পৰা  এজনকৈ শীৰ্ষ আৰক্ষী বিষয়া ক’ভিডত আক্ৰান্ত হৈছে৷ ক’ভিডৰ বাবেই বিভিন্ন জিলাত মূৰব্বীবিহীন হৈ পৰিছে আৰক্ষী বিভাগ৷ মুখ্যমন্ত্ৰীৰ বৈঠকত কোনো ছুপাৰস্প্ৰেডাৰৰ বাবেই আৰক্ষী মহলত এতিয়া ক’ভিডে ব্যাপক হাৰত সংক্ৰমণ হৈছে৷ বিগত ৩-৭ জানুৱাৰীলৈ অনুষ্ঠিত হোৱা দ্বিতীয় এছ পি সন্মিলনত অংশ লোৱা অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান, আৰক্ষী উপ-মহাপৰিদৰ্শক আৰু ৬ জন আৰক্ষী অধীক্ষককে ধৰি এতিয়ালৈ আঠজন শীৰ্ষ বিষয়া ক’ভিডত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে৷ স্বাভাৱিকতেই এতিয়া আৰক্ষী অধীক্ষকৰ সন্মিলনত ক’ভিডবিধি মানি চলিছিল নে নাই  সেয়া এই মুহূৰ্তত সন্দেহৰ বিষয় হৈ পৰিছে৷ সন্মিলনৰ আটাইকেইটা দিনতে উপস্থিত বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধানো পজিটিভ ধৰা পৰাৰ পাছত বৰ্তমান হোম আইছ’লেশ্বনত আছে৷ চেন্ট্ৰেল ৰেঞ্জৰ উপ-মহাপৰিদৰ্শক ক’ভিডত আক্ৰান্ত হোৱাৰ লগতে এছ পি চিআইডিৰ, এছ পি গোৱালপাৰা, এছ পি শদিয়া, এছ পি বাগ্‌সাৰ এছ পি শোণিতপুৰৰ লগতে আন এজন আৰক্ষী অধীক্ষকো ক’ভিডত আক্ৰান্ত হৈছে৷ বৰ্তমান ইয়াৰে কেইবাজনো আৰক্ষী বিষয়াই স্বাস্থ্যগত কাৰণত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি হৈছে৷ জি এম চি এইচৰ সূত্ৰই চিকিৎসাধীন আৰক্ষী বিষয়াকেইজনৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি প্ৰকাশ কৰিছে৷ সন্মিলনত অংশ লোৱা শীৰ্ষ আৰক্ষী বিষয়াই নহয়, তিনিদিনীয়া সন্মিলনত উপস্থিত থকা তলৰ পৰ্যায়ৰ আৰক্ষী বিষয়া-জোৱানো ক’ভিডত আক্ৰান্ত হৈছে৷ কেইবাজনো অতিৰিক্ত আৰক্ষী অধীক্ষকৰ ক’ভিড পজিটিভ ধৰা পৰিছে৷ সন্মিলনৰ পৰা অহাৰ পাছতেই আৰক্ষী বিষয়াসকলৰ উপসৰ্গই দেখা দিয়াত ক’ভিড পৰীক্ষা কৰাত পজিটিভ ধৰা পৰে৷ অৱশ্যে লক্ষণে দেখা দিয়া আন কেইবাজনো আৰক্ষী অধীক্ষকৰ ক’ভিড পৰীক্ষাৰ ফলাফল ৰাজহুৱা কৰা নাই৷ উক্ত সন্মিলনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন কেইবাজনো মন্ত্ৰী-বিধায়কে ভাগ লোৱাৰ লগতে সেনা বাহিনীৰ শীৰ্ষ বিষয়াও উপস্থিত আছিল৷ নকলেও হ’ব যে, এছ পি সন্মিলনত অংশ লোৱা কোনো ছুপাৰস্প্ৰেডাৰে ক’ভিড ভাইৰাছ মেলি দিছিল সন্মিলনস্থলীত৷ ইপিনে, আক্ৰান্ত শীৰ্ষ আৰক্ষী বিষয়াকেইজন মুখ্যমন্ত্ৰীৰ সোঁৱে-বাঁওৱে থকাই নহয়, বিভিন্নজনক কৰমৰ্দন কৰি কৰাৰ লগতে গাত গা লগাই মোবাইলত চেল্‌ফি উঠাও দেখা গৈছিল৷ স্বাভাৱিকতেই এইসকল বিষয়াৰ ক’ভিড পজিটিভ ধৰা পৰাৰ পাছত তেওঁলোকৰ সংস্পৰ্শলৈ অহা সকলৰ স্বাস্থ্য বিভাগে ক’ভিড পৰীক্ষা কৰিছে নাই সেয়া হৈছে প্ৰশ্নৰ বিষয়৷ লক্ষণীয় বিষয়টো হৈছে ক’ভিড আক্ৰান্ত আৰক্ষী বিষয়াসকলৰ প্ৰতিজনেই দুয়োটা ড’জ ভেকচিন গ্ৰহণ কৰিছিল৷ উৎসৱৰ সময়ত কেইবাখনো জিলাৰ এছ পিসকল ক’ভিডত আক্ৰান্ত হোৱাত স্বাভাৱিকভাৱেই মূৰৰ বিষ হৈছে গৃহদপ্তৰত৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে আক্ৰান্ত বিষয়াসকল দায়িত্বশীল পদত থকাৰ পাছতো তেওঁলোক ক’ভিডত আক্ৰান্ত হোৱাৰ খবৰ গোপনে ৰখাৰহে চেষ্টা কৰিছে৷ দুই-এজন বিষয়াই ক’ভিডত আক্ৰান্ত হোৱাৰ কথা ৰাজহুৱা কৰি তেওঁলোক সংস্পৰ্শলৈ অহা সকলক ক’ভিড পৰীক্ষা কৰিবলৈ আহ্বান জনাই দায়িত্ববোধৰ নিদৰ্শন দাঙি ধৰিছে যদিও বাকী কেইবাজনেও সংক্ৰমণৰ কথা গোপনে ৰখাৰহে চেষ্টা চলাইছে৷