Logo
image

কঙালীত পৰিণত হ’ল ভোগালী

আমাৰ অসম, ১০ জানুৱাৰীঃ সমগ্ৰ দেশবাসীৰ লগতে এতিয়া অসমবাসীৰ সন্মুখতো অন্ধকাৰ বৰ্তমান আৰু অনিশ্চিত ভৱিষ্যত৷ অতিমাৰীৰ উপৰ্যুপৰি প্ৰকোপ আৰু অতিমাৰীৰ পৰা জনগণক ৰক্ষা কৰাৰ বাবে চৰকাৰে জাৰি কৰা নিত্য-সংশোধিত এছ অ’ পি-ৰ খুন্দাত নিশ্চিত চাকৰিৰ দৰমহা পোৱাসকলৰ বাহিৰে সকলো স্তৰৰ লোকেই এই সময়ত ত্ৰস্তমান৷ কি হ’ব মাঘৰ ভোগালী/ সচৰাচৰ ভোগালী বিহুৱেই অসমীয়াৰ বাবে সকলো দিশতে উভৈনদী হৈ পৰা এটা উৎসৱ, যি উৎসৱ বোপা-ককাৰ দিনৰ পৰা ভোগ কৰি আহিছে অসমবাসীয়ে৷ কিন্তু অতিমাৰীৰ প্ৰকোপ আৰু চৰকাৰী এছ অ’ পি-ৰ খুন্দাই এইবাৰ অসমীয়াৰ ভোগালী কঙালীত পৰিণত কৰাটো নিশ্চিত কৰি তুলিছে৷ টেলিভিছন চেনেলৰ বিহুৰ বাহিৰে এইবাৰ অসমীয়াই মাঘৰ বিহু কঙালীৰ দৰেই উদ্‌যাপন কৰিবলৈ বাধ্য হ’ব৷সমগ্ৰ দেশত বিয়পি পৰা ক’ভিডৰ তৃতীয় ঢৌ অসমতো আহি শিপাবলৈ আৰম্ভ কৰিছে৷ দৈনিক সংক্ৰমণৰ সংখ্যা অভাৱনীয় গতিত বাঢ়িছে৷ ২০২০১ পৰা এতিয়া ২০২২১  আৰম্ভণিলৈ একেৰাহে তৃতীয়টো অতিমাৰীৰ ঢৌৰ প্ৰকোপ জনসাধাৰণৰ ওপৰত পোনে পোনে পৰিছে৷ স্বাভাৱিকতেই সৰ্বসাধাৰণ এতিয়া অতীষ্ঠ৷ কিন্তু প্ৰশাসক অৰ্থাৎ চৰকাৰে কাকো আওমৰণে মৰিবলৈ দিব নোৱাৰে৷ সেয়ে তৃতীয় ঢৌৰ আৰম্ভণিৰ লগে লগে দেশৰ বিভিন্ন ৰাজ্যৰ দৰে অসম চৰকাৰেও ক’ভিডৰ নীতি-নিৰ্দেশনা অৰ্থাৎ এছ অ’ পি ক্ৰমাৎ কঠোৰ কৰি আনিবলৈ বাধ্য হৈছে৷ চৰকাৰে যিমানেই এছ অ’পি কঠোৰ কৰিব সিমানেই ব্যৱসায়-বাণিজ্য, খাটি খোৱা লোক, দৈনন্দিন কাম কৰি উপাৰ্জন কৰা ব্যক্তি, ক্ষুদ্ৰ ব্যৱসায়ী সকলোৰে ব্যৱসায়ত লোকচান হ’ব, ব্যৱসায় বন্ধ হৈ পৰিব৷ বিগত দুবাৰৰ ক’ভিডৰ ঢৌত সকলোৱেই সেই পৰিস্থিতিৰ সন্মুখীন হৈছে৷ দুটাকৈ ক’ভিডৰ ঢৌত তেনে সকলো উপাৰ্জন কৰোতা এতিয়া  বিপৰ্যস্ত৷ দ্বিতীয়টো ঢৌৰ পাছত কোনোমতে নিজৰ ব্যৱসায় বা উপাৰ্জনৰ পথ পুনৰ আৰম্ভ কৰি আগবঢ়াবলৈ লওঁতেই এইবাৰ তৃতীয় ঢৌৱে আকৌ এবাৰ উপাৰ্জনৰ পথ বন্ধ কৰি দিব বুলি সকলোৱেই আতংকিত হৈ পৰিছে৷ যদিহে পুনৰ পূৰ্বৰ দৰে লকডাউনসদৃশ পৰিৱেশৰ সৃষ্টি হয় তেন্তে সৰু-সুৰা ব্যৱসায়ীয়েই নহয়, ডাঙৰ ব্যৱসায় কৰাসকলো সমানেই ক্ষতিগ্ৰস্ত হ’ব আৰু দৈনন্দিন কাম কৰি উপাৰ্জন কৰা সকলেও পুনৰবাৰ কাম হেৰুৱাব৷ এনে এক আশংকাত এতিয়া অসমতো শ্বাসৰোধ হৈ পৰা ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে৷ অসমত প্ৰতি ২৪ ঘণ্টাত এতিয়া ৩০ হাজাৰ নমুনা পৰীক্ষা কৰা হৈছে আৰু তাৰ ভিতৰত ৪০০ কৈ ক’ভিড পজিটিভ ওলাইছে৷ নৱবৰ্ষৰ আৰম্ভণিৰ পৰা জ্ঝটা দিন পাৰ নৌহওঁতই এতিয়া ৰাজ্যত প্ত হাজাৰোধিক ক’ভিডত আক্ৰান্ত হৈছে৷ এই গতিত গৈ থাকিলে তিনি কোটিৰো অধিক জনসংখ্যা থকা ৰাজ্যখনত এইবাৰ কিমান লোক সংক্ৰমিত হয় তাৰ কোনো নি(য়তা নাই৷ চৰকাৰে এইবাৰ বিনামূলীয়াকৈ চিকিৎসা নকৰে বুলি জনোৱাত অধিক আতংকিত হৈছে অসমৰ ৰাইজ৷ চৰকাৰে নতুন বছৰত ওৰেৰাতি সকলোকে উদ্‌যাপন কৰিবলৈ সুযোগ দিলেও ভেলাঘৰত নিশা ১০ বজাৰ পাছত থাকিবলৈ নিদিয়া আৰু পুৱা ৬ বজাৰ পূৰ্বে মেজি জ্বলাবলৈ নিদিয়াৰ নিৰ্দেশ দিয়াৰ ফলত জনসাধাৰণৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ অথচ যোৱা প্ৰায় এপষেক ধৰি হাজাৰ হাজাৰ লোকৰ সমাবেশেৰে চলি আছিল গ্ৰন্থমেলা৷ ভেলাঘৰত দেৰিলৈকে থাকিবলৈ নিদিয়াৰ ফল ভুগিব বহু শিল্পীয়ে৷ কিয়নো বিগত কেইবাবছৰো ধৰি ভোগালী বিহুৰ উৰুকাত অসমত সংগীতানুষ্ঠান আয়োজন কৰাৰ পৰম্পৰা চলি আহিছে৷ এইবাৰ চৰকাৰৰ এছ অ’ পিৰ ফলত তেনে অনুষ্ঠান বাতিল হ’ব আৰু শিল্পীৰ হাতলৈ এটকাও নাহিব৷ ইপিনে বজাৰত খাদ্য সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধি ঘটিছে৷ ক’ভিডত বিপৰ্যস্ত হোৱা অৰ্থনীতিৰ ফলত এতিয়া কাৰো হাতত ধনৰ উভৈনদী নহয়৷ অধিকাংশ লোকেই কোনোমতে চলি থাকিবলগীয়া অৱস্থাত আছে৷ উপাৰ্জনৰ পথ বহুতৰে বন্ধ হৈ যোৱাত, ক’ভিডৰ লকডাউনৰ ফলত লক্ষ লক্ষ লোক কৰ্মচ্যুৎ হোৱাত আক্ষৰিক অৰ্থতে এতিয়া  অসমৰ ৰাইজৰ পূৰ্বৰ দৰে উপাৰ্জন নাই৷ এনে পৰিস্থিতিত সকলো নিত্যব্যৱহাৰ্য সামগ্ৰী আৰু খাদ্য সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বাবে অসমীয়াৰ ভোগালী বিহু অৱধাৰিতভাৱে এইবাৰ কঙালীত পৰিণত হ’ব৷