Logo
image

তেলেংগানাৰ পৰা নাইকিয়া হ’ব নিজাম

হায়দৰাবাদত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব

আমাৰ অসম, ১০ জানুৱাৰীঃ দেশৰ পৰা শীঘ্ৰেই আঁতৰ হ’ব মোগল, নিজাম আৰু ৱেচী৷ অচিৰেই দেশত ভাৰতীয় সভ্যতাৰ ভিত্তিত নতুন সংস্কৃতি প্ৰতিষ্ঠা হ’ব৷– এই ভাষ্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ দেওবাৰে  তেলেংগনাৰ  ৱাৰাংগলত বিজেপিৰ এখন দলীয় সভাত ভাগ লৈ মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয়–দেশৰ ইতিহাসে কয় যে বাবৰ, ঔৰংজেব আৰু নিজাম দেশত আৰু বেছিদিন জীয়াই থাকিব নোৱাৰিব৷ দেশত বলবৎ হৈ থকা সংবিধানৰ ৩৭০ ধাৰা প্ৰত্যাহাৰ কৰা হ’ল, ৰাম মন্দিৰৰ নিৰ্মাণ আৰম্ভ হ’ল৷ এতিয়া দেশত নিজাম, ৱেচীৰ নাম ইতিহাসত ক’লা অধ্যায়ৰূপে লিখা থাকিব৷ এনে দিন আহিবলৈ আৰু বেছি দিন নাই৷ মই নিশ্চিত যে নিজামৰ শিপা এইবাৰ উভালিবই৷ তেলেংগানাত একনায়কত্ববাদ আৰু নচলিব৷ দেশত কোনো মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী যেতিয়া একনায়কত্ববাদী হৈ পৰে তেতিয়া দেশত জৰুৰী সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়৷ আমি তেলেংগানাত একনায়কত্ববাদৰ বিৰুদ্ধে যুঁজ দিছে৷ নতুন তেলেংগানা সৃষ্টিৰ বাবে আমাৰ এই যুঁজ৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ এনে ভাষাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে টি আৰ এছ বিধায়ক তথা কে চন্দ্ৰ শেখৰ ৰাওৰ কন্যা কবকুন্তলা কৱিতায়ুৰে৷ তেওঁ কয়–বিজেপিয়ে দেশৰ একতাৰ ধাৰণাক ভাবুকি প্ৰদান কৰিছে৷ অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যই তেলেংগনাৰ গৌৰৱময় ইতিহাসত আঘাট কৰিছে৷ দেশৰ একতাত এনে আঘাট দুৰ্ভাগ্যজনক৷ উল্লেখ্য, বিশেষ দলীয় কাৰ্যসূচীৰে তেলেংগানালৈ আমন্ত্ৰিত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা হাইদৰাবাদ বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতে ৰাজ্যিক বিজেপিৰ সভাপতি বান্দি সঞ্জয় কুমাৰে তেওঁক আদৰণি জনায়৷ বিমান বন্দৰৰ বাহিৰত শাৰী পাতি ৰৈ থকা হাজাৰ হাজাৰ দলীয় কৰ্মীয়ে উদাত্ত কণ্ঠেৰে ‘ভাৰত মাতা কী জয়’ ধবনি দিয়ে৷ অসম বিজেপিয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– তেলেংগানাত একনায়কত্ববাদৰ বিৰুদ্ধে বিদ্ৰোহে তেলেংগানাৰ ৰাজনৈতিক পট পৰিৱৰ্তনৰ ইংগিত দিছে৷ তদুপৰি তেলেংগানাবাসীয়ে মুখ্যমন্ত্ৰী শৰ্মাৰ প্ৰতি প্ৰদৰ্শন কৰা মৰমে প্ৰমাণ কৰিছে  সমগ্ৰ দেশ ব্যাপী তেওঁৰ প্ৰতি থকা অপৰিসীম জনপ্ৰিয়তা৷