Logo
image

ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত প্ৰাধ্যাপক নিযুক্তিত কেলেংকাৰি!

আমাৰ অসম,১০ জানুৱাৰীঃ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত প্ৰাধ্যাপক নিযুক্তিত কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ উঠিছে৷ এই সন্দৰ্ভত ইতিমধ্যে বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা ৰাজ্যপাল জগদীশ মুখিক অভিযোগ দিয়াৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে৷ প্ৰাপ্ত অভিযোগ মতে, ২০২০-২১ বৰ্ষত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত বিশ্ববিদ্যালয় অনুদান আয়োগৰ [ইউজিচি] নীতি-নিয়মক  ভৰিৰে মোহাৰি গণসংযোগ আৰু সাংবাদিকতা বিভাগত এজন প্ৰাধ্যাপকক নিযুক্তি দিয়া হয়৷ ইউজিচিয়ে প্ৰাধ্যাপক পদত নিযুক্তিৰ বাবে সু-নিৰ্দিষ্টকৈ অৰ্হতা বান্ধি দিছে৷ সেই অনুসৰি প্ৰাধ্যাপক পদত নিযুক্তিৰ বাবে দুই প্ৰকাৰৰ অৰ্হতা অপৰিহাৰ্য৷ প্ৰাধ্যাপক পদত নিযুক্তি পাবৰ বাবে আবেদন কৰিবলৈ হ’লে এজন ব্যক্তিৰ সংশ্লিষ্ট দুই প্ৰকাৰৰ অৰ্হতাৰ ভিতৰত যিকোনা এটা প্ৰকাৰৰ অহৰ্তা থাকিব লাগিব৷ ইউজিচিৰ দ্বাৰা নিৰ্দিষ্ট কৰি দিয়া এই দুই প্ৰকাৰ অৰ্হতা হ’ল– [ক] এজন বিশিষ্ট পণ্ডিত, যাৰ প্ৰাধ্যাপক নিযুক্তি দিব লগা বিষয়টিত বা তাৰ লগত জড়িত প্ৰাসংগিক জ্ঞানক্ষেত্ৰৰ কোনো বিষয়ত ডক্টৰেট ডিগ্ৰী আছে আৰু পীয়াৰ-ৰিভিউদ বা ইউজিচি তালিকাভূক্ত জাৰ্নেলত কমেও দহখন গৱেষণাপত্ৰ প্ৰকাশ পাইছে৷ লগতে সংশ্লিষ্ট ব্যক্তিজনৰ কমেও দহ বছৰ বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ত শিক্ষকতা কৰাৰ অভিজ্ঞতা থাকিব লাগিব অথবা ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানত বা উদ্যোগ ক্ষেত্ৰত গৱেষণা কৰাৰ অভিজ্ঞতা থকাৰ উপৰি সফলভাৱে ডক্টৰেল প্ৰাৰ্থীক গাইড কৰাৰ প্ৰমাণ থাকিব লাগিব৷ সৰ্বোপৰি, তেওঁৰ সৰ্বমুঠ গৱেষণাৰ স্ক’ৰ ইউজিচিৰ নিয়ম মতে সৰ্বনিম্ন ১২০ পইণ্ট হ’ব লাগিব৷ [খ] প্ৰাধ্যাপক নিযুক্তি দিব লগা বিষয়টিত বা তাৰ লগত জড়িত প্ৰাসংগিক জ্ঞানক্ষেত্ৰৰ সংশ্লিষ্ট ব্যক্তিজন প্ৰতিষ্ঠিত তথা মূধাফুটা পণ্ডিত, যিজনে সেই বিষয়ৰ জ্ঞানক্ষেত্ৰলৈ অসামান্যভাৱে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে আৰু যিখিনি অৱদানৰ প্ৰত্যয়পূৰ্ণ প্ৰমাণ তেওঁ দাঙি ধৰিব পাৰিছে৷ 

ওপৰত উল্লেখিত ইউজিচিৰ গাইডলাইনৰ ভিত্তিত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত ২০২০-২১ বৰ্ষত গণসংযোগ আৰু সাংবাদিকতা বিভাগত নিযুক্তি দিয়া প্ৰাধ্যাপকজনৰ অৰ্হতাৰ চমু বিশ্লেষণ এনে ধৰণৰ– ৰ] তেওঁ গণসংযোগ আৰু সাংবাদিকতা বিষয়ত স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰীধাৰী৷ ২] তেওঁ বৃত্তিগত জীৱনত এসময়ত বাতৰিকাকতত কাম কৰিছিল৷ ৩] তেওঁ ভাৰতীয় ৰে’লৱেত জনসংযোগ বিভাগৰ বিষয়াৰূপে কাম কৰিছিল আৰু পাছত মুক্ত বিশ্ববিদ্যালয়ত পোনপটীয়া নিযুক্তিৰ মাধ্যমেৰে ২০২০-২১ বৰ্ষত প্ৰাধ্যাপক পদত যোগদান কৰে৷ ৪] ইউজিচিৰ নিয়ম মতে থাকিব লগা ধৰণৰ দহখন গৱেষণা-পত্ৰ তেওঁৰ নাই৷ প্ত] বিশ্ববিদ্যালয়, মহাবিদ্যালয়, ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠান বা উদ্যোগ ক্ষেত্ৰত দহ বছৰ শিক্ষকতা বা গৱেষণা কৰাৰ অভিজ্ঞতাও তেওঁৰ নাই৷ ৬] তেওঁ প্ৰাধ্যাপক হোৱাৰ পূৰ্বে ডক্টৰেট প্ৰাৰ্থীৰ গাইড নাছিল বা আজিলৈকে তেওঁৰ তত্ত্বাৱধানত কোনেও ডক্টৰেট ডিগ্ৰী লাভ কৰা নাই৷ জ্জ] ইউজিচিৰ নিয়মমতে তেওঁৰ গৱেষণাৰ নূ্যনতম স্ক’ৰ ১২০ পইণ্ট নাই৷ জ্জ্ব] তেওঁ ৰাজ্য বা দেশৰ গণসংযোগ আৰু সাংবাদিকতা ক্ষেত্ৰৰ মূধাফুটা ব্যক্তি নহয়৷ তেওঁ মাথোঁ এসময়ত বাতৰিকাকতত চাকৰি কৰিছিল৷ জ্ঝ] গণসংযোগ আৰু সাংবাদিকতাৰ ক্ষেত্ৰলৈ তেওঁ কোনো গুৰুত্বপূৰ্ণ বা অসামান্য অৱদান আগবঢ়োৱাৰ প্ৰত্যয়পূৰ্ণ প্ৰমাণ ৰাইজে দেখা নাই৷ ১০] গণসংযোগ বা সাংবাদিকতা ক্ষেত্ৰৰ লগতে অসম বা দেশৰ আৰ্থ-সামাজিক, সাংস্কৃতিক আদি ক্ষেত্ৰত তেওঁৰ বিশেষ কোনো স্বতন্ত্ৰ ভাৱমূৰ্তি বা পৰিচয় নাই৷ 

বিশ্ববিদ্যালয়ৰ সন্মানীয় আচাৰ্য তথা ৰাজ্যপাল জগদীশ মুখি, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড॰ ননীগোপাল মহন্তলৈ সচেতন-বিদ্বৎ মহলৰ প্ৰশ্ন– কৃষ্ণকান্ত সন্দিকৈৰ দৰে প্ৰাতঃস্মৰণীয় বৰেণ্য অসমীয়া পণ্ডিতৰ নামত স্থাপিত মুক্ত বিশ্ববিদ্যালয়ত সাংবাদিকতাৰ দৰে পৱিত্ৰ আৰু দায়বদ্ধ বৃত্তিৰ সৈতে জড়িত বিষয়ত শিক্ষাদানৰ দৰে গুৰুত্বপূৰ্ণ কামত নিয়োজিত প্ৰাধ্যাপকৰ নিযুক্তিত কেলেংকাৰি সংঘটিত হোৱা বুলি উঠা অভিযোগৰ তদন্ত হ’বনে? এই নিযুক্তি প্ৰক্ৰিয়াৰে প্ৰত্যক্ষ-পৰোক্ষভাৱে জড়িতসকলৰ লগতে বিশেষভাৱে বাছনি সমিতিৰ লোকসকলক এই অনিয়মৰ বাবে জবাবদিহি কৰা হ’বনে? লক্ষণীয়ভাৱে এই কেলেংকাৰি সংঘটিত হোৱাৰ সময়ত মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্বত আছিল ইতিমধ্যে উপাচাৰ্য পদৰ পৰা নিলম্বিত হোৱা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক পদৰ পৰা বিতাড়িত হোৱা ড॰ কন্দৰ্প দাস৷

ইফালে, ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ পঞ্জীয়কৰ অৱসৰৰ বয়স বৃদ্ধি কৰাৰ বাবে অসম চৰকাৰে প্ৰস্তুতি চলোৱা বুলি শিক্ষা বিভাগৰ এটা উচ্ছস্তৰীয় সূত্ৰই সদৰি কৰিছে৷ সূত্ৰটোৰ মতে, ৰাজ্যিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ অৱসৰৰ বয়স ৬০ বছৰ৷ সেইমৰ্মে কোনো ৰাজ্যিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰূপে কোনো লোকক যদি পাঁচ বছৰীয়া কাৰ্যকালৰ বাবে নিযুক্তি দিয়া হয় আৰু নিযুক্তিৰ সময়ত যদি তেওঁৰ বয়স ৫৮ বছৰ হয়, তেন্তে তেওঁ দুবছৰৰ পাছত অৰ্থাৎ ৬০ বছৰত অৱসৰ ল’ব লাগে৷ সম্প্ৰতি এখন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ এজন পঞ্জীয়কৰ নিৰ্ধাৰিত কাৰ্যকাল শেষ হোৱাৰ পূৰ্বেই তেওঁৰ ৬০ বছৰ হোৱাৰ সূত্ৰে এই মাহতে তেওঁৰ অৱসৰ অৱধাৰিত হৈ পৰে৷ কিন্তু সংশ্লিষ্ট পঞ্জীয়কজন প্ৰভাৱশালী ৰাজনীতিক আৰু বিষয়াৰ শিক্ষাগুৰু হোৱাৰ সূত্ৰে তেওঁক পঞ্জীয়কৰ পদত বাহাল ৰাখিবৰ বাবে ৰাজ্যিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ অৱসৰৰ বয়স বৃদ্ধি কৰাৰ কথা চিন্তা কৰিছে চৰকাৰে৷ এই চিন্তা কাৰ্যকৰী হোৱাৰ পথত৷ কিয়নো অৱসৰৰ এমাহ পূৰ্বে জাননী জাৰি কৰিব লাগে যদিও ৩১ জানুৱাৰীত অৱসৰ ল’বলগীয়া সংশ্লিষ্ট পঞ্জীয়কজনৰ ক্ষেত্ৰত আজিকোপতি জাননী জাৰি কৰা হোৱা নাই৷ পঞ্জীয়কৰ অৱসৰৰ বয়স বৃদ্ধিত আপত্তি কৰাৰ কোনো থল নাই৷ কিন্তু কেৱল ৰাজনৈতিক নেতাৰ ঘনিষ্ঠ হোৱাৰ সূত্ৰেই এই কাম হ’লে  সচেতন মহলে আপত্তি কৰিব৷