ধোনিৰ চি এছ কেৰ সন্মুখত আজি কোহলিৰ আৰ চি বি
আমাৰ অসম, ১০ অক্টোবৰঃ আই পি এলৰ ত্ৰয়োদশ ছীজন আৰম্ভ হোৱাৰ পূৰ্বে তিনিবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছক [চি এছ কে] সম্ভাব্য চেম্পিয়ন হিচাপে বিবেচনা কৰা হৈছিল৷ কিন্তু টুৰ্নামেণ্টখনৰ প্ৰথম খেলত যোৱাবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰাৰ পাছত কিন্তু মহেন্দ্ৰ সিং ধোনি নেতৃত্বাধীন দলটোৱে সেই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হোৱা নাই৷ চেন্নাই ছুপাৰ কিংছ শনিবাৰে ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলি নেতৃত্বাধীন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ [আৰ চি বি] সন্মুখীন হ’ব৷ শনিবাৰৰ খেলখনত দুয়োটা দলৰ বেটছমেনৰ প্ৰদৰ্শন হ’ব লক্ষ্যণীয়৷ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে জয়ৰ নিচেই কাষ চপাৰ পাছতো দহ ৰানত পৰাস্ত হৈছিল চেন্নাই ছুপাৰ কিংছ আৰু এই পৰাজয়ৰ বাবে দলটোৰ অলৰাউণ্ডাৰ কেদাৰ যাদৱ সমালোচনাৰ সন্মুখীন হৈছিল৷ কিয়নো তেওঁৰ বেটিং আছিল যথেষ্ট মন্থৰ৷ ফলস্বৰূপে কাইলৈৰ খেলখনত যাদৱক মূল একাদশত নৰখাৰ সম্ভাৱনা আছে৷ এফ ডু প্লেছিছৰ ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন আৰু শ্বেন বাটছনে ফৰ্ম ঘূৰাই পোৱাটো চেন্নাইৰ বাবে উৎসাহৰ বিষয় যদিও মিডল অৰ্ডাৰক লৈহে দলটোৰ চিন্তাৰ কাৰণ হৈ আছে৷ অধিনায়ক ধোনিৰ প্ৰদৰ্শনো আশানুৰূপ নহয়৷
কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছৰ বলাৰৰ প্ৰদৰ্শন আছিল যথেষ্ট সন্তোষজনক৷ কেৰিবিয়াৰ অৱৰাউণ্ডাৰ ডোৱাইন ব্ৰেভোৱে তিনিটা উইকেট দখল কৰিছিল৷ পীয়ুষ চাওলাৰ স্থানত সুযোগ পোৱা কৰ্ণ শৰ্মাৰো বলিং আছিল মিতব্যয়ী৷ চেন্নাইৰ পেচ আক্ৰমণ নিৰ্ভৰ কৰিব দীপক চাহৰ, ছেম কুৰেন আৰু শ্বাৰ্দুল ঠাকুৰৰ ওপৰত৷ আনহাতে, ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বেটিং যথেষ্ট শক্তিশালী৷ অধিনায়ক বিৰাট কোহলিৰ লগতে এবি ডেভিলিয়াৰ্ছ, দেৱদূত পাড়িক্কাল আৰু এৰ’ন ফিন্স স্বাভাৱিক ছন্দত থাকিলে দলটোক পৰাস্ত কৰাটো সহজ নহ’ব৷ বলিঙত অৱশ্যে অভিজ্ঞ যুজবেন্দ্ৰ চাহল আৰু ৱাশ্বিংটন সুন্দৰৰ বাহিৰে আনকেইজনে বিশেষ প্ৰভাৱ পেলাব পৰা নাই৷