Logo
image

ভাৰতত ক’ভিডৰ চিকিৎসা পদ্ধতি ভুল, অযথা আতংকিতও কৰা হৈছে

প্ৰবাসী অসমীয়া চিকিৎসা বিজ্ঞানী ডাঃ জয়ন্তবিশ্ব শৰ্মাৰ দাবী

আমাৰ অসম, ১৩ জানুৱাৰীঃ ভাৰতত ক’ভিড সংক্ৰমিত ৰোগীক নিৰাময়ৰ বাবে চিকিৎসকে পেলুৰ ঔষধ প্ৰদান কৰি আছে৷ ভাৰতৰ এই চৰকাৰ-সমৰ্থিত ক’ভিড চিকিৎসাক ভুৱা আৰু আত্মপ্ৰবঞ্চনা বুলি মন্তব্য কৰিছে প্ৰবাসী অসমীয়া চিকিৎসক ডাঃ জয়ন্ত বিশ্ব শৰ্মাই৷ এসময়ত গুৱাহাটী মেডিকেল কলেজৰ পৰা এমবিবিএছ ডিগ্ৰী লাভ কৰা ডাঃ জয়ন্ত বিশ্ব শৰ্মা সম্প্ৰতি ব্ৰিটেইনৰ ‘দ্য মিড য়ৰ্কশ্বায়াৰ হাস্পতাল’ৰ ‘মাইক্ৰ’বায়লজি’বিভাগৰ মুখ্য“কনছালটেণ্ট’৷ সম্প্ৰতি ক’ভিড আক্ৰান্তক ভাৰতত যিধৰণে   চিকিৎসা কৰি থকা হৈছে সেয়া শুদ্ধ নহয় আৰু ক’ভিডক লৈ চৰকাৰীভাৱে যেনেধৰণৰ প্ৰচাৰ চলোৱা হৈছে সেয়া অপপ্ৰচাৰৰ নামান্তৰ বুলি অভিহিত কৰিছে প্ৰবাসী অসমীয়া চিকিৎসকজনে৷ ‘ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চ’ অৰ্থাৎ আই চি এম আৰে অনুমোদন জনোৱা যি ঔষধ সম্প্ৰতি ভাৰতত ক’ভিড আক্ৰান্তক প্ৰদান কৰা হৈছে, তেনে ঔষধক লৈ প্ৰবল আপত্তি দৰ্শাইছে প্ৰবাসী অসমীয়া চিকিৎসকজনে৷ কেৱল আপত্তিতে ক্ষান্ত নাথাকি তেওঁ এয়া ভাৰতীয় চিকিৎসাৰ আত্মপ্ৰবঞ্চনা আৰু চিকিৎসকে ৰোগীক ভুৱা দিয়া বুলিও মন্তব্য কৰিছে৷ এবিধ ঔষধৰ কথা উল্লেখ কৰি ডাঃ জয়ন্ত বিশ্ব শৰ্মাই কৈছে– ‘এইটো ভাৰতত ক’ভিড-১৯১ নিৰাময় বুলি দিয়া হৈছে৷ ‘জিংক ডক্সিচাইক্লিন’ আৰু ‘ইভাৰমেকটিন’ মিহলাই এটা ঔষধ কৰা হৈছে৷ জিংক এবিধ মিনাৰেল, ক’ভিডত কোনো কাম নাই৷ ডক্সিচাইক্লিন এবিধ এণ্টিবায়’টিক৷ ডাক্তৰে অবাবত এণ্টিবায়’টিক দিয়া একপ্ৰকাৰ অপৰাধ৷ এণ্টিবায়’টিকে ভাইৰেল অসুখত কাম নকৰে৷ ইভাৰমেকটিন এবিধ পেলুৰ ঔষধ৷ যোৱাবাৰ যেনেকৈ মেলেৰিয়াৰ ঔষধ দিছিল, এইবাৰ পেলুৰ৷ ইয়াতকৈ আত্মপ্ৰবঞ্চনা বা ভুৱা থাকিব নোৱাৰে৷ মই সপোনতো ভবা নাছিলো, এইধৰণৰ কথা হৈছে৷’ ডাঃ জয়ন্ত বিশ্ব শৰ্মাই ক’ভিডৰ পৰীক্ষাৰ অধিকাংশই সত্য নহয় বা শুদ্ধ নহয় বুলিও বিস্ফোৰক মন্তব্য কৰিছে৷ তেওঁ দাবী কৰা মতে ভাৰতত যুদ্ধকালীনভাৱে ততাতৈয়াকৈ প্ৰশিক্ষণ দি গঢ়ি তোলা গৱেষণাগাৰসমূহৰ ক’ভিডৰ মিছা পজিটিভৰ হাৰ বিশ শতাংশৰ ওচৰা ওচৰি হ’ব৷ ডাঃ জয়ন্ত বিশ্ব শৰ্মাই লেব’ৰেটৰী বা গৱেষণাগাৰত কৰা ক’ভিডৰ পৰীক্ষাৰ বহু অংশই মিছা বুলিও দাবী কৰিছে৷ তেওঁ কয় যে, ক’ভিডৰ আৰটি-পিচিআৰ পৰীক্ষাত মৃত ভাইৰাছৰ অংশৰ সামান্য দূষণ [কণ্টামিনেছন] হ’লেই মিছা পজিটিভ ফল ওলায়৷ ইংলেণ্ড আৰু আমেৰিকাতো বিভিন্ন লেব’ৰেটৰীত ক’ভিডৰ পৰীক্ষাত এনে ধৰণৰ মিছা পজিটিভ ওলাইছে৷ লেব’ৰেটৰীত পৰীক্ষা কৰাৰ সময়ত নমুনা দূষিত নোহোৱাকৈ ৰখাটো অতিশয় কঠিন৷ তদুপৰি নমুনা গ্ৰহণ কৰোতেই দূষণ হ’ব পাৰে৷ আনহাতে আৰটি-পিচিআৰ পৰীক্ষাৰ সময়ত ভাইৰাছৰ অংশই নিযুত নিযুত অনুৰূপ ভাইৰাছ সৃষ্টি কৰে৷ এনেদৰে ‘কপি’ হৈ সৃষ্টি হোৱা ভাইৰাছ লেব’ৰেটৰীৰ ভিতৰত সৰ্বত্ৰ বিৰাজমান৷ এনে পৰিস্থিতিত অতি নিখঁুতভাৱে পৰীক্ষা কৰিবলৈ চেষ্টা কৰিলেও নমুনাত হোৱা দূষণৰ বাবে মিছা পজিটিভ ওলোৱাটো অৱশ্যম্ভাৱী৷ এই মিছা পজিটিভ লেব’ৰেটৰীৰ ভুলৰ বাবেই হয়৷ লেব’ৰেটৰীৰ  টেকনিছিয়ানে ইচ্ছাকৃতভাৱে নিগেটিভক পজিটিভ নকৰে৷ নূ্যনতম ভুলৰ বাবেই যিহেতু নিগেটিভ নমুনাও পজিটিভ হৈ পৰিব পাৰে সেয়ে সম্প্ৰতি ক’ভিডৰ পজিটিভৰ সংখ্যা অধিক হৈছে৷ সেয়ে যিমান পজিটিভ ওলাইছে সেই সকলোবোৰেই ক’ভিডৰ দ্বাৰা সংক্ৰমিত হোৱা বুলি একে আষাৰে নিশ্চিত কৰিব নোৱাৰি৷ মূলতঃ লেব’ৰেটৰীৰ ভুলৰ বাবেই এনে হোৱাটো সম্ভৱ৷ এয়া ভাৰতৰ দৰে বিশাল জনসংখ্যাৰ দেশত এক ডাঙৰ সমস্যা৷ ইংলেণ্ড আৰু তেনেধৰণৰ পশ্চিমীয়া দেশত যি পৰীক্ষা নিখুঁতভাৱে সম্পন্ন কৰিবলৈ চেষ্টা কৰিও সক্ষম হোৱা নাই, ভাৰতত নিখুঁত পৰীক্ষা হোৱাটো অসম্ভৱপ্ৰায়৷ মূলতঃ ক’ভিডৰ প্ৰাৰ্দুভাৱৰ পাছত দৌৰাদৌৰিকৈ এই পৰীক্ষাৰ বাবে লেব’ৰেটৰী আৰু টেকনিছিয়ান তৈয়াৰ কৰি ল’লেও তেওঁলোক এতিয়াও পাৰ্গত নহয়৷

সন্দেহ নাই, প্ৰবাসী অসমীয়া চিকিৎসক ডাঃ জয়ন্ত বিশ্ব শৰ্মাই ভাৰতত ক’ভিডৰ চিকিৎসা পদ্ধতি আৰু ক’ভিড সংক্ৰমিতৰ পৰীক্ষাৰ প্ৰতি প্ৰশ্ন তুলি দিয়াত এই বিষয়টোৱে প্ৰবল আলোড়নৰ সৃষ্টি কৰিব৷ কিয়নো ভাৰতৰ সকলো নাগৰিকেই আৰু অসমৰ বাসিন্দাই চৰকাৰীভাৱে তৈয়াৰ কৰা লেব’ৰেটৰীৰ পৰীক্ষা আৰু চৰকাৰে অনুমোদন জনোৱা ঔষধৰ ওপৰত নিৰ্ভৰশীল হৈয়েই প্ৰাণঘাতী বেমাৰটোৰ পৰা ৰক্ষা কৰিবলৈ আকুল প্ৰচেষ্টা চলাই আছে৷ এইক্ষেত্ৰত ভাৰতত ক’ভিড সংক্ৰমণ হোৱা সকলৰ আন বিকল্প নাই৷ কিয়নো আইচিএমআৰে আৰু ডিচিজিআইয়ে অনুমোদন জনোৱা ঔষধহে ভাৰতত চৰকাৰী আৰু বেচৰকাৰী সকলো চিকিৎসালয়ে ব্যৱহাৰ কৰিবলৈ বাধ্য৷ ইয়াৰ বাহিৰে চৰকাৰী আৰু বেচৰকাৰী সকলো চিকিৎসালয়ে পৰীক্ষামূলকভাৱে ক’ভিড সংক্ৰমিতৰ ক্ষেত্ৰত আন ঔষধ ব্যৱহাৰ কৰিব নোৱাৰে৷ ডাঃ জয়ন্ত বিশ্ব শৰ্মাই এতিয়া ভাৰতত আৰু একেলগে অসমতো পেলুৰ ঔষধকে ক’ভিড সংক্ৰমিতৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি থকা বুলি প্ৰমাণ সহকাৰে দাঙি ধৰা ঘটনাই অভাৱনীয় বিতৰ্কৰ সৃষ্টি কৰিব পাৰে৷ তেওঁ দাবী কৰা মতে, ভাৰতত প্ৰথমে ক’ভিড সংক্ৰমিত ব্যক্তিক মেলেৰিয়াৰ ঔষধ আৰু এতিয়া পেলুৰ ঔষধ প্ৰদান কৰি আছে, যিটো আ(ৰ্যকৰ এক ঘটনা৷ ইপিনে তেওঁ বিশ্বৰ ক’তো কোনো ৰাষ্ট˜ই ক’ভিড নিয়ন্ত্ৰণ কৰিব পৰা নাই বুলিও দাবী কৰিছে৷ অন্ততঃ মানুহে প্ৰতিকাৰৰ চেষ্টা কৰি ক’ভিডক নিয়ন্ত্ৰণ কৰিব পৰা নাই৷ ডাঃ জয়ন্ত বিশ্ব শৰ্মাৰ মতে, প্ৰকৃতিগত কাৰণত কোনো স্থানত ক’ভিডৰ সংক্ৰমণ অধিক হৈছে আৰু কোনো স্থানত নূ্যনতম হৈছে৷ এই ক্ষেত্ৰত মানুহে গ্ৰহণ কৰা ব্যৱস্থাৰ প্ৰভাৱ নাই৷ ঘাইকৈ অনুকূল ঋতু আৰু জলবায়ুৰ বাবে অঞ্চলভেদে ক’ভিডে অধিক গা কৰি উঠিছে আৰু প্ৰতিকূল ঋতুত ক’ভিড সেইদৰে সোঁচৰিব পৰা নাই৷