Logo
image

ডাঃ ধনীৰাম বৰুৱাক লৈ সহানুভূতি, বিতৰ্কও

গাহৰিৰ হৃদপিণ্ড সংৰোপণ

আমাৰ অসম, ১৩জানুৱাৰীঃ ভাৰতৰ পৰা অৰ্ধেক পৃথিৱীৰ দূৰত্বত আমেৰিকাৰ মেৰীলেণ্ডত ডাঃ বাৰ্টলে পি গ্ৰিফিথৰ নেতৃত্বত এদল ডাক্তৰে ‘জেন’ট্ৰেন্সপ্লাণ্টেছন’ৰ জৰিয়তে এজন ব্যক্তিৰ বক্ষত গাহৰিৰ হূদপিণ্ড সফলভাৱে প্ৰতিষ্ঠাপন কৰাৰ লগে লগে পৃথিৱীৰ এইটো পাৰে অৰ্থাৎ অসমত তীব্ৰ প্ৰতিক্ৰিয়া আৰু বহুল চৰ্চা আৰম্ভ হৈছে৷ এই চৰ্চা মূলতঃ এসময়ৰ প্ৰখ্যাত হাৰ্ট ছাৰ্জন ডাঃ ধনীৰাম বৰুৱাকেন্দ্ৰিক৷ বিলাতত চিকিৎসক হিচাপে সুনাম অৰ্জন কৰা ডাঃ ধনীৰাম বৰুৱাই এতিয়াৰ পৰা ২৫ বছৰ পূৰ্বে এটা বিৰল অস্ত্ৰোপচাৰৰ জৰিয়তে ঠিক একেদৰেই এজন ব্যক্তিৰ বক্ষত গাহৰিৰ হূদপিণ্ড প্ৰতিষ্ঠাপন কৰিছিল৷ ৰোগী দুয়োজনৰ অৱস্থা একেই আছিল– দুয়ো এনে বিৰল চিকিৎসা অবিহনে যিকোনো মুহূৰ্ততে পৃথিৱীৰ পৰা চিৰবিদায় ল’লেহেঁতেন৷ আমেৰিকাৰ মেৰীলেণ্ড বিশ্ববিদ্যালয়ৰ মেডিকেল চেণ্টাৰত লীড ছাৰ্জন বাৰ্টলে পি গ্ৰিফিথৰ নেতৃত্বত সফলভাৱে সম্পন্ন কৰা এই বিৰল অস্ত্ৰোপচাৰটো বিশ্বজুৰি স্বীকৃত হ’ল অথচ প্ৰায় একেধৰণে ডাঃ ধনীৰাম বৰুৱা সোণাপুৰৰ অখ্যাতপ্ৰায় হাৰ্ট চিটী নামৰ অত্যাধুনিক চিকিৎসাৰ সা-সুবিধা নথকা এটা স্থানত সম্পন্ন কৰা অস্ত্ৰোপচাৰটো প্ৰথমে ৰাজ্যজুৰি আৰু পাছত দেশজুৰি নিন্দিত হ’ল৷ বিশ্বজুৰি তেওঁ খ্যাতি অৰ্জন কৰাটো দূৰঅস্ত৷ চিকিৎসা বিজ্ঞানৰ বাবে দুৰূহ হিচাপে পৰিগণিত হোৱা এই অস্ত্ৰোপচাৰৰ পাছত বিৰূপ সংবাদ আৰু স্থানীয় লোকৰ বিৰূপ প্ৰতিক্ৰিয়াৰ পক্ষ লৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ ফলত কমেও ৪০ দিন কাৰাগাৰত থাকিবলগীয়া হ’ল ডাঃ ধনীৰাম বৰুৱা আৰু তেওঁৰ সহযোগী চিকিৎসক ডাঃ জনাথন হো কেই-ছিং৷ সেই বিৰল আৰু বিশ্বৰ ভিতৰতে অগ্ৰণী হিচাপে পৰিগণিত হ’ব পৰাৰ প্ৰতিশ্ৰুতিৰে পৰিপূৰ্ণ অস্ত্ৰোপচাৰটোৰ পাছত ডাঃ ধনীৰাম বৰুৱা যেন সমগ্ৰ অসমীয়াৰ বাবে শত্ৰু হৈ পৰিল৷ মূলতঃ স্থানীয় সংবাদ মাধ্যমৰ হিংসুক আৰু আক্ৰমণাত্মক সংবাদ পৰিৱেশনৰ বাবেই অসমবাসীৰ ওচৰত ডাঃ ধনীৰাম বৰুৱা প্ৰৱঞ্চক চিকিৎসক হৈয়েই থাকিল৷ অৱশ্যে ইয়াৰ বাবে ধনীৰাম বৰুৱাৰ কেতবোৰ বদভ্যাসো জগৰীয়া আছিল৷ কিয়নো তেওঁ প্ৰচাৰৰ লোভত একোটা বিশেষ সংবাদ গোষ্ঠীৰ কাষ চাপিছিল আৰু তেওঁলোকৰ পৰা সঁহাৰি নাপাই আন একোটা সংবাদ গোষ্ঠীৰ কাষ চাপি তেওঁলোকক ‘এক্সক্লুছিভ’ বাতৰি যোগানৰ প্ৰতিশ্ৰুতি দিছিল৷ স্বাভাৱিকতে প্ৰতিদ্বন্দ্বিতাপূৰ্ণ অসমীয়া সংবাদ ক্ষেত্ৰত সেয়া সংবাদ গোষ্ঠীৰ ব্যক্তিগত যুদ্ধত পৰিণত হৈছিল আৰু দুই ম’হৰ যুঁজত বিৰিণাৰ মৰণৰ দৰে অৱস্থা হৈছিল ডাঃ ধনীৰাম বৰুৱাৰ৷ কোৱা বাহুল্য মাথোঁ, চিকিৎসা বিজ্ঞানৰ এক অবিশ্বাস্যপ্ৰায় ঘটনাৰ স্ৰষ্টা হোৱাৰ বাবে আগবাঢ়িও চিকিৎসা বিজ্ঞানৰ সঠিক নিয়ম, নীতি নিৰ্দেশনা অনুসৰণ নকৰাৰ বাবে অস্বীকৃত হৈ ৰ’ল ধনীৰাম বৰুৱা৷ অধিকাংশ অসমবাসীয়েই বিশ্বাস কৰিব নোৱাৰিলে যে ডাঃ ধনীৰাম বৰুৱাই সঁচাকৈয়ে এই অস্ত্ৰোপচাৰ সফলভাৱে সম্পন্ন কৰিছে৷ তেওঁ সেই সময়ত প্ৰতিষ্ঠিত চিকিৎক হৈয়ো সংবাদ মাধ্যমৰ আগত যিমান মিছা মাতিছিল, সেই বক্তব্য তেওঁক মিছলীয়া চিকিৎসকত পৰিণত কৰিবলৈ যথেষ্ট আছিল৷ বিজ্ঞানসন্মত কাৰ্যকলাপ সেই অস্ত্ৰোপচাৰৰ সময়ত ডাঃ ধনীৰাম বৰুৱা অৱলীলাক্ৰমে দলিয়াই পেলাইছিল৷ আন্তঃৰাষ্ট্ৰীয় মঞ্চত স্বীকৃতি লাভৰ বাবে তেওঁ যি পদ্ধতিৰে আগবাঢ়িব লাগিছিল সেয়া তেওঁ অনুকৰণ কৰা নাছিল৷ এনেবোৰ কাৰণতে ‘জেন’ট্ৰেন্সপ্লাণ্টেছন’ৰ এটা সফল অস্ত্ৰোপচাৰ কৰিও আজিও ডাঃ ধনীৰাম বৰুৱা অনেকৰে সন্দেহৰ আৱৰ্তত৷

অথচ এতিয়াৰ পৰা তিনি দশক পূৰ্বে ডাঃ ধনীৰাম বৰুৱাই উদ্ভাৱন কৰি উলিয়াইছিল ‘বৰুৱাজ হাৰ্ট ভাŒভ’ নামে হূদযন্ত্ৰত ব্যৱহাৰ হোৱা এটা অতি কাৰ্যকৰী কৃত্ৰিম ভাŒভ৷ বহু বছৰ ধৰি বিশ্বৰ অনেক দেশে ডাঃ ধনীৰাম বৰুৱাৰ এই ভাŒভ ব্যৱহাৰ কৰিছিল৷ তেওঁ ১৯৮৮ চনতে মুম্বাইত এটা কৃত্ৰিম হাৰ্ট ভাল্ভ উৎপাদনৰ ইউনিট স্থাপন কৰিছিল৷ তাত তেওঁ বিভিন্ন ধৰণৰ কৃত্ৰিম হাৰ্ট ভাল্ভৰ নক্সা তৈয়াৰ কৰিছিল আৰু বিকাশ সাধন কৰিছিল৷ ১৯৯৪ চনত তেওঁ ‘ইমপ্লানটেব’ল জৈৱিক হূদয় বৰুৱাজ হাৰ্ট’ স্থাপন কৰিছিল আৰু তাতে তেওঁ গাহৰিৰ হূদপিণ্ড, হাওঁফাওঁ আৰু কিডনী আদি মানুহৰ দেহত সংৰোপণ কৰি সফল হ’ব পাৰে বুলি গৱেষণা পত্ৰ প্ৰস্তুত কৰিছিল৷ এনেদৰে সঠিক দিশত আগবাঢ়ি গ’লেও যিসময়ত তেওঁ গোলাঘাটৰ হূদৰোগী পূৰ্ণ শইকীয়াৰ দেহত গাহৰিৰ হূদপিণ্ড প্ৰতিষ্ঠাপন কৰিছিল তেতিয়া সম্ভৱতঃ অতি প্ৰচাৰৰ লোভত তেওঁ লৰা ঢপৰাকৈ সেই কাম সম্পাদন কৰিছিল৷ তেওঁ যিদৰে চিকিৎসা বিজ্ঞানৰ ‘এথিক্স’ নমনাকৈ গাহৰিৰ হূদপিণ্ড স্থাপনৰ ক্ষেত্ৰত দৌৰা ঢপৰা লগাইছিল ঠিক একেদৰেই অসমৰ একাংশ সংবাদ মাধ্যমেও ‘এথিক্স’ পাহৰি ডাঃ ধনীৰাম বৰুৱাৰ সঁচাই মিছাই শত্ৰুতা কৰাটোৱেই মূল কৰ্তব্য হিচাপে গণ্য কৰিছিল৷

এতিয়া আমেৰিকাৰ মেৰীলেণ্ড বিশ্ববিদ্যালয়ৰ মেডিকেল চেণ্টাৰত ডেভিদ বেনেট নামৰ এজন হূদৰোগীৰ শৰীৰত সেই চিকিৎসালয়ৰ এদল চিকিৎসকে গাহৰিৰ হূদপিণ্ড প্ৰতিষ্ঠাপন কৰাত অসমত ডাঃ ধনীৰাম বৰুৱাৰ ২৫ বছৰৰ পূৰ্বৰ সেই অস্ত্ৰোপচাৰক লৈ পূৰ্ণ চৰ্চা চলিছে৷ এতিয়াও অৱশ্যে অসমৰ ৰাইজ দ্বিধাবিভক্ত৷ পিছে অধিকাংশ লোকেই এতিয়া ডাঃ ধনীৰাম বৰুৱাৰ পক্ষত অৱস্থান কৰিছে৷ অধিকাংশই ধনীৰাম বৰুৱাই স্বীকৃতি নোপোৱাৰ বাবে দোষ জাপি দিছে সংবাদ মাধ্যম আৰু চৰকাৰৰ ওপৰত৷ কিন্তু প্ৰকৃত পৰিস্থিতি যি বিশে¡ষণ কৰিব পাৰে আৰু সেই সময়ৰ ঘটনা যি ভালদৰে জানে তেওঁলোকে উপলব্ধি কৰিছে, সঠিক পথেৰে আগবঢ়া হ’লে ডাঃ ধনীৰাম বৰুৱাই তেতিয়াই আজিৰ মেৰীলেণ্ড বিশ্ববিদ্যালয়ৰ চিকিৎসকৰ দৰে স্বীকৃতি লাভ কৰিলেহেঁতেন৷

উল্লেখ্য, অস্ত্ৰোপচাৰৰ পূৰ্বে ডেভিদ বেনেটক মেৰীলেণ্ডৰ চিকিৎসকে এটা ‘হাৰ্ট-লাং বাইপাছ মেচিন’ৰ দ্বাৰা সংযোগ কৰি জীয়াই ৰাখিবলগীয়া হৈছিল৷ সেই মেচিন এতিয়াও তেওঁৰ শৰীৰত সংযোগ কৰি ৰখা আছে৷ অস্ত্ৰোপচাৰ কৰা চিকিৎসকৰ দলটোৱে জনাইছে, ‘জেনেটিকেলি মডিফাইড’ বা জিন পৰিৱৰ্তন ঘটনাই প্ৰতিষ্ঠাপন কৰা গাহৰিৰ হূদপিণ্ডটোৱে বেনেটৰ শৰীৰত মানৱ হূদপিণ্ডৰ দৰেই অধিকাংশ কাম সম্পাদন কৰি আছে আৰু তেওঁৰ শৰীৰে গাহৰিৰ হূদপিণ্ডটো প্ৰত্যাখান কৰাৰ কোনো লক্ষণ দেখুওৱা নাই৷ তেতিয়া ডাঃ ধনীৰাম বৰুৱাই তেওঁৰ সা-সুবিধা নথকা হাৰ্ট চিটী নামৰ চিকিৎসালয়খনত পূৰ্ণ শইকীয়াক এনেদৰে জীয়াই ৰাখিবলৈ কোনো বৈজ্ঞানিক যন্ত্ৰৰ সুবিধা পোৱা নাছিল৷ প্ৰসংগতঃ উল্লেখযোগ্য, জন্তুৰ শৰীৰৰ অংগ ঘাইকৈ হূদপিণ্ড আৰু হাওঁফাওঁ মানৱদেহত প্ৰতিষ্ঠাপন কৰাৰ পাছত ৰোগী ৯০ দিনলৈ জীৱিত থাকিলেহে ‘ইণ্টাৰনেচনেল ছ’চাইটী ফৰ হাৰ্ট এণ্ড লাং ট্ৰেন্সপ্লানটেচন ফৰ এ জেন’ট্ৰেন্সপ্লানটেচন’ নামৰ আন্তঃৰাষ্ট্ৰীয় সংগঠনটোৱে এনে অস্ত্ৰোপচাৰ বা চিকিৎসা সফল বুলি স্বীকৃতি প্ৰদান কৰে৷ সেই দিশৰ পৰা মেৰীলেণ্ডৰ চিকিৎসকসকলৰ সাফল্যৰ দাবী অধিক আগতীয়া হৈছে বুলি সমালোচনা হৈছে৷ ইয়াৰ বিপৰীতে ডাঃ ধনীৰাম বৰুৱা তেওঁ গাহৰিৰ হূদপিণ্ড স্থাপন কৰা পূৰ্ণ শইকীয়া নামৰ ৰোগীজন এসপ্তাহ জীয়াই থকা বুলি দাবী কৰিছিল৷