Logo
image

ভেক্‌চিন নল’লে দৰিদ্ৰয়ো নাপাব চিকিৎসা

আমাৰ অসম, ১৩ জানুৱাৰীঃ ভেক্‌চিন নল’লে দৰিদ্ৰ লোকেও লাভ নকৰিব বিনামূলীয়া ক’ভিড চিকিৎসা৷ আনকি ক’ভিডৰ এপালি ভেক্‌চিন লোৱা ব্যক্তিয়েও নাপাব চৰকাৰী হাস্পতালত বিনামূলীয়া চিকিৎসা সেৱা৷ ৰাজ্যৰ স্বাস্থ্য বিভাগে ক’ভিড চিকিৎসা সম্পৰ্কীয় এই নতুন নিৰ্দেশনা জাৰি কৰিছে৷ মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক ক’ভিড ভেক্‌চিন লোৱাত গুৰুত্ব আৰোপ কৰাই নহয়, ভেক্‌চিনৰ দুটা ড’জ নোলোৱা ব্যক্তিক ১৫ জানুৱাৰীৰ পাছত ঘৰৰ বাহিৰ ওলোৱাতে নিষেধাজ্ঞা আৰোপ কৰিছে৷ আনকি মুখ্যমন্ত্ৰীয়ে ভেক্‌চিন নোলোৱা ক’ভিড পজিটিভ ৰোগীক চৰকাৰী হাস্পতালত বিনামূলীয়া চিকিৎসা প্ৰদান কৰা নহয় বুলিও সকীয়াই দিছিল৷ মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতেই চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া চিকিৎসাৰ সন্দৰ্ভত নীতি নিৰ্দেশনা জাৰি কৰিছে স্বাস্থ্য বিভাগে৷ নতুন নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা ভেক্‌চিন নোলোৱা ব্যক্তিয়ে ক’ভিড পজিটিভ হ’লে চৰকাৰী হাস্পতালত বিনামূলীয়া চিকিৎসা লাভ নকৰিব৷ আনকি এপালি ভেক্‌চিন ল’লেও বিনামূলীয়া ক’ভিড চিকিৎসাৰ বাবে যোগ্য বিবেচিত নহ’ব৷ ভেক্‌চিন নোলোৱা বিপিএল ৰোগীসকলেও এই সুবিধা লাভ নকৰিব৷ অৱশ্যে অতি সংকটজনক ৰোগীৰ ক্ষেত্ৰতে বিনামূলীয়া চিকিৎসা প্ৰদান কৰিব হাস্পতালসমূহে৷ লক্ষণীয় বিষয়টো হৈছে চৰকাৰে ক’ভিড ভেক্‌চিনৰ গুৰুত্ব দিয়াৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিলেও ৰাজকোষত ধন নথকাৰ বাবেহে চৰকাৰে বিনামূলীয়া ক’ভিড চিকিৎসা বন্ধ কৰা বুলি অভিযোগ উঠিছে৷ ইপিনে, অনাগত ৪৫ দিনলৈ ৰাজ্যত ক’ভিডৰ সন্ত্ৰাস অব্যাহত থাকিব বুলি সতৰ্ক কৰি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মঙলবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয়– ‘বৰ্তমান সাধাৰণ নাগৰিকৰ জীৱন-জীৱিকা ৰক্ষা কৰি ক’ভিড বিধি বলৱৎকৰণৰ চেষ্টা চলাইছো৷ যিমান দিনলৈ পাৰি লকডাউন নোহোৱাকৈ চলিব লাগে৷ কিন্তু মানুহে যদি কয়– ‘মাঘ বিহু পাতিব লাগে, সাংস্কৃতিক সন্ধিয়া পাতিব লাগে তেনেহ’লে এটা দিনত লকডাউনৰ পৰ্যায়লৈ আহি যাব৷ লকডাউন হ’লে অসমীয়া মানুহৰহে ক্ষতি হ’ব৷ অনাগত ৪৫ দিনলৈ ক’ভিডৰ সন্ত্ৰাস চলিব৷ ক’ভিডৰ পিক পৰ্যায়ত এদিনতে ১২ হাজাৰৰ পৰা ১৪ হাজাৰ লোক আক্ৰান্ত হোৱাৰ আশংকা কৰা হৈছে৷’