লতাৰ বাবে প্ৰাৰ্থনা
আমাৰ অসম, ১৭ জানুৱাৰীঃ কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ স্বাস্থ্যৰ ক্ৰমাৎ অৱনতি ঘটিছে৷ যোৱা ছদিন ধৰি মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত ক’ভিড আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৯২ বছৰীয়া সুৰৰ সম্ৰাজ্ঞীগৰাকীৰ আৰোগ্যৰ বাবে চিকিৎসকসকলে অনুৰাগীক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ আহ্বান কৰিছে৷ যোৱা ১১ জানুৱাৰীত ক’ভিড পজিটিভ নিশ্চিত হোৱাৰ পৰাই ব্ৰীচ কেণ্ডি হাস্পতালৰ আই চি ইউত থকা লতা মংগেশকাৰ নিউমেনিয়াতো আক্ৰান্ত হোৱাত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে৷ তেওঁক চিকিৎসা কৰি থকা চিকিৎসকৰ দলটোৰ মূৰব্বী ডাঃ প্ৰতীত সমদানীয়ে কয়– ‘লতাজী এতিয়াও আই চি ইউতে আছে৷ তেওঁক অধিক যত্নৰ প্ৰয়োজন, কিয়নো লতাজী ক’ভিডৰ উপৰি সম্প্ৰতি নিউমেনিয়াতো আক্ৰান্ত হৈছে৷ দুয়োটা ৰোগৰে সম্প্ৰতি চিকিৎসা চলি আছে আৰু তেওঁক সুস্থ কৰি তুলিবলৈ কিছু দীঘলীয়া সময়ৰ প্ৰয়োজন হ’ব৷ এই মুহূৰ্তত তেওঁ সুস্থ হৈ উঠিবলৈ কিমান দিন প্ৰয়োজন হয়, সেই বিষয়ে নিশ্চিতভাৱে কোৱা সম্ভৱ নহয়৷ কেইবাজনো চিকিৎসকৰে গঠিত এটা দলে লতাজীৰ চিকিৎসা কৰি আছে৷ চিকিৎসকসকলে তেওঁক নিৰন্তৰ পৰ্যবেক্ষণত ৰাখিছে৷ এই সময়ত মই সকলোকে লতাজীৰ আয়োগ্যৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনাইছো৷’ ১৯৪২ চনত ১৩ বছৰ বয়সৰ পৰা গান গাই জ্জ দশকজোৰা এটা অভাৱনীয় বৰ্ণাঢ্য কেৰিয়াৰ সৃষ্টি কৰা লতা মংগেশকাৰৰ স্বাস্থ্যৰ অৱনতি ঘটা বুলি চিকিৎসকে জনোৱাত অনুৰাগীসকল উৎকণ্ঠিত হৈ পৰিছে৷ দেশৰ বিভিন্ন ভাষাত ৩০,০০০ৰো অধিক সংগীতত কণ্ঠদান কৰা লতা মংগেশকাৰক দীৰ্ঘদিন পূৰ্বেই দেশৰ সৰ্বোচ্ছ অসামৰিক সন্মান ভাৰতৰত্নৰে বিভূষিত কৰা হৈছিল৷ একেৰাহে ৭০ বছৰ ধৰি অনুৰাগীৰ জীৱন সংগীতেৰে আচ্ছন্ন কৰি ৰাখি এগৰাকী শিল্পী হিচাপে পাব পৰা সকলো সন্মান লাভ কৰিলেও ভাৰতৰ নাইটিংগেল হিচাপে বিভূষিত গায়িকাগৰাকীৰ দীৰ্ঘজীৱন কামনা কৰি ইতিমধ্যে মহাৰাষ্ট্ৰত অনুৰাগীৰ মাজত পূজা-অৰ্চনা আৰম্ভ হৈ গৈছে৷