Logo
image

বিশ্বত কৰ’না-মুক্তি আৰম্ভ

ব্ৰিটেইনত বিধি নিষেধ প্ৰত্যাহাৰ 

মাস্ক বাধ্যতামূলক নহয় 

১১ মাৰ্চৰ পৰা ভাৰততো একে ব্যৱস্থা

আমাৰ অসম, ২১জানুৱাৰীঃ বিৰামহীনভাৱে বিগত দুবছৰ ক’ভিড অতিমাৰীৰ চৰম আতংকত কটোৱাৰ পাছত এতিয়া বিশ্ববাসীয়ে ক’ভিডৰ পৰা চিৰমুক্তি বিচাৰিছে৷ ক’ভিডমুক্ত এখন নতুন   পৃথিবীত বাস কৰাৰ লক্ষ্যৰে আজি বৃহস্পতিবাৰৰ পৰা ব্ৰিটেইনে দেশখনত মাস্ক পৰিধান কৰাৰ বাধ্যবাধকতা আৰু ৰাজহুৱা স্থানত ক’ভিড-১৯ পাছপ’ট দাখিলৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰিছে৷ অৱশ্যে ক’ভিড তুংগত থকা অৱস্থাতো ব্ৰিটেইনত পথ, স্কোৱেৰ ইত্যাদি ৰাজহুৱা স্থানত মাস্ক পৰিধান বাধ্যতামূলক নাছিল৷ কেৱল আবদ্ধ হলঘৰ, ৰাজহুৱা অনুষ্ঠান আদিতহে মাস্ক পৰিধান বাধ্যতামূলক আছিল৷ এদিনত ৯৪,৪৮২ জন ব্যক্তি সংক্ৰমিত হোৱা দিনটোতে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে মাস্ক পৰিধান আৰু বৃহৎ সমাবেশত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত ক’ভিড পাছপ’ট দাখিলৰ বাধ্যবাধকতা প্ৰত্যাহাৰ কৰি দেশখনে ক’ভিডমুক্ত পৃথিবীৰ দিশে প্ৰতীকি খোজ পেলোৱা বুলি প্ৰতীয়মান কৰিছে৷ কেৱল ব্ৰিটেইনেই নহয়, ক’ভিডৰ বাধ্যবাধকতা ক্ৰমাৎ শিথিল কৰি আনিছে স্পেইনকে ধৰি ইউৰোপৰ কেইবাখনো দেশে৷ ঘাইকৈ ক’ভিডৰ শেহতীয়া প্ৰজাতি অমিক্ৰনৰ দুৰ্বল মাৰন ক্ষমতাৰ বৈশিষ্ট দেখি সেই সাহসৰ ওপৰত ভিত্তি কৰিয়েই এতিয়া লাহে লাহে সকলো দেশেই ক’ভিডমুক্ত পৃথিৱী এখনত বাস কৰিবৰ বাবে সাজু হৈছে৷ আমাৰ দেশতো বুধবাৰে আই চি এম আৰ-ৰ অতিমাৰী বিভাগৰ মুৰব্বী ডাঃ সমীৰণ পাণ্ডাই ১১  মাৰ্চৰ পাছত ভাৰতত ক’ভিডৰ সংক্ৰমন শেষ হ’ব আৰু অমিক্ৰনৰ দ্বাৰা ক’ভিড অতিমাৰী দুৰ্বল হৈ সাধাৰণ জ্বৰলৈ পৰ্যবসিত হ’ব বুলি এটা তথ্যসমৃদ্ধ সমীক্ষাৰ জৰিয়তে ভৱিষ্যদ্বানী কৰাত ভাৰতীয়য়ো সাহ ঘূৰাই পাইছে৷

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে সতীৰ্থ সাংসদসকলক কয় যে, চৰকাৰী বিজ্ঞানীসকলে বিশ্বাস কৰিছে যে এতিয়াৰ পৰা ক’ভিডৰ সংক্ৰমণ ক্ৰমাৎ নিম্নমুখী হ’ব৷ অতিশয় সংক্ৰামক ক’ভিডৰ নতুন প্ৰজাতি অমিক্ৰনৰ সংক্ৰমণৰ গতি ক্ৰমাৎ তললৈ নামি অহা বুলি বিজ্ঞানীসকলে চৰকাৰক জনোৱাৰ বাবেই বৃহস্পতিবাৰৰ পৰা ব্ৰিটিছ চৰকাৰে ক’ভিডৰ বাধ্যবাধকতা প্ৰত্যাহাৰ কৰিছে৷ তেওঁ জনোৱা অনুসৰি দেশৰ অধিকাংশ স্থানত এতিয়া সংক্ৰমণ নিম্নমুখী৷ উত্তৰ ইংলেণ্ডৰ কিছুমান হাস্পতালত যথেষ্ট সংখ্যক ৰোগী থাকিলেও পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণাধীন৷ ইনটেনছিভ কেয়াৰ ইউনিটত থকা ৰোগীৰ সংখ্যা কমি আহিছে আৰু ক্ৰমাৎ সমগ্ৰ দেশখনৰ পৰিৱেশ সুস্থিৰ হৈ আহিছে৷ এনে পৰিস্থিতিত ব্ৰিটিছ চৰকাৰে দেশখনৰ নাগৰিকক মাস্ক পৰিধান আৰু বিশাল সমাবেশ হোৱা ৰাজহুৱা স্থানত ক’ভিড পাছপ’ৰ্ট দাখিল কৰাটো প্ৰত্যাহাৰ কৰিছে যাতে ক’ভিডৰ বাধ্যবাধকতা পালন নকৰাসকলক এতিয়াৰ পৰা অপৰাধ কৰা বুলি গণ্য কৰা নহয়৷ উল্লেখ্য, এই বাধ্যবাধকতা যোৱা ডিচেম্বৰত বলৱৎ কৰা হৈছিল৷ ডিচেম্বৰৰ আৰম্ভণিৰ পৰাই দেশখনত অমিক্ৰন নামৰ নতুন প্ৰজাতিয়ে দ্ৰুতগতিত ক’ভিডৰ সংক্ৰমণ বিস্তাৰ কৰিছিল৷ অতি সংক্ৰামক হ’লেও অমিক্ৰনৰ মাৰণ ক্ষমতা কম বুলি আন আন দেশৰ লগতে ব্ৰিটেইনতো প্ৰমাণিত হৈছে৷ দৈনিক দুই লাখতকৈ অধিক লোক সংক্ৰমিত হোৱাৰ সময়তো ক’ভিডৰ প্ৰথম আৰু দ্বিতীয় ঢৌৰ তুলনাত এইবাৰ তৃতীয় ঢৌত ক’ভিডত মৃত্যুৰ সংখ্যা আপেক্ষিকভাৱে কম৷ অনুৰূপ প্ৰতিচ্ছবি দেখা গৈছে ইউৰোপৰ আন আন দেশ আৰু আমেৰিকাতো৷ সেয়ে অমিক্ৰনৰ জৰিয়তে ক’ভিডৰ মাৰণ শক্তি হ্ৰাস হোৱাত এতিয়াৰে পৰা বিশ্ববাসীয়ে ক’ভিডমুক্ত এখন পৃথিৱীত বাস কৰিব পাৰিব বুলি আশ্বস্ত হৈছে৷

তাৎপৰ্যপূৰ্ণভাৱে বুধবাৰে একেদিনাই ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ দৰেই ভাৰতীয় স্বাস্থ্য বিজ্ঞানী, আইচিএমআৰৰ অতিমাৰী বিভাগৰ মুৰব্বী ডাঃ সমীৰণ পাণ্ডাই অমিক্ৰনৰ জৰিয়তে ক’ভিড অতিমাৰী শক্তিহীন সাধাৰণ জ্বৰলৈ পৰ্যবসিত হ’ব বুলি মন্তব্য কৰিছিল৷ তেওঁ এটা তথ্য সমৃদ্ধ সমীক্ষাৰ জৰিয়তে এই মন্তব্য কৰি অহা ১১ মাৰ্চৰ পৰা ভাৰতত ক’ভিডৰ অৱলুপ্তি ঘটিব বুলি জনাইছিল৷ দুয়োৰে এই মন্তব্যৰ সাদৃশ্যই প্ৰতীয়মান কৰে, এতিয়াৰ পৰা বিশ্বৰ বহু দেশে ক’ভিডমুক্ত এখন পৃথিৱীত বাস কৰিবৰ বাবে আগবাঢ়িবলৈ সাজু হৈছে৷ সমীৰণ পাণ্ডাই কেতবোৰ চৰ্ত সাপেক্ষে ভাৰতত ক’ভিড আৰু দুমাহৰ পাছত তেনেই সাধাৰণ ৰোগলৈ পৰ্যবসিত হ’ব বুলি শক্তিশালী দাবী কৰিছিল৷ ৰাষ্ট˜ীয় পৰ্যায়ৰ এক সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত সমীৰণ পাণ্ডাই কৈছিল– ‘অনুমান কৰা হৈছে, অমিক্ৰনৰ প্ৰভাৱ ভাৰতত ১১ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছিল আৰু ইয়াৰ পূৰ্ণ প্ৰভাৱ তিনি মাহ জুৰি চলিব৷ সেই অনুসৰি অহা ১১ মাৰ্চৰ পিছৰ পৰা ভাৰতত ক’ভিডৰ সংক্ৰমণ নিম্নমুখী হ’ব৷ এতিয়া যিদৰে ৰকেটৰ গতিত সংক্ৰমণ বৃদ্ধি পাইছে, ১১ মাৰ্চৰ পিছত সংক্ৰমণ উ{¨াৰ গতিত অধঃপতিত হ’ব৷ কেইবাবিধো প্ৰণালীৰ জৰিয়তে চলোৱা সমীক্ষাৰ পৰা এনে তথ্য পোৱা গৈছে৷ যদিহে সেই প্ৰণালী শুদ্ধ হয় তেন্তে আমি কৰা অনুমানো অৱধাৰিতভাৱে শুদ্ধ হ’ব৷’ প্ৰসংগতঃ উল্লেখযোগ্য, বিগত দুবছৰ ধৰি ক’ভিডৰ সংক্ৰমণৰ হ্ৰাস-বৃদ্ধিৰ ক্ষেত্ৰত ভাৰতৰ আইচিএমআৰ, এইম্‌ছ আৰু কেইবাখনো আইআইটিয়ে যি সমীক্ষা আগতীয়াকৈ চলাই পূৰ্বাভাষ দিছিল সেই সকলোবোৰ সমীক্ষাই পৰৱৰ্তী সময়ত প্ৰায় শুদ্ধ প্ৰমাণিত হৈছিল৷ প্ৰত্যেকটো সংস্থাই এই সমীক্ষা চলোৱাৰ ক্ষেত্ৰত বিভিন্ন প্ৰতিষ্ঠিত গাণিতিক প্ৰণালী অৱলম্বন কৰিছিল৷ স্বাভাৱিকতে সেই প্ৰণালীৰ সৈতে বিজ্ঞান আৰু স্বাস্থ্যবিজ্ঞান ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল৷ প্ৰথম আৰু দ্বিতীয় দুয়োটা ক’ভিডৰ ঢৌৰ ক্ষেত্ৰত ভাৰতৰ আগশাৰীৰ সংস্থাৰ ভৱিষ্যদ্বাণী শুদ্ধ প্ৰমাণ হোৱাটো বিশ্বৰ সকলো স্বাস্থ্য বিজ্ঞানীয়ে লক্ষ্য আৰু প্ৰশংসা কৰিছে৷ ইয়াৰ বিপৰীতে ‘হু’ অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থাই ভিন ভিন সময়ত বিভ্ৰান্তিকৰ ভৱিষ্যদ্বাণী প্ৰকাশ কৰা দেখা গৈছে৷ কিয়নো ‘হু’ৰ মুৰব্বীয়ে যদি কয় এটা কথা, ‘হু’ৰ স্বাস্থ্য বিভাগৰ মুৰব্বীয়ে কয় আন এটা কথা৷ সামগ্ৰিকভাৱে ‘হু’ৰ ক’ভিড অতিমাৰী সম্পৰ্কীয় সমীক্ষাত্মক ভৱিষ্যদ্বাণী এতিয়ালৈকে সমন্বয়হীন বক্তব্য যেন দেখা গৈছে৷