Logo
image

মেঘালয়খনেই দেখোন কংগ্ৰেছে দিলেঃ হিমন্ত

সীমান্তৰ মাটিঃ কংগ্ৰেছ যাব দিল্লীলৈ

আমাৰ অসম, ২৪ জানুৱাৰীঃ ‘মেঘালয় ৰাজ্যখনেই দেখোন কংগ্ৰেছে দিলে৷ ৰাজধানীখনো কংগ্ৰেছে এৰি দি, দিছপুৰলৈ গুচি আহিলে৷ সেই কংগ্ৰেছে আমাক সমালোচনা কৰাৰ নৈতিক অধিকাৰ নাই৷’– এই মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ৷ দেওবাৰে দিছপুৰৰ জনতা ভৱনত এক সংবাদ মেলত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এনেদৰে মন্তব্য কৰি কয়– ‘উত্তৰ পূবৰ ৰাজ্যসমূহক দুৰ্বল কৰি ৰাখিবৰ বাবেই কংগ্ৰেছে জন্মৰ সময়তে চুবুৰীয়া ৰাজ্যৰে   সীমা ঠিক কৰি দিয়া নাছিল৷ জানি বুজিয়েই নৰ্থ ইষ্টাৰ্ণ এৰিয়াছ [ৰিঅৰ্গেনাইজেশ্বন] এক্টত সীমা ঠিক কৰি নিদিলে৷ জন্মৰ সময়তে সীমাৰ পূব, পশ্চিম, উত্তৰ, দক্ষিণ তেওঁলোকে ঠিক কৰি দিব লাগিছিল৷ ৫০ বছৰৰ পাছত মেঘালয়ৰ সৈতে ছটা সীমাৰ পইণ্টত আমি বুজাবুজিত উপনীত হৈছো৷ ইয়াত আপত্তি কৰিবলগীয়া কি আছে৷ ইতিমধ্যে ভাৰত চৰকাৰক আমি প্ৰতিবেদন দাখিল কৰিছোঁ৷ ইতিমধ্যে অসমৰ ৰাইজক সকলো কথা জনাইছোঁ৷ মেঘালয়ৰে সীমাৰ বুজাবুজিৰ ফলত ক’ৰবাত ১৫ ঘৰ, ক’ৰবাত ৩০ ঘৰ মানুহ ইফাল-সিফাল হ’ব৷ সাত ভনীৰ সম্পৰ্ক অটুট ৰাখিবৰ বাবেই আমি এই মিলামিছা কৰিছোঁ৷ নাগালেণ্ডৰ বাহিৰে আন চুবুৰীয়া ৰাজ্যৰে সীমা সমস্যা সমাধান কৰাটো জটিল নহয়৷ মিজোৰামৰ লগতো আমাৰ সমস্যাটো জটিল নহয়৷ মাথোন নাগালেণ্ডৰ লগতহে সীমা সমস্যাটো জটিল৷ উচ্ছতম ন্যায়ালয়ত গোচৰটো চলি আছে৷ আশা কৰো ২-৩ বছৰৰ ভিতৰত ইয়াৰ সমাধানসূত্ৰ ওলাব৷ খাছী বা গাৰো গাঁও আমাৰ লগত থাকিলে খাছী বা গাৰো মাধ্যমৰ বাবে আমি কেনেকৈ পাঠ্যপুথি প্ৰস্তুত কৰিম৷ একেদৰে মেঘালয়ত অসমীয়া গাঁও থাকিলে তেওঁলোকে কেনেদৰে অসমীয়া পাঠ্যপুথি প্ৰস্তুত কৰিব৷’ উল্লেখ্য যে অসম-মেঘালয়ৰ সীমা বিবাদ সমাধান সূত্ৰক প্ৰত্যাহ্বান জনাই উচ্ছতম ন্যায়ালয়লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰদেশ কংগ্ৰেছে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কালি এই কথা সদৰি কৰিছে৷

সীমা সমস্যা সমাধানত কংগ্ৰেছে একো নকৰিলেঃ অতুল বৰা

‘আমাৰ অসমঃ ‘সীমা সমস্যা সমাধানত কংগ্ৰেছ চৰকাৰে একো নকৰিলে৷ এতিয়া মুখ্যমন্ত্ৰীৰ নেতৃত্বত সীমা সমস্যা সমাধান হ’বলৈ গৈ আছে৷ মেঘালয় চৰকাৰেও এইক্ষেত্ৰত সহাৰি জনাইছে৷’–মহানগৰীৰ বীৰাংগনা সাধনী ভৱনত আজি অনুষ্ঠিত হোৱা সদৌ চুতীয়া যুৱ সন্মিলন, অসমৰ ২৮সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰি কৃষিমন্ত্ৰী অতুল বৰাই এইদৰে কয়৷ যুৱ সন্মিলনৰ কেন্দ্ৰীয় সভাপতি বিতুপন শইকীয়া সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত প্ৰতিটো জাতিক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত দেশৰ সংবিধানে কেতবোৰ ব্যৱস্থা প্ৰদান কৰিছে বুলি কৃষিমন্ত্ৰী বৰাই সদৰী কৰি ভাষণ প্ৰসংগত কয় যে ৰাজ্যখনৰ বিকাশ তৰান্বিত কৰিবলৈ হ’লে প্ৰতিটো জাতি-জনগোষ্ঠীৰ সম-বিকাশ আগবঢ়াই নিব লাগিব৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমান চৰকাৰখনে ৰাজ্যখনৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ বিকাশ তৰান্বিত কৰিব কাৰণে যোৱা সাত মাহত কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি তেওঁ মন্তব্য কৰি চুতীয়া জনগোষ্ঠীৰ মূল-মূল যি সমস্যা আছে, এই সমস্যাবোৰ নিৰ্দিষ্ট সময়ৰ সময়ত চৰকাৰখনে সমাধান কৰিবলৈ যাবতীয়া ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্ত্ৰী বৰাই আশ্বাস দিয়ে৷ বৈঠকত পৃথিৱীৰ ভিতৰতে ক্ষুদ্ৰতম কবিতা পুথি প্ৰকাশ কৰি আন্তঃৰাষ্ট্ৰীয় বুক অৱ ৰেকৰ্ড, ইণ্ডিয়া বুক অক ৰেকৰ্ড, এছিয়া বুক অৱ ৰেকৰ্ড, অসম বুক অৱ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হোৱা তথা এদিনতে ৰচনা কৰি ছপা সম্পূৰ্ণ কৰা কৰা ‘জীৱনৰ ৰং’ শীৰ্ষক কবিতা পুথিৰ স্ৰষ্টা ডিব্ৰুগড় কানৈ মহাবিদ্যালয় ছাত্ৰ নিপু বৰুৱাক সম্বৰ্ধনা জনায়৷ ইফালে আজি অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত উপদেষ্টাৰূপে নৃপেন শইকীয়া, পূৰ্বৰ সভাপতি বিতুপন শইকীয়াক নিৰ্বাচিত কৰাৰ সমান্তৰালভাৱে যোৰহাটৰ মোহন শইকীয়াক সভাপতি, নৃপেন খনিকৰক কাৰ্যকৰী সভাপতি, ঢকুৱাখানাৰ কৌস্তব কিশোৰ চুতীয়াক সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰে প্ৰতিনিধিসকলে৷