Logo
image

যোৰহাটত অ’এনজিচিৰ তেলৰ পাইপত বিধবংসী অগ্নিকাণ্ড

পুনৰ বাঘজানৰ দুঃস্বপ্ন 

আমাৰ অসম, ২৩ জানুৱাৰীঃ বাঘজান কাণ্ডই অসমবাসীক আতংকিত কৰি ৰখাৰ সময়তে আজি যোৰহাটত তেলৰ পাইপলাইনত আন এক অগ্নিকাণ্ড সংঘটিত হয়৷ ২০২০ চনত বাঘজানৰ তৈল ক্ষেত্ৰত ছমাহ ধৰি অব্যাহত থকা বিধবংসী অগ্নিকাণ্ডৰ স্মৃতি যোৰহাটবাসীৰ  মনত সজীৱ হৈ থকাৰ সময়তে আজিৰ এই অগ্নিকাণ্ডই তীব্ৰ আতংকৰ সৃষ্টি কৰে৷ যোৰহাটৰ দক্ষিণ দিশত অৱস্থিত চিনামৰা আৰক্ষী চকীৰ অন্তৰ্গত তিমতিমিয়া গাঁৱৰ পথাৰৰ মাজত  বৰহোলাৰ পৰা যোৰহাট চাৰিগাঁৱলৈ খাৰুৱা তেল পৰিবহণ কৰা পাইপলাইনত আজি পুৱা প্ৰায় ৭.০০ বজাত সংঘটিত এই ভয়াংকৰ অগ্নিকাণ্ডই সমগ্ৰ যোৰহাটবাসীকে আতংকিত কৰি তোলে৷ পাইপৰ পৰা নিৰ্গত হোৱা খাৰুৱা তেলত সূত্ৰপাত হোৱা জুইৰ লেলিহান শিখাই সমগ্ৰ যোৰহাটৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰে৷ তেলচুৰি কাণ্ডৰ পৰিণতিত সংঘটিত অগ্নিকাণ্ডস্থলীৰ পৰা নিৰ্গত ক’লা ধোঁৱাই অঞ্চলটোৰ আকাশ ছানি ধৰে৷ এই অগ্নিকাণ্ডৰ খবৰ পাই চিনামৰা আৰক্ষী আৰু যোৰহাট সদৰ থানাৰ আৰক্ষীয়ে ততালিকে ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে অ’এনজিচিয়ে বৰহোলা তেল পৰিবহণ বন্ধ কৰি দিয়ে৷ ইফালে যোৰহাটস্থ ৰাজ্যিক অগ্নিনিৰ্বাপক বাহিনী আৰু অ’এনজিচিৰ অগ্নিনিৰ্বাপক গাড়ীয়ে যুদ্ধকালীন তৎপৰতাৰে প্ৰচেষ্টা চলাই জুই নুমুৱাবলৈ সক্ষম হয়৷

তেল চুৰি কাণ্ডৰ বাবেই এই দুৰ্ঘটনাঃ আৰক্ষী আৰু স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে দুৰ্ঘটনাস্থলীত তেল চোৰে দীৰ্ঘদিনৰ পৰা পাইপত ডাম্প বহুৱাই বেলেগ পাইপ সংযোগ কৰি কিছু আঁতৰৰ এটা পৰিত্যক্ত ইটা ভাটাৰ পৰা তেল চুৰি কৰি আহিছিল৷ স্থানীয় একাধিক সূত্ৰৰ মতে দীৰ্ঘদিন ধৰি তেলচোৰে এই প্ৰক্ৰিয়াৰে তেল চুৰি কৰি আহিছিল আৰু তেল চুৰিৰ বাবে মটৰো ব্যৱহাৰ কৰিছিল৷ এই সম্পৰ্কে অ’এনজিচিক কিছু লোকে খবৰ দিয়া বুলিও স্থানীয় সূত্ৰই প্ৰকাশ কৰিছে৷ কিন্তু এনেদৰে দীৰ্ঘদিন ধৰি তেল চুৰি কৰি থকা স্থানতে অগ্নিকাণ্ড সংঘটিত হোৱাত স্বাভাৱিকতে তেলচোৰ চক্ৰৰ প্ৰতি সন্দেহৰ আঙুলি উঠিছে৷ উল্লেখ্য, অ’এনজিচিৰ পাইপলাইনৰ পৰা স্থায়ী ফুটা কৰি এডাল সুকীয়া পাইপ জোৰা দি সম্পূৰ্ণ ঢালাই কৰি দিয়া হৈছিল৷ তাৰ পৰা পাইপ ডাল পুতি ধৰিব নোৱৰা কৰি দিয়া হৈছিল৷ তাৰ পৰা পাইপডাল আঁতৰলৈ নি এটা চকেটৰ সহায়ত তেল উলিওৱা হৈছিল আৰু আন এটা চকেটৰ সহায়ত তেল ওলোৱাটো বন্ধ কৰি ৰখা হৈছিল৷ উল্লেখ্য, আজিৰ দুৰ্ঘটনাটোও অ’এনজিচিৰ পাইপ লাইনডালৰ ওপৰত হোৱা নাছিল৷ বৰঞ্চ পাইপলাইনডালৰ পৰা সুকীয়াকৈ পাইপ সংযোগ কৰি প্ৰায় ৩০ মিটাৰ আঁতৰৰ যি স্থানৰ পৰা তেল চুৰি কৰা হৈছিল উক্ত স্থানতহে অগ্নিকাণ্ডটো সংঘটিত হয়৷ সচেতন লোকে সন্দেহ কৰা মতে যোৱা নিশা খাৰুৱা তেল চুৰিৰ সময়ত কেনেবাকৈ অতিৰিক্ত তেল মাটিত পৰি ৰয় আৰু উক্ত তেলতেই আজি অগ্নিকাণ্ডৰ সূত্ৰপাত হয়৷ পাছত এই জুই পাইপলাইনলৈ সম্প্ৰসাৰিত হয়৷ 

তেল চোৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীঃ যোৰহাটৰ তিমতিমিয়া গাঁৱৰ পাইপ লাইনৰ পৰা অত্যাধুনিক প্ৰক্ৰিয়াৰে দীৰ্ঘ দিন ধৰি তেল চুৰি কৰি অহা হৈছে৷ ইয়াৰ বাবে তেল চোৰৰ দলে স্থায়ী ব্যৱস্থা কৰি লৈছে৷ উক্ত স্থানত কেইবা বছৰো ধৰি তেল চুৰি কাৰ্য সংঘটিত হৈ থকা বুলি আৰক্ষী আৰু স্থানীয় লোকে সন্দেহ কৰিছে৷ তেল চোৰৰ বাবেই আজিৰ এই ভয়ংকৰ কাণ্ড সংঘটিত হয়৷ অৱশ্যে অ’ এন জি চি-য়ে তেলৰ প্ৰৱাহ বন্ধ কৰি দিয়া বাবেহে অধিক বিধবংসী কাণ্ড সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰে৷ অন্যথা অঞ্চলটোৰ জনসাধাৰণৰ জীৱন-জীৱিকাৰ অৱৰ্ণনীয় ক্ষতি হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে৷ সেয়ে তেল চোকৰ গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ ৰাইজে দাবী জনাইছে৷ 

কি ঘটিছিল বাঘজানতঃ সুদীৰ্ঘ ১৪ ধৰি অবিৰতভাৱে প্ৰচণ্ড গতিত প্ৰাকৃতিক গেছ আৰু তৈলজাত সামগ্ৰী নিৰ্গত হৈ থকা অইল ইণ্ডিয়া লিমিটেডৰ তিনিচুকীয়া জিলাৰ অন্তৰ্গত বাঘজান তৈলক্ষেত্ৰৰ অধীনৰ বাঘজান-৫ উৎপাদন কুপত ২০২০ চনৰ ২৭ মে’ত ৱ’ৰ্ক অভাৰ অপাৰেছনৰ কাম চলি থকাৰ সময়তে বিস্ফোৰণ সংঘটিত হৈ তীব্ৰগতিত প্ৰাকৃতিক গেছ আৰু তেল নিৰ্গমন হ’বলৈ আৰম্ভ কৰে৷ এই নিৰ্গমন বন্ধ কৰিবলৈ অইল ব্যৰ্থ হয়৷ ইয়াৰ পৰিৱৰ্তে দুসপ্তাহ ধৰি গেছ আৰু তেলৰ নিৰ্গমন অব্যাহত থকা কুপটোত ৯ জুনত অগ্নিকাণ্ড সংঘটিত হয়৷ মুহূৰ্তৰ ভিতৰতে দাউদাউকৈ জ্বলি উঠা জুইৰ লেলিহান শিখা আৰু ক’লা ধোঁৱাই সমগ্ৰ অঞ্চলটোৰ আকাশ ছানি ধৰে৷ ইফালে দীৰ্ঘদিন ধৰি নিৰ্গত গৈ থকা গেছৰ লগতে  তেলৰ ছিটিকনিয়ে বাঘজানৰ বিস্তীৰ্ণ অঞ্চল বুৰাই পেলোৱাৰ ফলত জুই ক্ৰমান্বয়ে ভয়ংকৰ গতিত নতুন নতুন স্থানলৈ সম্প্ৰসাৰিত হয়৷ এই অগ্নিকাণ্ডৰ ফলত কুপটোৰ দাঁতিকাষৰীয়া প্ৰায় ১৬শ পৰিয়াল স্থানান্তৰিত হয়৷ এই অগ্নিকাণ্ডৰ ফলত ৩জন লোকৰ প্ৰাণ হানি হোৱাৰ লগতে  বহু জীৱ-জন্তু ভষ্মীভূত হয়৷ অঞ্চলটোৰ বহু পৰিয়ালৰ ঘৰ-বাৰী, চাহ খেতি আদি ভষ্মীভূত হোৱাৰ লগতে কৃষিভূমি চিৰদিনলৈ নষ্ট হয়৷ সেয়ে অঞ্চলটোৰ বাসিন্দাসকলৰ জীৱন-জীৱিকাত ব্যাপক প্ৰভাৱ পৰে৷ তদুপৰি, জৈৱ বৈচিত্ৰৰ বাবে বিশ্বপ্ৰসিদ্ধ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে পৰিভ্ৰমী পক্ষীৰ বিচৰণ থলী মাগুৰি মতাপুং বিলৰ জীৱকুলৰ বিস্তৰ ক্ষতি হয়৷ ইফালে ছমাহ ধৰি ব্যাপক হাৰত নিৰ্গত গোৱা ধোঁৱা আৰু উষ্ণতাই পৰিৱেশৰ ওপৰত ব্যাপক প্ৰভাৱ পেলায়৷ সেই বছৰৰ ১৫ নৱেম্বৰত এই জুই নিৰ্বাপিত কৰা হয় যদিও ইয়াৰ পাছতো অঞ্চলটোত অৱৰ্ণনীয় পৰিস্থিতি অব্যাহত থাকে৷ এনে এক কাণ্ডৰ পুনৰাবৃত্তি হোৱাৰ পৰা যোৰহাট ৰক্ষা পৰে৷ সেয়ে হলেও তেল চোৰ চক্ৰক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ ৰাইজে দাবী জনাইছে৷