বিপিএফৰে বিজেপিৰ ‘পৰকীয়া’ মিত্ৰতা
ৰাজনীতিৰ আজব মেজিক
আমাৰ অসম, ২৪জানুৱাৰীঃ এক অদ্ভুত ৰাজনৈতিক সমীকৰণেৰে পুনৰ মিত্ৰতা হ’ল বিজেপি আৰু বিপিএফৰ৷ প্ৰকাৰন্তেৰে ক’বলৈ গ’লে বিজেপিৰ সৈতে ‘পৰকীয়া’ মিত্ৰতাত আবদ্ধ হোৱাৰ দিশে আগবাঢ়িছে বিপিএফ৷ এই মিত্ৰতাৰ কাণ্ড-কাৰখানা অদ্ভূত৷ উদ্দেশ্য কিন্তু এটাই– যিকোনো প্ৰকাৰে ক্ষমতাৰ অংশ হৈ ৰোৱা৷ এই মিত্ৰতা কেৱল বিধানসভাৰ ভিতৰতে থাকিব৷ বিধানসভাৰ বাহিৰত বিজেপি আৰু বিপিএফ মিত্ৰতা হিচাপে পৰিচিত নহ’ব৷ মূলতঃ ৰাজ্যসভাৰ আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়ে বিজেপিয়ে এনেদৰে এক ৰাজনৈতিক সমীকৰণে বিপিএফৰে মিত্ৰতাৰ পাশত যে আবদ্ধ হ’ল সেয়া স্পষ্ট হৈ পৰিল৷ উল্লেখ্য যে, দেওবাৰে জনতা ভৱনত অনুষ্ঠিত এখন সংবাদ মেলত এই মিত্ৰতাৰ সিদ্ধান্ত ঘোষণা কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়–বিপিএফক যোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু এ আই ইউডি এফৰ মিত্ৰতা হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল৷ পৰৱৰ্তী সময়ত কংগ্ৰেছৰ আৰু এআইইউডিএফৰ পৰা বিপিএক নিজকে আঁতৰাই আনে৷ বিগত দুটা বিধানসভাত দলটোৱে নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰি আহিছিল৷ আমি বিধানসভাৰ ভিতৰত মিত্ৰ হিচাপে বিপিএফ বিধায়িনী দলৰ লগত ল’বলৈ সিদ্ধান্ত লৈছো৷ বিপিএফৰ বিধায়কসকল চৰকাৰী পক্ষত বহিব আৰু চৰকাৰীভাৱে মিত্ৰদল হিচাপে থাকিব৷ বিপিএফ বিধায়িনী দলৰ লগতহে আমাৰ বুজাবুজি হৈছে৷ এই বুজাবুজি ৰাজনৈতিক পৰ্যায়ত হোৱা নাই৷ এনে মিত্ৰতাৰ বাবে এতিয়াই আলোচনা কৰা নাই৷ এই মিত্ৰতা বিধানসভাৰ ভিতৰতে থাকিব৷ এই মিত্ৰতা বিজেপি আৰু বিপিএফ দলৰ মাজত হোৱা নাই৷ বিজেপি আৰু বিপিএফ বিধায়িনী দলৰ মাজতহে এই বুজাবুজি থাকিব৷ ইউপিপএলৰ লগত কথা পাতিয়ে এই সিদ্ধান্ত লোৱা হৈছে৷ বিটিএডিত ইউপিপিএলৰ লগতহে আমাৰ মিত্ৰতা আছে৷ গতিকে তাতে বিফিএফৰে ৰাজনৈতিক মিত্ৰতা কৰিবলৈ হ’লৈ ইউপিপিএলৰো সমৰ্থন লাগিব৷ ইউপিপিএলৰ সৈতে বিপিএফৰ বন্ধুত্ব কি হয় তাৰ ওপৰতহে ভিত্তি কৰি নিৰ্ধাৰণ হ’ব ৰাজনৈতিক বন্ধুত্বৰ প্ৰসংগ৷ বিপিএফ আৰু ইউপিপিএলৰ মাজৰ ৰাজনৈতিক সম্পৰ্কৰ ওপৰতহে নিৰ্ভৰ কৰিব বিজেপি আৰু বিপিএফৰ ৰাজনৈতিক সম্পৰ্ক৷’ উল্লেখ্য যে সন্মুখত ৰাজ্যসভাৰ নিৰ্বাচন অসমৰ পৰা খালী হ’ব দুখনকৈ আসন৷ এই দুয়োখন আসনে শাসকীয় পক্ষই লাভ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ কিন্তু আজিৰ তাৰিখত শাসকীয় বিজেপি আৰু অগপ দলৰ ওচৰত দুয়োখন আসন লাভ কৰিব পৰাকৈ সংখ্যা নাই৷ কিন্তু ইয়াৰ পাছতো কিহৰ ওপৰত ভিত্তি কৰি মুখ্যমন্ত্ৰীয়ে দুয়োখন আসনে শাসকীয পক্ষই লাভ কৰিব বুলি দৃঢ়তাৰে দাবী কৰিছে৷ সংখ্যাৰ ফালৰ পৰা চাব গ’লে ৰাজ্যসভাৰ দুখন আসনৰ এখন বিৰোধীয়ে আৰু আন আসনৰ শাসকীয় পক্ষই লাভ কৰিব লাগে৷ ৰাজ্যসভাৰ এখন আসন দখল কৰিবলৈ বিৰোধী শিবিৰত ৪২জন বিধায়কৰ ভোটৰ প্ৰয়োজন হ’ব৷ বৰ্তমান বিধানসভাত কংগ্ৰেছৰ ২৭জন, এআইইউডিএফৰ পৰা ১৫জন বিপিএফৰ ৩জন আৰু চিপিআই [এম] তথা নিৰ্দলীয় বিধায়কৰ ৰটাকৈ ভোট আছে৷ সেইপিনৰ পৰা বিৰোৰী শিবিৰৰ ভোটৰ সংখ্যা ৪৭টা৷ কিন্তু কংগ্ৰেছৰ দুই বিধায়ক শ্বেৰমান আলী আহমেদ আৰু শশীকান্ত দাস বৰ্তমান দলৰ পৰা নিলম্বিত হৈ আছে৷ বিপিএফ আজি আনুষ্ঠানিকভাৱে বিজেপিৰে মিত্ৰতাত আবদ্ধ হ’ল৷ এনেক্ষেত্ৰত বিৰোধী শিবিৰত প্তজন বিধায়ক কমি যোৱাৰ পাছতো বিৰোধী শিবিৰত ৪২টা ভোট থাকেগৈ৷ কিন্তু মুখ্যমন্ত্ৰীয়ে আজিৰ সংবাদ মেলত ঘোষণা কৰিছে যে তেওঁ বিচাৰিলে কংগ্ৰেছৰ আটাইকেইজন বিধায়ক ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থীক ভোট দিব৷ তথাপিও নিৰ্বাচনত কংগ্ৰেছৰ একাংশ বিধায়কে বিজেপি প্ৰাৰ্থীক ভোট দিয়াটো নিশ্চিত বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে৷ উল্লেখ্য যে, ৰাজনৈতিক কাৰণত কংগ্ৰেছৰ দুই বিধায়ক ছয়গাঁৱৰ ৰেকিবুদ্দিন আহমেদ আৰু বকোৰ নন্দিতা দাস বিজেপিৰ পৰিৱৰ্তে ইয়াৰ মিত্ৰ দল অগপত যিকোনো মুহূৰ্তত যোগদানৰ বাবে সাজু হৈ আছে৷ ঠিক তেনেদৰে বটদ্ৰৱাৰ বিধায়ক শিৱামণি বৰাও বিজেপিৰ যথেষ্ঠ ঘনিষ্ঠ যোগাযোগত আছে৷ যাৰ ফলত ৰাজ্যসভাৰ দুয়োখন আসনে শাসকীয় পক্ষই লাভ কৰিব বুজি মুখ্যমন্ত্ৰী দৃঢ়তাৰে ঘোষণ কৰি আছে৷ বিধানসভাত বৰ্তমান বিজেপিৰ বিধানসভাৰ সংখ্যা ৬২জন৷ মিত্ৰ দল অগপৰ ৯১ জন আৰু ইউপিপিএলৰ জ্জজন বিধায়ক আছে৷ বিপিএফৰ ৩জন বিধায়ক যোগ হোৱাৰ পাছত বিধানসভাত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ বিধায়কৰ সংখ্যাক ৪১জনকৈ বৃদ্ধি পাব৷ যাৰ ফলত মুখ্যমন্ত্ৰীয়ে দাবী কৰি আছে যে ৰাজ্যসভাৰ দুয়োখন আসনে আমাৰে লাভ কৰিব৷ আৰু এই ৰাজনৈতিক অংকৰ আজি বিপিএফৰ মিত্ৰতাত আবদ্ধ হ’ল বিজেপি বিধায়িনী দল৷ অৱশ্যে বিজেপি আৰু বিপিএফৰ এই মিত্ৰতা পৰকীয়া প্ৰেমৰ দৰে হ’ল৷ মিত্ৰতা আছে৷ কিন্তু মিত্ৰতা নাই৷ ঠিক পৰকীয়া প্ৰেমত যিদৰে য’ত প্ৰেমক ৰাজহুৱাভাৱে স্বীকৃতি দিয়া নহয়৷ গোপনে ৰখা হয়৷