Logo
image

পেৰাগ্লাইডিঙক লৈ দিচাংমুখত উলাহ

আমাৰ অসম, ২৪ জানুৱাৰীঃ আকাশত যান উৰুওৱাৰ কল্পনা মানুহৰ বহুদিনীয়া৷ সেই কল্পনা কেতিয়াবাই বাস্তৱত পৰিণত হৈছে৷ ৰাইট ভ্ৰাতৃদ্বয়ে উৰাজাহাজৰ আৱিষ্কাৰ কৰাৰ পাছত বিগত  সময়ছোৱাত দীৰ্ঘ পৰিৱৰ্তন আৰু বিৱৰ্তনৰ মাজেৰে আহি আকাশীযানে অত্যাধুনিক ৰূপ লৈছে৷ সেই বিৱৰ্তনৰ ৰূপকাৰ কিন্তু বিজ্ঞানী আৰু অভিযন্তা৷ পিছে এগৰাকী পকামিস্ত্ৰীয়েও যে আকাশেৰে যান উৰুৱাব পাৰে বা আকাশীযান তৈয়াৰ কৰিব পাৰে সেয়া প্ৰতীয়মান কৰি চমক দিলে তিতাবৰৰ বুবুল শইকীয়াই৷ তেওঁ আকাশত উৰুৱালে পালছাৰ ২২০ বাইকৰ ইঞ্জিনেৰে তৈয়াৰ কৰা এখন আকাশীযান৷ তিতাবৰৰ ব্যক্তি, পেছাত এগৰাকী পকামিস্ত্ৰী বুবুল শইকীয়াই তেওঁৰ উদ্ভাৱনী শক্তি, চেষ্টা আৰু একাগ্ৰতাৰ বলত শিৱসাগৰ জিলাৰ দিচাংমুখৰ দিচাং আৰু ব্ৰহ্মপুত্ৰ চাপৰিৰ আকাশত উৰুৱালে পালছাৰ ২২০১ ইঞ্জিনেৰে নিৰ্মাণ কৰা এখন আকাশী যান৷ কেইডাল মান লোহাৰ পাইপৰ দ্বাৰা নিৰ্মাণ কৰা এখন যানত পালছাৰ ২২০১ ইঞ্জিন ব্যৱহাৰ কৰি তিতাবৰৰ বুবুল শইকীয়াই লক্ষাধিক টকা ব্যয় কৰি নিৰ্মাণ কৰি উলিয়াই এইখন আকাশী যান৷ এই আকাশী যানখন তেওঁ উৰুৱালে  বৃহত্তৰ দিচাংমুখ অঞ্চলৰ দিচাং আৰু ব্ৰহ্মপুত্ৰ চাপৰিৰ আকাশত৷ দুটা বছৰৰ অশেষ কষ্ট আৰু সাধনা কৰি আকাশত উৰিব পৰাকৈ যানখন সাজি উলিয়ালে তেওঁ৷ কিছুদিনৰ পূৰ্বে তেওঁ এই আকাশী যানখনৰ পৰীক্ষামূলক উৰণ দিচাং আৰু ব্ৰহ্মপুত্ৰ চাপৰিৰ আকাশত  সম্পন্ন কৰি চমক দিবলৈ সক্ষম হয়৷ তিতাবৰৰ বুবুল শইকীয়াক উৰণৰ ক্ষেত্ৰত প্ৰশিক্ষণ দিয়ে শিৱসাগৰৰ নিৱাসী তথা পেৰামটৰ ফ্লায়িঙৰ লাইচেঞ্চ থকা এগৰাকী অভিজ্ঞ ব্যক্তি ৰাজীৱ হাজৰিকাই৷ বিগত কিছুদিনৰ পৰা প্ৰতিভাৱান ব্যক্তি ৰাজীৱ হাজৰিকাই প্ৰতি শনিবাৰে-দেওবাৰে দিচাংমুখৰ দিচাং- ব্ৰহ্মপুত্ৰ চাপৰিৰ আকাশত পেৰামটৰ ফ্লায়িং কৰি আছে৷ শেহতীয়াকৈ প্ৰতিকূল বতৰৰ বাবে পেৰামটৰ ফ্লায়িং বন্ধ ৰাখিছে যদিও বতৰ ভাল হ’লে পুনৰ ফ্লায়িং কৰিব৷ এই পৰ্যন্ত তেওঁ আকাশীযানখনৰ উৰণ কাৰ্য পৰীক্ষামূলকভাৱে কৰি সফল হৈছে৷ বুবুল শইকীয়াৰ এই সফলতাত তিতাবৰৰ লগতে অসমৰ ৰাইজ আনন্দিত হৈ পৰিছে৷ এই প্ৰশিক্ষণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পাছত বুবুল শইকীয়াই নিজেই বনোৱা আকাশীযানখন তিতাবৰৰ আকাশত উৰুৱাব বুলি জনাইছে৷