Logo
image

এনকাউণ্টাৰ সংস্কৃতিৰ বিৰুদ্ধে প্ৰতিবাদ, নগাঁও এছপিৰ নিলম্বন দাবী

আমাৰ অসম, ২৫ জানুৱাৰীঃ নগাঁৱৰ ছাত্ৰ নেতা কীৰ্তিকমল বৰাক ভুৱা এনকাউণ্টাৰ কৰা ঘটনাই নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক হিৰ’ৰ পৰা জিৰ’ত পৰিণত কৰিলে৷ ইমানদিনে নগাঁৱৰ আৰক্ষী অধীক্ষকজনক বাঃ বাঃ দি অহাসকলেইএতিয়া দিছে তীব্ৰ ধিক্কাৰ৷  গৰিহণাৰ পাত্ৰ হৈ পৰিছে আৰক্ষী অধীক্ষকজন৷ এনকাউণ্টাৰ সংস্কৃতিৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখা বিভিন্ন দল-সংগঠনৰ লগতে শান্তিকামী ৰাইজে কীৰ্তিকমলক   গুলীচালনা কৰা আৰক্ষীৰ শাস্তি দাবী কৰাৰ লগতে এছপি আনন্দ মিশ্ৰক শাস্তিমূলকভাৱে বদলি কৰাৰ দাবী উত্থাপন কৰিছে৷ মন কৰিবলগীয়া যে, যোৱা বছৰটোকে ধৰি এতিয়ালৈকে নগাঁৱত আনন্দ মিশ্ৰৰ দিনত ১২টা এনকাউণ্টাৰৰ ঘটনা সংঘটিত কৰিছে৷ ইয়াৰে অধিকাংশ এনকাউণ্টাৰেই ভুৱা আছিল বুলি সৰ্বত্ৰ এতিয়া চৰ্চা চলিছে৷ প্ৰতিটো এনকাউণ্টাৰৰ তদন্ত হোৱাৰ দাবীও উঠিছে৷ ইয়াৰ মাজতে ছাত্ৰ নেতা কীৰ্তিকমল বৰাক ভুৱা এনকাউণ্টাৰৰ বলি কৰা ঘটনাৰ বাবে কালি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদত উত্তাল হৈ পৰিল নগাঁও চহৰ৷ আজিও নগাঁৱৰ ক্লক টাৱাৰৰ সমীপত নগাঁও মহাবিদ্যালয়, নগাঁও ছোৱালী মহাবিদ্যালয়, আইন মহাবিদ্যালয়ৰ লগতে কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বহুসময় ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলৰ দাবী আনন্দ মিশ্ৰক নিলম্বন কৰক৷ আৰক্ষী অধীক্ষকজনৰ বিৰুদ্ধে হাতে হাতে প্লে’ কাৰ্ড লৈ আনন্দ মিশ্ৰ হায় হায়, নগাঁও আৰক্ষী মুৰ্দাবাদ,  আৰক্ষী বিষয়া প্ৰদীপ বনিয়াক গ্ৰেপ্তাৰ কৰক আদি ধবনিৰে উত্তপ্ত কৰি তোলে নগাঁও চহৰ৷ উক্ত প্ৰতিবাদত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে অংশগ্ৰহণ কৰে৷ গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়,  মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমান অসমত মুক্ত হত্যা চলিছে৷ মুক্ত হত্যাৰ আখৰা আৰম্ভ হৈছে আৰু ইয়াক অতি সোনকালে বন্ধ কৰিবলৈ চৰকাৰক হুংকাৰ দিয়ে৷ কীৰ্তিকমল বৰাৰ হৈ কেৱল ছাত্ৰ সমাজেই নহয় সকলো অসমৰ ৰাইজক ওলাই আহিবলৈ আহ৩ান জনায় তেওঁ৷ চৰকাৰৰ বিৰোধ হোৱাৰ বাবে মোকো কেতিয়াবা আৰক্ষীয়ে গুলী কৰিব পাৰে বুলি মন্তব্য কৰাৰ লগতে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক নিলম্বন কৰাৰো দাবী তোলে লুৰীণজ্যোতি গগৈয়ে৷ ইপিনে, কালি কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিধায়ক ক্ৰমে ৰূপক শৰ্মা, নুৰুল হুদাৰ পাছত আজি ছাত্ৰ নেতাজনৰ বাসগৃহত আহি উপস্থিত হয় ৰাইজৰ দলৰ প্ৰতিনিধি কমল মেধি আৰু ভাস্কো ডি শইকীয়া৷ ভাস্কো ডি শইকীয়াই সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চাৰি, পাঁচমহীয়া কাৰ্যকালত অসমত ৯৮টা এনকাউণ্টাৰত ৩১জন ব্যক্তিৰ মৃত্যু হৈছে৷ কীৰ্তিকমল বৰাক ভুৱা এনকাউণ্টাৰ কৰা হ’ল৷ কীৰ্তিকমলক যাতে কোনোৱে লগ ধৰিব নোৱাৰে সেইবাবে ক’ভিড আক্ৰান্ত বুলি মিছা কথা কৈ গুৱাহাটী মেডিকেল কলেজত ভৰ্তি কৰাই থোৱা হৈছে বুলি মন্তব্য কৰে৷ আনহাতে, কমল মেধিয়ে কয় যে আনন্দ মিশ্ৰ এজন আৰ এছ এছৰ এজেণ্ট৷ আনন্দ মিশ্ৰ চৰাইদেউ জিলাত আৰক্ষী অধীক্ষক হৈ থকা সময়ত তেওঁ ‘কা’ আন্দোলনকাৰীক অত্যাচাৰ কৰিছিল৷ ঘৰত সোমাই আন্দোলনকাৰীক মাৰপিট কৰিছিল বুলি গুৰুতৰ অভিযোগ কৰে কমল মেধিয়ে৷ উল্লেখ্য,  গুলীবিদ্ধ ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত এক গোচৰ ৰুজু হৈছে৷ অভিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ বণিয়াৰ এজাহাৰৰ ভিত্তিত এই গোচৰটো ৰুজু হোৱা বুলি জানিব পৰা গৈছে৷ ভাৰতীয় দণ্ডবিধিৰ ২৯৪/৩২৫/৩৫৩/৩০৭ আৰু আৰযডব্লিউয ধাৰা ২১[এ]য২৯ এন ডি পি এছ আইনৰ অধীনত ১৩০/২২ নম্বৰত ৰুজু হৈছে এই গোচৰটো৷ ইপিনে, প্ৰদীপ বণিয়াৰ বিৰুদ্ধেও নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে কীৰ্তিৰ পিতৃ নীলকমল বৰাই৷

অসমত গণতন্ত্ৰ নহয়, চলিছে পুলিচতন্ত্ৰঃ সমুজ্জ্বল ভট্টাচাৰ্য

‘আমাৰ অসম’ৰ কোক্‌ৰাঝাৰৰ বিশেষ প্ৰতিনিধিঃ অসমত এতিয়া পুলিচৰ ৰাজত্ব চলোৱা এটা পৰিৱেশ গঢ় লৈ উঠিছে৷ এই মন্তব্য আছুৰ উপদেষ্টা ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ৷ প্ৰকাশ যে, আজি কোক্‌ৰাঝাৰ চহৰৰ খাৰগাঁৱত প্ৰাক্তন এবছু নেতা মনেশ্বৰ দৈমাৰীৰ বিয়া উপলক্ষে উপস্থিত হোৱা ভট্টাচাৰ্যই লগতে এনকাউণ্টাৰৰ নামত নিৰীহ লোকক গুলীয়াই হত্যা কৰিবলৈ দিয়া নহ’ব বুলিও মন্তব্য কৰে৷ তেওঁ সংবাদ মাধ্যমৰ আগত অসম আৰক্ষীয়ে এজন নিৰীহ ছাত্ৰৰ ওপৰত গুলী চলাই বীৰত্ব প্ৰদৰ্শন কৰা কাৰ্যৰ তীব্ৰ ভাষাৰে গৰিহণা দি আছুৰ উপদেষ্টা ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই বিশেষকৈ নগাঁৱত এজন যুৱকক মাতৃৰ চিকিৎসাৰ বাবে ফাৰ্মাচীৰ পৰা ঔষধ ক্ৰয় কৰিবলৈ যোৱা নিৰীহ যুৱকক গুলীওৱা ঘটনাক আছুৰ উপদেষ্টাজনে কোনোপধ্যেই গ্ৰহণযোগ্য নহয় বুলি স্পষ্ট কৰি দিয়ে৷ তেওঁ গণতন্ত্ৰ নহয় পুলিচতন্ত্ৰ চলা বুলি অভিযোগ উত্থাপিত কৰি এয়া আমি কেতিয়াও মানি ল’ব নোৱাৰোঁ বুলি স্পষ্ট কৰি দিয়ে৷ তেওঁ একেমুখে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ অত্যাচাৰী ৰাজত্বৰ এটা প্ৰতিফলন বুলিও দাবী কৰি এনেকুৱা ৰাজত্ব আমি নিবিচাৰোঁ৷ এয়া হিটলাৰী শাসন বুলিও তেওঁ অভিহিত কৰি দোষী ব্যক্তিয়ে শাস্তি পাবই লাগিব বুলি সংবাদ মাধ্যমৰ আগত ড॰ ভট্টাচাৰ্যই দাবী কৰে৷

আইন বহিৰ্ভূত এনকাউণ্টাৰ বন্ধ কৰকঃ লুৰীণজ্যোতি

‘আমাৰ অসম, ২৪ জানুৱাৰী ঃ ‘আমি আৰম্ভণিৰ পৰা আৰক্ষীৰ এনকাউণ্টাৰৰ বিৰোধিতা কৰি আহিছোঁ৷ অপৰাধীৰ কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ ব্যৱস্থা হ’ব লাগে৷ শাস্তি আদালতে দিব, আইনে দিব আৰু ন্যায়পালিকাই দিব৷ এই কথাটোকে নাইকিয়া কৰি তেওঁলোকে ন্যায় দিয়াৰ কথা লৈ মানুহক গুলীয়াইছে৷ গুলীয়াবলৈ আইনে কাকো অধিকাৰ দিয়া নাই৷’ এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ৷ নগাঁৱৰ কচলুখোৱাত আৰক্ষীৰ গুলীত আহত হোৱা প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ ঘৰত আজি উপস্থিত হৈ গগৈয়ে খবৰ লয়৷ ইয়াৰ পাছতে সংবাদ মাধ্যমৰ আগত বৰ্তমানৰ চৰকাৰক কঠোৰ সমালোচনা কৰি জাতীয় পৰিষদৰ সভাপতিজনে কয় ‘আৰক্ষীৰ মেনুৱেলত ক’ৰবাত এনকাউণ্টাৰ শব্দটো আছে নেকি? নে এনকাউণ্টাৰ কৰিব পৰা অধিকাৰ পুলিচক দিছে৷ যদি সেই অধিকাৰ দিয়া হৈছে, তেন্তে এয়া আইনী শাসনৰ প্ৰতি ভয়াৱহ প্ৰত্যাহ৩ান৷ লগতে সমগ্ৰ শাসন ব্যৱস্থাৰ প্ৰতিও ভয়াৱহতা নামি আহিব৷’ লগতে লুৰীণজ্যোতি গগৈয়ে কয়- ‘অসমত এতিয়া মুক্ত হত্যাৰ আখৰা আৰম্ভ হৈছে৷ আমি চৰকাৰক এইবোৰ বন্ধ কৰিবলৈ দাবী জনাইছোঁ৷ অসমত এতিয়া প্ৰশাসন, কাৰ্যপালিকাই অন্যায় কৰিছে৷ কাৰ্যপালিকাৰ মুৰব্বীসকলে আইনী ব্যৱস্থাটো ভংগ কৰিছে৷ সেয়েহে উচ্ছ ন্যায়ালয়ে এটা গোচৰ লৈ এই বিষয়টো চাব লাগে আৰু যিসকল দোষী তেওঁলোকৰ বিৰুদ্ধে কঠোৰ শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷ আমি যেতিয়া এনকাউণ্টাৰৰ বিৰোধিতা কৰিছিলোঁ তেতিয়া অসমৰ বহুলোকে আমাক বেয়া পাইছিল৷ সামাজিক মাধ্যমতো আমাৰ বক্তব্যৰ নিগেটিভ চৰ্চা হৈছিল৷ বহুতে তেতিয়া আনন্দ-উল্লাস কৰি কৈছিল-এয়া বৰ ভাল কাম কৰিছে৷ কিন্তু এইটো এটা ভাল পৰম্পৰা নহয়৷ আমাৰ সংবিধান আছে, আইনী ব্যৱস্থা, ন্যায়পালিকা আৰু উচ্ছতম ন্যায়ালয় আছে৷ গণতান্ত্ৰিক ব্যৱস্থাত এওঁলোকে ন্যায় প্ৰদান কৰিব৷ গগৈয়ে আৰু কয়-অপৰাধীৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰক৷ আইনী ব্যৱস্থাৰ যোগেদি কাম-কাজ কৰক৷ গগৈয়ে পুনৰ চৰকাৰক সমালোচনা কৰি কয়-এতিয়া ব্যক্তিগত শত্ৰুতা থাকিলেও এটা ৰাতিৰ ভিতৰত যিকোনোধৰণৰ এনকাউণ্টাৰ কৰিব পাৰে৷ মুখ্যমন্ত্ৰীয়ে কালিও কৈছে-’ এনকাউণ্টাৰ চলি থাকিব৷ ইয়াৰ প্ৰতিবাদ হ’ব লাগে, বিৰোধিতা কৰিব লাগে৷ আমি কোনো কাৰণতে অপৰাধীক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়াত বাধা দিয়া নাই৷ আমি চৰকাৰক দাবী জনাইছোঁ- চৰকাৰে যাতে ন্যায়পালিকা, ন্যায় ব্যৱস্থাটোক দুৰ্বল নকৰে আৰু ন্যায়ৰ শাসন শেষ কৰিবৰ বাবে কাম-কাজ নকৰে৷ গগৈয়ে অসমত চলি থকা আইন বহিৰ্ভূত হত্যা, আইন বহিৰ্ভূত এনকাউণ্টাৰ বন্ধ কৰিবলৈ দাবী জনায়৷ চৰকাৰে মেধাসম্পন্ন প্ৰতিভাৱান, যুৱক কীৰ্তিকমল বৰাক হত্যা কৰিবলৈ উদ্যত হৈছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি লুৰীণজ্যোতি গগৈয়ে কয়- ‘যুৱকজন চিৰদিনৰ বাবে ঘূণীয়া হ’ল৷ সেয়ে আমি যুৱকজনক এটা চৰকাৰী চাকৰি দিবলৈ দাবী জনাও৷ আৰক্ষীয়ে কীৰ্তিকমল বৰাৰ বিৰুদ্ধে তৰা গোচৰটো শীঘ্ৰেই প্ৰত্যাহাৰৰ দাবী জনাইছে লুৰীণজ্যোতি গগৈয়ে৷

নগাঁৱৰ এনকাউণ্টাৰৰ বিৰুদ্ধে নলবাৰীত মহিলাৰ প্ৰতিবাদ

‘আমাৰ অসমঃ নগাওঁ কলেজৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাক আৰক্ষীয়ে মটৰ চাইকেলৰ পৰা নমাই ভৰিত গুলীয়াই দিয়া বৰ্বৰোচিত ঘটনাৰ বিৰুদ্ধে অল ইণ্ডিয়া মহিলা সাংস্কৃতিক সংগঠনে আজি নলবাৰী চহৰৰ জিলিকন চ’কত প্ৰতিবাদ সাব্যস্ত কৰে৷ সংগঠনটোৰ মহিলা কৰ্মীসকলে নগাঁৱৰ এনকাউণ্টাৰৰ পাশৱিক ঘটনাৰ উচিত তদন্ত কৰি দোষী পুলিচ বিষয়াক দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী তোলে প্ৰতিবাদকাৰীসকলে ‘বিচাৰ প্ৰক্ৰিয়াক বৃদ্ধাংগুষ্ঠ দেখুৱাই এনকাউণ্টাৰৰ নামত চলাই থকা হত্যা যজ্ঞ বন্ধ কৰক, পুলিচী শাসন বন্ধ কৰক, মদ-ড্ৰাগছৰ প্ৰচলন অবিলম্বে বন্ধ কৰক, গণতান্ত্ৰিক বিচাৰৰ ঠাইত নৃশংস এনকাউণ্টাৰ অবিলম্বে বন্ধ কৰক’ আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে৷ সংগঠনটোৱে চৰকাৰৰ ফেচিষ্ট কাৰ্যকলাপৰ বিৰুদ্ধে শুভবুদ্ধিসম্পন্ন ৰাইজক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনায়৷

ন্যায়িক তদন্তৰ দাবী ছাত্ৰ মুক্তিৰ

আমাৰ অসমঃ গুৱাহাটী ক্লাৱৰ সমীপৰ ৰ’টাৰিত সোমবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত প্ৰায় অৰ্ধ-শতাধিক লোকৰ উপস্থিতিৰে নগাঁওৰ ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ বিৰুদ্ধে এক প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰা হয়৷ প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে-কাৰ্ড লৈ দোষীক শাস্তি দিয়ক, নগাঁও আৰক্ষী হায় হায়, আনন্দ মিশ্ৰ মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদস্থলী উত্তাল কৰে৷  প্ৰতিবাদস্থলীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিতু সোণোৱাল, মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি দেৱব্ৰত শইকীয়া, সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতা উপস্থিত থাকে৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি দেৱব্ৰত শইকীয়া আৰু সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই সংবাদ মাধ্যমৰ আগত উচ্ছ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ জৰিয়তে উক্ত ঘটনাৰ এক ন্যায়িক তদন্ত দাবী কৰে আৰু লগতে চিনেমাৰ কায়দাৰে এনকাউণ্টাৰ সংঘটিত কৰা নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত সংঘটিত হোৱা প্ৰতিটো এনকাউণ্টাৰৰ ন্যায়িক তদন্তৰ দাবী কৰে৷ ছাত্ৰ নেতাদ্বয়ে কয়– ‘এনেদৰে ভুৱা এনকাউণ্টাৰৰ জৰিয়তে পুলিচ-প্ৰশাসন তথা চৰকাৰে অসমীয়া ডেকাৰ মনত ভয়-ভীতি সৃষ্টি কৰি অসমীয়া জাতিটোক ৰাজনৈতিকভাৱে নিশকতীয়া কৰি তোলাৰ ষড়যন্ত্ৰ ৰচিছে৷ সংগঠনটোৰ নেতৃত্বই নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ লগতে এই ঘটনাৰ সৈতে জড়িত প্ৰতিগৰাকী আৰক্ষীৰ তাৎক্ষণিক নিলম্বনৰ দাবী জনায় আৰু লগতে ভুক্তভোগী কীৰ্তিকমল বৰাৰ পৰিয়াললৈ ২০ লাখ টকাৰ আৰ্থিক সাহায্য আৰু চৰকাৰী সংস্থাপনৰ দাবী কৰে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিতু সোণোৱাল আৰু আকাশ দলে উক্ত ঘটনাক ৰাজনৈতিক উদ্দেশ্যপ্ৰোণদিত আখ্যা দি কীৰ্তিকমল বৰা চৰকাৰৰ বিভিন্ন ভুল নীতিক লৈ সৰৱ আছিল বাবেই এনে ঘটনা সংঘটিত কৰা হয় বুলি মন্তব্য প্ৰকাশ কৰে৷ গণতান্ত্ৰিক ব্যৱস্থা তথা আইনৰ শাসনক সম্পূৰ্ণৰূপে নস্যাৎ কৰি গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰক্ষী বাহিনীয়ে যধে মধে এনকাউণ্ট×াৰ সংঘটিত কৰি ভাৰতীয় সংবিধানক চৰম অপমান কৰা বুলি মন্তব্য কৰি নেতাদ্বয়ে হিমন্ত বিশ্ব শৰ্মাই অসমক গুপ্ত হত্যাৰ দিনবোৰলৈ ঘুৰাই নিবলৈ যোঁ-জা চলাইছে বুলি কয়৷

কাকপথাৰত যুৱ-ছাত্ৰ নেতাক প্ৰহাৰ, দোষী আৰক্ষীৰ শাস্তিৰ দাবীত বিক্ষোভ

‘আমাৰ অসমঃ নগাঁৱত আৰক্ষীয়ে গুলীয়াই এজন ছাত্ৰ নেতাক আহত কৰাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই কালি গধূলি তিনিচুকীয়া জিলা কাকপথাৰত আৰক্ষীয়ে বিনা কাৰণত এজন যুৱ ছাত্ৰ পৰিষদৰ নেতাক আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাকপথাৰ আঞ্চলিক সমিতিৰ উপদেষ্টা মনোজ তালুকদাৰক কালি নিশা কোনো কথা অৱতাৰণ নকৰাকৈ তিনিচুকীয়াৰ ডি এছ পি হেমন্ত বড়ো নামৰ বিষয়াজনে বেয়াকৈ মাৰধৰ কৰাৰ সমান্তৰালভাৱে ‘পলা পলা, ফুট, দৌৰ মাৰ’ ইত্যাদি জাতীয় কথাৰে ভাবুকি প্ৰদান কৰা বুলি ছাত্ৰ নেতা মনোজ তালুকদাৰে জানিবলৈ দিছে৷ ঘটনাৰ বিৱৰণ অনুসৰি, ছাত্ৰ নেতা মনোজ তালুকদাৰে এখন অল্টো’ গাড়ীয়ে কাকপথাৰ চহৰৰ পৰা নিজ ব্যৱসায়স্থলিলৈ গৈ থকা অৱস্থাত কাকপথাৰ গন্ধৈগুৰীত এখন স্ক্ৰৰপিঅ’ গাড়ীয়ে আগভেটি ধৰি ‘চাইদ কিয় দিয়া নাই’ বুলি গাড়ীৰ ভিতৰতে মাৰপিট কৰে৷ সাধাৰণ পোছাক পৰিধান কৰা ব্যক্তিজনৰ এনে আচৰণত হতবাক হৈ পৰে ছাত্ৰ নেতাজন৷ পুনৰ গাড়ীৰ পৰা নমাই চৰ-গোৰ মাৰি ‘পলা পলা, দৌৰ মাৰ’ ইত্যাদি শব্দৰে ভাবুকি প্ৰদান কৰে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে মনোজ তালুকদাৰে৷ উক্ত বাক্যকেইশাৰীয়ে তেওঁক এনকাউণ্টাৰ কৰাৰ পৰিকল্পনা কৰা হৈছিল বুলি সন্দেহ প্ৰকাশ কৰে ছাত্ৰ নেতা মনোজ তালুকদাৰৰ লগতে তেওঁৰ পৰিয়ালৰ লোকে৷ ঘটনাটোৰ খবৰ বিয়পি পৰাত কাকপথাৰ থানা চৌহদত স্থানীয় বহু দল-সংগঠনৰ কৰ্মকতা উপস্থিত হৈ বিনা কাৰণত আৰক্ষীয়ে ছাত্ৰ নেতাক প্ৰহাৰ কৰাৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে৷ লগতে অনতিপলমে অভিযুক্ত আৰক্ষী বিষয়া হেমন্ত বড়োক নিলম্বনৰ লগতে ক্ষমা খোজাৰ দাবী উথাপন কৰে সংগঠনকেইটাৰ নেতৃবৃন্দই৷ আজি পুৱা পুনৰ বিভিন্ন দল-সংগঠনৰ শতাধিক সদস্যই বিনা কাৰণত ছাত্ৰ নেতাক প্ৰহাৰ কৰাৰ বিৰুদ্ধে থানা চৌহদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ আছু, যুৱ ছাত্ৰ পৰিষদ, মৰাণ ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ সন্মিলন, তাই আহোম ছাত্ৰ সন্থা, কলিতা যুৱ ছাত্ৰ পৰিষদে ২৪ঘণ্টাৰ ভিতৰত অভিযুক্ত আৰক্ষী বিষয়াজনক শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰিলে অসম চৰকাৰ, অসম আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হ’ব বুলি স্পষ্ট কৰি দিয়ে৷ এইদৰে বিনা কাৰণত ছাত্ৰ নেতাক আৰক্ষীয়ে মাৰপিট কৰা ঘটনাই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কাকপথাৰ তথা সমগ্ৰ তিনিচুকীয়া জিলাখনত৷ উল্লেখ্য যে, ইতিমধ্যে ছাত্ৰ নেতা মনোজ তালুকদাৰে ডি এছ পি হেমন্ত বড়োৰ বিৰুদ্ধে কাকপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে কাকপথাৰ অঞ্চলৰ কেইবাটাও দল-সংগঠনৰ বিষয়ববীয়াই আৰক্ষী বিষয়া হেমন্ত বড়োৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত লিখিত পত্ৰ দাখিল কৰিছে৷