Logo
image

বিয়া খাবলৈ কোক্‌ৰাঝাৰত মুখ্যমন্ত্ৰী

মনেশ্বৰ-চম্পাৰ শুভ বিবাহত ভিআইপিৰ ভিৰ

আমাৰ অসম, ২৫ জানুৱাৰীঃ এখন ৰাজকীয় বিবাহ৷ ব্যায়বহুল এখন বিবাহে সোমবাৰে কোকৰাঝাৰত উখল মাখল পৰিৱেশৰ সৃষ্টি কৰে৷ যিখন বিয়াত অভ্যাগতৰ আসন শুৱনি কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্টাৰযোগে উপস্থিত হ’লহি কোকৰাঝাৰত৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অসম চৰকাৰৰ কেৱিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, বিধায়ক লৰেঞ্চ ইছলাৰী আদিকে ধৰি আন কেবাজনো বিধায়ক, বিটিচিৰ কাৰ্যবাহী সদস্য, নিৰ্বাচিত সদস্যও বিবাহথলীত উপস্থিত থাকে৷ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যও দৰা মনেশ্বৰক আশীৰ্বাদ দিবলৈ দেওবাৰেই বিবাহস্থলীত উপস্থিত হয়৷ কোকৰাঝাৰৰ খাৰগাঁৱত অনুষ্ঠিত হোৱা মনেশ্বৰ দৈমাৰীৰ বিবাহখনে আজি ৰাজ্যবাসীৰ দৃষ্টি আকৰ্ষণ কৰে৷ মনেশ্বৰ দৈমাৰী৷ অচিনাকি লোক সকলে মনেশ্বৰ দৈমাৰীক দেখিলে সাধাৰণতে সৰু ল’ৰা বুলিয়েই ভুল কৰে৷ কিন্তু দেখাত চুটি চাপৰ  তিনিফুট চাৰি ইঞ্চি উচ্ছতাৰ মনেশ্বৰ সৰু ল’ৰা নহয়৷ মনেশ্বৰ বসুমতাৰীৰ বয়স প্ৰায় ৪৫ বছৰ আৰু এবছুৰ এজন অক্লান্ত কৰ্মী৷ নিখিল বড়ো ছাত্ৰ সন্থাৰ সৈতে সুদীৰ্ঘ ২৫ বছৰ  সক্ৰিয়ভাৱে জড়িত হৈ আছে মনেশ্বৰ দৈমাৰী৷ বাগ্‌সা জিলাৰ গোৰেশ্বৰৰ পুখুৰীপাৰ গাঁৱত ১৯৭৭ চনত জন্মগ্ৰহণ কৰা মনেশ্বৰ দৈমাৰী এবছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয় সম্পাদক, সাংস্কৃতিক সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল৷ বহু ঘাত প্ৰতিঘাতেৰে জীৱন অতিবাহিত কৰা মনেশ্বৰ দৈমাৰী বৰ্তমান কোকৰাঝাৰৰ খাৰগাঁৱৰ বাসিন্দা বিগত দিন ধৰি মনেশ্বৰ দৈমাৰীৰ বিয়াক লৈ আজি কোকৰাঝাৰত ৰজাঘৰীয়া-প্ৰজাঘৰীয়াৰ মাজত তুমুল ব্যস্ততা৷  সম্পূৰ্ণ বাথৌ ধৰ্মীয় ৰীতি নীতিৰে দৰা মনেশ্বৰ দৈমাৰীয়ে আজি তামুলপুৰৰ কইনা চম্পা বড়োৰ স’তে প্ৰণয়পাশত আৱদ্ধ হৈ যুগ্ম জীৱনৰ দ্বিতীয় ইনিংছ মুকলি কৰে৷ হাজাৰ হাজাৰ শুভকাংক্ষীয়ে আজি ৰভাথলীত উপস্থিত হৈ আশীৰ্বাদ প্ৰদান কৰিছে কইনা, বড়ো বিষয়ত স্নাতকত্তোৰ ডিগ্ৰীধাৰী চম্পা বড়ো আৰু দৰা এবছুৰ প্ৰাক্তন নেতা মনেশ্বৰ দৈমাৰীক৷ সকলোৱে দৰা-কইনাৰ যুগ্ম জীৱন সুখৰ হোৱাটোৱে কামনা কৰিছে৷ সকলো অভ্যাগতক বিবিধ আপ্যায়ন কৰা হয়৷ ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৰা- কইনাক অন্তৰ উজাৰি আশীৰ্বাদ দি যুগ্ম জীৱনৰ শুভেচ্ছা জ্ঞাপন কৰে৷ খাদ্যৰ মানদণ্ড অতি উত্তম হোৱা বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ আনহাতে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে দৰা মনেশ্বৰ তেওঁৰ বন্ধু বুলি মন্তব্য কৰি যুগ্ম জীৱনৰ সফলতা কামনা কৰে৷ উল্লেখ্য যে কালি নিশা বিবাহস্থলীত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্ঠা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য উপস্থিত হৈছিল আৰু নৱদম্পতীক আশীৰ্বাদ প্ৰদান কৰিছিল৷ কভিডকালিন পৰিৱেশৰ মাজতে অতি জাকজমকতাৰে অনুষ্ঠিত হোৱা মনেশ্বৰ-চম্পাৰ  বিবাহ আৰু প্ৰীতিভোজ অনুষ্ঠানত জনতাৰ সোঁত বয়৷

বিপিএফ দলৰ সৈতে আমাৰ মিত্ৰতা

ৰাজনৈতিক নহয়ঃ হিমন্ত

আমাৰ অসমঃ বিপিএফ দলৰ সৈতে আমাৰ মিত্ৰতা ৰাজনৈতিক নহয়৷ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ তেওঁ কেৱল বিধানসভাৰ মজিয়াৰ বাবেহে এই মিত্ৰতা হৈছে বুলি সদৰি কৰি বিধানসভাৰ মজিয়াত বিজেপি-অগপ-ইউপিপিএল আৰু বিপিএফ চৰকাৰী পক্ষত বহিম একমাত্ৰ ফ্ল’ৰ কোৰ্ডিনেচনৰ বাবে এই মিত্ৰতা বুলি স্পষ্ট কৰি দিয়ে৷ তেওঁ ঠেঙাল-কছাৰী পৰিষদীয় নিৰ্বাচনত আমি নিশ্চিত যে আমি খুব ভাল ফলাফল দেখুৱাব পাৰিম বুলি দাবী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ প্ৰকাশ যে, আজি এবছুৰ প্ৰবল সংগ্ৰামী নেতা মনেশ্বৰ বড়োৰ বিবাহত উপস্থিত থাকি এই মন্তব্য কৰে৷ তেওঁ সংবাদ মাধ্যমৰ আগত তেওঁ অসমৰ ৰাইজে চৰকাৰৰখনৰ কাম-কাজৰ প্ৰতি ৰাইজে যি আশীৰ্বাদ আগবঢ়াইছে সেয়া আমাৰ বাবে প্ৰেৰণাৰ প্ৰতীক বুলি অভিহিত কৰে৷

আমি সদায় একেলগে থাকিব বিচাৰোঁঃ প্ৰমোদ বড়ো

আমাৰ অসমঃ বিধানসভাৰ মজিয়াত বিজেপিৰ সৈতে বিপিএফ দলৰ মিত্ৰতা আলোচনাৰ মাধ্যমেৰে হৈছে বুলি সদৰি কৰিছে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৱে৷ আজি সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰি তেওঁ ইয়াৰ বাবে ইউপিপিএল দলৰ লগতো আলোচনা কৰা হৈছে বুলি জানিবলৈ দিয়ে৷ তেওঁ ৰাইজে কৈ থকা কথাবোৰ ৰাজনৈতিক প্ৰেক্ষাপটত চলি থকা সাধাৰণ কথা বুলি উল্লেখ কৰি ৰাজনীতিত উত্থান-পতন এইবোৰ চলি থাকে বুলি মন্তব্য কৰে৷  তেওঁ-আমি সদায় একেলগে থাকিব বিচাৰোঁ৷ ইয়াত কিবা অশুভ অশান্তি হওক আমি কেতিয়াও নিবিচাৰোঁ৷ ইয়াত বড়োৱেই হওক, অবড়োৱেই হওক সকলোৱে বহুত দীঘলীয়া সময় কষ্ট ভুগিছে৷ গতিকে এতিয়া সকলোৱে শান্তি বিচাৰে, উন্নয়ন বিচাৰে বুলি উল্লেখ কৰি তাৰ বাবেই চুক্তি স্বাক্ষৰ হৈছে বুলি কয়৷ আনহাতে, তেওঁ সাম্প্ৰতিক সময়ত বিপিএফ ইউপিপিএল দলৰ মাজত একত্ৰিতকৰণৰ কোনোধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই৷ অৱশ্যে আগন্তুক সময়ত তেনেধৰণৰ পৰিস্থিতি আহিলে তেতিয়া চিন্তা কৰিব বুলি জানিবলৈ দিয়ে৷