Logo
image

কৰ’না কমাৰ মুখ্যমন্ত্ৰীৰ দাবীৰ বিপৰীতে সংক্ৰমণ বৃদ্ধিৰ প্ৰচাৰ

আমাৰ অসম, ২৫ জানুৱাৰীঃ যোৱা বুধবাৰেই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত ঘোষণা কৰিছিল– ৰাজ্যত ক’ভিডৰ সংক্ৰমণৰ হাৰ ক্ৰমাৎ হ্ৰাস পাই আহিছে, সেয়ে ৰাজ্য চৰকাৰে ক’ভিডৰ ক্ষেত্ৰত নতুন বাধ্যবাধকতা জাৰি নকৰে৷ অযথা ৰাইজক আতংকিত কৰাৰ উদ্দেশ্য চৰকাৰৰ নাই আৰু সেয়ে নতুন কঠোৰ এছ অ’ পি চৰকাৰে জাৰি নকৰে৷ বৰং ক্ৰমান্বয়ে ইতিমধ্যে বলৱৎ হৈ থকা ক’ভিড অতিমাৰীৰ বিধিনিষেধসমূহ  শিথিল কৰি অনা হ’ব৷ যিহেতু ৰাজ্যত চিকিৎসাধীন হোৱা ৰোগীৰ হাৰ এতিয়া ২০ শতাংশহে, সেয়ে ক’ভিডৰ ক্ষেত্ৰত চৰকাৰী নিষেধাজ্ঞা নতুনকৈ জাৰি কৰাৰ প্ৰয়োজন নাই৷ দেওবাৰেও মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই একেধৰণেই দাবী কৰিলে৷ ক’ভিডৰ সংক্ৰমণৰ হাৰ তথা সংক্ৰমিত ব্যক্তিৰ চিকিৎসাধীন হোৱাৰ হাৰ কমাৰ বাবে নৈশ সান্ধ্য আইন অহা ৰ ফেব্ৰুৱাৰীৰ পৰা নিশা ১১ বজা পৰ্যন্ত শিথিল কৰি দিয়াৰ কথাও ইতিমধ্যে চৰকাৰীভাৱে ঘোষণা কৰা হ’ল৷ দীৰ্ঘ কাৰ্যকাল স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিনাতথ্যে এনে ঘোষণা কৰা নাই আৰু সংক্ৰমণৰ গতি-প্ৰকৃতি সন্দৰ্ভত তেওঁ পূৰ্ণ শতাংশ জ্ঞাত বুলিয়েই সকলোৰে বিশ্বাস৷ এনে পৰিপ্ৰেক্ষিততে সান্ধ্য আইনৰ সময়সীমাও চৰকাৰে হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে৷ মুখ্যমন্ত্ৰীৰ এই ঘোষণাত  কাৰো সন্দেহ নাই৷ কিয়নো তেওঁৰ নেতৃত্বতে চৰকাৰে সোমবাৰে গুৱাহাটীত চৰকাৰী বঁটা প্ৰদানৰ বিশাল অনুষ্ঠানৰ আয়োজন কৰিলে৷ স্বয়ং মুখ্যমন্ত্ৰীয়ে কোকৰাঝাৰত সোমবাৰে বৃহৎ জনসমাৱেশ হোৱা এখন বিয়াও খালেগৈ৷ তদুপৰি সোমবাৰে চৰকাৰে নতুন এছ অ’ পি জাৰি কৰি মহকুমা  পৰ্যায়ত আয়োজিত অনুষ্ঠানত দুশজন লোক, জিলা পৰ্যায়ত পাঁচশজন লোক, ৰাজ্যিক পৰ্যায়ত এহেজাৰ লোক সমৱেত হ’ব পাৰিব বুলি ঘোষণা কৰিছে৷  একেলগে নৱমমানৰ পৰা বিদ্যালয়ৰ শ্ৰেণীসমূহ আৰম্ভ হ’ব বুলিও নতুন এছ অ’ পিত ঘোষণা কৰা হৈছে৷ কিন্তু মুখ্যমন্ত্ৰীৰ দাবী, ঘোষণা আৰু কাৰ্যকলাপে ৰাইজৰ মনৰ পৰা ক’ভিড অতিমাৰীৰ ভীতি আৰু আতংক দূৰ কৰিবলৈ লোৱাৰ সময়তে লেঠা লগাইছে প্ৰশাসনৰ উদ্যোগত গুৱাহাটীত চলি থকা ক’ভিডৰ চৰকাৰী ঘোষণাই৷ এখন মাৰুটি ভেনত উঠি প্ৰশাসনৰ নিৰ্দেশত অব্যাহত থকা ঘোষণাত কোৱা হৈছে, ৰাজ্যৰ লগতে মহানগৰীত দিনক দিনে ক’ভিডৰ সংক্ৰমণ বৃদ্ধি হৈছে৷ ক’ভিডৰ বাবে সাংঘাটিক পৰিস্থিতিৰ সৃষ্টি হৈছে৷ সেয়ে এনে পৰিস্থিতিত ৰাইজ বাহিৰলৈ ওলাব নালাগে৷ লগতে ক’ভিডৰ পৰা হাত সৰাৰ বাবে দিয়া উপদেশ আৰু প্ৰতিষেধক লোৱাৰ  আহ্বান৷ এফালে মুখ্যমন্ত্ৰীৰ ক’ভিডৰ সংক্ৰমণ হ্ৰাস হোৱাৰ দাবী আৰু চহৰে-নগৰে চৰকাৰী উদ্যোগত মেল-মিটিং, আনফালে চৰকাৰী ঘোষণাত ৰাইজক ঘৰত সোমাই থকাৰ আহ৩ান৷ চৰকাৰৰ এই স্থিতিত দোদুল্যমান হৈ পৰিছে ৰাইজ৷ ঘাইকৈ গুৱাহাটী মহানগৰীৰ বাসিন্দা মুখ্যমন্ত্ৰীৰ ঘোষণা আৰু চৰকাৰী মাইকত কৰা ঘোষণাৰ ফলত বিভ্ৰান্ত৷ এতিয়া গুৱাহাটীবাসীয়ে আচলতে কি কৰিব? মুখ্যমন্ত্ৰীৰ অভয়বাণী শুনি মুকলিলৈ ওলাই আহিব নে চৰকাৰে কৰি থকা ৰাজহুৱা ঘোষণা শুনি ঘৰৰ ভিতৰত আৱদ্ধ হৈ থাকিব৷ একাংশ গুৱাহাটীবাসীয়ে দাবী কৰা অনুসৰি ৰাজহুৱা ঘোষণাৰ ক্ষেত্ৰত যি বক্তব্য উপস্থাপন কৰা হৈছে সেয়া তেওঁলোকক কেইবাদিনো পূৰ্বে দিয়া নিৰ্দেশ৷ সেই নিৰ্দেশ পালন কৰি তেওঁলোকে পুৰণা বচনকে আওৰাই আছে৷ এই বচন শুনি মহানগৰীৰ অনেক বাসিন্দা বিভ্ৰান্ত হোৱাটো স্বাভাৱিক৷ নিজে গমি-পিতি চাই যিসকলে সিদ্ধান্ত ল’ব পাৰে তেওঁলোকেও এনে ঘোষণা শুনাৰ পাছত ওলাই আহিবলৈ ভয় কৰে ঘাইকৈ আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ আশংকাত৷ সেয়ে প্ৰশ্ন উঠিছে মুখ্যমন্ত্ৰীয়ে কৰা দাবীকো উপেক্ষা কৰি কোনে এনে ৰাজহুৱা ঘোষণা চলাই যাবলৈ নিৰ্দেশ দিছে৷ উল্লেখ্য, যোৱা শুকুৰবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে জনোৱা অনুসৰি বিগত ২৪ ঘণ্টাত অসমত ক’ভিডত আক্ৰান্ত হৈছিল ৬৮৯৭জন, গুৱাহাটীত আক্ৰান্ত হৈছিল ২০০০ আৰু মৃত্যু হৈছিল ১৩জনৰ৷ পৰৱৰ্তী ২৪ ঘণ্টাত ৰাজ্যত আক্ৰান্ত হৈছিল ৫৫৮০ আৰু গুৱাহাটীত আক্ৰান্ত হৈছিল ১১৭২ জন৷ আক্ৰান্তৰ এই সংখ্যা দেখিলে সকলোৱে উপলব্ধি কৰিব মুখ্যমন্ত্ৰীয়ে কৰা দাবী সত্য, অৰ্থাৎ ৰাজ্যত আৰু গুৱাহাটীত সংক্ৰমণৰ হাৰ কমি আহিছে৷ কিন্তু এনে পৰিস্থিতিতো গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৰাইজক আতংকিত কৰি ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ কৰা ঘোষণাৰ উদ্দেশ্য কি?

ডিব্ৰুগড়ত ভয়াৱহ পৰিস্থিতি, এ এম চিত তিনি শিশুৰ মৃত্যু

‘আমাৰ অসমঃ ডিব্ৰুগড়ত ভয়াৱহ হৈ উঠিছে ক’ভিড পৰিস্থিতি৷ ক’ভিডৰ ভয়াৱহ সংক্ৰমণে আতংকিত কৰিছে সাধাৰণ জনতাক৷ ক’ভিডৰ প্ৰথম আৰু দ্বিতীয় ঢৌৰ আতংক মাৰ নৌযাওঁতে ভয়াৱহ ৰূপ লোৱা তৃতীয় ঢৌত সংক্ৰমণ হৈছে ক’ভিড-১৯ত৷ কেৱল অসম চিকিৎসা মহাবিদ্যালয়ত বিগত ২৪ ঘণ্টাত তিনিটাকৈ শিশুৰ মৃত্যু হৈছে মহামাৰী কৰ’না ভাইৰাছত৷ চৰাইদেউ জিলাৰ মৰাণ খুমটাইৰ বাছিদ আলি নামৰ লোকজনৰ ডেৰমহীয়া শিশু আৰু শিৱসাগৰ ঢুলীয়াপাৰ জোনাকী নগৰৰ অবিনাশ বৰাৰ কন্যা শিশুৰ মৃত্যু হৈছে ক’ভিডত৷ সেইদৰে আজি পুনৰ আন এটি শিশু কৰ’না ভাইৰাছত মৃত্যু হোৱাৰ কথা জানিবলৈ দিছে অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙ্গীয়াই৷ আনহাতে, চিকিৎসা মহাবিদ্যালয়খনত এইপৰ্যন্ত ৯ টাকৈ শিশু ক’ভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাৰ কথা প্ৰকাশ কৰিছে৷ ইফালে ডিব্ৰুগড়ৰ এখন বিদ্যালয়ত কেইবাজনো ছাত্ৰ-ছাত্ৰী আক্ৰান্ত হৈছে কৰ’না ভাইৰাছত৷ ডিব্ৰুগড় চহৰৰ উপকণ্ঠ অঞ্চল বকুল হাইস্কুলত আজি ২৫জন শিক্ষাৰ্থী আৰু শিক্ষকৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰিছে৷ ষষ্ঠ আৰু দশম শ্ৰেণীৰ ২০ জন ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰধান শিক্ষয়িত্ৰীকে ধৰি প্তজন শিক্ষকক ক’ভিড পজিটিভ ধৰা পৰে স্বাস্থ্য বিভাগৰ পৰীক্ষাত৷ জিলাখনত ক’ভিডৰ ভয়ংকৰ সংক্ৰমণৰ সমান্তৰালভাৱে যোৱা তিনিদিনত বৃদ্ধি পাইছে ৰোগীৰ মৃত্যুৰ সংখ্যা৷ জিলাখনত আজি নতুনকৈ ক’ভিড-১৯ত ৩২০জন ক’ভিড আক্ৰান্ত ৰোগী চিনাক্ত কৰাৰ বিপৰীতে ৫ জনৰ মৃত্যু হৈছে৷ আজি ২,৭০৩ জনক কৰা ক’ভিড পৰীক্ষাত ৩০৮জনক ৰেট টেষ্ট আৰু আৰ টি পি চি আৰ টেষ্টত ১১ জনৰ দেহত চিনাক্ত কৰিছে ক’ভিডৰ অৱস্থিতি৷ এইপৰ্যন্ত জিলাখনত ২৯,৫৪৯জনলৈ বৃদ্ধি পালে ক’ভিড আক্ৰান্ত ৰোগী৷ ইয়াৰে ২,৬১৭ জন ৰোগী বৰ্তমানেও জিলাখনৰ বিভিন্ন চিকিৎসালয়সমূহত চিকিৎসাধীন হৈ আছে৷

শোণিতপুৰত কৰ’নাত পুনৰ দুজনৰ মৃত্যু

‘আমাৰ অসমঃ শোণিতপুৰত আৰু দুজন কৰ’না ৰোগীৰ মৃত্যু ঘটিছে৷ তদুপৰি, আজি জিলাখনত নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে মুঠ ১৮৩জন লোক৷ উল্লেখ্য যে, যোৱা প্ৰায় এটা পষেকৰ ভিতৰত শোণিতপুৰত কৰ’নাত মৃত্যু ঘটিছে মুঠ ১৫জন ব্যক্তিৰ৷ আজি স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, শোণিতপুৰৰ ঢেকীয়াজুলি কেহেৰুখন্দাৰ বুধিৰাম দৈমাৰী[৫০] নামৰ লোকজনৰ উপৰি জ্যোতি দেৱী[৩৩]নামৰ ঠেলামৰা জহামাৰীৰ মহিলাগৰাকী কৰ’নাত আক্ৰান্ত হৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাত মৃত্যু ঘটে৷ ইপিনে কালিৰ তুলনাত আজি জিলাখনত কৰ’না সংক্ৰমণৰ হাৰ কিছু কম বুলি প্ৰকাশ কৰি স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, জিলাখনত আজি সংক্ৰমণৰ হাৰ ১৫.৬০শতাংশ৷ আজি শোণিতপুৰত ১৭৪জন কৰ’নাত আক্ৰান্ত হোৱা লোক গৃহপৃথক্কৰণত থকাৰ বিপৰীতে নজন ক’ভিড সেৱা কেন্দ্ৰত ভতিৰ্ হোৱা বুলিও স্বাস্থ্য বিভাগৰ তথ্যত প্ৰকাশ কৰা হৈছে৷

‘আমাৰ অসমঃ দৰং জিলাৰ দলগাঁৱত অৱস্থিত পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষাৰ্থীসহ ১১জনৰ শৰীৰত কৰ’নাৰ উপস্থিতি ধৰা পৰাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়খন কণ্টেনমেণ্ট জ’ন ঘোষণা কৰিছে৷ আক্ৰান্তসকলৰ ৬ জন শিক্ষক আৰু প্ত গৰাকী শিক্ষাৰ্থী বুলি জানিব পৰা গৈছে৷ এনেদৰে শিক্ষক আৰু শিক্ষাৰ্থীৰ একাংশ ক’ভিডত আক্ৰান্ত হোৱা বুলি তথ্য লাভ কৰাৰ পাছত শিক্ষানুষ্ঠানখনত কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত লোৱা হয় বুলি জিলা প্ৰশাসনৰ সূত্ৰই জানিবলৈ দিছে৷