Logo
image

ঠেঙাল-কছাৰী মিত্ৰজোঁটৰ

 তিতাবৰতো উল্লেখযোগ্য সাফল্য বিজেপিৰ

আমাৰ অসম, ২৫ জানুৱাৰীঃ ঠেঙাল-কছাৰী পৰিষদ মিত্ৰজোঁটৰ দখলত৷ বিধবস্ত হৈ গ’ল কংগ্ৰেছ৷ ঠেঙাল-কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুঠ ৫খন জিলাক সামৰি অনুষ্ঠিত হোৱা নিৰ্বাচনত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰে৷ মুঠ ২২খন আসনৰ ভিতৰত বিজেপিয়ে অকলেই ১৫খন  আসন লাভ কৰাৰ উপৰি বিজেপিৰ মিত্ৰদল অগপই লাভ কৰে তিনিখন আসন৷ ইফালে, কংগ্ৰেছে মাত্ৰ তিনিখন আসন পায়৷ এখন আসন লাভ কৰে নিৰ্দলীয়ই৷ ২০ জানুৱাৰীত অনুষ্ঠিত পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা সোমবাৰে পুৱাৰে পৰা আৰম্ভ হয় আৰু আবেলিলৈ সম্পূৰ্ণ ফলাফল ঘোষণা কৰা হয়৷ যোৰহাট জিলাৰ তিতাবৰত থকা মুঠ ১০টা সমষ্টিৰ ভিতৰত বিজেপিৰ ৬জন, অগপৰ ৰজন, কংগ্ৰেছৰ ২জন আৰু নিৰ্দলীয় ৰজন  প্ৰাৰ্থীয়ে  জয়লাভ কৰে৷ গোলাঘাট জিলাত থকা প্তটা সমষ্টিৰ ভিতৰত বিজেপিয়ে ৩ টা, অগপই ১ টা আৰু কংগ্ৰেছৰ ৰজন প্ৰাৰ্থীয়ে জয়লাভ কৰে৷ লখিমপুৰ জিলাৰ ৫ টা সমষ্টিৰ ভিতৰত বিজেপিৰ ৪ জন আৰু অগপৰ ৰজন প্ৰাৰ্থীয়ে জয়লাভ কৰে৷ ডিব্ৰুগড় জিলাৰ একমাত্ৰ সমষ্টি নাহৰকটীয়াৰ ২২নং মেৰবিল সমষ্টিত বিজেপিৰ মনদীপ বৰাই জয়লাভ কৰে৷ ধেমাজি জিলাৰ ২১নং ৰূপহী গড়পৰা পৰিষদীয় সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰাজু শইকীয়া ইতিপূৰ্বে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয়৷ সেই হিচাপত পৰিষদৰ মুঠ ২২টা সমষ্টিৰ ভিতৰত বিজেপি-অগপ মিত্ৰজোঁটে ১৮খন আসন লাভ কৰিবলৈ সক্ষম হয়৷ ইয়াৰে বিজেপিয়ে ১৫খন আৰু অগপই ৩খন আসন লাভ কৰে৷ কংগ্ৰেছ দল ৩খন আসনতে থমকি ৰ’ব লগা হয়৷ যোৰহাট জিলাৰ তিতাবৰৰ বৰহোলা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী জয়ী হয়৷ তিতাবৰৰ ১০টা সমষ্টিৰ ভিতৰত ১ নং নগাবাট সমষ্টিত বিজেপি প্ৰাৰ্থী বিপুল কছাৰী, ২নং বৰহোলা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী বন্দিতা শইকীয়া, ৩নং মাধপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী প্ৰতাপ কছাৰী, ৪ নং ফুলবাৰী সমষ্টিত অগপ প্ৰাৰ্থী পূৰ্ণ বড়া, ৫নং দিহিঙীয়া সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী অচিন্ত্য শইকীয়া, ৬নং তিতাবৰ সমষ্টিত বিজেপি প্ৰাৰ্থী বন্তি শইকীয়া, ৭ নং চামগুৰি সমষ্টিত বিজেপি প্ৰাৰ্থী পুলক কছাৰী, ৮নং বৰুৱাজান সমষ্টিত বিজেপি প্ৰাৰ্থী কুমুদ চন্দ্ৰ কছাৰী, ৯ নং জালুকনিবাৰী সমষ্টিত বিজেপি প্ৰাৰ্থী শ্যামল কৃষ্ণ বড়া আৰু ১০ নং তামোলবাৰী সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী লক্ষেশ্বৰ শইকীয়া নিৰ্বাচিত হয়৷ ২নং বৰহোলা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী বন্দিতা শইকীয়া জয়ী হোৱাৰ পাছত নিকটতম প্ৰতিদ্বন্দ্বী বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী মনচুমী পাঠক সোণোৱাল আৰু তেওঁৰ সমৰ্থকে পুনৰ ভোটগণনাৰ দাবী উত্থাপন কৰে৷ ফলত পুনৰ ভোটগণনা কৰা হয় যদিও ফলাফল সলনি নহ’ল৷ কংগ্ৰেছ দলৰ বিধায়ক থকা তথা কংগ্ৰেছৰ শক্তিশালী দুৰ্গ তিতাবৰত ঠেঙাল-কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত মুঠ ১০খন আসনৰ ভিতৰত মাত্ৰ ২খন আসনহে কংগ্ৰেছে লাভ কৰিবলৈ সক্ষম হয়৷ গোলাঘাট জিলাৰ ১১নং ঠেঙাল কমাৰগাঁও সমষ্টিত বিজেপিৰ হৰপ্ৰভা ঠেঙাল, ১২নং গেলাবিল সমষ্টিত কংগ্ৰেছৰ হিৰণ্য বৰা, ১৩নং কাছমাৰি সমষ্টিত অগপৰ শিখামণি ঠেঙাল বৰুৱা, ১৪নং চাউদাং পথাৰত কংগ্ৰেছৰ ছায়া ঠেঙাল, ১৫নং চাউদাং পথাৰ দৈয়াং সমষ্টিত বিজেপিৰ পদ্মেশ্বৰ শইকীয়াই জয়লাভ কৰে৷ লখিমপুৰ জিলাৰ ১৬নং বঙালমৰা সমষ্টিত বিজেপিৰ লেখন বৰা, ১৭নং পাভ সমষ্টিত বিজেপিৰ কেশৱ নেওগ, ১৮নং পূব লখিমপুৰ সমষ্টিত বিজেপিৰ জ্যোতি বৰা শইকীয়া, ১৯নং দক্ষিণ বিহপুৰীয়া সমষ্টিত বিজেপিৰ কেশৰাম বৰা আৰু ২০নং জকাই পেলোৱা হাৰমতী সমষ্টিত অগপৰ ধনেশ্বৰ হাজৰিকাই জয়লাভ কৰে৷