Logo
image

বাদ পৰিল অসমীয়া

 ২০২০ এপিএছচি পৰীক্ষাত

আমাৰ অসম, ২৫ জানুৱাৰীঃ অসমীয়া ভাষালৈ সংকট নামি অহা বুলি বিভিন্নজনে আক্ষেপ প্ৰকাশ কৰাৰ সময়তে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত মাতৃভাষা অবিহনে  পৰীক্ষাত বহিব পাৰিব প্ৰাৰ্থী৷ মিত্ৰজোঁটৰ চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰা এপিএছচিৰ পৰীক্ষাত অসমীয়া ভাষা বিলুপ্তিৰ সিদ্ধান্তত অৱশেষত মোহৰ মাৰিলে গুৱাহাটী উচ্ছ ন্যায়ালয়ে৷ ২০২০ বৰ্ষৰ অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক [মূল] পৰীক্ষাত অসমীয়া বিষয়ৰ  বাধ্যতামূলক প্ৰশ্নকাকতখনক লৈ গুৱাহাটী উচ্ছ ন্যায়ালয়ত গোচৰ চলি থকাৰ মাজতে কাৰ্যতঃ অসমীয়া ভাষাক মৃত্যুৰ মুখে ঠেলি দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বহা কেবিনেটে লোকসেৱাৰ পৰীক্ষাত অসমীয়া ভাষাৰ বাধ্যতামূলক যোগ্যতা অৰ্জনকাৰী প্ৰশ্নকাকতখন প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ কেৰালা, তামিলনাডু, গুজৰাটকে ধৰি দেশৰ প্ৰতিখন ৰাজ্যই নিজ নিজ থলুৱা ৰাজ্যভাষাৰ প্ৰশ্নকাকত ৰাজ্যিক অসামৰিক পৰীক্ষাত বাধ্যতামূলক কৰাৰ সময়তে অসম চৰকাৰৰ কেবিনেটে ওলোটাই মাতৃভাষা বিলুপ্তিৰ সিদ্ধান্ত গ্ৰহণ কৰিলে৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ত ভাষা বিষয়ক প্ৰশ্নকাকতখনক লৈ ৰুজু হোৱা চাৰিখনকৈ লেখ আৱেদনৰ শুনানি গ্ৰহণ কৰি অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তৰ ভিত্তিতে ইতিপূৰ্বে গুৱাহাটী উচ্ছ ন্যায়ালয়ে ২০২০ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত অসমীয়া ভাষা বিষয়ক বাধ্যতামূলক প্ৰশ্নকাকতখন বাতিলৰ সপক্ষে ৰায় দিছিল৷ কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত এনে ভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে এজন অধিবক্তাই গুৱাহাটী উচ্ছ ন্যায়ালয়ত এটা ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ ৰুজু কৰাত পুনৰবাৰ এপিএছচি পৰীক্ষাৰ ভাষাৰ প্ৰশ্নকাকতখনক লৈ সমগ্ৰ পৰীক্ষাটোৱেই ওলমি ৰৈছিল৷ উক্ত গোচৰৰ দীঘলীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তাই ভাষা বিষয়ক প্ৰশ্নকাকত সন্দৰ্ভত কেবিনেটৰ সিদ্ধান্ত দোহাৰি যুক্তি দাঙি ধৰাত অৱশেষত সোমবাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়া আৰু ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ খণ্ড বিচাৰপীঠে চৰকাৰৰ সপক্ষে ৰায় বাহাল ৰাখে৷ অৰ্থাৎ ২০২০ বৰ্ষৰ এপিএছচিৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত অসমীয়া ভাষাৰ প্ৰশ্নকাকতৰ অবিহনে অনুষ্ঠিত হ’ব৷ অৱশ্যে বিচাৰপীঠখনে ২০২০ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ চূড়ান্ত বাছনি তালিকা গোচৰটোৰ চূড়ান্ত মীমাংসা নোহোৱা পৰ্যন্ত প্ৰকাশ কৰিব নোৱাৰিব বুলিও স্পষ্ট কৰি দিছে৷ ন্যায়ালয়ে এপিএছচি পৰীক্ষা বাধাগ্ৰস্ত নোহোৱাৰ স্বাৰ্থত ২০২০ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা অসমীয়া ভাষা বিষয়ৰ প্ৰশ্নকাকত অবিহনে চলাই নিবলৈ নিৰ্দেশ দিলেও লোকসেৱা পৰীক্ষাত ভাষা বিষয়ক প্ৰশ্নকাকতৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত চূড়ান্ত ৰায় প্ৰদান কৰা নাই৷ ন্যায়ালয়ে গোচৰ কেইটাৰ শুনানিৰ অন্ততহে অনাগত দিনত এপিএছচিত বাধ্যতামূলক অসমীয়া ভাষাৰ প্ৰশ্নকাকত থাকিব লাগে নে নাই, তাৰ সুস্পষ্ট সিদ্ধান্ত নিৰ্ণয় কৰাৰ সম্ভাৱনা আছে৷ স্বাভাৱিকতেই এতিয়া এপিএছচিৰ পৰীক্ষাত অসমীয়া ভাষাৰ অস্তিত্ব ন্যায়ালয়ৰ পাকচক্ৰত সোমাই পৰিছে৷

নৱম-দ্বাদশত ইংৰাজী বিজ্ঞান পঢ়ি মেডিকেল অসমীয়াত? আছুৰ সকীয়নি

‘আমাৰ অসমঃ অসম চৰকাৰৰ শিক্ষা বিভাগৰ কেতবোৰ কাম-কাজে ৰাইজক হতভম্ব কৰিছে৷ কিছুদিন পূৰ্বে শিক্ষা বিভাগে ঘোষণা কৰিছিল যে মেডিকেল আৰু ইঞ্জিনিয়াৰিং শিক্ষা অসমীয়া মাধ্যমত গ্ৰহণ কৰাৰ দিহা কৰা হ’ব৷ এই ঘোষণা বাস্তৱবৰ্জিত আৰু আবেগপ্ৰৱণ৷ সেয়ে অসমৰ সচেতন ৰাইজে এয়া অবান্তৰ কথা বুলি অভিহিত কৰি ইয়াক কাৰ্যতঃ প্ৰত্যাখ্যান কৰিছিল৷ এই ঘোষণাৰে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে হয়তো প্ৰমাণ কৰিব বিচাৰিছিল যে অসমীয়া ভাষাৰ প্ৰতি চৰকাৰৰ বিশেষ দৰদ আছে৷ কিন্তু সেই দৰদ যে কৃত্ৰিম সেয়া প্ৰমাণ হ’বলৈ বেছিদিন নালাগিল৷ মেডিকেল কাণ্ডৰ পাছত চৰকাৰ আৰু শিক্ষা বিভাগে ঘোষণা কৰিলে যে প্ৰতিটো বিধানসভা সমষ্টিত এখনকৈ আদৰ্শ বিদ্যালয় স্থাপন কৰা হ’ব৷ কিন্তু এই বিদ্যালয় হ’ব চিবিএছইৰ দ্বাৰা পৰিচালিত– ছেবা বা শিক্ষা সংসদৰ দ্বাৰা নহয়৷ ইয়াৰ সমৰ্থনত শিক্ষা বিভাগে অজস্ৰ অবান্তৰ যুক্তি দিলে৷ এইক্ষেত্ৰতো চৰকাৰে ৰাইজৰ সঁহাৰি নাপালে৷ দিনচেৰেক পূৰ্বে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰিলে যে অসমত হাইব্ৰীড শিক্ষাৰ দিহা কৰা হ’ব যিটো পৃথিৱীৰ ক’তো বিচাৰি পাবলৈ নাই৷ সেইমৰ্মে নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ তিনিটা বিষয়ৰ পাঠদান অসমীয়াৰ পৰিৱৰ্তে ইংৰাজীত কৰা হ’ব– গণিত, বিজ্ঞান আৰু ইংৰাজী৷ এইবাৰো ৰাইজৰ চকু কপালত উঠিল৷ যিখন চৰকাৰে মেডিকেল-ইঞ্জিনিয়াৰিঙৰ পাঠদান অসমীয়াত কৰাৰ দম্ভালি মাৰিছিল, সেই একেখন চৰকাৰৰ একেটা শিক্ষা বিভাগে আকৌ নৱম-দ্বাদশ শ্ৰেণীত বিজ্ঞান পঢ়ুৱাব খুজিছে ইংৰাজীত– লগতে অংক আৰু ইংৰাজীও৷ শিক্ষা বিভাগৰ এই আগ-গুৰি নোহোৱা কাৰ্যক সচেতন মহলে বাতুলামি আখ্যা দিছে৷ ইতিমধ্যে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰ উঠিছে৷ এই জাতিবিৰোধী সিদ্ধান্ত মানি লোৱা নহ’ব বুলি সদৰি কৰিছে সদৌ অসম ছাত্ৰ সন্থাই৷ সন্থাই কয়– ‘বিজেপি নেতৃত্বাধীন অসম চৰকাৰে সম্প্ৰতি মাতৃভাষাক শ্ল’ পইজন দি শীতল মস্তিষ্কৰে হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে৷ এপিএছচিত অসমীয়া ভাষা বন্ধ কৰাৰ পাছত এইবাৰ হাইব্ৰীড মডেলৰ অজুহাত দেখুৱাই মাধ্যমিক পৰ্যায়ৰ শিক্ষানুষ্ঠান সমূহত তিনিটা বিষয়ত ইংৰাজী ভাষাৰে পাঠদান কৰি অসমীয়া মাতৃভাষাটোক পৰ্যায়ক্ৰমে নিঃশেষ কৰাৰ ষড়যন্ত্ৰত নামি পৰিছে ৰাজ্য চৰকাৰ৷ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত হঠকাৰী৷ সদৌ অসম ছাত্ৰ সন্থাই এই সিদ্ধান্ত কেতিয়াও মানি নলয়৷’ ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাই এই সন্দৰ্ভত কয়– বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ অসম চৰকাৰখনে অসমত অসমীয়া ভাষা নিঃশেষ কৰাৰ যি ষড়যন্ত্ৰ ৰচিছে সেয়া অত্যন্ত দুৰ্ভাগ্যজনক৷ অসমত অসমীয়া ভাষাৰ সংকটৰ সময়ত চৰকাৰৰ কৰণীয় আছিল ভাষাটোক সুৰক্ষা দি আৰু অধিক চহকী কৰা৷ দুৰ্ভাগ্যৰ বিষয় এয়ে যে চৰকাৰে ইয়াৰ বিপৰীতে ৰ এপ্ৰিলৰ আৰম্ভ হ’বলগীয়া নতুন শিক্ষাবৰ্ষত হাইব্ৰীড মডেল কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ চৰকাৰৰ এনে অসমীয়া ভাষাবিদ্বেষী মনোভাৱক সদৌ অসম ছাত্ৰ সন্থাই কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে এনে সিদ্ধান্ত পৰিহাৰ কৰাৰ দাবী জনাইছে৷ ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰীজনে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত ছাত্ৰ-ছাত্ৰীসকলক আগবঢ়াই নিয়াৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি কোৱা কথা অতি হাস্যকৰ৷ কিয়নো ভাষাহীনভাৱে এটা জাতিয়ে কেতিয়াও নিজস্ব চিন্তা-চেতনাৰে নিজৰ সভ্যতা-সংস্কৃতিৰ উত্তৰণ ঘটাই জীয়াই থাকিব নোৱাৰে৷ ভাষাহীন হোৱাৰ লগে লগেই এটা জাতিয়ে নিজৰ জাতিসত্বা হেৰুৱাই ধবংসৰ গৰাহত পৰে৷ অসমীয়া ভাষাৰ সমান্তৰালকৈ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত দেশৰ অন্যান্য ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ সমানে ফেৰ মাৰিব পৰাকৈ কোচিঙৰ ব্যৱস্থা গ্ৰহণ কৰক৷ অসমীয়া ভাষা হত্যা কৰা অথবা নিঃশেষ কৰাৰ ষড়যন্ত্ৰ বন্ধ কৰক৷ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ তিনিটা বিষয়ৰ পাঠদান ইংৰাজী ভাষাত কেতিয়াও হ’বলৈ দিয়া নহ’ব৷ ৰাজ্য চৰকাৰে অতি শীঘ্ৰে এই জাতিধবংসী সিদ্ধান্ত বাতিল কৰি ইংৰাজী বিষয়ত অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰক, তলৰ শ্ৰেণীৰ পৰাই ভালদৰে ইংৰাজীৰ শিক্ষা দিয়াৰ দিহা কৰক৷