Logo
image

লেঃ জেনেৰেল ৰাণাপ্ৰতাপ কলিতা ইষ্টাৰ্ন কমাণ্ডৰ মুৰব্বী পদত

আমাৰ অসম, ২৬ জানুৱাৰীঃ অসমৰ সু-সন্তান লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই কলকাতাৰ ফ’ৰ্ট উইলিয়ামস্থিত ইষ্টাৰ্ণ কামাণ্ডাৰৰ মুৰব্বী পদত [জি অ’ চি— ইন চি ] ৰূপে বাছনিভুক্ত হৈছে৷ অহা পহিলা ফ্ৰেব্ৰুৱাৰীত তেওঁ এই পদত যোগদান কৰিব৷ এই পদ লাভ কৰা তেওঁ হৈছে প্ৰথম অসমীয়া সন্তান৷ উল্লেখ্য যে, গোৱালপাৰা সৈনিক স্কুল [এছ এছ জি] আৰু নেশ্বনেল ডিফেন্স একাডেমীৰ ছাত্ৰ  ৰাণা প্ৰতাপ কলিতাই ইতিপূৰ্বে বিশিষ্ট কৰ্মদক্ষতাৰ বাবে ‘সেনা মেডেল’ আৰু দুবাৰ ‘বিশিষ্ট সেৱা মেডেল’ লাভ কৰিছে৷ তদুপৰি, তেওঁ দেশৰ হৈ আগবঢ়োৱা প্ৰশংসনীয় সেৱাৰ বাবে আৰু বাৰমূলা ডিভিজনৰ জি অ’ চি হৈ থকা সময়ত কাশ্মীৰ উপত্যকাৰ উৰি চেক্টৰত হোৱা ‘ফিডাইয়ে আক্ৰমণ’ৰ সময়ত আগবঢ়োৱা বিশেষ সেৱাৰ বাবে সন্মানীয় ‘উত্তম যুদ্ধ সেৱা মেডেল’, ‘অতি বিশিষ্ট সেৱা মেডেল’, ‘সেৱা মেডেল’, ‘বিশিষ্ট সেৱা মেডেল’, তিনি তাৰকাযুক্ত জেনেৰেল সন্মান লাভ কৰিছে৷ কামৰূপ জিলাৰ [গ্ৰাম্য] ৰঙিয়াৰ শান্তিপুৰৰ আদৰ্শবান শিক্ষক যোগেন্দ্ৰ কলিতা আৰু ৰেণু কলিতাৰ পুত্ৰ লেফটেনেণ্ট জেনেৰেল কলিতাই ১৯৮৪১ জুনত প্ৰথমে জ্ঝকুমাও ৰেজিমেণ্টত যোগদান কৰিছিল৷ পিতৃৰ পদাংক অনুসৰণ কৰি তেওঁৰ পুত্ৰ কেপ্টেইন নিশান্ত কলিতায়ো নৱম কুমাও ৰেজিমেণ্টত বিষয়া হিচাবে যোগদান কৰিছে৷  উল্লেখ্য যে, দিল্লীৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত হৈ থকা অৱস্থাত ভাৰতীয় সেনাই সম্পন্ন কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অন্তে্যষ্টিক্ৰিয়াৰ গুৰুদায়িত্ব অতি নিখুঁতভাৱে তেওঁ সমাপন কৰিছিল৷ ইতিমধ্যে তেওঁ কাশ্মীৰত ১৩ ৰাষ্ট্ৰীয় ৰাইফলছ্‌, লক্ষ্ণৌৰ ৭১ ইনফেট্ৰি ব্ৰিগেড আৰু কূটনৈতিক দিশত জটিল শ্ৰীনগৰৰ ১৫ক’ৰ সুদক্ষতাৰে দায়িত্ব সম্পাদন কৰি আহিছে৷ তদুপৰি, তেওঁ ‘অফিচাৰ ট্ৰেইনিং একাডেমী’ [ অ’ টি এ] আৰু আমেৰিকা যুক্তৰাষ্ট্ৰলৈ দুবাৰ ভাৰতীয় সেনাৰ প্ৰতিনিধি দলৰ হৈও সেৱা আগবঢ়োৱাৰ অভিজ্ঞতা আছে৷ নিশা কলিতাৰ সৈতে বিবাহপাশত আবদ্ধ লেফটেনেণ্ট জেনেৰেল কলিতাৰ কন্যা ৰুচিয়ে জামিয়া মিলিয়া ইছলামীয়া বিশ্ববিদ্যালয়ত কৰ্মৰত হৈ আছে৷ অসম সন্তানজনৰ এই বিৰল উত্তৰণত সন্তোষিত মঙলদৈ মিডিয়া চাৰ্কোলৰ উপদেষ্টা ভাৰ্গৱ কুমাৰ দাস, সভাপতি হিতেশ হাজৰিকা, সদস্য কুমাৰ ধৰ্মেন্দ্ৰ নাৰায়ণ দেৱে আজি ফোনযোগে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে৷ প্ৰসংগক্ৰমে তেওঁ মিডিয়া চাৰ্কোলক দৰঙৰ ঐতিহ্যমণ্ডিত পথৰুঘাটৰ সাতকুৰি কৃষক ছহীদক নিজে আহি শ্ৰদ্ধাঞ্জলি নিবেদনৰ আগ্ৰহ প্ৰকাশ কৰে৷ উল্লেখ্য যে, প্ৰতিবছৰে ভাৰতীয় সেনাই ২৮ জানুৱাৰীৰ কৃষক ছহীদ দিৱসৰ সৈতে সংগতি ৰাখি সেনা বাহিনীয়ে ২৯ জানুৱাৰীত শ্ৰদ্ধাঞ্জলি জনাই আহিছে৷