Logo
image

এতিয়াৰে পৰা ৰে’ল চলাৰ পাঁচ মিনিট পূৰ্বে যাত্ৰীয়ে পাব টিকট

আমাৰ অসম, ১০ অক্টোবৰঃ ১০ অক্টোবৰৰ পৰা ভাৰতীয় ৰে’লে টিকট প্ৰদানৰ ক্ষেত্ৰত নতুন নিয়ম আৰম্ভ কৰিব৷ এতিয়াৰে পৰা ৰে’ল চলাৰ পাঁচ মিনিট পূৰ্বেও ৰিজাৰ্ভেশ্বন টিকট লাভ কৰিব যাত্ৰীয়ে৷  ভাৰতীয় ৰে’ল বিভাগে ৰে’ল চলাৰ আধাঘণ্টা আগেয়ে দ্বিতীয়খন ৰিজাৰ্ভেশ্বন তালিকা প্ৰস্তুত কৰিব৷ প্ৰথমখন ৰিজাৰ্ভেশ্বন তালিকাত টিকট নোপোৱা যাত্ৰীয়ে দ্বিতীয়খন তালিকাত টিকট পোৱাৰ সুযোগ লাভ কৰিব৷ বৰ্তমান ৰে’ল বিভাগে কৰ’নাৰ ত্ৰাসৰ বাবে নিয়মীয়া ৰে’ল চলাচল বন্ধ ৰাখিছে যদিও বিশেষ ৰে’লসেৱা অব্যাহত ৰাখিছে৷ অৱশ্যে কৰ’না ভাইৰাছ সম্পৰ্কীয় সকলো নীতি-নিয়ম মানি চলা হৈছে৷ এতিয়া নতুন নিয়ম অনুসৰি দ্বিতীয়খন ৰিজাৰ্ভেশ্বন তালিকা প্ৰস্তুত নোহোৱালৈকে যাত্ৰীয়ে টিকট বুক কৰিব পাৰিব৷ প্ৰথমখন ৰিজাৰ্ভেশ্বন তালিকা ৰে’ল চলাৰ চাৰিঘণ্টা পূৰ্বে প্ৰস্তুত কৰা হ’ব৷ প্ৰথম আৰু দ্বিতীয় ৰিজাৰ্ভেশ্বন তালিকা প্ৰস্তুত হোৱাৰ সময়ত টিকট বাতিল কৰিব পাৰিব যাত্ৰীয়ে৷ বাতিল হোৱা টিকটৰ ধন ঘূৰাই পোৱাৰ ক্ষেত্ৰত আগৰ নিয়মেই বলৱৎ থাকিব৷