জয় শ্ৰীৰাম
ছিৰিজ জয়ৰ পাছত দঃ আফ্ৰিকা
আমাৰ অসম, ২৬ জানুৱাৰীঃ আই পি এল খেলা বিদেশী ক্ৰিকেটাৰে হ’ম ছিৰিজত ভাৰতীয় ক্ৰিকেটাৰৰ বিৰুদ্ধে শ্লেজিঙত হিন্দী শব্দৰ গালি ব্যৱহাৰ কৰাতো নতুন নহয়৷ আই পি এলৰ সময়ত সতীৰ্থ দলৰ ভাৰতীয় ক্ৰিকেটাৰৰ সৈতে মাহৰ পাছত মাহ থাকি, ড্ৰেছিং ৰূম শ্বেয়াৰ কৰি খেলত-অনুশীলনত ব্যৱহাৰ কৰা অশ্লীল হিন্দী শব্দ শিকি লৈ পৰৱৰ্তী সময়ত সেই শব্দ টীম ইণ্ডিয়াৰ বিৰুদ্ধে ব্যৱহাৰ কৰি ইংলেণ্ড, অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰে সকলোকে আচৰিত কৰি তোলে৷ কিন্তু ক্ৰিকেটত জয় শ্ৰীৰাম, তাকো দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰৰ মুখত/ নৈব নৈব চ৷ কেতিয়াও নহয়৷ ভাৰতত এতিয়া বিজেপি দলৰ শাসনত ভগৱান শ্ৰীৰামচন্দ্ৰৰ জয় শ্ৰীৰাম ধবনিয়ে ৰাজনৈতিক বৰণো লাভ কৰিছে৷ জয় শ্ৰীৰাম ধবনিক লৈ পশ্চিম বংগৰ বিগত বিধানসভাৰ নিৰ্বাচনত বিজেপি-তৃণমূলৰ মাজত তুমুল বাকবিতণ্ডাৰো সৃষ্টি হৈছিল৷ সেই ধবনি এতিয়া যিমান ধৰ্মীয়, ঠিক সিমানেই যেন ৰাজনীতিৰ গন্ধযুক্ত৷ এয়া হৈছে ভাৰতীয় পৰিৱেশত, ভাৰত মুলুকত৷ কিন্তু ভাৰতক টেষ্ট আৰু এদিনীয়া উভয় শৃংখলাতে পৰাভূত কৰি দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰে জয় শ্ৰীৰাম বুলি বিজয়োল্লাস প্ৰদৰ্শন কৰিব, সেয়া অকল্পনীয় কথা৷ তেনে অকল্পনীয় কথাকে বাস্তৱ কৰি দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰে উচপ খুৱাই দিছে একেলগে টীম ইণ্ডিয়াৰ খেলুৱৈ আৰু ভাৰতীয় ক্ৰিকেট অনুৰাগীক৷ ভাৰতৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেট শৃংখলাত ৩-ঙ্ম মেচত বিজয়ী হোৱাৰ পাছত বিজয়োল্লাস প্ৰদৰ্শন কৰি দলৰ বাঁওহতীয়া স্পীনাৰ কেশৱ মহাৰাজে ইনষ্টাগ্ৰামত এটা পোষ্ট দি শেষত জয় শ্ৰীৰাম ধবনি দিছে৷ কেশৱ মহাৰাজে পোষ্টটো দিয়াৰ পাছতে ইণ্টাৰনেট দুনিয়াত সেই পোষ্ট ভাইৰেল হৈ পৰিছে৷ লাখ লাখ ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে সেই পোষ্ট পঢ়িছে, সঁহাৰি জনাইছে আৰু শ্বেয়াৰ কৰিছে৷ কেশৱ মহাৰাজে তেওঁৰ পোষ্টটোত লিখিছে– ‘কি এক শৃংখলা/ দলৰ এনে প্ৰদৰ্শন আৰু সাফল্যতকৈ আৰু বেছি গৌৰৱান্বিত হোৱাৰ থল নাই৷ কিমান দূৰ পথ আমি অতিক্ৰম কৰি এই অৱস্থাত উপনীত হৈছো, পুনৰুজ্জ্বীৱিত হৈছো পৰৱৰ্তী শৃংখলাৰ বাবে৷ জয় শ্ৰীৰাম৷’ উল্লেখ্য, কেশৱ মহাৰাজে এদিনীয়া শৃংখলাৰ দ্বিতীয় আৰু তৃতীয় উভয় মেচতে বিৰাট কোহলিৰ উইকেট লৈছিল৷ দ্বিতীয় মেচত কোহলি শূন্যত আউট হৈছিল আৰু সেয়াই বিৰাট কোহলিৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত প্ৰথম ‘ডাক’ আছিল৷ এনে প্ৰদৰ্শন আগবঢ়োৱা দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ কেশৱ মহাৰাজৰ বাবে সেয়ে এনেদৰে বিজয়োল্লাস প্ৰদৰ্শন কৰাতো অতি স্বাভাৱিক৷ টীম ইণ্ডিয়া এই বিজয়োল্লাসত আচৰিত হ’লেও উপায় নাই–জয় শ্ৰীৰাম ধবনি বিদেশৰ পৰাও আহিব পাৰে৷