Logo
image

পাটনাত পাছোৱানৰ শেষকৃত্য সম্পন্ন

আমাৰ অসম, ১০ অক্টোবৰঃ বিহাৰৰ বিধানসভা নিৰ্বাচনৰ ধাম-খুমিয়াৰ মাজতে বৃহস্পতিবাৰে নিশা ৰাজ্যখনৰ আগশাৰীৰ তথা জ্যেষ্ঠ ৰাজনৈতিক নেতা ৰাম বিলাস পাছোৱানৰ দিল্লীৰ এইম্‌ছত মৃত্যু হয়৷ তেওঁৰ মৃত্যুৰ খবৰে বিহাৰৰ লগতে দেশৰ ৰাজনীতিত শোকৰ ছাঁ পৰে৷ বৃহস্পতিবাৰে নিশা কেন্দ্ৰীয় মন্ত্ৰীজনৰ মৃত্যুৰ খবৰ পুত্ৰ চিৰাগ পাছোৱানে ৰাজহুৱা কৰাৰ পাছতে বিহাৰত ব্যাপক শোকৰ ছাঁ পৰে৷ দেশৰ আগশাৰীৰ দলিত নেতাসকলৰ অন্যতম আছিল ৰাম বিলাস পাছোৱান৷ পাঁচ দশকৰো অধিক কাল ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় ৰাজনীতিত দপদপাই থকা ৭৪ বছৰীয়া নেতাজন বিগত কেইবাটাও সপ্তাহ চিকিৎসাধীন হৈ আছিল৷ ‘লোক জনশক্তি পাৰ্টি’ৰ প্ৰতিষ্ঠাপক পাছোৱানে কেইবাবাৰো কেন্দ্ৰীয় মন্ত্ৰী হিচাপে সেৱা আগবঢ়াইছিল৷ মৃত্যুৰ সময়তো তেওঁ নৰেন্দ্ৰ মোদী চৰকাৰৰ মন্ত্ৰী হৈ আছিল৷ শুকুৰবাৰে পুৱা দিল্লীৰ জনপথত থকা বাসগৃহত তেওঁলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ সভাপতি জে পি নড্ডা, কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ, গিৰিৰাজ সিং, স্মৃতি ইৰাণী, কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু আন বহু নেতাই৷ শুকুৰবাৰে পুৱা এইম্‌ছৰ পৰা ৰাম বিলাস পাছোৱানৰ মৃতদেহ জনপথৰ ঘৰলৈ অনাৰ সময়ত পুত্ৰ চিৰাগ পাছোৱান আৰু কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষৱৰ্ধনো উপস্থিত থাকে৷ শুকুৰবাৰে ৰাষ্ট্ৰপতি ভৱন আৰু সংসদ ভৱনৰ লগতে দিল্লী আৰু দেশৰ সকলো ৰাজ্য তথা কেন্দ্ৰীয়শাসিত ৰাজ্যৰ ৰাজধানী চহৰত ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখা হয়৷ শুকুৰবাৰে আবেলি দুই বজাত তেওঁৰ মৃতদেহ বিহাৰৰ ৰাজধানী পাটনালৈ অনা হয়৷ পাটনাত থকা লোক জনশক্তি পাৰ্টিৰ কাৰ্যালয়ত তেওঁৰ মৃতদেহ ৰখা হৈছে৷ তাতেই তেওঁলৈ দলৰ নেতা-কৰ্মীৰ লগতে বিহাৰৰ আগশাৰীৰ ৰাজনৈতিক নেতা-কৰ্মীয়ে শ্ৰদ্ধাঞ্জলি জনায়৷ শনিবাৰে পাটনাত ৰাজ্যিক মৰ্যাদাৰে তেওঁৰ অন্তে্যষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।