Logo
image

মহাৰাজৰ প্ৰত্যাৱৰ্তন

৬৯ বছৰৰ পাছত এয়াৰ ইণ্ডিয়া টাটাৰ হাতত

আমাৰ অসম, ২৮ জানুৱাৰীঃ অৱশেষত ‘এয়াৰ ইণ্ডিয়া’ৰ মালিকীস্বত্ব সলনি হ’ল৷ ইয়াৰ লগে লগে নিজ প্ৰাসাদলৈ প্ৰত্যাৱৰ্তন ঘটিল ‘মহাৰাজ’ৰ৷ বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে ‘এয়াৰ ইণ্ডিয়া’ৰ মালিকীস্বত্ব আনুষ্ঠানিকভাৱে চমজাই দিয়ে ‘টাটাগোষ্ঠী’ক৷ ইপিনে প্ৰায় ৭ দশকৰ পাছত এয়াৰ ইণ্ডিয়াৰ প্ৰতীক ‘মহাৰাজ’ক ওভোটাই পাই উচ্ছসিত হৈ পৰিছে টাটাগোষ্ঠী৷ উল্লেখ্য, এয়াৰ ইণ্ডিয়াৰ প্ৰতীক ‘মহাৰাজ’ এটা সময়ত এয়াৰ ইণ্ডিয়াৰ বাবে হৈ পৰিছিল ষ্টেটাছ ছিম্বল৷ সেই মহাৰাজ এতিয়া পুনৰ জিলিকি উঠিব এয়াৰ ইণ্ডিয়াৰ বিমানৰ বুকুত৷ বৃহস্পতিবাৰে বিমান পৰিবহণ সংস্থাটো কেন্দ্ৰীয় চৰকাৰে টাটা গোষ্ঠীক হস্তান্তৰৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ লগে লগে আৰম্ভ হ’ল ‘মহাৰাজ’ৰ নতুন যাত্ৰা৷ কেন্দ্ৰীয় চৰকাৰে ‘এয়াৰ ইণ্ডিয়া’ক ‘টাটাগোষ্ঠী’ক হস্তান্তৰ কৰাৰ পূৰ্বে বৃহস্পতিবাৰে পুৱা ‘টাটা’ৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷ ইয়াৰ পাছতে কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই টাটাগোষ্ঠীক অভিনন্দন জনায়৷  উল্লেখ্য যে, বিগত বৰ্ষৰ অক্টোবৰ মাহত কেন্দ্ৰীয় চৰকাৰে ১৮ হাজাৰ কোটি টকাৰ বিনিময়ত টাটা গোষ্ঠীক ‘এয়াৰ ইণ্ডিয়া’ক বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ ইয়াৰ পাছৰে পৰাই কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিমান পৰিবহণ সংস্থাটো বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ হয়৷ বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে হোৱা চুক্তি অনুসৰি এয়াৰ ইণ্ডিয়াক পৰিচালনা কৰাৰ ১০০ শতাংশ অধিকাৰ লাভ কৰে টাটাগোষ্ঠীয়ে৷ ইপিনে ‘এয়াৰ ইণ্ডিয়া’ৰ হস্তান্তৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতে টাটাগোষ্ঠীয়ে বিমান প্ৰতিষ্ঠানটোৰ পৰিচালনা মণ্ডলীত দীৰ্ঘ অভিজ্ঞতাসম্পন্ন ব্যক্তিক অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে ‘নতুন যাত্ৰা’ৰ আৰম্ভণিৰ প্ৰথমটো দিনতে ৪খন বিমানত বিমানযাত্ৰীসকলক ‘এনহ্যান্সড মিল’ সেৱা আগবঢ়োৱা আৰম্ভ কৰে৷ সেই অনুসৰি এতিয়াৰে পৰা টাটাৰ অধীনস্থ বিমানৰ যাত্ৰীসকলে লাভ কৰিব চমকলগা খাদ্য সম্ভাৰ৷ কতৃৰ্পক্ষই সদৰি কৰা মতে খুব সোনকালে ইয়াৰ অধীনস্থ আন বিমানসমূহতো যাত্ৰীসকলক আকাশমাৰ্গতে এনে খাদ্য সেৱা আগবঢ়োৱা হ’ব৷ সম্প্ৰতি দেশৰ বিমানবন্দৰ সমূহৰ ৪,৪০০ টা ঘৰুৱা আৰু ১,৮০০টা আন্তঃৰাষ্ট্ৰীয় লেণ্ডিং আৰু পাৰ্কিং শ্লট আছে এয়াৰ ইণ্ডিয়াৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত৷ তদুপৰি বিশ্বজুৰি থকা বিভিন্ন বিমান বন্দৰত ৯০০টা এনেধৰণৰ শ্লট এয়াৰ ইণ্ডিয়াৰ নিয়ন্ত্ৰণত আছে৷ একেদৰে ‘টাটা’ই মালিকীস্বত্ব ওভোটাই পোৱা ‘এয়াৰ ইণ্ডিয়া’ৰ অধীনত মুঠ ১৪১খন বিমান আছে৷ ইয়াৰে ৪২খন বিমান চুক্তিৰ ভিত্তিত চলাই থকা হৈছে আৰু ৯৯খন বিমান হৈছে  ‘এয়াৰ ইণ্ডিয়া’ৰ নিজাববীয়া৷ স্মৰ্তব্য যে ১৯৩২ চনৰ অক্টোবৰ মাহত জে আৰ ডি টাটাই ‘টাটা এয়াৰ লাইনছ’ নামেৰে আৰম্ভ কৰিছিল এটা বিমান পৰিবহন সংস্থা৷ জানিব পৰা মতে জে আৰ ডি টাটা আছিল ভাৰতৰ প্ৰথমগৰাকী লাইচেন্সপ্ৰাপ্ত পাইলট৷ সেই সময়ত ‘টাটা এয়াৰ লাইনছ’ৰ হৈ কৰাছীৰ পৰা তৎকালীন ব’ম্বেলৈ জে আৰ ডি টাটাই নিজেই বিমান চলাইছিল৷ আহমেদাবাদ আৰু মুম্বাইৰ মাজতো চলিছিল ‘টাটা এয়াৰ লাইনছ’ৰ বিমান৷ ‘টাটা এয়াৰলাইনছে’ সেই সময়ত বিমান সেৱাৰ জৰিয়তে বৃহৎ ব্যৱসায়িক লাভালাভ কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত  জে আৰ ডিৰ ‘টাটা এয়াৰ লাইনছ’ কেন্দ্ৰীয় চৰকাৰৰ হাতলৈ যায়৷ কেন্দ্ৰীয় চৰকাৰে ইয়াৰ নাম দিয়ে ‘এয়াৰ ইণ্ডিয়া’ৰূপে৷ প্ৰথম অৱস্থাত কেন্দ্ৰীয় চৰকাৰে ‘এয়াৰ ইণ্ডিয়া’ৰ জৰিয়তে লাভৰ মুখ দেখিছিল যদিও পৰৱৰ্তী সময়ত এয়াৰ ইণ্ডিয়াৰ বৃহৎ লোকচান হ’বলৈ ধৰে৷ জানিব পৰা মতে এই পৰ্যন্ত এয়াৰ ইণ্ডিয়াৰ লোকচানৰ পৰিমাণ হৈছে প্ৰায় ৭০ হাজাৰ কোটি টকা৷ ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দৈনিক প্ৰায় ২০ কোটি টকাকৈ ক্ষতি হয়৷ যাৰ ফলত চৰকাৰখনে এয়াৰ ইণ্ডিয়াক ব্যক্তিগত খণ্ডক গতোৱাৰ চিন্তা-চৰ্চা আৰম্ভ কৰে৷ কিন্তু প্ৰথম অৱস্থাত ঋণত পোত গৈ থকা বিমান পৰিবহন সংস্থাটো ক্ৰয়ৰ বাবে কোনো কোম্পানী বা প্ৰতিষ্ঠান আগবাঢ়ি অহা নাছিল৷ কিন্তু বিগত বৰ্ষৰ অক্টোবৰ মাহত টাটা গোষ্ঠীয়ে যিকোনো মূল্যৰ বিনিময়ত এয়াৰ ইণ্ডিয়াৰ মালিকীস্বত্ত্ব নিজৰ হাতলৈ অনাৰ সিদ্ধান্ত গ্ৰহণ কৰি ১৮ হাজাৰ কোটি টকাৰ বিনিময়ত বিমান পৰিবহন সংস্থাটো ক্ৰয় কৰে৷ অৱশেষত জে আৰ ডি টাটাৰ সপোনৰ সেই বিমান প্ৰতিষ্ঠানটো টাটা ছন্সে পুনৰ নিজৰ হাতলৈ ওভোটাই আনিবলৈ আজি সক্ষম হয়৷ জানিব  পৰা মতে টাটা গোষ্ঠীয়ে বিমান পৰিবহন সংস্থাটোৰ ১২ হাজাৰ কৰ্মচাৰীক চাকৰিত বাহাল ৰাখিব৷