Logo
image

চহকী হ’ল বিজেপি, সমাজবাদীয়ে চেৰ পেলালে কংগ্ৰেছক

আমাৰ অসম,২৯ জানুৱাৰীঃ আজিৰ ৰজা কাইলৈ খৰিভাৰী৷ মানে সকলোৰে দিন সমানে নাযায়৷ দিন বেয়া হ’লে ৰজাও খৰিভাৰী হ’ব পাৰে৷ প্ৰাচীন কালতো যি সত্য সেয়া অৰ্বাচীন যুগতো সঁচা৷ আনক নালাগে, কংগ্ৰেছৰ এতিয়াৰ অৱস্থালৈ চালেই তাৰ সত্যাতা উপলব্ধি কৰিব পাৰি৷ শতাব্দী প্ৰাচীন ৰাজনৈতিক দলটো এতিয়া দেশৰ ৰজাও নহয়, দলটোৰ বিত্তীয় অৱস্থাও শোচনীয়৷ কংগ্ৰেছৰ বিত্তীয় অৱস্থা দেশৰ শাসনাধিষ্ঠিত বিজেপিৰ তুলনাত এতিয়া জোৰৰো নহয়, ফেৰৰো নহয়৷ বিত্তীয় দিশৰ পৰা বিজেপি অৱধাৰিতভাৱে দেশৰ আটাইতকৈ সম্পদশালী দল, তাত কাৰো সন্দেহ নাই৷ কিন্তু দীৰ্ঘদিন দেশ শাসন কৰা কংগ্ৰেছ কিন্তু  এতিয়া বিত্তীয় অৱস্থাৰ ফালৰ পৰা দেশৰ দ্বিতীয় স্থানতো নাই৷ আৰ্থিক সম্পদৰ দিশৰ পৰা দেশৰ দ্বিতীয় সম্পদশালী দলটো হৈছে সমাজবাদী পাৰ্টী৷ কেৱল উত্তৰ প্ৰদেশত কেন্দ্ৰীভূত সমাজবাদী পাৰ্টী ৰাজনৈতিক বৈশিষ্টৰ দিশৰ পৰা আঞ্চলিক দলহে৷ অথচ কংগ্ৰেছ দেশৰ আটাইতকৈ প্ৰাচীন আৰু দীৰ্ঘকাল দেশ শাসন কৰাৰ ক্ষমতাৰে পুষ্ট৷ কিন্তু ৰজা খৰিভাৰী হোৱাৰ দৰে শাসন ক্ষমতা হেৰুওৱাৰ পাছত খৰিভাৰী হৈ পৰা কংগ্ৰেছক আৰ্থিক সম্পদৰ জোখেৰে বিজেপিয়ে সাতযোজন পিছলৈ ঠেলি পঠোৱাই নহয়, সমাজবাদী পাৰ্টীয়েও পিছ পেলালে৷ ‘এছ’চিয়েশ্বন অৱ ডেম’ক্ৰেটিক ৰিফৰ্মছ’ [এডিআৰ] নামৰ সংস্থাটোৱে ৰাজনৈতিক দলে আয়কৰ বিভাগত দাখিল কৰা সম্পদৰ তালিকা বিশ্লেষণ কৰি জনাইছে যে, ২০১৯-২০২০ বিত্তীয় বৰ্ষত বিজেপিৰ আৰ্থিক সম্পদ আছিল ৪,৭৪৮.৭৮ কোটি টকাৰ৷ দ্বিতীয় স্থানত থকা সমাজবাদী পাৰ্টীৰ আৰ্থিক সম্পদৰ পৰিমাণ হ’ল ৬৯৮.৩৩ কোটি আৰু তৃতীয় স্থানলৈ অৱনমিত হোৱা কংগ্ৰেছ দলৰ আৰ্থিক সম্পদৰ পৰিমাণ হৈছে ৪৮৮.১৬ কোটি টকা পৰিমাণৰ৷ দেশত প্ৰায় ৫০ বছৰ শাসনত থকা কংগ্ৰেছৰ এতিয়া যি দুৰৱস্থা, সেয়া স্বৰূপাৰ্থতে ৰজা খৰিভাৰী হোৱাৰ দৰে৷ বিজেপিৰ তুলনাত কংগ্ৰেছৰ আৰ্থিক সম্পদৰ পৰিমাণ প্ৰায় ১০ গুণ কম৷ অৰ্থাৎ কংগ্ৰেছৰ সম্পত্তি ১০ গুণ কৰিলে যিমান হ’ব, শাসনাধিষ্ঠত বিজেপিৰ আৰ্থিক সম্পদৰ পৰিমাণ এতিয়া প্ৰায় সিমান৷ উল্লেখ্য, ৭টা সৰ্বভাৰতীয় আৰু ৪৪টা আঞ্চলিক ৰাজনৈতিক দলে তেওঁলোকৰ সম্পদৰ পৰিমাণ ঘোষণ কৰিছে৷ সেই হিচাপ অনুসৰি ৭ টা সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ মুঠ আৰ্থিক সম্পদৰ পৰিমাণ ৬,৯৮৮.৫৭ কোটি আৰু ৪৪টা আঞ্চলিক ৰাজনৈতিক দলৰ মুঠ আৰ্থিক সম্পদৰ পৰিমাণ ২,১২৯.৩৮ টকা৷