Logo
image

পেগাছাছ কেলেংকাৰি ফাদিল

৩০০ কোটি টকাৰে মোদী চৰকাৰে কিনিছিল ইজৰাইলী স্পাইৱেৰ

আমাৰ অসম, ৩০ জানুৱাৰীঃ এবাৰ সংসদত আৰু আনবাৰ দেশৰ সৰ্বোচ্চ আদালত অৰ্থাৎ উচ্ছতম ন্যায়ালয়ত প্ৰশ্নৰ মুখামুখি হওতে দক্ষ ফুটবলাৰে ‘ডজ’ কৰাৰ দৰে আলেঙে আলেঙে বিষয়টোৰ পৰা ফালৰি কাটিছিল নৰেন্দ্ৰ মোদী চৰকাৰ৷ পিছে এইবাৰ আমেৰিকাৰ বিশ্বখ্যাত সংবাদপত্ৰ ‘দ্য নিউয়ৰ্ক টাইমছ’ৰ প্ৰতিবেদনত প্ৰকাশ পালে,  নৰেন্দ্ৰ মোদী চৰকাৰে ইজৰাইলৰ পৰা ‘পেগাছাছ স্পাইৱেৰ’ নামৰ চোৰাংচোৱা ব্যৱস্থা ক্ৰয় কৰিছিল৷ ইমানদিনে দেশৰ নিৰাপত্তাৰ দোহাই দি নৰেন্দ্ৰ মোদী চৰকাৰে পেগাছাছ ব্যৱহাৰ কৰাৰ বিষয়ে প্ৰকাশ কৰা দূৰৰে কথা, ক্ৰয় কৰিছিল নে নাই সেই সন্দৰ্ভতো কোনো স্পষ্ট উত্তৰ দিয়া নাছিল৷ কিন্তু নিউয়ৰ্ক টাইমছত প্ৰকাশিত ‘দ্য বেটল ফৰ দ্য ৱল্ডৰ্ছ ম’ষ্ট পাৱাৰফুল চাইবাৰৱেপন’ শীৰ্ষক প্ৰতিবেদনত দাবী কৰা হৈছে ২০১৭ চনৰ জুলাইত নৰেন্দ্ৰ মোদীয়ে প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে ইজৰাইল ভ্ৰমণ কৰাৰ সময়ত প্ৰায় ১৫,০০০ কোটি টকাৰ সামগ্ৰী ক্ৰয়ৰ দ্বিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিছিল৷ সেই ১৫,০০০ কোটি টকাৰে নৰেন্দ্ৰ মোদী চৰকাৰে ক্ষেপণাস্ত্ৰ তথা আন কিছু প্ৰতিৰক্ষা সামগ্ৰীৰ লগতে পেগাছাছ  নামৰ ফোনৰ জৰিয়তে চোৰাংচোৱাগিৰি কৰা ব্যৱস্থাটো ক্ৰয় কৰিছিল৷ নৰেন্দ্ৰ মোদী চৰকাৰে পেগাছাছ স্পাইৱেৰ নামৰ এই চোৰাংচোৱাগিৰি কৰিব পৰা ব্যৱস্থাটো ঘাইকৈ কংগ্ৰেছকে ধৰি  দেশৰ বিৰোধী ৰাজনৈতিক দল, উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অন্যান্য ক্ষমতাশালী নেতাৰ ফোনৰ বাৰ্তালাপ টেপ কৰি চোৰাংচোৱাগিৰিৰ জৰিয়তে সকলোকে নিজৰ নজৰত ৰাখিছিল৷ ২০২০ চনত মোদী চৰকাৰে পেগাছাছৰ জৰিয়তে দেশৰ শীৰ্ষ ব্যক্তিত্বৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰি থকা বুলি ভয়ংকৰ অভিযোগ উঠিলেও মোদী চৰকাৰে সেই অভিযোগ স্বীকাৰ কৰা নাছিল বা আজিকোপতি স্বীকাৰ কৰা নাই৷ এই অভিযোগ উত্থাপন হোৱাৰ পাছতে সংসদত বিৰোধী ৰাজনৈতিক দলৰ সদস্যই মোদী চৰকাৰৰ পৰা পেগাছাছ ক্ৰয় কৰা আৰু তেওঁলোকৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হৈছে নে নাই সেই সন্দৰ্ভত চৰকাৰৰ পৰা উত্তৰ বিচাৰিছিল৷ কিন্তু সেই সন্দৰ্ভত মোদী চৰকাৰে স্পষ্ট উত্তৰ দিয়াৰ পৰিৱৰ্তে দেশত প্ৰচলিত আইনৰ আধাৰত বিভিন্ন ব্যক্তিৰ ফোনৰ বাৰ্তালাপ চৰকাৰে সংগ্ৰহ কৰা বুলি মন্তব্য কৰিছিল৷ সেই ক্ষেত্ৰত পেগাছাছ ব্যৱহাৰ কৰিছিল নে নাই মোদী চৰকাৰে সংসদত তাৰ যথাযথ উত্তৰ দিয়া নাছিল৷ তদুপৰি পেগাছাছৰ ব্যৱহাৰক লৈ উচ্ছতম ন্যায়ালয়ত চৰকাৰৰ পৰা সদুত্তৰ বিচাৰিলেও মোদী চৰকাৰে শপতনামা দাখিল কৰি পেগাছাছ ক্ৰয় কৰা-নকৰা সন্দৰ্ভত ৰাজহুৱাভাৱে প্ৰকাশ কৰিব নোৱাৰে বুলি জনাইছিল৷ জাতীয় নিৰাপত্তাৰ স্বাৰ্থত এই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা সম্ভৱ নহয় বুলি ছলিছিটৰ জেনেৰেল তুষাৰ মেহতাই উচ্ছতম ন্যায়ালয়ত শপতনামা দাখিল কৰিছিল৷ কিন্তু এতিয়া নিউয়ৰ্ক টাইমছে নৰেন্দ্ৰ মোদী চৰকাৰে পেগাছাছ ক্ৰয় কৰা বুলি নিশ্চিতভাৱে দাবী জনোৱাত মোদী চৰকাৰ শলঠেকত পৰাটো নিশ্চিত হৈছে৷ কিয়নো ইজৰাইলৰ সংস্থাটোৱে পেগাছাছ নামৰ চোৰাংচোৱা ব্যৱস্থাটো কেৱল ৰাষ্ট˜কহে বিক্ৰী কৰে আৰু এই ব্যৱস্থা কেৱল সন্ত্ৰাসবাদৰ বিৰুদ্ধেহে ব্যৱহাৰ কৰিব পাৰিব বুলি চৰ্ত আৰোপ কৰে৷ নৰেন্দ্ৰ মোদী চৰকাৰে পিছে পেগাছাছ ক্ৰয় কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে কিমান ব্যৱহাৰ কৰিছে সেয়া কোনেও নাজানে, কিন্তু ৰাজনৈতিক উদ্দেশ্যত বিৰোধী ৰাজনৈতিক দলৰ চালচলন, মুখ্য ন্যায়াধীশ, দেশৰ শীৰ্ষ ব্যক্তিত্বৰ ফোনৰ জৰিয়তে চোৰাংচোৱাগিৰি কৰি তেওঁলোকক সততে নজৰত ৰাখিছে৷ কোৱা বাহুল্য মাথোঁ, এই কাৰ্য সম্পূৰ্ণ অসাংবিধানিক৷ 

নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদনত প্ৰকাশ, ইজৰাইলৰ এন এছ অ’ নামৰ সংস্থাটোৱে বিগত এক দশক ধৰি চোৰাংচোৱাগিৰি কৰিব পৰা এই স্পাইৱেৰ বিভিন্ন দেশৰ চোৰাংচোৱা সংস্থা আৰু আইন প্ৰণয়নকাৰী সংস্থাক বিক্ৰী কৰি আহিছে৷ বিভিন্ন এণ্ড্ৰইড আৰু আই ফোনত অতি অত্যাধুনিকভাৱে সংযোগ স্থাপন কৰি পেগাছাছৰ জৰিয়তে সেই ফোন ব্যৱহাৰ কৰা ব্যক্তিজনৰ চালচলন নজৰত ৰাখিব পাৰি৷ নিউয়ৰ্ক টাইমছৰ দাবী ২০১৭ চনৰ জুলাইত নৰেন্দ্ৰ মোদীয়ে ইজৰাইল ভ্ৰমণ কৰাৰ পাছতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু ভাৰতলৈ আহিছিল৷ তাৰ কিছুদিন পাছতে বিশ্বৰ বহুদেশক আচৰিত কৰি ৰাষ্ট˜সংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ ভোটদানত ইজৰাইলৰ পক্ষ লৈছিল ভাৰতে৷ সেয়া আছিল ভাৰতে কেইবাদশক ধৰি ইজৰাইল আৰু পেলেষ্টাইনৰ ক্ষেত্ৰত পালন কৰি অহা বৈদেশিক নীতিৰ সম্পূৰ্ণ পৰিপন্থী পদক্ষেপ৷ ভাৰত চৰকাৰে হঠাতে কিয় বিদেশনীতি সলাইছিল সেয়া তেতিয়া কোনেও বুজিব পৰা নাছিল৷ এতিয়া নিউয়ৰ্ক টাইমছৰ এই প্ৰতিবেদনৰ পাছত অনেকেই পেগাছাছ আৰু ইজৰাইলৰ ক্ষেত্ৰত নতুন দিল্লীৰ বৈদেশিক নীতি সলনিৰ সংযোগ বিচাৰি পাইছে৷ 

২০২০ চনত নৰেন্দ্ৰ মোদী চৰকাৰে পেগাছাছ স্পাইৱেৰ ব্যৱহাৰ কৰা বুলি প্ৰথমবাৰৰ বাবে প্ৰকাশ পাওতে যিদৰে দেশত হুলস্থূলৰ সৃষ্টি হৈছিল এইবাৰো একেদৰেই হুলস্থূল আৰম্ভ হৈছে৷ কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোদী চৰকাৰৰ এই কামত দেশদ্ৰোহিতা বুলি মন্তব্য কৰিছে৷ টুইটাৰত তেওঁ লিখিছে– ‘মোদী চৰকাৰে পেগাছাছ কিনিছিল দেশৰ নেতাসকল আৰু জনসাধাৰণৰ ওপৰত চোৰাংচোৱাগিৰি কৰাৰ উদ্দেশ্যে৷ চৰকাৰে চোৰাংচোৱাগিৰি কৰাৰ বাবে দেশৰ প্ৰধান গণতান্ত্ৰিক প্ৰতিষ্ঠান ক্ৰমে সামৰিক বাহিনী, অসামৰিক বিষয়া, ৰাজনীতিবিদ, ন্যায়াধীশ, সাংবাদিক আৰু  সমাজকৰ্মীক নিৰ্বাচন কৰি লৈছিল৷ চৰকাৰৰ বিৰোধিতা কৰা সকল আছিল মোদী চৰকাৰৰ মূল লক্ষ্য৷ তেওঁলোকৰ ফোনত পেগাছাছেৰে চোৰাংচোৱাগিৰি কৰা হৈছিল৷ বিৰোধী দল, আদালতক লক্ষ্য কৰি লৈছিল মোদী চৰকাৰে৷ সেয়া দেশদ্ৰোহ৷ মোদী চৰকাৰে দেশদ্ৰোহিতা কৰিছে৷’ ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খৰ্গেৰ মতে মোদী চৰকাৰে দেশৰ শত্ৰুৰ দৰে আচৰণ কৰিছে৷ আনহাতে বিজেপিৰ সাংসদ সুব্ৰমণিয়ন স্বামীয়ে নৰেন্দ্ৰ মোদী চৰকাৰক লক্ষ্য কৰি তীব্ৰ বাক্যবাণ নিক্ষেপ কৰিছে৷ তেওঁৰ দাবী নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদনৰ পৰিপ্ৰেক্ষিতত মোদী চৰকাৰে স্পষ্ট কৰিব লাগিব, কোনে কৰদাতাৰ পৰা ৩০০ কোটি টকা লৈ ইজৰাইলৰ এন এছ অ’ কোম্পানীৰ পৰা স্পাইৱেৰ ক্ৰয় কৰা হৈছিল৷ তেওঁ কয়, ‘প্ৰাথমিকভাৱে বুজিব পৰা গৈছে , আমাৰ চৰকাৰে উচ্ছতম ন্যায়ালয় আৰু সংসদক বিভ্ৰান্ত কৰিছে৷ যদিহে নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদন মিছা, তেন্তে মোদী চৰকাৰে মুকলিকৈ তাৰ বিৰোধিতা কৰক৷ এয়া কি আন এক ৱাটাৰগেট?’ লগতে তৃণমূল কংগ্ৰেছৰ সাংসদ সুখেন্দু শেখৰ ৰায়ে চৰকাৰক সমালোচনা কৰি কৈছে– ‘মোৰ ধাৰণা, নিউয়ৰ্ক টাইমছত প্ৰকাশিত প্ৰতিবেদন সত্য৷ আমি যেতিয়া সংসদত কেন্দ্ৰীয় চৰকাৰক হেঁচা দিছিলো, তেতিয়া কেন্দ্ৰীয় তথ্যপ্ৰযুক্তি মন্ত্ৰীয়ে কোনোমতে এই সন্দৰ্ভত এটা দায়সৰা বিবৃতি দি বিষয়টোৰ পৰা ফালৰি কাটিছিল৷ এতিয়া মোদী চৰকাৰে এই সন্দৰ্ভত সঠিক উত্তৰ দিবই লাগিব৷’ ইপিনে কেন্দ্ৰীয় মন্ত্ৰী, সেনাবাহিনীৰ প্ৰাক্তন মুৰব্বী ভি কে সিঙে নিউয়ৰ্ক টাইমছ সংবাদপত্ৰক ‘ছুপাৰি মিডিয়া’ বুলি অভিহিত কৰিছে৷