Logo
image

পেগাছাছে কঁপাব বাজেট অধিৱেশন, কেন্দ্ৰ নীৰৱ

আমাৰ অসম, ৩১ জানুৱাৰীঃ নৰেন্দ্ৰ মোদী চৰকাৰ কেন্দ্ৰত ক্ষমতাসীন হোৱাৰ লগে লগে দেশত ইমান শত্ৰুৰ আৱিৰ্ভাব ঘটিল নে যে, চৰকাৰে সকলোকে সন্ত্ৰাসবাদীৰ গতিবিধি পৰ্যবেক্ষণ কৰা যন্ত্ৰৰে বান্ধি ৰাখিবলগীয়া হ’ল৷ দেশৰ মূল গণতান্ত্ৰিক প্ৰতিষ্ঠান উচ্ছতম ন্যায়ালয় আৰু তাৰ ন্যায়াধীশ, সেনাবাহিনী, বিৰোধী ৰাজনৈতিক দল, দেশৰ প্ৰশাসন চলোৱা শীৰ্ষ অসামৰিক   বিষয়া, সাংবাদিক আৰু সমাজকৰ্মী সকলো দেশদ্ৰোহী হৈ পৰিল আৰু সকলোৱেই চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈ পৰিল নেকি যে মোদী চৰকাৰে ইজৰাইলৰ পৰা ২০০ কোটি টকা ব্যয় কৰি পেপাছাছ স্পাইৱেৰ নামৰ চোৰাংচোৱা ব্যৱস্থা ক্ৰয় কৰি সকলোৰে ফোনত চোৰাচোৱাগিৰি কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ল৷ নৰেন্দ্ৰ মোদী চৰকাৰে এই ভয়ংকৰ অভিযোগ সন্দৰ্ভত এসময়ত বাগি দি এতিয়া ওঁম তৎ সৎ একো শব্দই উচ্ছাৰণ নকৰা হ’ল আৰু তাৰ মাজতে আমেৰিকাৰ সংবাদপত্ৰ ‘দ্য নিউয়ৰ্ক টাইমছে’ তেওঁলোকৰ অনুসন্ধানমূলক সাংবাদিকতাৰে প্ৰকাশ কৰা প্ৰতিবেদনত নৰেন্দ্ৰ মোদী চৰকাৰে ইজৰাইলৰ পৰা ২০১৭ চনতে পেগাছাছ স্পাইৱেৰ ক্ৰয় কৰা বুলি মুকলিকৈ দাবী জনালে৷ অথচ ২০২০ চনৰ পৰা এতিয়ালৈকে মোদী চৰকাৰে পেগাছাছ ব্যৱহাৰ কৰাৰ কথা স্বীকাৰ কৰা দূৰৰে কথা, ক্ৰয় কৰা বুলিও স্বীকাৰ কৰা নাছিল৷ তাৎপৰ্যপূৰ্ণভাৱে নৰেন্দ্ৰ মোদী চৰকাৰ ‘দ্য নিউয়ৰ্ক টাইমছ’ৰ প্ৰতিবেদন সন্দৰ্ভতো নীৰৱ৷ নৰেন্দ্ৰ মোদী চৰকাৰৰ এই নীৰৱতাৰ মাজতে পেগাছাছ স্পাইৱেৰক লৈ উচ্ছতম ন্যায়ালয়ত পুনৰ তদন্তৰ আবেদন জনোৱা হৈছে৷ মনোহৰ লাল শৰ্মা  নামৰ এজন অধিবক্তাই জনোৱা আবেদনত অনুৰোধ জনোৱা হৈছে যাতে উচ্ছতম ন্যায়ালয়ে পেগাছাছ ক্ৰয় কৰা আৰু ব্যৱহাৰ কৰা বিষয়া আৰু বিভাগৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ অনুমতি প্ৰদান কৰে৷ ‘নিউয়ৰ্ক টাইমছ’ত প্ৰকাশিত প্ৰতিবেদনৰ ভিত্তিত ২০১৭ চনত ইজৰাইল আৰু ভাৰতৰ মাজত হোৱা প্ৰতিৰক্ষা চুক্তিত কি কি ক্ৰয় কৰা হৈছিল তাৰ তদন্ত কৰাৰ বাবেও অনুমতি বিচৰা হৈছে৷ উচ্ছতম ন্যায়ালয়ে এই পৰ্যন্ত উক্ত আবেদনৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত জনোৱা নাই৷ উল্লেখ্য, উচ্ছতম ন্যায়লয়ৰ নিৰ্দেশত সম্প্ৰতি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আৰ ভি ৰবিন্দ্ৰনৰ নেতৃত্বত গঠিত এখন কমিটীয়ে পেগাছাছ বিতৰ্কৰ তদন্ত কৰি আছে৷ মোদী চৰকাৰে পেগাছাছ সন্দৰ্ভত অস্পষ্ট শপতনামা দাখিল কৰাৰ ফলত যোৱা ২৭ অক্টোবৰত উচ্ছতম ন্যায়ালয়ে এই তদন্ত কমিটী গঠন কৰি দিছিল৷ শনিবাৰে নিউয়ক টাইমছে এই চাঞ্চল্যকৰ খবৰ উন্মোচন কৰাৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্কৰ ৩০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এটা ভিডিঅ’ বাৰ্তাত প্ৰকাশ কৰে৷ সেই বাৰ্তাত মোদীয়ে কয়, ভাৰত আৰু ইজৰাইলৰ সম্পৰ্কৰ ক্ষেত্ৰত নতুন লক্ষ্য স্থিৰ কৰাৰ এয়া উপযুক্ত সময়৷ প্ৰধানমন্ত্ৰীৰ সেই ভিডিঅ’ বাৰ্তাৰ পাছতে কংগ্ৰেছ নেতা পি চিদাম্বৰমে মোদীক কটাক্ষ কৰি দুটা টুইটত কয়– অৱশ্যেই এয়া উপযুক্ত সময়৷ পেগাছাছৰ নতুন সংস্কৰণ আছে নেকি বুলি ইজৰাইলক সোধাৰ বাবে এয়া উপযুক্ত সময়৷ যোৱাবাৰ আমি ২ বিলিয়ন মাৰ্কিন ডলাৰত কিনিছিলো৷ এইবাৰ ভাৰতে আৰু উন্নতি সাধিব পাৰে৷ আমি যদি ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে অত্যাধুনিক স্পাইৱেৰ পাওঁ, তেন্তে তাৰবাবে ৪ বিলিয়ন মাৰ্কিন ডলাৰ দিবলৈ সাজু৷ প্ৰধান বিৰোধী দল কংগ্ৰেছকে ধৰি দেশৰ সকলো বিৰোধী ৰাজনৈতিক দলে সোমবাৰৰ পৰা হ’বলগীয়া বাজেট অধিৱেশনত পেগাছাছৰ বিষয়টো লৈ সংসদ কঁপাই তুলিবলৈ প্ৰস্তুত হৈছে৷ তদুপৰি কংগ্ৰেছে কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰীৰ বিৰুদ্ধে সংসদত বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ তুলিবলৈ দেওবাৰে লোকসভাৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ বিৰোধী ৰাজনৈতিক দলসমূহে চৰকাৰক মূলতঃ এই সন্দৰ্ভত তিনিটা প্ৰশ্ন কৰিবলৈ সাজু হৈছে– ১] কি পৰিস্থিতিত বাধ্য হৈ মোদী চৰকাৰে অস্ত্ৰ হিচাপে ব্যৱহূত হোৱা পেগাছাছ নামৰ স্পাইৱেৰ ব্যৱহাৰ কৰিবলগীয়া হ’ল, ২] ৰাষ্ট্ৰীয় নিৰাপত্তাৰ নামত কি উদ্দেশ্যত চৰকাৰে হাজাৰ হাজাৰ ফোনৰ ওপৰত নজৰ ৰাখিবলগীয়া হ’ল, য’ত অন্তৰ্ভুক্ত হৈ আছিল সাংবাদিক, বিৰোধী নেতা, উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ তোলা মহিলাকে ধৰি অসংখ্য লোক, ৩] ভাৰতত পেগাছাছ ব্যৱহাৰ কৰাৰ আইনী বৈধতা আছে নেকি? টেলিগ্ৰাফ আইন ১৮৮৫১ অধীনত কেন্দ্ৰীয় চৰকাৰে এনেদৰে চোৰাংচোৱাগিৰি কৰিব পাৰে নেকি?