Logo
image

আজি নিৰ্মলাৰ কৌশলী বাজেট

ক’ভিড নেওচি অৰ্থনীতিৰ পুনৰুত্থানৰ প্ৰত্যাশাৰে

আমাৰ অসম, ১ ফেব্ৰুৱাৰীঃ আগন্তুক বিত্তীয় বৰ্ষত দেশৰ আৰ্থিক উন্নয়নৰ হাৰ ৮-৮.৫ শতাংশ হ’ব বুলি দাবী কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ সোমবাৰে বাজেট অধিৱেশনৰ প্ৰথম দিনটোতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আগন্তুক বিত্তীয় বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা সদনত দাখিল কৰে৷ উল্লেখ্য, মঙলবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আগন্তুক বিত্তীয় বৰ্ষৰ বাবে সদনত সাধাৰণ বাজেট দাখিল কৰিব৷ বিগত বছৰৰ দৰেই  এইবাৰৰ বাজেটো হ’ব কাগজহীন– ডিজিটেল৷ কঠিন অৰ্থনৈতিক পৰিস্থিতিত এইবাৰৰ নিৰ্মলা সীতাৰমণৰ বাজেট অতি কৌশলী হ’ব বুলি ধাৰণা কৰা হৈছে৷ কিয়নো আৰ্থিক সংকটত ভুগি থকা দেশবাসীক সংকটৰ পৰা উদ্ধাৰ কৰাৰ বাবে যিদৰে বাজেটত উপায় থাকিব লাগিব, সেইদৰে ব্যৱসায়ী আৰু উদ্যোগপতিক সন্তুষ্ট কৰি দেশৰ অৰ্থনীতিৰ ভাৰসাম্য অক্ষুণ্ণ ৰাখিব লাগিব৷ সেয়ে এইবাৰৰ বাজেট পূৰ্বৰ তুলনাত অধিক কৌশলী হ’ব বুলি অৰ্থনীতিবিদে ধাৰণা কৰিছে৷ ক’ভিড পৰিস্থিতিত আগন্তুক বাজেট সৰ্বসাধাৰণে সকাহ পোৱাকৈ প্ৰস্তুত কৰা হ’ব বুলি আশা কৰা হৈছে৷ তাৰ আগদিনাই দাখিল কৰা এই অৰ্থনৈতিক সমীক্ষাত  দেশৰ অৰ্থনৈতিক বৃদ্ধিৰ হাৰ বা জি ডি পি ৮.৫ শতাংশৰ ভিতৰত থাকিব বুলি আশা প্ৰকাশ কৰা হয়৷ উল্লেখ্য, চলিত মাহৰ আৰম্ভণিতে ৰাষ্ট্ৰীয় পৰিসংখ্যা বিভাগে [এন এছ অ’] দেশৰ আৰ্থিক বৃদ্ধিৰ হাৰ ৯.২ শতাংশ হ’ব বুলি আশা প্ৰকাশ কৰিছিল৷ পিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে দাখিল কৰা সমীক্ষা অনুসৰি দেশৰ আৰ্থিক বৃদ্ধিৰ হাৰ তাতকৈ প্ৰায় ১ শতাংশ কম হ’ব৷  ক’ভিডৰ ফলত আৰু কেন্দ্ৰীয় চৰকাৰে ২০২০ চনত জাৰি কৰা ৰাষ্ট্ৰজোৰা লকডাউনৰ ফলত ভাৰতৰ অৰ্থনীতি হামখুৰি খাই পৰিছিল৷ ফলত ২০২০-২১ বিত্তীয় বৰ্ষত দেশৰ অৰ্থনীতিৰ উন্নয়ন হোৱা দূৰৰে কথা, ২৪.৬ শতাংশ সংকুচিত হৈ পৰিছিল৷ সম্প্ৰতি ক’ভিডৰ গ্ৰাসৰ পৰা দেশৰ অৰ্থনীতি লাহে লাহে মুক্ত হৈ পৰিছে৷ ক’ভিডৰ ঢৌ থাকিলেও অবিবেচকৰ দৰে পৰৱত¹ সময়ত নৰেন্দ্ৰ মোদী চৰকাৰে ৰাষ্ট্ৰজোৰা লকডাউন বলৱৎ নকৰাৰ ফলত সম্প্ৰতি দেশৰ অৰ্থনীতি লাহে লাহে ঠন ধৰি উঠিছে৷ ইয়াৰ ফলত আগন্তুক বিত্তীয় বৰ্ষ অৰ্থাৎ ২০২২ চনৰ এপ্ৰিলৰ পৰা ২০২৩ চনৰ মাৰ্চলৈ দেশৰ অৰ্থনীতিৰ উন্নয়ন ঘটিব বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে সোমবাৰে দাখিল কৰা সমীক্ষাত দাবী কৰিছে৷ সমীক্ষাত কোৱা হৈছে, গণ টিকাকৰণৰ ওপৰত নিৰ্ভৰ কৰি ক’ভিড পৰিস্থিতিৰ মাজতো পুনৰ মূৰ দাঙি উঠিছে দেশৰ অৰ্থনীতি৷ সম্প্ৰতি দেশৰ অৰ্থনীতিৰ বৃদ্ধিৰ হাৰ স্থিতাৱস্থালৈ উভতি আহিছে৷ দুটা বিত্তীয় বৰ্ষৰ পূৰ্বে ‘মাইনাছ’ ২৪.৬ শতাংশ সংকুচিত হৈ পৰা দেশৰ অৰ্থনীতিৰ উন্নয়নৰ হাৰ এইবাৰ ৮ বা ৮.৫ শতাংশলৈ বৃদ্ধি পাব বুলি কৰা দাবী আশাব্যঞ্জক৷ উল্লেখ্য বিগত বছৰত ক’ভিডৰ মাজতে ভাৰতৰ আৰ্থিক বৃদ্ধিৰ হাৰ আছিল ৭ শতাংশ৷ কেইবাটাও কাৰকৰ বাবে এইবাৰৰ আৰ্থিক সমীক্ষাত দেশৰ অৰ্থনীতিৰ উন্নয়নৰ হাৰ বিগত দুবছৰৰ তুলনাত বৃদ্ধি পাব বুলি দাবী কৰা হৈছে৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ মতে আগন্তুক বিত্তীয় বৰ্ষত দেশৰ ৰাজহ সংগ্ৰহ বৃদ্ধি পাব৷ তেওঁৰ মতে সম্প্ৰতি প্ৰত্যক্ষ বিদেশী বিনিয়োগ বৃদ্ধি পাইছে আৰু বিদেশী মুদ্ৰাৰ সংগ্ৰহো বৃদ্ধি পাইছে৷ একে সময়তে ৰপ্তানি বৃদ্ধি পোৱাৰ ফলত দেশৰ অৰ্থনীতিলৈ মূলধনৰ আগমন ঘটিছে৷ ইয়াৰ ওপৰত ভিত্তি কৰিয়েই আগন্তুক বিত্তীয় বৰ্ষত আৰ্থিক উন্নয়নৰ হাৰ ৮-৮.৫ শতাংশ হ’ব বুলি বিশ্বাস কৰা হৈছে৷ ক’ভিডৰ মাজতে দেশৰ অৰ্থনীতিৰ বাবে কৃষিখণ্ডৰ উন্নয়ন আৰ্থিক বৃদ্ধিৰ ক্ষেত্ৰত ডাৱৰৰ সিপাৰে ৰূপালী ৰেখাৰ দৰে জিলিকিছে৷ বিগত দুবছৰত ক্ষতিগ্ৰস্ত হোৱা অন্যতম খণ্ড আছিল সেৱাখণ্ড৷ পিছে এইবাৰ অহা বিত্তীয় বৰ্ষৰ বাবে সেৱাখণ্ডৰ উন্নয়নৰ হাৰ ৮.৪ শতাংশ হ’ব বুলি ধাৰণা কৰা হৈছে৷ তদুপৰি বৃহৎভাৱে ক্ষতিগ্ৰস্ত হোৱা উদ্যোগ খণ্ডত অহা বিত্তীয় বৰ্ষত উন্নয়নৰ হাৰ ১১.২ শতাংশ হ’ব বুলি দাবী কৰা হৈছে৷ অৰ্থনৈতিক সমীক্ষাত এয়াৰ ইণ্ডিয়াৰ বেচৰকাৰীকৰণ চৰকাৰৰ বাবে লাভদায়ক হ’ব বুলি উল্লেখ কৰা হৈছে৷ তদুপৰি আগন্তুক বিত্তীয় বৰ্ষত মূলধনী ব্যয় বৃদ্ধি পোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে অৰ্থনৈতিক সমীক্ষাত৷